জিলিকনি/তৃতীয় অংশ
আমাৰ গাওঁ।
শুৱনি আমাৰ গাওঁখন অতি,
শুৱনি গছেৰে ভৰা;
ডাল ভৰি ভৰি ফলফুল লাগে,
কত পাওঁ তল-সৰা।
শুৱনি আমাৰ ধাননি পথাৰ,
ধানেৰে উপচি পৰে;
শুৱনি নদীৰ পানী-ভৰা ঘাট,
মুদৈয়ে বেপাৰ কৰে।
চালত কোমোৰা, লাও, জিকা, ভোল,
ভঁৰালত জহা ধান,
গোহালিত গৰু, পুখুৰীত মাছ,
বাৰীত তামোলপান।
গছৰ ডালত শুৱনি চৰায়ে,
শুৱলা সঙ্গীত গায়;
শাকনিত শাক, ফুলনিত ফুল,
দেখিলে হিয়া জুৰায়।
ঘৰে ঘৰে ৰং ধেমালিৰ হাট,
ঘৰে ঘৰে হাঁহি-মুখ,
ঘৰে ঘৰে ভাল চেনেহা-চেনেহী,
ঘৰে ঘৰে দেখোঁ সুখ।
ভাৱনা-সবাহ, গীত ভালপোৱা,
মধুৰ মুৰুলী তান,
দহোটাৰ কাম একো জনে কৰা,
চহাৰ সৰল প্ৰাণ।
⸻
চহা আৰু পণ্ডিত।
(ইংৰাজ কবি Gray-ৰ The Shepherd and the Phi-
losopher নামে ইংৰাজী কবিতাৰ ছাঁ লৈ লিখা হৈছে। )
ভালেখিনি নিলগত নগৰৰ পৰা,
আছিল এজন চহা জুৰমন বৰা;
ৰূপ যেন চুলি তাৰ বুঢ়া বয়সত,
জানিছিল বহু জ্ঞান সংসাৰ—ঠেকত;
বাৰিষাৰ বৰষুণ কাতি কৰি থই,
পুৱাতে ওলাই যায় হাল-কোৰ লই;
বোকা-পানী, জাৰ-জহ, মেঘৰ গাজনি,
হৰষিত কৰে খেতি একোকে নামানি;
মনত সন্তোষ সদা, নাজানে খিয়াল,
নাজানিলে দুৰাকাঙ্ক্ষা সকলোৰে ভাল;
সকলোৰে উপকাৰী গাৱঁৰ মাজত,
সজ নাম চুবুৰীয়া লোকৰ মুখত।
এজন পণ্ডিত বৰ শাস্ত্ৰত নিপুণ,
বহুকাল পঢ়ি পঢ়ি লভি বহু গুণ,
ভৰি দি এদিনাখন চহাৰ পঁজাত,
সুধিলে কি জ্ঞান তুমি লভিলাঁ ইয়াত?
ধৰ্ম্মশাস্ত্ৰ, ইতিহাস, ওঠৰ পুৰাণ,
দৰ্শন, জ্যোতিষ, অঙ্ক, ভূগোল, বিজ্ঞান,
চকুৰ টোপনি খতি আদ্খিনি ৰাতি,
চাকি চাকি তেল পুৰি পঢ়ি পুথি-পাঁজি,
আৰ্জ্জিলাঁ নে বিদ্যা-বুদ্ধি জ্ঞান-ধৰ্ম্ম আৰু,
ভৱভূতি, কালিদাস, বুজিলাঁ নে বাৰু?
দেখিলাঁনে নানা তীৰ্থ, বিচিত্ৰ নগৰ,
গিৰি, নদী, সৰোবৰ, সুনীল সাগৰ?
মানুহৰ ৰীতি-নীতি আৰু দেশাচাৰ,
দেখিলানেঁ কোৱাঁ বাৰু শুনোঁ একাষাৰ?
চহাই উত্তৰ দিলে মূৰটি দোৱাঁই,
পুথি-পাঁজি পঢ়াশালি মই দেখা নাই।
কোনো দিন ফুৰা নাই দেশ-বিদেশত,
বিদেশীৰ ৰীতি-নীতি মোৰ অবিদিত।
সভ্যতাৰ মুখা পিন্ধি মানুহে সঁচাই,
মানুহকে ছল কৰে দেখিছোঁ সদাই;
আমি যদি আমাকেই নোৱাৰোঁ জানিব,
নানা শাস্ত্ৰ পঢ়ি তেন্তে কি লাভ ঘটিব?
যি দৰে আৰ্জ্জিলোঁ মোৰ অতি ক্ষুদ্ৰ জ্ঞান,
কওঁ বাৰু কথালৈ দিবা মোৰ কাণ;—
মৌমাখি বন কৰি উৰি উৰি যায়,
পৰিশ্ৰমী হবলৈ আমাক শিকায়;
জাৰকালি খাবলৈ সাঁচে পৰুৱাই,
ধন-ধান সাঁচিবলৈ আমাক শিকায়;
এই যে কুকুৰ মোৰ দুৱাৰ-দলিত,
তাৰ প্ৰভু-ভক্তি দেখি হওঁ আচৰিত;
চোতাল-আগৰ সৌ কঠালজুপিত,
কপৌ-কপৌৱনী জুৰি মাতে হৰষিত;
আহা! কেনে ভাল-পোৱা আজান দুটাৰ,
শিক্ষা দিয়ে প্ৰেম কিনো মটা-তিৰোতাৰ;
দেখিছাঁ নে সৌজনী কুকুৰা চৰাই,
ডৌকাৰ আঁৰত কেনে পোৱালী শুৱায়;
লাগিব নিদিয়ে জাৰ গাত পোৱালীৰ,
আহা! কেনে মাতৃ-স্নেহ সামান্য পক্ষীৰ;
যতেক চৰাই উৰি ফুৰে আকাশত,
চোৱাঁচোন সকলোৱে নিজৰ বাঁহত,
উমাই উমাই কেনে পোৱালী জগায়,
কত যত্নে টোপ আনি মুখত খুৱায়;
দলনিত চৰি ফুৰা শৰালি পক্ষীৰ,
পিতৃ-মাতৃ প্ৰতি ভক্তি কিমান গভীৰ!
স্বভাৱৰ লীলা-খেলা চাই চাই চাই,
পকালোঁ মূৰৰ চুলি নানা শিক্ষা পাই;
উৰণ, বুৰণ, আৰু গজন, ভ্ৰমণ,
যত দেখোঁ সকলোটি হিতৰ কাৰণ।
যদি চাব জানা এই সুন্দৰ জগৎ,
শিক্ষাৰ বিষয় পাবা অনেক মহৎ।
অক্ষয় অমুল্য জ্ঞান-ৰতনেৰেৰে ভৰা
বিশ্ব-পুথি পঢ়াঁ বিশ্ব-খনিকৰে কৰা।
একেটা ঘৰৰ ছাল আকাশমণ্ডল,
একেটা ঘৰৰ ভেঁটি এই ধৰা তল;
একেটা বেলিয়ে দিয়ে পোহৰ দিনত,
এক জোনে জিলিকায় নিশাৰ ভাগত;
একে বায়ু, একে পানী, আমাৰ আহাৰ,
একে তেজ, একে মাংস দেহত আমাৰ;
কৰিছে সবাকে এক বিশ্ব-খনিকৰ,
নৰ-নাৰী পুত্ৰ কন্যা এক ঈশ্বৰৰ;
সবাকে পালিছে তেওঁ সমান স্নেহেৰে,
জোনৰ জোনাক তেওঁ দিয়ে ঘৰে ঘৰে।
সবাকে বিলায় বায়ু ভেদাভেদ নাই,
সকলোৱে সম ভাগে জুই-পানী পায়
পৃথিবীয়ে দিয়ে শস্য বেলিয়ে পোহৰ,
কেনে সম-দৰশন, দয়া ঈশ্বৰৰ।
কিয় তেন্তে দ্বন্দ-হাই ঈৰ্ষা পৰস্পৰ,
খোচাখুচি হিংসা বৈৰী দেখোঁ মানুহৰ?
মানুহে ঘিণায় হায়! ভাই মানুহক,
কপট ছলনা কৰি হয় প্ৰতাৰক!
ইতৰ প্ৰাণীৰ মাজে আছে অনেকৰ,
আছে হিংসা বৈৰী-ভাব ক্ৰোধ সিহঁতৰ;
ভালুক কেশৰী বাঘ ঘোং জাৰণিত,
মহা ক্ৰুৰ সৰ্প জাতি আছে অগণিত,
আছে ডকা দিয়া চিলা, শেন হিংসুকীয়া,
মানুহৰ সেইবোৰ কিন্তু তলতীয়া।
সকলো প্ৰাণীৰ মাজে নৰ শ্ৰেষ্ঠ কয়,
হাঁয়! হাঁয়! নৰ কিয় পশুতুল্য হয়?
এটুপি চকুৰ পানী, এষাৰি সাদৰী মাত,
এখনি চেনেহী-হিয়া, এখনি সহায়-হাত,
পিছ-পৰা দুখীয়াই যায় আশা কৰি,
আগ-বঢ়া সুখীয়াই চায় জানো ঘূৰি?
এজন ঈশ্বৰ পিতা আমি সকলোৰ,
ভাই-ভনী নৰ-নাৰী আছোঁ যতবোৰ।
নানা ৰূপে নানা নামে লোকে জগতৰ,
দেশে দেশে পূজা কৰে পৰম ঈশ্বৰ;
সকলো নদীৰ গতি যিৰূপে সাগৰ,
সকলোৰে পূজা পায় বিশ্ব-খনিকৰ।
বিশ্ব জুৰি স্নেহ-প্ৰীতি বাঢ়োক আমাৰ,
স্বভাৱৰ পৰা পালোঁ এই শিক্ষাসাৰ।
পণ্ডিতে তবধ মানি চহৰ কথাত,
হৰিষত কলে তাৰ ধৰি দুই হাত,—
ধন্য তুমি খেতিয়ক চহা গাৱঁলীয়া,
ধন্য তুমি শিক্ষা দিলা কি মহামূলীয়া।
নেদেখিলা পঢ়াশালি, একো নপঢ়িলা,
স্বভাৱৰ পৰা অতি সজ শিক্ষা দিলা।
যিবা বিদ্যা আৰ্জ্জে লোকে পঢ়াশালি পাই,
যিবা শিক্ষা পায় লোকে শাস্ত্ৰ পঢ়ি চাই,
জানিব লগীয়া বহু বাহিৰেও তাৰ,
জ্ঞান-ৰত্ন পাব পাৰে যত্ন থাকে যাৰ।
⸻
নীতি-ৰত্নমালা
(সংস্কৃতৰ ভঙ্গিনী)
(১)
অজৰ অমৰ ভাবি নিজৰ জীৱন,
জ্ঞানীয়ে কৰিব বিদ্যা ধন উপাৰ্জ্জন,
চুলিত ধৰিছে যমে এতিয়াই নিব,
হেন মনে ভাবি তেওঁ ধৰ্ম্ম আচৰিব।
২
জ্ঞাতি বন্ধু ভাগ কৰি যিধন নলয়,
যি ধনত চোৰ-ডকাইতৰ নাই ভয়,
দানত নহয় ক্ষয়, বৰঞ্চ বৰ্দ্ধন,
হেন মহাধন বিদ্যা অমূল্য ৰতন।
৩
শৈশৱত বিদ্যা নিশিকিলে যিটো জন,
যৌৱনত নকৰিলে ধন উপাৰ্জ্জন,
বুঢ়া হই ধৰ্ম্ম-কৰ্ম্ম নকৰিলে আৰু,
অন্তিমত কি কৰিব সিজনে নো বাৰু?
৪
পণ্ডিত সুজন সৰ্ব্ব গুণৰ আধাৰ,
দোষৰ আধাৰ তেওঁ বিদ্যা নাই যাৰ;
সি কাৰণে সহস্ৰ সহস্ৰ মূৰ্খ হন্তে,
একে জন জ্ঞানী শ্ৰেষ্ঠ জানিবা জগতে।
৫
বিদ্যা যাৰ আছে মাথোঁ পুথিৰ পাতত,
ধন যাৰ আছে মাথোঁ পৰৰ হাতত,
কাৰ্য্যকালে পোৱা টান হলে প্ৰয়োজন,
মিছা তাৰ সেই বিদ্যা, মিছা তাৰ ধন।
৬
গুণ নহলে নো ৰূপে কি কাম সাধিব,
স্বভাৱ নহলে ভাল কুলে কি কৰিব?
কাৰ্য্যসিদ্ধি নহলে নো বিদ্যা কি কাৰণ
ভোগ নকৰিলে ধন মিছা উপাৰ্জ্জন।
৭
ফুলিলে এজোপা মাথোঁ সুফুল হাবিত,
সুগন্ধে গোটেই হাবি কৰে আমোদিত;
সিৰূপে সুপুত্ৰ যদি এটি জন্ম ধৰে,
গোটেই বংশটো তাৰ গুণতে পোহৰে।
৮
এটি মাত্ৰ গুণৱন্ত পুত্ৰ যদি ৰয়,
সিও ভাল শত মূৰ্খ একোৱে নহয়;
এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে,
অসংখ্যাত তৰাবোৰে কিবা গুণ ধৰে?
৯
হলেও ৰূপহ ডেকা উত্তম কুলৰ,
কদাপি নাপায় শোভা বিদ্যাহীন নৰ;
যেনুৱা পলাশ ফুল দেখোঁতে সুন্দৰ,
গন্ধহীন বুলি কেৱেঁ নকৰে আদৰ।
১০
পিতা মাতা দুয়ো শত্ৰু বুলি নিন্দা পায়,
নিজৰ লৰাক বিদ্যা যদি নিশিকায়;
নোশোভে নিৰ্গুণী পুত্ৰ গুণী-সমাজত,
যেনুৱা অশোভা বক হাঁহৰ মাজত।
১১
প্ৰিয়তম বস্তু যেনে জীৱন নিজৰ,
জানিবা জীৱন তেনে সকলো জীৱৰ;
সকলো জীৱক ভাবি নিজৰ নিচিনা,
সকলোৰে প্ৰতি সদা কৰিবা কৰুণা।
১২
এলাহ পৰম শত্ৰু জানিবা দেহৰ,
যাৰ পৰা সৰ্ব্বনাশ হয় মানুহৰ;
উদ্যমৰ দৰে বন্ধু নাই জগতত,
কেওঁ কতো অৱসন্ন নহয় যিহত।
১৩
ঋণশেষ, অগ্নিশেষ আৰু ব্যাধিশেষ,
কৰিৱা ইতিনি শেষ নাৰাখিবা লেশ;
ৰাখা যদি লেশমাত্ৰ বাকী ইসৱৰ,
ক্ৰমে ক্ৰমে বাঢ়ি যাব জানিবা ঠাৱৰ।
১৪
ধন প্ৰাণ উছৰ্গিও কৰে জ্ঞানী জন,
সংসাৰত বিপন্নৰ উদ্ধাৰ সাধন;
সময়ত সবলোৰে ঘটিব মৰণ,
সুকাৰ্য্যত হানি হলে সাৰ্থক জীৱন।
১৫
দুদিনীয়া মলবাহী দেহা কৰি ক্ষয়,
যদি নিত্য নিৰমল যশোলাভ হয়;
তেনেহলে ভাবি চোৱাঁ কি লাভ নহয়?
মৰিলেও সুকাৰ্য্যৰ কীৰ্ত্তি সদা ৰয়।
১৬
গুণ আৰু শৰীৰৰ অনেক অন্তৰ,
তুলনাত উভয়ৰ প্ৰভেদ বিস্তৰ;
ক্ষন্তেকীয়া ভাবি চোৱাঁ দেহা মানুহৰ,
গুণবোৰ থাকে কিন্তু যুগ যুগান্তৰ।
১৭
কোকিল সুন্দৰ হয় শুৱলা মাতত,
তিৰোতা সুন্দৰী হয় সতীত্ব গুণত;
বিদ্যাৱন্ত হলে হয় কুৰূপো সুন্দৰ,
ক্ষমা গুণে তপস্বীক কৰে মনোহৰ।