এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটুকুৰাৰ প্ৰয়োজন হ’ল। নায়িকাই গাত লৈ থকা শ্বালখন আঁতৰাই নিজৰ দেহৰ চাদৰৰ আচলটোৰে লাইটটো ঢাকি দিলে। দেহৰ পৰা চাদৰৰ আচল নমোৱাটো যথেষ্ট অৰ্থবহ। সামান্যতম অশালীন নকৰাকৈ নায়িকাই আচলটো নমাইছে, নমোৱাৰ আগতে ভাবিছে;- নমাব নে ননমাব। এই ভাবটো প্ৰকাশ কৰা হৈছে মাথোন অংগীভংগীৰ মাজেৰে। নায়িকাই চাদৰ নমাই লাইটটো ঢাকি দিছে;- কিছু সময় যোৱাৰ পাছত লাইটৰ বাল্বৰ উত্তাপত পাতল চাদৰখন পুৰি ফুটা এটা হৈ গৈছে। তাৰ পাছত শ্বটত নায়িকাৰ মুখৰ আগত চাদৰ, চাদৰৰ ইটো ফালে নায়ক; মাজত ফুটাটো তাৰ পাছত নায়কৰ মুখত অৰ্থবহ সংলাপ— ‘যদি স্কেণ্ডেলাছ হৈ যাওঁ?’ — নায়িকাই নিৰ্ভয় দিছে। এই দুটা সংলাপে দুয়োটা চৰিত্ৰৰ মনোজগতৰ বহু কথা কৈ দিয়ে। তাৰ পাছতে সঠিক মুহুৰ্তত কেমেৰা ক্লিক কৰাৰ দৰে, নায়ক উদভ্ৰান্ত হৈ পৰে নায়িকাক ওচৰত পাবলৈ। এই দৃশ্যটোও যথেষ্ট কৌশলেৰে চিত্ৰায়িত কৰা হৈছে। নায়কে কেমেৰাটো হাতত লৈছে; নায়িকাৰ ফটো তোলাৰ বাবে চেষ্টা কৰিছে; দৌৰাদৌৰি কৰিছে; নায়কে পিচে পিচে লৰা-ধপৰা কৰিছে; চৰিত্ৰবোৰৰ মুভমেণ্টৰ গতি তীব্ৰভাবে বৃদ্ধিপাইছে। ইমান সময়তে প্ৰায় গুৰুগম্ভীৰ আচৰণ কৰি থকা কেমেৰাৰ মুভমেণ্টো চৰিত্ৰৰ মুভমেণ্টৰ লগত সমতা ৰাখি বৃদ্ধি পাইছে ‘আকৌ কুৰোশ্বাৱাৰ কথা:.... the most natural way to approach the actor with the camera is to move it as at the same speed he moves.... the camera should follow the actor as he moves; it should stop when he stops. If this rule is not followed, the audience will become concious

of the camera.) এই লৰা-ধপৰাৰ দৃশ্য হঠাতে ৰৈ গৈছে; তীব্ৰ স্বৰগ্ৰামৰ আৱহ সংগীত একেলগে স্তব্ধ হৈ গৈছে; শব্দহীন পৰৱৰ্তী স্বট,- টাবত থকা ফুলৰ গছৰ হাউলি পৰা পাত এটাৰ ক্ল’জ-আপ। এনেকুৱা স্থিৰ বস্তু কেইপদমনৰ ক্ল’জ-আপ শ্বট, তাৰ পাছত গহীন গৈ বহি থকা নায়িকা, নায়ক ইত্যাদি। লাহে-লাহে নায়কে কেমেৰা সামৰে; দূৰৈৰ বিয়াঘৰৰ পৰা উৰুলিৰ শব্দ ভাহি আহে, দৰাৰ ফটো

৮৭