এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বয়স পাৰ হৈ যাব খোজা এগৰাকী যুৱতীৰ বিয়াৰ সমস্যা। অসমৰ পটভূমিৰ এটা চিনাকি সমস্যা। “নাই, এই সমস্যাটো মই ছবিত দাঙি ধৰিব খোজা নাই। মই দাঙি ধৰিলে ইচ্ছা কৰিছোঁ সেই ছোৱালীজনীৰ মনৰ গোপন কামন-বাসনাবোৰৰ দ্বন্দ্ব”⸺ সাগৰে কয়। — “মই গল্পৰ মূল সমস্যা আৰু চৰিত্ৰবোৰ একেই ৰাখি ছোৱালীজনীৰ মনৰ দুৱাৰবোৰ এখন এখনকৈ খুলি যাবলৈ চেষ্টা কৰিছোঁ।”

 ছোৱালীজনীৰ ঘৰৰ ওচৰতে হোৱা বিয়া এখনলৈ এগৰাকী যুৱক আহিব। ছোৱালীজনীক পাৰিলে এই যুৱকজনৰ হাততে গতাব লাগিব,- পৰিয়ালৰ মানুহৰ ভাব। গতিকে চিনা-পৰিচয়ৰ বাবে যুবকক এইখন ঘৰলৈ আমন্ত্ৰণ কৰা হয়। ছোৱালীজনীৰ ঘৰত ৰাতি ফুলা কেকটাছ এবিধ আছে, সিদিনাখনেই এপাহ ফুল ফুলাৰ কথা। ফটোগ্ৰাফিত আগ্ৰহ থকা যুবকে ফুলপাহৰ ফটো তোলাৰ বাবে ৰৈ যায়; ফটো তোলাৰ সময়ত ছোৱালীজনীয়ে যুৱকক সহায় কৰি দিয়ে; ছোৱালীজনীয়ে যুৱকৰ মন জয় কৰাৰ চেষ্টা চলায়, আৰু শেষত ছোৱালীজনীৰ আশা ভংগ হয়। সংক্ষেপতে গল্পটো ইমানেই।

 পৰিয়ালৰ মানুহবোৰ বিয়াখনলৈ গৈছে, ঘৰত ৰৈ গৈছে যুৱক-যুৱতীহাল; দুয়ো অপেক্ষা কৰিছে ফুলপাহ ফুলি উঠালৈকে। এই সময়খিনি, এই সময়খিনিত এই দুটা চৰিত্ৰই কৰা আচৰণ,- ‘তৃষ্ণা’ ছবিখনৰ সমগ্ৰ ৰস পুঞ্জীভূত হৈছে এই অংশটিত। ফুলপাহ আৰু যুৱকৰ হাতৰ কেমেৰাটো, এইদুবিধ উপাদান ছবিখনৰ মূল চৰিত্ৰ দুটাৰ ‘মেটাফৰ’ হিচাবে পৰিচালকে উপস্থাপন কৰি নিজৰ বক্তব্য আগবঢ়াই নিছে। ফুলপাহ ফুলি উঠাৰ প্ৰক্ৰিয়া আৰু যুৱতীয়ে লাহ-লাহে যুৱকৰ আগত নিজকে উন্মুক্ত কৰাৰ বাসনা সমান্তৰালভাৱে আগবাঢ়িছে।

আনপিনে যুৱকৰ হাতৰ কেমেৰাটো যেন যুৱকৰ মনৰ আৱয়বিক প্ৰকাশ। যুৱতীৰ প্ৰতি যুৱকৰ মনোভাব যান্ত্ৰিক,- কেমেৰাটোৰ দৰেই। যুৱকৰ আচৰণো কেমেৰাটোৰ দৰে কৰ্মকেন্দ্ৰিক, কিন্তু আবেগহীন। ফুলপাহে যুৱকক কেমোৰা ক্লিক কৰিবলৈ সঠিক ইংগিত দিয়াৰ লগে লগে ক্লিক কৰাৰ দৰে যুৱতীৰ আমন্ত্ৰণৰ সঠিক ইংগিত

৮৫