এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোৱাৰ লগে লগে যুৱকৰ সমগ্ৰ মন আৰু দেহ সমৰ্পিত হৈছে যুৱতীৰ ওচৰত। অথচ তাৰ আগলৈকে যুৱক প্ৰায় উদাসীন, যুৱতীৰ মৃদু ইংগিতবোৰ যেন তেওঁৰ অনুভূতিৰ স্পৰ্শৰ বাহিৰৰ।

 এই সম্পূৰ্ণ দৃশ্যটোত আদিৰসৰ প্ৰাধান্য আছে। পৰিচালকে এই আদিৰসক দেহসৰ্বস্ব কৰি তোলা নাই। অভাৱনীয় সংযমেৰে পৰিচালকে এই দৃশ্যবোৰ উপস্থাপন কৰিছে আৰু এই সংযমৰ নেপথ্যৰ চালিকা শক্তি হ’ল চৰিত্ৰটোৰ অন্তহীন দ্বন্দ্ব। সেই দ্বন্দ্বৰ মাজেৰে চৰিত্ৰটোৰ কাৰ্য আগবঢ়াই নিয়া হৈছে। এইখিনিতে আকিৰা কুৰোশ্বৱাই কোৱা কথাষাৰ মনত পৰিছে — “It is easy to explain the phychological state of a character at a particular moment, but it is very difficult to describe it through the delicate nuances of action and dialogue. সাগৰ সংগমেও কুৰোশ্বৱাৰ এই নিৰ্দেশকেই পালন কৰিছে। এটা দৃশ্যত দেখা গৈছে, — নায়িকাৰ চকুত কিবা এটা পৰিছে; নায়কে সেইটো উলিয়াই দিছে। এই কামটো কৰোঁতে নায়িকাৰ গালত নায়কৰ হাত লাগিছে; নায়িকা শিহৰিত হৈ উঠিছে; তেওঁৰ এখন হাত আঙুলিবোৰ আগবাঢ়ি গৈছে নায়কৰ হাতৰ ওচৰলৈ- স্পৰ্শৰ বাসনাৰে;- নায়কৰ হাতৰ ওচৰ পোৱাৰ লগে লগে নায়িকাৰ আঙুলিবোৰ ৰৈ গৈছে, খন্তেক অপেক্ষা, উভতি গৈছে, পুনৰ আগবাঢ়ি গৈছে;- এইবাৰো আঙুলিবোৰ নায়কৰ হাত স্পৰ্শ কৰাৰ আগতেই ৰৈ গৈছে। নায়িকাৰ আঙুলিবোৰে নায়কৰ হাত স্পৰ্শ কৰাৰ আগতেই ৰৈ গৈছে। নায়িকাৰ মনৰ অৱস্থা বুজাবলৈ এইটো দৃশ্যই যথেষ্ট। এই দৃশ্যৰ আগতেও নায়িকাৰ চকুত দুটামান অৰ্থবহ ক্লোজ-আপ আছে, যিবোৰৰ ইংগিত নায়কক মুঠেও স্পৰ্শ কৰিব নোৱাৰিলে।

 কিছু সময়ৰ পাছত। নায়কে ফুলপাহৰ ফটো তোলাৰ বাবে টেবুল লেম্প এটা আনি ফুলপাহৰ ওচৰতে থৈছিল। ফুলপাহ ফুলাৰ ঠিক আগে-আগে টেবুল লাইটটোৰ পোহৰ নিয়ন্ত্ৰণ কৰাৰ বাবে বগা কাপোৰ

৮৬