[ প্ৰথম পৃষ্ঠা ]

কবি ভাৰতভূষণ বিৰচিত

অশ্বকৰ্ণ বধ

[ প্ৰথম পৃষ্ঠা ]
 

কবি ভাৰতভূষণ বিৰচিত


অশ্বকৰ্ণ বধ

 

সম্পাদনাঃ

ড° প্ৰফুল্ল নাথ

 

বাণী মন্দিৰ

_______________________________

ডিব্ৰুগড় • গুৱাহাটী • তেজপুৰ

[ প্ৰকাশন ]
 

অশ্বকৰ্ণ বধ

 

____________________________

 
প্ৰকাশক :উৎপল হাজৰিকা,বাণী মন্দিৰ, মহেন্দ্ৰ মোহন চৌধুৰী ভৱন, হেদায়েৎপুৰ, গুৱাহাটী-৭৮১০০৩। পৰিৱেশক :উজ্জ্বল হাজৰিকা, বাণী মন্দিৰ, চন্দ্ৰকান্ত হাজৰিকা পথ, নতুন বজাৰ, ডিব্ৰুগড়-৭৮৬০০১। পৰিৱেশকঃলাৱণ্য প্ৰকাশন, ৰাণীবাৰী,পাণবজাৰ, গুৱাহাটী-৭৮১০০১। মুদ্ৰণঃ লাৱণ্য ছপাশাল, কুশল কোঁৱৰ পথ, চেনিকুঠি, গুৱাহাটী-৭৮১০০৩

ASWAKARNA BADH: A badha kavya written by
Bharat Bhushan a neo-vaishanavite poet and edited by Dr. Prafulla Kr. Nath and Published by Utpal Hazarika on behalf of BANI MANDIR, Mahendra Mohan Choudhuri Bhawan, Hedayetpur, Guwahati-781003
Bani Mandir Edition: 2008 Rs. 40.00 only

[  ]

অশ্বকৰ্ণ বধ

(বনপৰ্ব—পাতালী খণ্ড)
প্ৰস্তাৱনা

পদ

জয় জয় কৃষ্ণ প্ৰভু বান্ধৱ মাধৱ।
ভকত-বৎসল হৰি দয়াল যাদৱ॥
হেন মাধৱৰ পদে কৰো নমস্কাৰ।
ৰচিবো পাতালী খণ্ড কথা মধ্যে সাৰ॥ ১

পৰম পুৰুষ ধনঞ্জয় অৱতৰি।
খণ্ডিলা ভূমিৰ ভাৰ দানৱক মাৰি॥
পূৰ্বে কৃষ্ণে পাণ্ডৱক পঠাইলন্ত বনে।
খণ্ডিলা ভূমিৰ ভাৰ যত দেৱগণে॥ ২

পৃথিৱীৰ অন্তে আছে যত দৈত্যগণ।
তাক অৰ্জুনৰ হাতে কৰাইলা ছন॥
এহিসব কথা শিৱে বৰাহক পাই।
ব্যাস মহামুনি কহিলেক ঠাই ঠাই॥৩

ইহাকেসে চাহি আমি ৰচিবো কেৱলে।
মধু দধি যেন স্বাদ অতিশয় মিলে॥

[  ]

এতেকে কহিবো পাণ্ডৱৰ গুণচয়।
তাতে কৃষ্ণ-চৰিত অমৃত মনোনয়॥ ৪

জয় দিকপাল নমো কৃষ্ণ কৃপাময়।
জগতৰ মোক্ষ হেতু ভৈলন্ত উদয়॥
কটাক্ষতে সৃষ্টি স্থিতি কোটি কোটি যাৰ।
হেন পূৰ্ণব্ৰহ্ম ৰূপে নৰ অৱতাৰ॥ ৫

যাহাৰ চৰণ দুই ধৰি হৃদয়ত।
কহিবোহো পঞ্চ পাণ্ডৱৰ কথা যত॥
পাচে জন্মেজয় কথা কৰিয়া প্ৰণতি।
পাণ্ডৱ-চৰিত্ৰ কথা শুনে একমতি॥৬

স্বৰ্গহন্তে আসি যেৱে বীৰ ধনঞ্জয়।
তেৱে কোন বনে গৈলা পাণ্ডুপুত্ৰচয়॥
কোন কৰ্ম কৰিলন্ত কোনবা স্থানত।
কহিয়োক মুনি শুনো পাচকথা যত॥ ৭

শুনি বৈশস্পায়নে কৰিলন্ত সাধুৰ্বাদ।
বোলয় নৃপতি কথা ভৈল অপ্ৰমাদ॥
মহাগোপ্য কথা যে মহন্ত পাণ্ডৱৰ।
হেন জানি দ্বৈপায়নে কৰিলা প্ৰচাৰ॥ ৮

পূৰ্বে এহি কথা কৈলা মাৰ্কণ্ডেয় আগে।
আমাক পঢ়াইলন্ত গুৰু যেন লাগে॥
বনপৰ্ব দুখ-কথা পাতালী খণ্ডৰ।
শুনিবা দাৰুণ কৰ্ম ভীম অৰ্জুনৰ॥ ৯

কিনো মোৰ মহাভাগ্য তোমাত কহিবো।
শ্ৰীৰুদ্ৰদেৱৰ কথা গুণ প্ৰচাৰিবো॥
জগততে প্ৰচাৰ হৈবেক নিৰন্তৰ।
আকে শুনি ভণি তৰিবেক সব নৰ॥ ১০

[  ]

মহাগুৰু ত্ৰিনয়ন কাল মূৰ্তি হৰ।
বৈষ্ণৱৰ মধ্যে শ্ৰেষ্ঠ নাহি তান পৰ॥
তাহাৰ চৰিত্ৰ কথা শুনি মোক্ষ পায়।
হেন জানি স্থিৰ চিত্তে শুনা মহাৰায়॥ ১১

যেন মতে ভীম অৰ্জুনক মায়া কৰি।
হেমাশ্ৰয়া ৰাক্ষসী বিতলে নিলা হৰি॥
অশ্বকৰ্ণ ৰাক্ষসক যিমতে বধিলা।
যেন মতে মহেশ্বৰে তাক দেখা দিলা॥ ১২

পঞ্চ ভাই শৰে হানি কুন্তীৰ তনয়।
যিমতে মাৰিলা সব দৈত্য সেনাচয়॥
সমস্তে কহিবো ৰাজা তোমাৰ আগত।
ইটো কথা আৱে নাহি কৰিবো বেকত॥ ১৩

ভাৰতভূষণে বোলে আমি অল্পজন।
পাতালী খণ্ডৰ কথা আতি বিতোপন॥
আৰ বঢ়া টুটা দোষ ক্ষমা মহাজন।
ইহাক শ্ৰৱণ কৰিয়োক একমন॥ ১৪

মিলিবে মুকুতি পূৰ্ণ হৈবে মনস্কাম।
বৈষ্ণৱ চৰিত্ৰ কৃষ্ণনাম অনুপাম॥
হেন জানি নৰলোকে এৰা আন কাম।
পাতোক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ১৫

গোদাবৰী তীৰত পাণ্ডৱসকলৰ অৱস্থান

বৈশম্পায়ন বদতি শুনা সাৱধানে।
পাতালত কোন কৰ্ম কৰিলা অৰ্জুনে॥
স্বৰ্গত আছিলা যদি বীৰ ইন্দ্ৰ-সুত।
হেমন্ত গিৰিত যাই ভৈলা উপস্থিত॥ ১৬

[  ]

কতোদিন ফুৰি গোদাবৰী নদী পায়।
গৃহ সাজি তহিতে আছিলা মহাৰায়। ৷
এক দিনা মহাৰাজ ধৰ্ম নৰেশ্বৰ।
বোলে আমাসাৰ কিবা হৈবে অথন্তৰ॥ ১৭

মনতে প্ৰমাণ মই লভিছো নিশ্চয়।
নজানো কৃষ্ণদেৱে কি বিঘিনি মিলায়॥
ধনঞ্জয় বোলে দাদা নকৰা সংশয়।
ঈশ্বৰৰ ইচ্ছা কোনে বাধিবে পাৰয়॥ ১৮

ভীম-অৰ্জুনৰ মৃগয়ালৈ গমন

এহিমতে আছিলেক দিন কতোমান।
পাচে মৃগ মাৰিবাক গৈলা দুয়োজন॥
ভীম ধনঞ্জয় মৃগ মাৰিবাক গৈলা ৷
শুনা তাসম্বাৰ তৈত যেন কথা ভৈলা॥ ১৯

শোভন কুসুম-বন দেখিতে বিস্ময়।
আকাশ লঙ্ঘিয়া তাৰ সুঘ্ৰান বহয়॥
ভ্ৰমৰাই ৰাৱ কাঢ়ে কোকিলে ডাকয়।
ছয় বায়ু এক স্থানে মলয়া বহয়॥ ২০

আনন্দ মিলয় আতি ব্ৰহ্মাণ্ড চাহিয়া।
দৰ্পণৰ ছায়া যেন আছয় দেখিয়া॥
ফুৰন্তে ভ্ৰমন্তে আসি গোধূলি মিলিলা।
তহিতে ৰহিলা আসিবাক নপাৰিলা॥ ২১

বঞ্চিলা ৰজনী এক বৃক্ষৰ তলত ৷
ৰজনীৰ শেষে সূৰ্য্য উদয় ভৈলন্ত॥
জল বিচাৰিয়া আনি—স্নানিতে লাগয়।
দুখ মনে ৰাজাসমে অসুখ কৰয়॥ ২২

[  ]

এহিমতে জল বিচাৰন্তে দুই ভাই।
প্ৰহৰেক মান বেলা গৈলা সেহি ঠাই॥

মায়াবিনী হেমা ৰাক্ষসীক কূপৰপৰা উদ্ধাৰ কৰিবলৈ গৈ
ভীম-অৰ্জুনৰ বিতল নগৰত প্ৰৱেশ

বৈশস্পায়ন বদতি শুনিয়ো নৰোত্তম।
সিকালত তাসম্বাৰ ভৈলন্ত বিভ্ৰম॥ ২৩

জলক চাহন্তে এক গৰ্তক দেখিলা।
ধীৰে ধীৰে দুই বীৰ সমীপ চাপিলা॥
নিৰীক্ষি চাহয় দুয়ো কতো দূৰ মান।
ৰেণু ৰেণু দেখিলেক অপেস্বৰাগণ॥২৪

চাহন্তে চাহন্তে কান্তি অধিক জ্বলয়।
ৰাক্ষসীৰ মায়া সিটো মনে নজানয়॥
ত্ৰৈলোক্য মোহিনী কন্যা ৰূপে অনুপাম।
মুনিৰ মনক মোহে জ্বলৈ চন্দ্ৰ সম॥ ২৫

কটাক্ষে নিৰীক্ষি অল্প কৰিয়া হাসয়।
উঠিবাক লাগি যেন আকৃতি কৰয়॥
দেৱাঙ্গ-ভূষণ যেন কৰি পৰিধান।
অল্প অল্প কৰিয়া যেন কৰয় হসন॥ ২৬

হৰি হৰি বিধি দুখ দিলা ললাটত।
কিমতে তৰিবো ইটো দাৰুণ গৰ্তত॥
যুগুতি কৰিয়া পাচে উপৰক চাই।
দুই জন উত্তম পুৰুষ ভেট পাই॥ ২৭

মনে মনে বোলে মোৰ বিধি সুপ্ৰসন্ন।
ইহাকে পাতালে লৈয়া কৰিবো গমন॥
দেৱ কি মনুষ্য লাগে যেহি কিছু হৌক।
মোহোৰ মায়াত কোনজনে স্থিৰ হৌক॥ ২৮

[  ]

অনন্তৰে অৰ্জুনে ভীমক মাতিলন্ত
দেখিয়ো আশ্বৰ্য্য কন্যা কূপতে আছন্ত॥
হেন ৰূপৱতী কন্যা দেখিলা আপুনি।
গৰ্ভৰ ভিতৰে পশি আছে কিবা গুণি॥ ২৯

তাত হন্তে সেহি কন্যা মাতে ধীৰে ধীৰে।
কোন তোবা দুইজন কহিয়ো সত্বৰে॥
পৰি আছো মহাঘোৰ কূপে দেখা তুমি
যেহি তোলে তাহাক কৰিবো নিজ স্বামী॥৩০

দেৱ অপেস্বৰা মই হেমা নামে খ্যাত।
ঢঙ্কা মাৰি সখীগণে ফেলিলা গৰ্তত॥
নুতুলিলে তিৰীবধ মহাপাপ লাগে।
আমাক তুলিয়া তুমি নিয়া যৈকে লাগে॥ ৩১

অৰ্জুনে বোলন্ত দাদা কৰিয়ো যতন।
কূপ হন্তে ত্ৰাণ কৰা অপেস্বৰা প্ৰাণ॥
বৃকোদৰে বোলে বাপু বুজন নযায়।
দেখিয়ো ইহাৰ পৰিৰ্বাৰ চিহ্ন নাই॥ ৩২

কিবা মায়া ৰাক্ষসী আছন্ত হেন ভাবে।
পৰিবাৰ চিহ্ন নেদেখোহো এহি ঠাৱে॥
অৰ্জুন বদতি দাদা কহিলাহা ভাল।
আৱদ্ধ হোৱয় পাপ পৰম বিশাল॥ ৩৩

আমি দুইজন যদি নাসো ইথানক।
নেদেখিলে নাহি দোষ জানিবা ইহাক॥
হেন শুনি তাই পাচে বুলিলা বচন।
যদি মোক নোতোলা তোমৰা দুই জন॥ ৩৪

ইটো মহাপাতকে সবংশে যাইবা তল।
এতেকে তোমাৰ দুই সাধিয়ো কুশল॥

[ ১০ ]

বৈশম্পায়ন বদতি শুনা নৃপবৰ।
পাপক সংশয় মহা মহন্ত সবৰ॥ ৩৫

এহি শুনি দুই বীৰে নুবুজি কাৰণ।
দুৰাচাৰী ৰক্ষাসীক তুলিবাক মন॥
ঈশ্বৰৰ ইচ্ছায়ে যে বুদ্ধি চূৰ ভৈল।
দুৰাচাৰী ৰাক্ষসীক তুলিবাক গৈল॥ ৩৬

অৰ্জুনক আদেশ কৰিলা বৃকোদৰ।
মায়াবী ৰাক্ষসী শুনি দিলন্ত উত্তৰ॥
আগে বৰজনে ধৰি তুলিয়ো আমাক।
তেৱে দোষ নাহিকয় জানিবা ইহাক॥ ৩৭

যদি আগে ছোটজনে আমাক তোলহ।
ভ্ৰাতৃবধূ ভৈলে হৈব কিমতে বিবাহ॥
ঋষিসবে কহিয়াছে জানা সৰ্বজন।
হোৱে ভাৰ্য্যা হস্তোদক বিবাহ কাৰণ॥ ৩৮

এহি শুনি দুহান্তৰ মন ৰঙ্গ ভৈলা।
অনন্তৰে বায়ু-সুতে আগবাঢ়ি গৈলা॥
ৰাক্ষসীৰ মায়া কিছু নুবুজি মনত।
ফেলাইলা ধনুখান দাৰুণ গৰ্তত॥ ৩৯

দাৰুণ দুৰ্জয় মায়া ৰাক্ষসী কৰিলা।
ধনু সমে ভীমসেন হুহকি পৰিলা॥
ত্ৰাহি ধনঞ্জয় বাপু থাম্প মাৰি ধৰ।
ধনু কন্যা সমে খসি পৰোহো সত্বৰ॥ ৪০

আথে বেথে অৰ্জুনে থাম্প মাৰি ধৰে।
ৰাক্ষসীয়ো ধনু আগে ধৰে দৃঢ় কৰে॥
দুইখান ধনু দুই ভ্ৰাতৃৰ হাতত।
হুহকি পৰিল পাচে দাৰুণ গৰ্তত॥ ৪১

[ ১১ ]

দুই বীৰে মিলি ধৰি অনেক টানিলা।
ভাগৰ লাগিয়া তুলিবাক নপাৰিলা॥
যিটো বীৰে তুলি পৰ্বতক হানে দলি।
মনুষ্য মধ্যত তাঙ্ক সম নোহে বলী॥ ৪২

ধনঞ্জয় বীৰ তিনি জগতে বখানে।
ত্ৰাস হুয়া আছে হৰ যাহাৰ সন্ধানে॥
হেন দুই বীৰক ৰাক্ষসী মায়াবলে।
পৃথিৱী এৰায়া ছলি নিলেক পাতালে॥ ৪৩

দেখা জন্মেজয় কৃষ্ণ লীলাৰ মহত্ত্ব।
যাত হন্তে সৃষ্টি স্থিতি হোৱন্ত বেকত॥
মহাপুৰুষৰ জানা ইচ্ছা মাত্ৰ কত।
দুই ভাই প্ৰবেশিলা দাৰুণ গৰ্তত॥ ৪৪

ৰাক্ষসী শৰীৰ প্ৰকাশিয়া যায় জ্বলি।
বিজুলী চমকে আলাগতে নেই তুলি॥
দিবা ৰাত্ৰি নজানয় গৰ্তৰ ভিতৰে।
ছয় দিনে পাইলেক বিতল নগৰে॥ ৪৫

দিব্যৰত্ন পুৰীখান বহল বিস্তাৰ।
সঞ্চাৰ নাহিকে তাত মনুষ্য প্ৰজাৰ। ৷
নাহি দিন ৰাত্ৰি চন্দ্ৰ সূৰ্য্যৰ আভাস।
হৰিদ্ৰাৰ বৰ্ণ সিটো থানৰ প্ৰকাশ॥ ৪৬

ৰাক্ষসীৰ ভীম-অৰ্জুনৰ লগত কথোপকথন

কান্ধৰ নমাই পাচে দুহান্তক থৈলা।
দিব্যৰূপ ধৰি তাই মাতিবাক লৈলা॥
তোমাসাক আনি আছো স্থানে আমাসাৰ।
জীৱনক আশা তোৰা নকৰিবা আৰ॥ ৪৭

[ ১২ ]

অশ্বকৰ্ণ নামে মোৰ স্বামী ৰাক্ষসৰ।
হেমা কন্যা নাম মোৰ জানা সাৰে সাৰ॥
কোমল মানুষ্য দুয়ো দেৱতা উত্তম।
তোমাসাক দেখি মোৰ মনে ভৈলা ভ্ৰম॥ ৪৮

বৈশম্পায়ন বদতি শুনা নৰেশ্বৰ।
হেন শুনি কোপে মাতিলন্ত বৃকোদৰ॥
হা ওৰে পাপীষ্ঠ দুৰাচাৰী নিশাচৰী।
আমাক আনিলি কেনে ঘোৰ মায়া কৰি॥ ৪৯

কহো শুনা আমি ভীম অৰ্জুন মহত।
ৰাক্ষস পিশাচ সমস্তকে কৈলো হত॥
যুধিষ্টিৰ ৰাজাক বখানে দেৱগণে।
আমি দুই বীৰ সম নাহি ত্ৰিভুৱনে॥ ৫০

তোৰ সম ৰাক্ষসী কতবা কৈলো হত।
তোৰ কাল ভৈলো এন্তে দাৰুণ গৰ্তত॥
যাতো অপেস্বৰা বুলি ভাণ্ডনা কৰিলি।
মন্দবুদ্ধি তই ইটো থানক আনিলি॥ ৫১

এতিক্ষণে তোক আমি মাৰিবাক পাৰো।
কিন্তু ই ঘোৰ গৰ্ভত উঠিতে নপাৰো॥
শুনি মন কষ্ট ভৈলা ৰাক্ষসী হেমাৰ।
ইহাৰ বধৰ ভাৰ লাগিবে আমাৰ॥ ৫২

মনত বোলন্ত মোৰ অন্যায় মিলিল।
আসম্বাৰ মহাপাপ আমাত লাগিল॥
আৰ দুই বধ মোত সিজিল দুৰ্বাৰ।
অশ্বকৰ্ণ স্বামী সমে ভুঞ্জিবেক আন॥ ৫৩

ইহাৰ ৰক্ষাৰ কিছু নাহিকে শকতি।
তাসম্বাৰ জন্ম কৰ্ম পুছোহো সম্প্ৰতি॥

[ ১৩ ]

কতোবেলি মানে যায় মনত গুণিলা।
কমল লোচন হেন অমৃত সিঞ্চিলা॥ ৫৪

মাতিবে লাগিল তাই অল্প কৰি আতি।
তোৰা দুহান্তৰ মোত কহা জন্ম জাতি॥
কি কাৰণে বনত ফুৰাহা দুই জন।
ভাৰ্য্যা পুত্ৰ আদি কিবা আছে বন্ধুজন॥ ৫৫

ভীমে বোলে জানা তই নাৰী অল্পজন।
তোৰ আগে কহিবাক কিবা প্ৰয়োজন॥
তথাপিতো তই যেৱে পুছিলি বিনয়।
অল্পমান কৰি তোত কহিবো নিশ্চয়॥ ৫৬

যুধিষ্ঠিৰ ৰাজা পাণ্ডুবংশে জন্ম জাত।
আন চাৰি ভ্ৰাতৃ আমি জগতে প্ৰখ্যাত॥
জানা ভীমসেন মোক ত্ৰিভুৱনে জানি।
বঘাসুৰ বনখান পুৰি আছো ছানি॥ ৫৭

মোৰ ছোট ভাই এহি বীৰ ধনঞ্জয়।
কৃষ্ণ সমে সখি তাৰ জানিবা নিশ্চয়॥
জগতৰ নাম যিটো দ্বাৰকা পুৰীৰ।
লক্ষ্মী সম যাৰ ভাৰ্য্যা ষোড়শ হাজাৰ॥ ৫৮

তেহো সমে সখি মোৰ এহি অৰ্জুনৰ।
নছাৰন্ত সঙ্গ তেহো বনৰ ভিতৰ॥
দ্ৰুপদ ৰাজাৰ কন্যা ৰূপে গুণে খ্যাত।
পৰম সুন্দৰী চন্দ্ৰমণ্ডলত জাত॥ ৫৯

ধৰ্ম নৃপতিৰ সঙ্গে আছে সেহি ঠাই।
যৱঞ্জা কুমাৰ আছে সেহি দুই ভাই॥
পৰম বলীষ্ঠ বাসৱকো শঙ্কা নাই।
যাজ্ঞসেনী সুন্দৰী যাৰ উপমা নাই॥ ৬০

[ ১৪ ]

হেন শুনি হেমা কন্যা ভীমৰ বচন।
মকমকি কৰি দুখে কৰিলা ক্ৰন্দন॥
তাৰ দুখ দেখি চাহি আছে দুই ভাই।
অৰ্জুনে মাতন্ত পাচে ৰাক্ষসীক চাই॥ ৬১

কিসক কান্দস অবে ঘোৰ নিশাচৰী।
কহা কথা আমাত ক্ৰন্দন পৰিহৰি॥
আনিয়াছা ঘোৰ মায়া কৰিয়া প্ৰচণ্ড।
দাৰুণ কৰ্মত হুয়া আছা লণ্ড ভণ্ড॥ ৬২

হেমা কন্যা বোলে দেৱ শুনিয়ো বচন।
মোৰ কথা কহো যেৱে শুনা দুইজন॥
কাৰণেসে তোমাসাক আনিছো ইঠাই।
অৱশ্যে যাইতে পাৰা তোৰা দুই ভাই॥ ৬৩

শুনা সৰ্বজন পদ পাতালী খণ্ডৰ।
পাণ্ডৱৰ যশৰাশি বধ ৰাক্ষসৰ॥
কহয় ভাৰতচন্দ্ৰ কৃষ্ণৰ কিঙ্কৰে।
বোলা হৰি হৰি সভাসদে সব নৰে॥ ৬৪

হেমা ৰাক্ষসীৰ পৰিচয় প্ৰদান

দুলড়ী

মুনিয়ে বোলন্ত শুনা জন্মেজয়
 আছিলেক কথা মত।
পাচে হেমা কন্যা কহিবে লাগিলা
 পূৰ্ব কথা অদভুত॥
উশীনৰ নামে ৰাজা আছিলেক
 ইন্দ্ৰ নোহে সৰি বৰি।
পৰম প্ৰচণ্ড লক্ষেক নৃপতি
 আছিলেক সেৱা কৰি॥ ৬৫

[ ১৫ ]

মহা বিচক্ষণ বৃকোদৰ পুৰী
 শঙ্কৰে বান্ধিয়া দিলা।
ৰত্নময় পুৰী অলঙ্কৃত কৰি
 চৌচাল গৃহ সাজিলা॥
দিব্য পুৰীখান পৰম সুঠান
 ষাঠি প্ৰহৰৰ পথ।
চক্ৰাকাৰ কৰি বিশ্বকৰ্মে তাক
 দিলা যেন পুষ্প ৰথ॥ ৬৬
পঞ্চখান দ্বাৰ বিচিত্ৰ কৰিয়া
 স্ফটিক কপট দিলা।
দিবস ৰজনী পৃথক নজানি
 দেৱশিল্পীয়ে ৰচিলা॥
ঘাট বাট কৰি ৰত্নময় পুৰী
 নিৰ্মিলা উপমা নাই।
হৰৰ কৃপাত পৰম যতনে
 সাজে বিশ্বকৰ্মা ৰায়॥ ৬৭
উশীনৰ ৰাজা ভাৰ্য্যা দুইশত
 তান পুত্ৰ ষোল জন।
সবাৰো মধ্যত অপেস্বৰা গৰ্ভে
 ভৈলো ম‍ই উতপন॥
ষোল পুত্ৰমাজে ম‍ই জীউ মাত্ৰ
 আমাক স্নেহ সবাৰ।
পৰম যতনে বিচাৰি চাহিলা
 আমাক লাগিয়া বৰ॥ ৬৮
তাহাৰ মহত্ত্ব কতবা কহিবো
 হৰ-গৌৰী প্ৰসাদত।
আহোৰাত্ৰি যিটো ভকতি কৰন্ত
 শঙ্কৰৰ চৰণত॥

[ ১৬ ]

মহা মনোহৰ ঘৰ বাৰী কৰি
 সজাইলেক ইটো থান।
দশত মাহত অনন্ত প্ৰভুক
 ৰাজাই ধৰে যোগান॥ ৬৯
কোটি সহস্ৰেক পাৰিষদ সমে
 বাদ্য ভাণ্ড বোলে আতি।
বৃষভত চড়ি আছন্ত গোসাই
 লগত দেৱী পাৰ্বতী॥
আমাক স্নেহত সখী বোলে ৰঙ্গে
 আঙ্গুলি চুম্বন কৰি ৷
মহামায়া দেৱী মোৰ নিজ প্ৰাণ
 নাহি আন সম বৰি॥ ৭০
এহি ভাৱে পিতৃ বহুত সম্ভাৰে
 তাঙ্ক পূজি ৰঙ্গ মন।
কতো বেলি থাকি দেৱ ত্ৰিপুৰাৰি
 কৰন্ত পাছে গমন॥
এহিমতে কতো কাল বহি গৈল
 সহস্ৰ বিংশ বৎসৰ।
সৰ্বকালে যুবা হুয়া থাকিবেক
 মোহোক দিলন্ত বৰ॥ ৭১

হেমাৰ দ্বাৰা অশ্বকৰ্ণৰ বিৱৰণ কথন

পদ


বৈশস্পায়ন বদতি শুনা জন্মেজয়।
হেমা কন্যা উশীনৰ কথাক কহয়॥
হেন শুনি ধনঞ্জয় বুলিলা বচন।
আৰ পাচকথা কহো শুনাহা কাৰণ॥৭২

[ ১৭ ]

মনুষ্যৰ নাৰী হুয়া আছাহা বেকত।
কি কাৰণে হেন কাৰ্য্য কৰিলি সতত॥
হেমা বোলে প্ৰভু এৱে কহো কথা সাৰ।
যতেক আছয় সব কহিবোহো আৰ॥ ৭৩

ভূমিতলে আছে দৈত্য দানৱসকল।
বৰ বৰ বীৰসব যুৱত সবল॥
অশ্বকৰ্ণ নামে এহি ৰাক্ষস দুৰ্বাৰ।
বিধবা ব্ৰাহ্মণী গৰ্ভে জনম তাহাৰ॥ ৭৪

দৈত্যৰ ঔৰসে ব্ৰাহ্মণীত জন্ম তাৰ
শঙ্কৰক অশ্বকৰ্ণে পূজিলা বিস্তাৰ॥
তান্ত বৰ পায়া আছে ত্ৰৈলোক্য জিনিতে।
কাৰো হাতে বধ তাৰ নাহি কদাচিতে॥ ৭৫

তাৰ মৰণৰ ছিদ্ৰ মনুষ্যত থৈলা।
এহিমতে কথা তাৰ শুনা যেন ভৈলা॥
নৰ নাৰায়ণে ভাৰ হৰিবাক তৰে।
যিকালত ভাৰতত আসি জন্ম ধৰে॥ ৭৬

সিসবৰ হাতে তাৰ মৰণ হৈবক।
এহি বৰখানি ছিদ্ৰ শঙ্কৰে থৈলেক॥
দৈত্যৰ পুৰীত সিটো ৰাজা হুয়া ৰৈলা।
বৰ পায়া দুৰাচাৰ কাকো নগণিলা॥ ৭৭

বলে জিনি দৈত্য দানৱক বিনাশয়।
বৰৰ প্ৰভাৱে সিটো কাকো নগণয়॥
সব দৈত্য বীৰগণ একমতি কৰি।
যুদ্ধক ডাকিলা অস্ত্ৰ-শস্ত্ৰে শীঘ্ৰ কৰি॥ ৭৮

সেহি ৰণে বহুত যে দৈত্য বধ ভৈল।
বৰ বৰ দানৱ সবৰ মৃত্যু হৈল॥

[ ১৮ ]

সবে মিলি তাঙ্ক একা খেদিয়া দিলন্ত।
কতো দিনে ভ্ৰমি পাচে নগৰ লৈলন্ত॥ ৭৯

যতেক আছিলা মানে হয় হস্তীচয়।
সবাকো মাৰিয়া পঠাইলা যমালয়॥
আমাৰ পিতৃত ৰণ মাগিলন্ত পাচে।
সব ৰাজাগণে ৰণ দিলা যুদ্ধ কাছে॥ ৮০

বহুকাল যুদ্ধ কৰি তাহাক জিনিলা।
সমস্ত ৰাজাক যাই বিনাশ কৰিলা॥
ইটো ৰাজ্য অপ্ৰকাশ ভৈলেক লোকৰ।
দেৱীৰ বৰত দেহা ৰহিলেক মোৰ॥ ৮১

সৰ্বস্থানে ফুৰো আমি আহাৰ বিচাৰি।
শিখি আছো মায়া মই এৰিতে নপাৰি॥
এতেকেসে আছো মই ইহাৰ লগত।
আৰো ষোল ভ্ৰাতৃ আছে হৰৰ লগত॥ ৮২

তোমাসাক জানো নৰ নাৰায়ণ দুই ৷
ভূমিভাৰ হৰি ফুৰা একস্থান হুই॥
এতেকে তোমাক মই ইথানে আনিলো।
তাৰ এৱে মৃত্যু মই অৱশ্যে জানিলো॥ ৮৩

অশ্বকৰ্ণৰ ওচৰত ভীম-অৰ্জুনৰ সাক্ষাত

বৈশস্পায়ন বদতি শুনিয়ো জন্মেজয়।
দেখা কেনে ঈশ্বৰৰ লিখিত নিশ্চয়॥
ৰাজাৰ কুমাৰী হেমা যিসব কহিলা।
মনে মনে দুই বীৰে গুণিতে লাগিলা॥ ৮৪

ইসব শুনিয়া কেনমতে বহি থাকা
বিধিৰ নিৰ্বন্ধ যিটো আছে ঘটিবেক॥

[ ১৯ ]

আৰো কোন কৰ্ম হোৱে তাহাক নজানে।
কৃষ্ণৰ মহিমা তাক জানিবেক কোনে॥ ৮৫

এহি বুলি দুই বীৰে কহি মাত কথা।
পাচে ধনঞ্জয় হেন পুছিলাহা তথা॥
কোন স্থানে লৈয়া যাবা এবে আমাসাক।
হেমা বোলে মাৰিবাক লাগে অসুৰক॥ ৮৬
কিন্তু ইটো কথা ম‍ই জানিবাক লাগে।
জানিলেসে মোৰ মৃত্যু হৈবে সৰ্ব আগে॥
ভীমসেনে বোলে আগে ঠেকাও তাহাৰ।
তেৱেসে আমিও তোৰ সাধো প্ৰতিকাৰ॥ ৮৭

এহি বুলি উত্তৰক কৰিলা গমন।
কতো বেলি পাইলা গৈয়া দিব্যপুৰীখান॥
হৰিদ্ৰা বৰণ যেন আগত আছয়।
চৌচাল ঘৰক যেন প্ৰকাশ কৰয়॥ ৮৮

মাণিকে ৰচিত ঘৰ দেখিতে শোভন।
সৰোবৰ তাৰ মাজে আছে বিতোপন॥
ৰত্নৰ দীপিতি জ্বলে চাহন নযায়।
তিনি দ্বাৰ এৰাই গৈলন্ত দুই ভাই॥ ৮৯

পৰ্বত সমান ঘৰ জ্বলে চন্দ্ৰ সম।
আছয় তানিয়া চন্দ্ৰতাপ অনুপাম॥
তাৰ একদ্বাৰে বৃদ্ধ ৰাক্ষস আছয়।
কৃষ্ণ পৰ্বতৰ সম দেখি লাগে ভয়॥ ৯০

স্থুলন্তৰ মস্তক বহুল দুই কৰ্ণ।
দুই গোট চক্ষু যেন অগণিৰ বৰ্ণ॥
নাকৰ বাতাস হৰহৰে চেঞ্চাৱয়।
শ্বেত কৰ্ণ দন্তসব দেখি লাগে ভয়॥ ৯১

[ ২০ ]

ডাঙ্গৰ দীঘল শালবৃক্ষ নহে তুল।
এক নখ হোৱে যেন হৰৰ ত্ৰিশূল॥
জিহ্বাখান তাহাৰ যেহেন ৰাজ আলি।
গৰ গৰ কৰি মাতে পেট গোট খালী॥ ৯২

বসিয়া আছয় যেন উচ্ছল পৰ্বত।
একেবাৰে খাইতে পাৰে সকলো জগত॥
কতো বেলি দূৰে থাকিলন্ত দুই ভাই।
অনন্তৰে হেমা সমীপ লৈলন্ত যাই॥ ৯৩

দুইকো দেখিয়া হাসিলন্ত খলাখলি।
ৰহিলেক দুয়ো বীৰ তাহাক আকলি॥
মহাকোপে ভীমৰ কম্পিল সৰ্বকায়।
আৰকত আখি মুখ চাহন নযায়॥ ৯৪

ৰাক্ষসে মাতিয়া সোধে হেমা প্ৰতি চাই।
কোনবা মনুষ্য আনি আছা এহি ঠাই॥
কোমল মনুষ্য খাই তৃপিতি পলাবো।
কতবা দিনৰ ম‍ই ক্ষুধা নিবাৰিবো॥ ৯৫

হেমা বোলে পৃথিৱীৰ এহি নৰ দুই।
হৰি আনি আছো আমি অপেস্বৰা হুই॥
খাইবে নলাগে মনুষ্যক ৰক্ষা কৰা।
তাসম্বাত পুছি ভাল মন্দক বিচাৰা॥ ৯৬

অশ্বকৰ্ণৰ লগত ভীম অৰ্জুনৰ যুদ্ধ

মুনিয়ে বোলন্ত ৰাজা শুনা আতপৰ।
এইটো ৰাক্ষস বুঢ়া সত্তৰি যুগৰ॥
ভীমসেনে সম্বোধিয়া বোলয় বচন।
দুৰ্জন ৰাক্ষস এহি পুছা কি কাৰণ॥ ৯৭

[ ২১ ]

তুমি আসি পাশ হৈ থাকিবা আমাৰ।
ৰাক্ষসৰ মৃত্যু আজি চাপিল ওচৰ॥
উশীনৰ ৰাজ্যখান উচ্ছন্ন হইল।
আজি অন্তকাল তোৰ আসিয়া মিলিল॥ ৯৮

তোৰ কাল পাণ্ডুপুত্ৰ ভীম মোৰ নাম।
বংশ বিনাশক এই অৰ্জুন উপাম॥
শুনি দুষ্ট ৰাক্ষস উঠিলা তেতিক্ষণে।
অৰ্জুন ভীমক ধৰিবাক গৈলা মনে॥ ৯৯

ধনঞ্জয় বীৰে শুনি মনত ধিয়াই।
হৰি হৰি আমাসাৰ গদা ধনু নাই॥
বিনা অস্ত্ৰে আজি কেনে সমৰ কৰিবো।
ত্ৰিশিৰা ৰাক্ষস তাঙ্ক কিমতে বধিবো॥ ১০০

এতহন্তে নিশাচৰ সমীপ চাপিল।
তাহাৰ আগত গৈয়া থিয় হৈয়া ৰৈল॥
ত্ৰিশূল সদৃশ নখ হাতক মেলিল।
ধৰিবাক লাগি যেন চমক লাগিল॥ ১০১

তাহাৰ হাতত ভীমে ধৰি মহা বলে।
দিলন্ত আজোৰ বাহু ছিঙ্গিবাক মনে॥
শৰীৰৰ বলে লাৰিবাক নপাৰিল।
মনে ভাবে কিনো আজি অন্যায় মিলিল॥ ১০২

মোহোৰ বলত তাক লাৰিবে নপাৰো।
নাহি ধনু গদা আদি কিমতে বা মাৰো॥
চাৰি দিশে চাই কৈতো গদা নাহি পায়।
গৃহত ফটিক স্তম্ভ দেখি লাগে ভয়॥ ১০৩

আকাশ লঙ্ঘিয়া আছে চৌচাল গৃহৰ।
নিৰ্মাণ কৰিয়া আছে মাণিক গৃহৰ॥

[ ২২ ]

তাক ভাঙ্গিবাক লাগি শকতি কাহাৰ।
হেন দেখি মহাবেগে দিলন্ত লৱৰ॥ ১০৪

একগোট গৃহৰ যে স্তম্ভত ধৰিলা।
শৰীৰৰ বলে তাক আজোৰ মাৰিলা॥
নপাৰিল ভাঙ্গিবাক বিবুদ্ধি যে ভৈল।
পুনঃ গদা বিচাৰিয়া ভিতৰক গৈল॥ ১০৫

বোলে আমাসাৰ আজি মৰণ মিলিবো।
অস্ত্ৰ গদা নাহিকয় কিমতে যুজিবো॥
ইথানত কাষ্ঠ আৰু শিলা খণ্ড নাই।
এহি বুলি ঘনে ঘনে গৃহ ফুৰে চাই॥ ১০৬

যোজনেক মানে বীৰে লৱৰি ফুৰিলা।
অন্তঃপুৰে গৈয়া ঘোৰ শিলাখণ্ড পাইলা॥
ক্ষুদ্ৰ পৰ্বতেক প্ৰায় পৰিয়া আছয়।
ধম ধম কৰি তাত অগনি উধায়॥ ১০৭

দুয়ো হাতে ধৰি তাক দৃঢ় বল দিয়া।
দাৰুণ সন্ধানে সিটো মাজতে ভাঙ্গিলা॥
ডেৱ দিয়া তাক আলগতে তুলি লৈলা।
পুনৰপি পালটিয়া দেখিয়া আসিলা॥ ১০৮

জাম্প মাৰি ভীম কৰে ধৰিবাক যায়।
ওচৰত নাহি ভীম নিলগে পলায়॥
বৈশস্পায়ন বদতি শুনা জন্মেজয়।
লৰিবাক দেখি ভীম ৰাক্ষসে খেদয়॥ ১০৯

ৰহ মনুষ্যৰ ছাৱা আজি কৈক যাহ।
ভিতৰ গৃহক লাগি কিসক চলহ॥
লৰিবাক নপাৰয় বৃদ্ধ কলেৱৰ।
শিল লৈয়া পালটি আসিল বৃকোদৰ॥ ১১০

[ ২৩ ]

আগবাঢ়ি বৃকোদৰে যেবে খেদি যায়।
হানিলেক শিলাখণ্ড আকাশে উধায়॥
দেখিয়া ৰাক্ষসে আকাশতে হাত মেলি।
ধৰিলেক শিলগোট লাম্ফ দিয়া তুলি॥ ১১১

উলটি মাৰিলা শিল আকাশে প্ৰচণ্ড।
মনুষ্যৰ ছাৱা আজি কৰো লণ্ড ভণ্ড॥
আপুনাৰ দোষে তই আপুনি যে মৰ।
খাইবাক লাগে তোক কিবা চাও আৰ॥ ১১২

হেন শুনি কুন্তীৰ তনয় মহাৱলী।
মহাক্ৰোধে শিলগোট মাৰিলেক তুলি॥
পালটি আসিয়া শিল দূৰতে থাকিল।
আকাশ ছানিয়া হাতখনকে তুলিল॥ ১১৩

ডেৱ দিয়া শিলগোট আলগে ধৰিলা।
পুনু উপৰক লাগি হানিয়া পঠাইলা॥
বেগে গৈয়া ৰাক্ষসৰ হিয়াত পৰিল।
কিছোমান বীৰে পাছে থমকি ৰহিল॥ ১১৪

দাৰুণ দুৰ্জয় বীৰ বলত গহীন
পাচক হুহুকি বীৰ গৈল কতোমান॥
গিৰিসাই শিলাখণ্ড ভূমিত পৰিল।
তল-বল কৰি সিটো নগৰে লৰিল॥ ১১৫

ৰাক্ষসে মনত গুণে কিনো বলীয়াৰ।
মোৰ মনে অন্যে আৰো নসহে প্ৰহাৰ।৷
শূন্য হাত ভৈল পুনু কুন্তীসুত বলী।
দেখিয়া ৰাক্ষসে হাসিলেক খলখলি॥ ১১৬

চাৰি পাশে চাই পাচে কুন্তীৰ কুমাৰ।
নাহিকয় একো শূন্য হাত মাত্ৰ সাৰ॥

[ ২৪ ]

ধৰিবাক মনে যেন ৰাক্ষসে খেদয়।
বৃকোদৰে বোলে মোৰ মৰণ মিলয়॥ ১১৭

হা হৰি কোনে মোক কৰিবে উদ্ধাৰ।
গদাঘাতে ইহাৰ ছিঙ্গিবে পাৰো মূৰ।৷
নজানো বিধাতা কত দুখক লিখিলা।
ধৰিবাক লাগি তেৱে চমক লাগিলা॥ ১১৮

একগোট স্তম্ভে যায় আজোৰ মাৰিলা।
বজ্ৰসম স্তম্ভ তেৱে খসিয়া পৰিল॥
তাক ধৰি তুলি কোব দিলা যেবে বেগে।
বৰ ক্ৰোধে কোবেক মাৰিলা সেহি ছেগে॥ ১১৯

বজ্ৰৰ উপৰে হেন বজ্ৰক হানিলা।
তাহাৰ কোবত তাৰ লোম নলৰিলা॥

বৃকোদৰক হৰৰ শৰণ লবলৈ হেমাৰ অনুৰোধ

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
ৰেণু ৰেণু দেখি তাত অৰ্জুন আছয়॥ ১২০

হেমা বোলে প্ৰভু তুমি বাক্য ধৰা মোৰ।
একান্তে শৰণ লোৱা চৰণে হৰৰ॥
কৃপালু দেৱতা তেহো ভকতৰ বশ্য ৷
ভকতৰ বাক্যে তুষ্ট হৈবন্ত অৱশ্য॥ ১২১

বলে পৰাক্ৰমী অস্ত্ৰ-শস্ত্ৰ লাগে যত।
প্ৰাৰ্থিলে মাত্ৰকে প্ৰভু দিবন্ত সমস্ত॥
অস্ত্ৰ-শস্ত্ৰ নাই তাতে ৰাক্ষস দুৰ্বাৰ।
মহা পৰাক্ৰমী সিটো বীৰ মধ্যে সাৰ॥ ১২২

অৰ্জুনে বোলন্ত কথা কহিলাহা ভাল ৷
আমাৰ বিহনে যেন দাদা পাৱে কাল॥

[ ২৫ ]

শঙ্কৰৰ পাশে যদি গদা ধনু পাই।
তৈৰ হন্তে আনি কিনো উৰুৱাইবো ছাই॥ ১২৩

যি কহিলা সত্য কথা আমাৰ আগত।
দাৰুণ ৰাক্ষস বধ যাইবে কেনমত॥
আন কোন হেতু যদি জানাহা সুন্দৰী।
তাহাৰ কাৰণ মোত কহা নিষ্ঠ কৰি॥ ১২৪

হেমাৰ দ্বাৰা অৰ্জুনৰ আগত বৰাহ-বিষ্ণুৰ
গদাৰ সংবাদ কথন

বৈশ্যস্পায়ন বদতি শুনা জন্মেজয়।
ৰাজাৰ কুমাৰী হেমা অৰ্জুনে কহয়॥
শুনিয়োক দেৱ এক কহো গোপ্য কথা।
অসুৰ সংহৰি পাচে যেন ভৈল কথা॥ ১২৫

সহস্ৰ বৎসৰ মানে ঘোৰ যুদ্ধ ভৈল।
তথাপিতো অসুৰৰ বল নুটুটিল॥
দৈত্যভয় নাশ হেতু বৰাহ মাধৱে।
অৱতৰি মাৰিলেক দৈত্য গদা ঘাৱে॥ ১২৬

দৈত্যক বধিয়া পাচে গৈলা নাৰায়ণ।
ৰহিলেক গদাখান পৰি সেই স্থান।।
আমাৰ পিতৃয়ে পাচে সেহি গদা পাই।
ইথানত থৈয়া আছে গৃহক সজায়॥ ১২৭

কিন্তু তাক দাঙ্গিবাক শক্তি কাৰো নাই।
ষাঠি অৰ্বুদেক লোকে আনিছে ই ঠাই॥
পূজা দিয়া পিতৃ গৃহ সাজিয়া ৰাখিলা।
এহিকথা পূৰ্বে পিতৃ আমাত কহিলা॥ ১২৮

পৰম ৰহস্য কথা কেহো নজানয়।
তোমাৰ আগত ইটো কহিলো নিশ্চয়॥

[ ২৬ ]

দেৱৰ ৰহস্য কথা কহিলো তোমাত।
ধৰিবাক আছে যদি শকতি সাক্ষাত॥ ১২৯

তেৱে তোমাসাক মই দেখাইবে পাৰো।
বহুদূৰে আছে সিটো সেহি ভয় কৰো॥
পাচত ৰাক্ষসে মোক বিচাৰি নাপাই।
আসি দুহান্তক সিটো মাৰিবেক খাই॥ ১৩০

হেমাৰ সহায়ত অৰ্জুনৰ বৰাহ-বিষ্ণুৰ
গদাৰ ওচৰলৈ গমন

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
কুমাৰী কহিলা কথা আতি গুপ্তময়॥
ধনঞ্জয় বোলে শুনা ৰাজাৰ কুমাৰী।
কতোবেলি মানে তৈক যাইবাক পাৰি॥ ১৩১

হেমা বোলে হয় পথ দুই যে দিনৰ।
কিন্তু আমি সমে গৈলে দুই যে প্ৰহৰ॥
অৰ্জুনে বোলয় চলা দেখোহো গদাক ৷
যদি বিচাৰিয়া পাও নাহি ভয় তাক॥ ১৩২

যেনতেন মতে তাক কৰিবো বিনাশ।
অনন্তৰে ধৰিলেক হেমা মায়াবেশ॥
সন্মুখে পাৰ্থক ধৰি উপৰে উৰিলা।
ৰাজ-সিংহদ্বাৰ তিলেকতে এৰি গৈলা॥ ১৩৩

যেহেন গৰুড়ে গিৰিশৃঙ্গ ঠোটে লৈলা।
অৰ্জুনক ধৰি আলাগতে তুলি নিলা॥
আকাশ গমনে যাই গদা ধনু পালা।
বাছি বাছি ধনু কাড় সমস্তকে লৈলা॥ ১৩৪

সাজি আছে গৃহখান শত প্ৰহৰৰ
কৰয় প্ৰকাশ ৰত্ন হীৰা মাণিকৰ॥

[ ২৭ ]

উত্তৰৰ দিশে গদাগৃহ সাজি আছে।
বজ্ৰলৌহ কৰি তাত অষ্ট ধাতু দিছে॥ ১৩৫

চাহিতে নপাৰি ৰশ্মি কৰে তিৰিমিৰি।
যেন মেৰু শৃঙ্গ সব তৈত আছে পৰি॥
অৰ্জুনে দেখিলা তাক সচকিত মনে।
মনুষ্য শকতি তাক ধৰিবেক কোনে॥ ১৩৬

যদিবা শকতি দেন্ত বৰাহ গোসাই।
দুৰাচাৰ ৰাক্ষসক বধো তেৱে ম‍ই॥

অৰ্জুনৰ বৰাহ-বিষ্ণু স্তুতি

এহি বুলি নমস্কাৰ কৰি বীৰবৰে।
বৰাহ-বিষ্ণুৰ নাম ধৰি তুতি কৰে॥ ১৩৭

নমো দৈত্যৰিপু দেৱ ধৰণী উদ্ধাৰ।
তুমি কৰি আছা যেন সবে উপকাৰ॥
বিশাল দন্তৰ আগে ধৰণী উদ্ধাৰি।
মাৰিলা কশিপুদৈত্য বৰাহ মুৰাৰি॥ ১৩৮

ঘোৰ নিশাচৰে মাৰে আমি দুই ভাই।
তুমি বিনে ৰাখন্তা নাহিকে ইটো ঠাই॥
ইটো কৃষ্ণ আছে হেন ৰূপ অৱতৰি ৷
তান অংশে আসিয়ো বৰাহ ৰূপ ধৰি॥ ১৩৯

পাণ্ডৱক ৰাখিয়া ফুৰাহা সৰ্বক্ষণ।
ইবেলি বৰাহ ৰূপে কৰিয়ো ৰক্ষণ॥
হেন বৰাহৰ পাৱে কৰো নমস্কাৰ ৷
দিয়োক শকতি গদা ধৰিবে তোমাৰ॥ ১৪০

এহিৰূপে কৰে আন বহু তুতি-নতি।
মুনিয়ে কহন্ত কথা শুনিয়ো নৃপতি॥

[ ২৮ ]

অনন্তৰে অন্তৰীক্ষে বৰাহ মুৰাৰি।
অৰ্জুনক মাতিলন্ত দেৱমায়া কৰি॥ ১৪১

যি বুলিলা কুন্তীসুত সাৰ্থক জীৱন।
তোমাৰ বচনে মোৰ ৰঙ্গ ভৈল মন॥
এহিসে কাৰণে তোমাসাৰ অৱতাৰ।
আমি তাক জানিলোহো কি বুলিবো আৰ॥ ১৪২

দিলোহো শকতি গদা লৈবো ভীমসেনে।
সমৰৰ বেলা মই দিবোহো আপুনে॥
এহিবুলি মৌন ভৈলা বৰাহ মুৰাৰি।
অৰ্জুন বোলয় আৱে শুনাহা কুমাৰী॥ ১৪৩

আহা আমি চলি যাও সিদ্ধি প্ৰয়োজন।
কৰযোৰ কৰি হেমা বুলিলা বচন॥
ৰাজাৰ কুমাৰী মই কন্যা উশীনৰ।
মোক দাসী কৰা এবে পাণ্ডুৰ কুমাৰ॥ ১৪৪

অৰ্জুনে বোলয় কথা নকহিবি আৰ।
ৰাক্ষসক মাৰি সবে সাধো প্ৰতিকাৰ॥
পূৰ্ব্বতে হেমা গৈয়া পালা সেহি ঠান।
ভীম অশ্বকৰ্ণে তৈত কৰন্ত সন্ধান॥ ১৪৫

ভীম-অশ্বকৰ্ণৰ যুদ্ধ

জন্মেজয় বোলে গুৰু সন্তুষ্ট হইয়া।
কহা আগে দুই বীৰে কি কৰিলা গৈয়া॥
তাক কহিয়োক মোক শুনো ৰঙ্গ মনে।
মহা পুণ্য কথা পাণ্ডৱৰ গুণ গানে॥ ১৪৬

শুনা মহাৰাজ জন্মেজয় মহীপাল।
স্তম্ভৰ কোবত ৰৈলা ৰাক্ষস বিশাল॥

[ ২৯ ]

দেখি কুন্তীসুত বীৰে বাহু তুলি বৰ
তাহাৰ হিয়াত কোব দিলন্ত ডাঙ্গৰ॥ ১৪৭

ভীমৰ বিষম কোবে কম্পিল হৃদয়।
তাহাক দেখিয়া অশ্বকৰ্ণেও গৰ্জয়॥
কিনো মনুষ্যৰ শিশু বলত দুৰ্জয়।
ইহাৰ হাতত আজি মিলিল প্ৰলয়॥ ১৪৮

পূৰ্বে মোৰ ছিদ্ৰ থৈলা মনুষ্যৰ হাতে ৷
মৰণ মিলয় জানো ইহাৰ হাততে॥
এহি মনে শুনি ক্ৰোধে আগবাঢ়ি যায়।
ভীমৰ হাতত পাচে ধৰিলা জম্পায়॥ ১৪৯

টানি টানি কৰি বীৰে এৰাইতে নপাৰি।
মাৰিলা চাপৰ পাচে ধৰি দৃঢ় কৰি।
ত্ৰিশূল সদৃশ তাৰ নখ বাঢ়িছয়।
বখালি ফেলিলা পাচে ভীমৰ হৃদয়॥ ১৫০

গিৰ গিৰ ৰুধিৰ বহয় ধাৰাসাৰ।
শৰীৰৰ বিষে আতি দেখে অন্ধকাৰ॥
এৰিতে নপাৰি তাৰ হাত বজ্ৰ সম ৷
মৰ্মস্থানে তাক লাঠি মাৰিলন্ত ভীম॥ ১৫১

ভাঙ্গি গৈলা কোষ তাৰ এৰিলা হাতৰ
বিষৰ জালত কম্পে সৰ্ব কলেৱৰ॥
ধৰফৰ কৰি সিটো অন্তৰে ৰহিলা।
নখাঘাতে ভীমৰ যে শৰীৰ ব্যাপিলা॥ ১৫২

দুয়োজনে অন্তৰীয়া বিদূৰে ৰহিলা।
মনে মনে গুণে ভীমে বিষম মিলিলা॥
এতহন্তে ধনঞ্জয় পালটি আসিলা।
পৰি আছে বৃকোদৰ তাহাক দেখিলা॥ ১৫৩

[ ৩০ ]

মৰ্মস্থানে প্ৰহাৰন্তে ৰাক্ষস কম্পয়।
ওচৰ চাপিয়া যায় বীৰ ধনঞ্জয়॥
সাৱটি ধৰিয়া পাচে মুছিলা ৰুধিৰ।
কিছুক্ষণে সুস্থ ভৈলা বায়ুসুত বীৰ॥ ১৫৪

বোলে বাপু প্ৰাণ যায় আমাৰ সমূলি।
দাৰুণ ৰাক্ষসে মাৰিলেকে নখে খুলি॥
একখণ্ড মাংস তাৰ নখতে উঠিলা।
মোহোৰ শৰীৰ বিষে আগনি জ্বলিলা॥ ১৫৫

এতেহন্তে মূৰ্চ্ছা গৈলা বীৰ বৃকোদৰ।
নিস্পন্দ বদন আতি শৰীৰ তাহাৰ॥
নাহিকয় জলকণা নগৰ ভিতৰে।
হেমা কুমাৰীৰ দুখ ভৈলা বহুতৰে॥ ১৫৬

হায় বিধি কিনো মোৰ কপালে লেখিলা।
ইহাৰ হাতত ভীমে দেহা হৰৱালা।
উত্তম পুৰুষদ্বয় হৰিয়া আনিলো।
দেহ প্ৰাণ সমে তাত ভৰসা কৰিলো॥ ১৫৭

ৰুধিৰে জান্টিলা দেহা হৈল জৰজৰ।
জলকণা নাহিকয় জিহ্বাৰ উপাৰ॥
আছয় সুগন্ধ জল দিবো কেন কৰি।
চাহি আছে ৰাক্ষসে খাইবে মাৰি ধৰি॥ ১৫৮

যদি তোৰা সবে বিনাশিতে নপাৰয়।
খাইবে আমাক সিটো কহিলো নিশ্চয়॥
কিন্তু মহাপাপ মোত সিজিলন্ত তান্তে।
তোমাসাৰ বধ ভাগ মিলে মোত হন্তে॥ ১৫৯

হৰি হৰি কিনো মোৰ অভাগ্য কপাল।
বজ্ৰৰ উপৰে বজ্ৰ দিলন্ত বিশাল॥

[ ৩১ ]

শুনা সভাসদ পদ পাতালী খণ্ডৰ।
দেখা স্ত্ৰী জাতিৰ কেনে পাতকক ডৰ॥ ১৬০

হেন জানি প্ৰাণী হিংসা এৰি আনমত।
সদায় কৃষ্ণৰ নাম লৈয়োক মুখত॥
বদতি ভাৰতচন্দ্ৰ এৰি আন কাম।
হৰি পদে মন সপি বোলা ৰাম ৰাম॥ ১৬১

হেমাৰ বিলাপ
লেছাড়ী

মুনিয়ে কহন্তনৃপতিত শুনা জন্মেজয় স্থিৰচিত্ত
 উশীন-নন্দিনী বিলাপ কৰয় তথাত।
মোহোৰ মনৰ দুখয়ে কাহাত কহিবো কোনে সয়
 হেন কুলক্ষণী মই ভৈলোহো সাক্ষাত॥
বহুত নৃপতি খুজিলন্ত তথাপি পিতৃয়ে নিদিলন্ত
 মোহোৰ যজ্ঞৰ বৰ নাপালা বিচাৰি।
সভ্যাৰ মধ্যত মনোহৰ ভ্ৰাতৃণণ মাজে শ্ৰেষ্ঠতৰ
 এবে নাম লৈলো মই ৰাক্ষসৰ নাৰী॥ ১৬২
হেমাশ্ৰয়া নিশাচৰী নাম থৈলেক মোহোৰ মন্দকাম
 ইহাক বোলন্তে মাৰিবাক মোৰ লাজ।
অতনো কথাত গুণি মনে জীৱনক মোৰ কি কাৰণে
 মৰি যাও নিমাদুতি হৌক যমৰাজ॥
ইটো দুই নৰনাৰায়ণ পৃথিৱীত আতি বিতোপন
 এবেসে হৰিবে দানৱৰ ভূমিভাৰ ৷
নজানো ইসব দুহান্তৰ চিন্তিবে পাৰয় কোনে মাৰ
 ৰাক্ষসক মাৰি সাধিবেক প্ৰতিকাৰ॥ ১৬৩
এহিমতে হেমা নানাভাৱে বিলাপ কৰয় সেহি ঠাৱে
 তাৰা দুহান্তৰ দুখ দেখি বিপৰীত ৷
শোকে তলবল কৰি দেহা জল দিবে কৰিলেক সাহ
 মৃত্যুক নগণি স্থিৰ কৰিলন্ত চিত্ত॥

[ ৩২ ]

হেমাৰ দ্বাৰা ভীমৰ শুশ্ৰূষা
পদ

বৈশস্পায়ন বদতি শুনা মহাৰায়।
ক্ৰোধ কৰি ৰাক্ষসে আছয় দুখ পায়॥ ১৬৪

শৰীৰৰ বিষে যেন যায় যমলোক।
থমকি ৰহিলা বিষে কৰে থকবক॥
ভীমৰ গাৱৰ বিষ নখাঘাত পাই।
নিস্পন্দ বদন গাৱে অগনি উধাই॥ ১৬৫

ৰাজাৰ কুমাৰী হেমা সুৱৰ্ণ কুম্ভত।
কলসে সুগন্ধি জল কৰে সুশোভিত॥
মৰণক নাপেক্ষিয়া সুমৰি তাহাক।
জল আনিবাক মনে গৈলাহা গৃহক॥ ১৬৬

জল আনি ঢালিলন্ত ভীমৰ মাথাত।
জুৰ ভৈলা দেহা বিষ নাহিকে গাৱত॥
যেন মহাৰোগত যে বিশল্যকৰণী।
গুচিলেক বিষ খাও শুখিলেক পানী॥ ১৬৭

অশ্বকৰ্ণৰ তৰ্জন-গৰ্জন

দেখিলা ৰাক্ষসে হেমা মনুষ্যৰ সঙ্গে ৷
আৰকত আখিদন্ত চোবাৱন্ত খঙ্গে॥
ডাক দিয়া বোলে শুন মনুষ্য দুষ্টালি।
আপুনাৰ দোষে তই আপুনি মৰিলি॥ ১৬৮

মোহোৰ আগত তই লৈলি মানুষক
তোৰা তিনিজন আজি ভেজো যমলোক। ৷
মহাভয়ে হেমাৰ কম্পিল সৰ্বকায়।
ধীৰে ধীৰে থমকিয়া অন্তৰি পলায়॥ ১৬৯

[ ৩৩ ]

মুনিয়ে বোলন্ত জন্মেজয় মহামতি।
অন্তৰি ৰহিলা হেমা ভয় হুয়া আতি॥
ক্ৰোধৰ বেগত যেন ৰাক্ষস দুৰ্বাৰ।
আনয় পৰিঘা যেন লাখুটি তাহাৰ॥ ১৭০

দীৰ্ঘে ষোল হাত হোৱে সদৃশ বজ্ৰৰ।
দাৰুণ দুৰ্জয় তাক দেখি গুৰুতৰ॥
হেন মহা পৰিঘা ধৰিয়া মহাবেগে।
ভীমক খেদিয়া যায় মাৰিবাক ছেগে॥ ১৭১

পৰিঘা কোবাই আজি তিনিকো মাৰিবো।
আমাৰ আগত বৰ মানুষ বোলাবো॥
এহি বুলি পৰিঘা ধৰিয়া খেদি যায়।
অৰ্জুনে বোলয় দাদা মোহোক কোবায়॥ ১৭২

ভীমে বোলে বাপু মোৰ কোন বুদ্ধি নাই।
অস্ত্ৰ শস্ত্ৰ শূন্য হাত মোৰ কি হৈবো উপায়॥
শুধা হাতে বাপু আমি কিমতে যুজিবো।
অৱশ্য জানিলো আজি মৰণ মিলিবো॥ ১৭৩

অৰ্জুনৰদ্বাৰা বৰাহ-বিষ্ণুৰ গদাৰ সংবাদ প্ৰদান

অৰ্জুনে বোলয় দাদা কহো এক কথা।
বৰাহ-বিষ্ণুৰ গদা আছে এক এথা॥
ডাঙ্গৰ দীঘল গদা পৰ্বত আকাৰ।
দেখিলেক মাত্ৰকে শ্ৰুতি নথাকে গাৱৰ॥ ১৭৪

বিশ্বকৰ্মা স্ৰজিয়াছে পৰম যতনে।
বজ্ৰ লৌহময় সাজি আছে ইটো থানে॥
দিন ৰাতি নজানয় সূৰ্য্যসম জ্বলে।
চাহিয়া থাকিলে যেন গতি কৰি চলে॥ ১৭৫

[ ৩৪ ]

কাচ প্ৰস্তৰৰ গৃহ সাজি ভয়ঙ্কৰ।
উশীনৰ ৰাজাই থৈলা তাহাৰ ভিতৰ॥
আছোক চুইবে তাক দেখি লাগে ভয়।
ত্ৰিভুৱন লোকে ইটো চাইবে নপাৰয়॥ ১৭৬

হেমা কন্যা আমাক দেখাইলেক নিয়া।
কাকূতি কৰিলো পাচে প্ৰণাম কৰিয়া॥
অনেক বচন পাচে তথাত শুনিলো।
গদা দিবো বুলি তেহো আমাত কহিলা॥ ১৭৭

পুনৰ্বাৰ হেমা সমে ইথানে আসিলো।
যি বেলাত কৰা যুদ্ধ তাক নেদেখিলো॥
বৈশস্পায়ন বদতি শুনা নৃপবৰ।
কোনে কহি পাৱে অন্ত পাণ্ডৱ সবৰ॥ ১৭৮

হৰি ৰক্ষা কৰি ফুৰে সৰ্ব বিপদত।
ধেনু ৰাখি ফুৰে যেন বৎসক স্নেহত॥

ভীমৰ বৰাহ-বিষ্ণুৰ গদা প্ৰাপ্তি

এহিমতে কথামাতে আছে দুই ভাই।
গদাগোট আগত পৰিলা গিৰিসাই॥ ১৭৯

দেখিয়া কৌতুক ভৈলা ভীম অৰ্জুনৰ।
চমক লাগিল অশ্বকৰ্ণ ৰাক্ষসৰ॥
চমক লাগিয়া বীৰে চাৰিভিতি চাইলা।
চাৰিভিতি চাই পাচে একো নেদেখিলা॥ ১৮০

অনন্তৰে দুৰাচাৰে বেগে ধৰি আসি।
ভীমক কোবেক দিলা পৰিঘা উল্লাসি॥
তাহাৰ কোবত বীৰে পাই বৰ টান।
দেৱবীৰ্য্য নিমিত্তে ৰহিলা তাৰ প্ৰাণ॥ ১৮১

[ ৩৫ ]

হেন দেখি ধনঞ্জয় ক্ৰোধে বেগ ধৰি।
ডেৱ দিয়া তাহাৰ দুই কান্ধত যে চৰি॥
পিঠিৰ কান্ধত তাৰ মাৰে লাথিগুৰি।
সহিলা ৰাক্ষসে তাক কটাক্ষ নকৰি॥ ১৮২

কতোহো কান্ধত লাঠি কতোহো পিঠিত।
অৰ্জুনৰ ছোটে পীড়া কৰে বিপৰীত॥
তাহাৰ গাৱত এক গৰ্তক যে আছে।
সেহি গৰ্তে ধনঞ্জয় পাৱ ভিৰি আছে॥ ১৮৩

প্ৰহাৰৰ ছোটত কম্পিলা নিশাচৰ।
পুনু চৰিলন্ত তাৰ মাথাৰ উপৰ॥
মহাবেগে জাম্পগুৰি মাৰয় তাহাক।
দুই হাতে চৰাৱয় বিকৰ্থি অনেক॥ ১৮৪

এহিমতে দুই দণ্ডমান মহাবীৰে।
কৌতুক কৰিলা সিটো ৰাক্ষস শৰীৰে॥
হেন দেখি ৰাক্ষসৰ ভৈল মহাত্ৰাস।
পৰিঘা এৰিয়া পাচে দুৰ্জয় ৰাক্ষস॥ ১৮৫

ধৰিবাক মনে কৰে অনেক যতনে।
যেনে তেনে অৰ্জুনৰ ধৰিলা চৰণে॥
দুয়ো চৰণক ধৰি কৰি এক ঠাই।
যেহেন ছাৱালে বাঘধনুক ঘূৰাই॥ ১৮৬

গাৱৰ শকতি মানে এক বল দিলা।
আকাশক লাগি পাচে আছাৰ মাৰিলা॥
মাধৱৰ প্ৰিয় সখি বুদ্ধি স্থিৰ কৈলা।
কৃষ্ণৰ চৰণ দুই হৃদয়ে ধৰিলা॥ ১৮৭

মনত গুণয় মোৰ মৰণ মিলয়।
ইবাৰ ৰাখিয়ো মোক প্ৰভু কৃপাময়॥

[ ৩৬ ]

আকাশত পাক ফুৰি কুন্তীৰ তনয়।
পৰিবাৰ বেলা যেন মনত গুণয়॥ ১৮৮

সাৱধানে মন স্থিৰ হৈয়া এহিবাৰ।
ধৈৰ্য্য বুদ্ধি কৰি ধীৰে আলোচিলা সাৰ॥
যোজনেক মানে যায় থিয়াই ৰহিলা।
যেন কোন জনে তাক নমায়া যে থৈলা॥ ১৮৯

দেখা জন্মেজয় হৰি ভকতিৰ বল।
ভকতক ৰাখি হৰি ফুৰন্ত কেৱল॥
আকাশৰ পৰা পৰিলন্ত ধনঞ্জয়।
কৃষ্ণৰ প্ৰভাৱে নপাইলা কোনো ভয়॥ ১৯০

ভকত জনক দুখ দিবে কাৰ বাপে।
ভকতৰ ভয়ে কাল যম-দূতে কাম্পে॥
অনন্তৰে কুন্তীৰ তনয় ধনঞ্জয়।
কৃষ্ণ কৃষ্ণ উচ্চাৰণ কৰি মহাশয়॥ ১৯১

মহা সুস্থ ভৈল দেহ পূৰ্ববত কৰি।
বোলে মোক ৰাখিলন্ত কৃপাময় হৰি॥
নজানিলো ভীম দাদা কিবা তাক মাৰে।
ৰাক্ষসক মাৰে কিবা আপুনিসে মৰে॥ ১৯২

মহা ভয়ানক গদা কৃষ্ণে দি আছয়।
সেহি গদাঘাতে জানো ৰাক্ষস মৰয়॥
মোহোক মাৰিয়া কিবা ৰাক্ষস দুৰ্বাৰ।
ভীমক মাৰন্ত কিবা নজানোহো আৰ॥ ১৯৩

বিংশতি ত্ৰিদশ সেনা অক্ষৌহিনী ৰায়।
নিগুটি কৰিলা সবে নিশাচৰে খায়॥
এহি বুলি ধীৰে ধীৰে কৰিলা গমন।
হৃদয়ত ধৰি বীৰে কৃষ্ণৰ চৰণ॥ ১৯৪

[ ৩৭ ]

অশ্বকৰ্ণৰ লগত ভীম-অৰ্জুনৰ যুদ্ধ

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
কতো বেলি যান্ত পাচে কুন্তীৰ তনয়॥
ৰাজাৰ নগৰখান কৰে জাতিষ্কাৰ।
হীৰা মণি মৰকতে কৰে চমৎকাৰ॥ ১৯৫

তাৰ মাজে মাজে বীৰে কৰন্ত গমন।
খসি পৰি আছে দেখা বহু ৰত্ন ধন॥
অনন্তৰে ৰাক্ষসক দেখিলেক যায়।
দণ্ডহাতে ভীমক যে মাৰিতে আসয়॥ ১৯৬

সি গোটক আছাৰিলো নাপালো খাবাক।
আধা মৰা কৰি ম‍ই চোবাইবো তোক॥
হেন শুনি বায়ু-সুতে মাথা তুলি চাই।
বোলে মৰিলন্ত মোৰ ধনঞ্জয় ভাই॥ ১৯৭

আমাক মাৰিবে আজি ঘোৰ নিশাচৰে।
এতমানে লটিঘটি কৰিলা ঈশ্বৰে॥
এহিস্থানে মোক যদি ৰাক্ষসে মাৰয়।
দুই ভাই মৰি যাবো যমৰ নিলয়॥ ১৯৮

ম‍ই যদি মৰো আজি ইহাৰ হাতত
ধৰ্ম-নৃপতিক বাৰ্তা কহিবো কিমত॥
যদি ৰাক্ষসক বধি পাৰোলো ফিৰিতে।
অৰ্জুনৰ মৃত্যুকথা কহিবো কিমতে॥ ১৯৯

সুধিবন্তনৃপতি মোহোৰ মুখ চাই।
কোন স্থানে এৰিলাহা ধনঞ্জয় ভাই॥
কি বুলি উত্তৰ তাঙ্ক দিবোহো সন্মুখে।
শৰীৰ দহয় মোৰ ইটো মনদুখে॥ ২০০

[ ৩৮ ]

দণ্ড ধৰি খেদি আহে ঘোৰ নিশাচৰে।
ঘাৱবিষে দুখ মোৰ ভৈল বহুতৰে॥
যদি মোক হেমা জল নেদিবে মাথাতে।
আগে মৰি গৈলো হই অৰ্জুন থাকাতে॥ ২০১

তথাপিতো তাপ মই সহিবে নপাৰো।
ভ্ৰাতৃ-শোক অগনিত কেনমতে তৰো॥
এহিমতে দুখ শোক কৰে বৃকোদৰ ৷
ৰাক্ষসে মাৰিবে আসে ভীমক সত্বৰ॥ ২০২

মহাক্ৰোধে মাতে উচ্চে ঘোৰ নিশাচৰে।
তোৰা দুইকো আনিলো ভূঞ্জিবাক তৰে॥
সৰুগোট আছাৰতে কতবা মৰিল।
মোহোৰ নখৰ ঘাৱে তই কেনে জীল॥ ২০৩

মাথাক কামুৰি তোৰ গাৱ চোবাইবো।
কতবা দিনৰ মই তৃপিতি পলাইবো॥
ডাঙৰ মনুষ্য তই পিবোহো ৰুধিৰ ৷
মই সমে কৰা যুদ্ধ দেখো কেনে বীৰ॥ ২০৪

এহি বুলি ৰাক্ষসে ভীমক খেদি যাই।
তোৰ আজি ভাঙ্গিবোহো কেনে মুনিষাই॥
বৈশস্পায়ন বদতি শুনা জন্মেজয়।
তেখনে আসিলা সিটো বীৰ ধনঞ্জয়॥ ২০৫

ভ্ৰাতৃক দেখিয়া বায়ুসুত মহাবলী।
মনত কৌতুক কৰি হাসে খলখলি॥
হায় বাপু তোমাৰ দুখত প্ৰাণ যায়।
কিমতে জীৱন তোৰ ৰহিলেক ভাই॥ ২০৬

ধনঞ্জয় বোলে দাদা ই কথা থৈয়োক।
গদা ধৰি ঘোৰ নিশাচৰ মাৰিয়োক॥

[ ৩৯ ]

ভ্ৰাতৃৰ বচনে বায়ুসুত মহাবীৰ।
যুদ্ধক সন্মুখ ভৈলা নিৰুজ শৰীৰ॥ ২০৭

অশ্বকৰ্ণে দেখি পাচে কৰি আলোচন।
কিনো আসুৰিক ইটো মনুষ্য জীৱন॥
যেন তেনমতে আৰু চিন্তিবোহো মাৰ।
গোটে গিলিবাক শক্তি আছয় আমাৰ॥ ২০৮

এহি বুলি বেগ দিয়া যায় ধৰিবাক।
দেখি বৃকোদৰ উঠি বুলিলেক তাক॥
শুনাহা ৰাক্ষস তই পাতকী যে ঘোৰ।
ইমান কথাতো লাজ নভৈল তোহোৰ॥ ২০৯

মাথাত উঠিয়া তোক প্ৰহাৰ কৰিলো।
লাঠিৰ আঘাতে দাত চুলি নাথাকিল॥
তথাপি পৰিঘা হাতে খেদিয়া আসিলি।
ভীম অৰ্জুনৰ হাতে নিশ্চয় মৰিলি॥ ২১০

হেন শুনি ক্ৰোধে তাৰ কম্পে কলেৱৰ।
ভীমৰ মস্তকে কোব দিলা গুৰুতৰ॥
হাত পাতি ধৰি বায়ুসুত মহাৱলী।
দিলেক প্ৰহাৰ তাৰ গাৱক আকলি॥ ২১১

সহিবাক লাগি তাৰ শকতি নভৈল।
ডেৱ দিয়া তাৰ বুকে চাপৰ মাৰিলা॥
মুহূৰ্ত্তেক মানে সিটো থমকি ৰহিলা।
দুৰ্জন ৰাক্ষস তাৰ লোম নলৰিল॥ ২১২

যথাত আছয় গদা দেৱ মাধৱৰ।
তথাত গৈলেক ধনঞ্জয় বৃকোদৰ॥
অৰ্জুনক দেখি সিটো চাৱে টেকৰি।
আৰোবাৰ আসি জানো মাৰে চুলি ধৰি॥ ২১৩

[ ৪০ ]

অৰ্জুনে দেখিয়া ৰাক্ষসৰ মন ৰঙ্গ।
ইহাক মাৰিয়া যেন কৰিবেক ভঙ্গ॥
হেন দেখি বৃকোদৰে পালটি চাহিলা।
গদা আনিবাক লাগি লৱৰ মাৰিলা॥ ২১৪

দেখি ভয় লাগে গদাগোট বৰ আতি।
নমস্কাৰ কৰি দাঙ্গি তুলি মহামতি॥
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ তিনবাৰ বুলি।
দুই হাতে বলে ধৰি কান্ধে লৈলা তুলি॥ ২১৫

গদাধৰি প্ৰকাশ কৰন্ত বৃকোদৰ।
যেন শূল ধৰি আসি মিলিলন্ত হৰ॥
গদাৰ প্ৰভাৱে কান্তি বল যে বাঢ়িল।
দুই ভাই দেৱবলে বলীয়ান ভৈল॥ ২১৬

বৈশস্পায়ন বদতি শুনা নৃপবৰ।
সেহি বেলা মাতে অশ্বকৰ্ণ নিশাচৰ॥
ৰহ ৰহ মনুষ্য তই কৈক পলাস।
গদা আনিবাক যাও তাক নেদেখাস॥ ২১৭

পাচে পাচে খেদি আসে ৰাক্ষস দুৰ্বাৰ।
খেদিয়া পালটি বীৰে দেখে চমৎকাৰ॥
শুনা সভাসদ পদ পৰম গহন।
শিৱৰ ৰহস্য কথা আতি বিতোপন॥ ২১৮

বনপৰ্ব কথা ইটো পৰম মঙ্গল।
শ্ৰৱণ মাত্ৰকে পাপ বিদূৰে সকল॥
একচিত্ত মনে কৰা হৰিৰ কীৰ্ত্তন।
হৰি হৰি বুলি চলা বৈকুণ্ঠ ভুৱন॥ ২১৯

[ ৪১ ]

ছবি
অনন্তৰে বৃকোদৰে গদা ধৰি যাই কৰে
 প্ৰকাশ কৰন্ত ক্ৰোধ আতি।
মাতিলন্ত মহামতি শুনৰে ৰাক্ষস জাতি
 পলাইবে কেন কৰা মতি॥
বোলে হেন লঘুবাক খানিতেক মানে থাক
 শুনা ওৰে অশ্বকৰ্ণ পাপী।
ভাঙ্গিবো মাথাৰ খুলি উশীনৰ ৰাজ্যখানি
 তই খাই কৰিলিহি লোপ॥ ২২০
তোৰ আজি হৈবো কাল  সবোৰো গুচাবো শাল
 এহি বুলি গদা পাতি দিলা।
কোবাও কোবাও বুলি হুঙ্কাৰিয়া দুয়োবলী
 খেদিয়া আগক চলি গৈলা॥

ঝুমুৰী

মহাবীৰ দুই জন।
কৰে আতি ঘোৰ ৰণ॥ ২২১

ভীমে মাৰে গদা তুলি।
প্ৰহাৰয় হুহু বুলি॥
নাহি তাঙ্ক ভুৰিভঙ্গ।
কাটা কাটি কৰে অঙ্গ॥ ২২২

কুন্তীৰ তনয় বীৰ।
দুৰ্জয় পৰম ধীৰ॥
মাধৱৰ গদা পাই।
মন স্থিৰ কৰি যাই॥ ২২৩

আনন্দৰ নাহি পাৰ।
ৰাক্ষসৰ হৈবে মাৰ॥

[ ৪২ ]

শুনিয়োক বুদ্ধজন।
ইটো কথা বিতোপন॥ ২২৪

বৈষ্ণৱ চৰিত্ৰচয়।
শুনিলে পাতক ক্ষয়॥
মিলয় মুকুতিচয়।
বিষ্ণুত ভকতি হয়॥ ২২৫

গুচে সংসাৰৰ ভয়।
পাৱে মহা সুখচয়॥
যাৰ বৈকুণ্ঠক মন।
শুনিয়োক সৰ্বজন॥ ২২৬

ভাৰত ভূষণে কয়।
কৰা সবে জয় জয়॥
এৰি আন সৰ্ব কাম ৷
ডাকি বোলা ৰাম ৰাম॥ ২২৭

ভীমৰ হাতত অশ্বকৰ্ণৰ পতন
পদ

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
কহো পাচ কথা যত নকৰা সংশয়॥
এহিমতে গদা দণ্ড ধৰি মহাবীৰ।
কৰন্ত সমৰ দুই নিৰুজ শৰীৰ॥ ২২৮

নাহি ভয় দুয়ো হানে গাৱে ঘাম বহে।
জিনিবাক লাগি তান শৰীৰ নসহে॥
ভাগৰে পীড়িলা যেৱে ৰাক্ষস দুৰ্বাৰ।
যুদ্ধ কৰি দুৰন্তে দেখয় অন্ধকাৰ॥ ২২৯

এতহন্তে বৃকোদৰ ছিদ্ৰক আকলি।
ঘোৰ নাদ কৰি ভীমে হাসে খলখলি॥

[ ৪৩ ]

ডেৱ দিয়া মহাক্ৰোধে কোব এক দিলা।
মাথা ঢুকি নপাইল মাটিত পৰিলা॥ ২৩০

মূৰ্তিমন্ত গদা ভীমে লই মহাছোটে।
কটিভাগে কোব দিলা দুৰাচাৰ গোটে॥
অৰ্জুনে বোলন্ত দাদা কিবা চোৱা আৰ।
দুৰাচাৰ ৰাক্ষসৰ চিন্তিয়োক মাৰ॥ ২৩১

কতোবেলি অসুৰৰ সুস্থ ভৈলা গাৱ।
ভাঙ্গ লৈয়া উঠিলেক নিৰুজ স্বভাৱ॥
পৰিঘা তুলিয়া কোব দিলেক ভীমক।
গদা পাতি বায়ু-সুতে নিবাৰিলা তাক॥ ২৩২

পাক দিয়া তাহাৰ পিঠিৰ পাকে যাই।
কাতিহুয়া কোবেক যে দিলেক বহুৱাই॥
দাৰুণ সন্ধানে গদা প্ৰহাৰ কৰিলা।
পিঠিক ভাঙ্গিয়া তাৰ হাড় বিদাৰিলা॥ ২৩৩

ভীমৰ প্ৰহাৰ পাই বাগৰি পৰিলা।
প্ৰাণ যাই বুলি বলে আটাসেক দিলা॥
তাৰ আটাসৰ মহাধ্বনিক শুনিলা।
তিনি গোট লোকে তাৰ শৱদে লৰিলা॥ ২৩৪

ভীম অৰ্জুনৰ জানা কৰ্ণে ধৰে তাল।
হেমা কুমাৰীয়ো ভয়ে উফৰি পৰিল॥
হেন দেখি বায়ুৰ কুমাৰ মহাৱলী।
শ্ৰুতি এৰি খেদি গৈলা গদাগোট তুলি॥ ২৩৫

আলাসতে ডেৱ দিয়া প্ৰহাৰ কৰিলা ৷
থাচ্ কৰি ৰাক্ষসৰ মাথাক ভাঙ্গিলা॥
সত্তৰি যুগৰ বুঢ়া ত্ৰিশিৰা ৰাক্ষস ৷
ভীমসেনে তাক মাৰি ৰাখিলেক যশ॥ ২৩৬

[ ৪৪ ]

গিৰ গিৰ শৱদে ৰুধিৰ বাজ ভৈলা।
বিতল লোকৰ সৱ আপদ গুচিলা॥

হেমা কন্যাৰ সৈতে ভীম-অৰ্জুনৰ শ্ৰীফল ভক্ষ

বৈশস্পায়ন বদতি শুনা নৃপবৰ ৷
তযু পিতামহগণ যুদ্ধত তৎপৰ॥ ২৩৭

দুৰাচাৰ অশ্বকৰ্ণ ৰাক্ষসক মাৰি।
বিতল লোকৰ ভয় নিবাৰণ কৰি॥
দুই ভাই এক ঠাই বসিলন্ত যাই।
বহুদিন ভৈল তাঙ্ক অল্প জল নাই॥ ২৩৮

তথাপি মনত কোন নাহিকে অসুখ ৷
ৰাক্ষসক বধি তাৰা পৰম সন্তোষ॥
সেহিবেলা ৰাজাৰ কুমাৰী বৰনাৰী ৷
তাসম্বাৰ পাশে গৈলা আতি শীঘ্ৰ কৰি॥ ২৩৯

অৰ্জুনে বোলন্ত দাদা ভৈল বিসঙ্গতি।
বিষাদ কৰয় যুধিষ্ঠিৰ মহাপতি॥
দণ্ডে যুগ যায় জানো আমাক সুমৰি।
কৰিয়ো উপায় যাও আতি শীঘ্ৰ কৰি॥ ২৪০

পৃথিৱীত যেনমত আছো বিতলত।
বিধিৰ লিখিত ইটো আছিল পূৰ্বত॥
আৰো কিবা হোৱে তাক বুজিবে নপাৰি।
আনো বুলি আনিলেক বিতল নগৰী॥ ২৪১

ইটো কথা মনত নাহিকে মহাবলী।
হেন শুনি ভীমে হাসিলেক খলখলি॥
ভাল কৰিলাহা বাপু দয়াৰ ভয়াই।
হৰক দেখিবে বাপু মোৰ ইচ্ছা যাই॥ ২৪২

[ ৪৫ ]

জগতৰ অন্ত তেহো দেৱ ত্ৰিনয়ন।
তাঙ্ক দৰশন মোৰ ভাগ্যৰ কাৰণ॥
মহাপুণ্য কৰি তাঙ্ক দৰশন ভাৰ।
কিনো ভাগ্য সুপ্ৰসন্ন আজি আমাসাৰ॥ ২৪৩

অৰ্জুনে বোলন্ত দাদা সাম্ফল জীৱন।
ব্ৰহ্মা আদি দেৱে যাৰ নাপায় চৰণ॥
কিমতে আমি তাঙ্ক পাইবো দেখিবাক।
এহি বুলি ধনঞ্জয় মাতিলা হেমাক॥ ২৪৪

শুনিয়ো কুমাৰী তই কহিয়ো কাৰণ।
কেনমতে হও মহেশক দৰিশন॥
ঐৰপৰা পন্থ বা হোৱয় কতদূৰ।
কোন দিকে থাকে কোৱা শঙ্কৰৰ পুৰ॥ ২৪৫

বিনা পূজা ধ্যানে তাঙ্ক দেখি কি নেদেখি।
মনুষ্য শৰীৰ আতি পূৰ্বজন্মে লেখি॥
মুনিয়ে বোলন্ত শুনা ৰাজা জন্মেজয়।
দেখা বৈষ্ণৱৰ কেনে মনত সংশয়॥ ২৪৬

দেৱৰ দুৰ্লভ মহন্তক দৰিশন।
কুন্তীৰ তনয় কেনে সঙ্কোচিত মন॥
পাণ্ডু পুত্ৰ সব জানা বৈষ্ণৱৰ সাৰ।
মহাভাগ্য তাসম্বাৰ কি বুলিব আৰ॥ ২৪৭

সৰ্বপাপ নষ্ট হোৱে সাধু দৰশনে।
শিৱৰ সমান মুখ্য নাহি ত্ৰিভুৱনে॥
হেমাৰ বচন আৱে শুনা ৰঙ্গ মনে।
ধীৰে ধীৰে কহে শান্তী শুনে ভীমাৰ্জুনে॥ ২৪৮

ঐৰ পৰা হোৱে পন্থ সপ্তম দিনৰ।
প্ৰহৰেকে পাও মই পুৰী মহেশৰ॥

[ ৪৬ ]

যি কালত পিতৃ পূজা কৰে শঙ্কৰক।
বৃষভ স্কন্ধত চৰি আসে ইথানক॥ ২৪৯

ভূত-প্ৰেত আদি কৰি সঙ্গীগণ সঙ্গে।
আকাশ ছানিয়া সবে আসে মনৰঙ্গে॥
তোৰা দুইজনে যদি পথে চলি যাবা।
শীঘ্ৰ বেগে গৈলে দিন চাৰিমানে পাবা॥ ২৫০

এহিমতে পথৰ কাহিনী কহিলন্ত।
পুনৰপি কুমাৰী বচন বুলিলন্ত॥
শুনা নগৰৰ কহো যিসব কাৰণ।
মনুষ্যৰ ভাগ্যে কিছো নাহিকে ইথান॥ ২৫১

আছে মহাফল জানা পিতৃৰ বাৰীত।
বাৰ মাসে সিটো ফল ফলে সুশোভিত॥
শঙ্কৰক পূজা দেয় স্বাদত অমৃত।
তাহাক ভুঞ্জিলে লোকে হোৱে কৃতকৃত্য॥ ২৫২

মনুষ্যে ভুঞ্জিলে হোৱে অজৰ অমৰ।
কিন্তু সিটো ফল জানা পাইতে দুষ্কৰ॥
নপকে নসৰে সিটো বৃক্ষত থাকয়।
প্ৰাৰ্থনা কৰিলে তাৰ একটি পৰয়॥ ২৫৩

দহকুৰি লোকে তাক ভুঞ্জিবে পাৰয়।
তাহাক ভক্ষিলে ক্ষুধা তৃষ্ণা দূৰ হয়॥
শঙ্কৰে যে সেহি ফল দিলন্ত পিতৃক।
কোনে কহিবেক তাৰ মহিমা যতেক॥ ২৫৪

কৃপালু ঈশ্বৰ হৰি পিতৃ আগে দিলা।
সেহি কল্পতৰু-ফল পিতৃ ৰুই থৈলা॥
বহুকালে বহুফল বৃক্ষত লাগয়।
সেহি ফলে পিতৃ মহাদেৱক পূজয়॥ ২৫৫

[ ৪৭ ]

তাৰ গন্ধে গৌৰী দেৱী সন্তুষ্ট হোৱয়।
বৈকুণ্ঠত থাকি কৃষ্ণে তাৰ গন্ধ পায়॥
অজৰ অমৰ হোৱে তাহাক ভুঞ্জিলে।
তাৰ নাম শ্ৰীফল যে জানিবা সকলে॥ ২৫৬

গোসানী সন্তোষ হয় পত্ৰে পূজিলন্তে।
পূজা লভি গৌৰী মাৱে আনন্দ কৰন্ত॥
অশ্বকৰ্ণ ৰাক্ষস আছিল যি কালত।
বৃক্ষে নধৰয় ফল তাহাৰ ভয়ত॥ ২৫৭

পাচে এহি বাৰ্তা যেৱে ৰাক্ষসে জানিলা।
ছেদিবাক মনে সিটো ওচৰ চাপিলা॥
ব্ৰহ্মময় বৃক্ষ পাচে মূৰ্তিমন্ত ভৈলা।
বিপ্ৰৰূপ ধৰি তাক মাতিবে লাগিলা॥ ২৫৮

শুনা অশ্বকৰ্ণ মোক নকৰা ছেদন।
শিৱে মোক আদেশ নকৰে যতক্ষণ॥
এতেকেসে ফলদান নেদো মই তোক।
ফল দিবে আদেশ কৰয় যদি মোক॥ ২৫৯

শঙ্কৰৰ তাঙ্ক যাই আদেশ আনিয়া।
শিৱৰ আদেশে আছো এথা অপেক্ষিয়া॥
যদি মোক আদেশ কৰয় সদাশিৱে।
বিস্তাৰ কৰিলো ম‍ই ইহাক জানিবে॥ ২৬০

শুনিয়া ৰাক্ষসে বৰ সংশয় মিলিলা।
কৰযোৰ কৰি পাচে মাতিবে লাগিলা॥
কৰিবো আদৰ মই নেৰিবো তোমাক।
নিতে চাৰিগোট ফল দিবাহা আমাক॥ ২৬১

বৃক্ষে বোলে চাৰিগুটি ফল কি কৰিবা।
একগুটি ফল চাৰি দিনত ভুঞ্জিবা॥

[ ৪৮ ]

অনন্তৰে অন্তৰ্দ্ধান ভৈলা তৰুবৰ।
দুৰ্জন ৰাক্ষস সিটো অজয় অমৰ॥ ২৬২

বৰ ছিদ্ৰ কাৰণেসে তোমাক আনিলো।
ষোড়শ ভ্ৰাতৃক মই উদ্ধাৰ কৰিলো॥
ভুঞ্জিবা শ্ৰীফল মই কহিলো কাৰণ।
পাচে শঙ্কৰৰ স্থানে কৰিবা গমন॥ ২৬৩

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
শুনি ৰঙ্গ ভৈলা দুয়ো কুন্তীৰ তনয়।।
আগত গৈলেক হেমা পাচে কুন্তীসুত।
দেখিলা শ্ৰীফল গাছে আতি অদভুত॥ ২৬৪

সুৱৰ্ণে খচিত ৰত্নে গুৰি বান্ধিছয়।
যোজন বেঢ়িয়া আছে দেখি লাগে ভয়॥
সৰ্বকালে বৃক্ষত নুগুচে ফলচয়।
খুজিলে মাত্ৰকে ফল গোটক দিয়য়॥ ২৬৫

এক এক ফল আছে হস্তীৰ সমান।
হল-ফল কৰি লাগে দেখিতে সুঠান॥
নসৰে নপকে ফল শেষ যে নহয়।
ভীম-অৰ্জুনৰ দেখি আনন্দ মিলয়॥ ২৬৬

তাৰ দুই গোট ফল ভূমিত পৰিল।
ফলৰ শৱদে জানা পৃথিৱী লৰিল॥
একগোট ধৰি বীৰ কুন্তীসুত বলী।
বলে চেপি ৰস তাৰ পিলা হলাহলি॥ ২৬৭

গুচিলেক ক্ষুধা তৃষ্ণা শৰীৰ শীতল।
ভৈল তেজ বল শ্ৰম গুচিল সকল॥
পক্ষীয়ে অমৃত পান কৰিলে যিমতে।
অজৰ অমৰ সিটো হোৱে তেনেমতে॥ ২৬৮

[ ৪৯ ]

দুই ভাই মিলি একগোট ভক্ষিলন্ত।
কতবা দিনক লাগি তৃপিতি ৰৈলন্ত॥
হেমা কুমাৰীও ভুঞ্জিলন্ত আৱশেষ।
প্ৰকাশ কৰন্ত কান্তি গুচিলেক ক্লেশ॥ ২৬৯

মুনি মন মোহে সুন্দৰীৰ ৰূপ আতি।
মনত অৰ্জুনে বোলে হৈব আৰ পতি॥
মনে মনে দুয়োজনে পতি ভাৰ্যা ভৈলা।
তাসম্বাৰ মন ভীমসেনে নজানিলা॥ ২৭০

হেমাৰ সৈতে ভীম-অৰ্জুনৰ শিৱদৰ্শন কৰিবলৈ গমন;
মাজবাটত অশ্বকৰ্ণৰ পুত্ৰ আৰু দৈত্য
সৈন্যসকলৰ লগত যুদ্ধ

বৈশস্পায়ন বদতি শুনা জন্মেজয়।
অনন্তৰে ধনঞ্জয় বচন বোলয়॥
জগত ঈশ্বৰ হৰ আছয় যথাত।
তথাত চলোহা আমি দেখিবো সতত॥ ২৭১

পূজা ধ্যান কৰি আমি ব্ৰত আচৰিবো।
তাহাঙ্ক দেখিবে লাগি শুদ্ধ চিত্ত হৈবো॥
জগতৰ নাথ প্ৰভু শিৱ ভগৱন্ত।
পূৰ্ণ সনাতন তেহো বৈষ্ণৱ অনন্ত॥ ২৭২

তাহাক দেখিবো আমি মহাভাগ্য কৰি ৷
আৱে শঙ্কৰৰ স্থানে চলিয়ো সুন্দৰী॥
মহামায়া সমে প্ৰভু যি থানে আছন্ত ৷
তাহাঙ্ক দেখিয়া মন কৰিবোহো শান্ত॥ ২৭৩

সেহি সময়ত ঘোৰ অথন্তৰ ভৈল।
যিটো অশ্বকৰ্ণ ঘোৰ ৰাক্ষস মৰিল॥

[ ৫০ ]

তিনিয়ো লোকত সিটো মহা বলীয়াৰ।
ত্ৰিংশ কোটি লক্ষ দানৱৰ অধিকাৰ॥ ২৭৪

কৃপা কৰ্ণ জম্ভাঐসি ভীমবৰ্ণ নাম।
যাক অৰি কৰি আছে মহা ঘোৰ কাম॥
মধ্যমৰ পুত্ৰ সিটো ৰাক্ষসী তনয়।
শিৰ দিয়া অনন্তক পূজিয়া থাকয়॥ ২৭৫

চৈধ্য ভুৱনত তাৰ নাহিকে মৰণ ৷
মনুষ্যত নিয়া থৈলা মৃত্যুৰ কাৰণ। ৷
নৰনাৰায়ণ অৱতাৰ হোৱে যৈতে।
তাৰা দুই পিতা পুত্ৰে নষ্ট হৈবে তৈতে॥ ২৭৬

তাৰা দুই তৈতে যদি লগ নাপাৱয়।
ব্ৰহ্মাৰ দিনেকমান মৃত্যু নাহিকয়॥
এহি বৰ তাঙ্ক দিয়াছয় ব্ৰহ্মাদেৱে।
ধনঞ্জয় তাহাক বধিলা সেহি ভাৱে॥ ২৭৭

ত্ৰিংশ লক্ষ দানৱৰ ভৈল অধিকাৰ।
সি কাৰণে ধনঞ্জয় চিন্তিলন্ত মাৰ॥
কতো দিনে পৰে ভক্ষ্যাভক্ষ বস্তুচয়।
পিতৃক লাগিয়া সিটো দিয়য় পঠায়॥ ২৭৮

অনেক দানৱগণে আনে যত্ন কৰি।
সিটো স্থানে পাণ্ডৱে মাৰয় যত্ন কৰি॥
সেহি অশ্বকৰ্ণ বীৰ জীৱ শূন্য ভৈলা।
বিচাৰিয়া কতোদূৰে তাহাক দেখিলা॥ ২৭৯

পৰ্বত সমান দেহা পৰিয়া আছয় ৷
মুণ্ডগোট ভাঙ্গিয়া ৰুধিৰ বহৱয়॥
দেখিয়া দানৱগণ লৱৰি আসিলা।
মৰিল ৰাক্ষসগণ সকলে দেখিলা॥ ২৮০

[ ৫১ ]

যিবা ৰাজ দুহিতা আছিল হেমাৱতী।
তেহো নাহিকয় আৰ লগত তহিতি॥
অন্যো অন্যে বোলে এৱে বুজিলো কাৰণ।
ৰাজাক মাৰিয়া কন্যা নিলা কোন জন॥ ২৮১

পূৰ্বে শঙ্কৰে বৰ ছিদ্ৰ থৈয়া আছয়।
নৰনাৰায়ণে জানা আমাক মাৰয়॥
সিটো নৰনাৰায়ণ হোৱয় বেকত।
আমাসাৰ দিন আৰ নাহি বিতলত॥ ২৮২

সেহি যদি কোন কালে লগক পাৱয়।
এহি গোপ্য কথা যদি তেহো জানিছয়॥
উপায় কৰিয়া আসি ইহাক মাৰিলা।
এহিমতে দানৱে যে অনেক গুণিলা॥ ২৮৩

হেমাশ্ৰয়া নামে যিটো কুমাৰী আছিলা।
বহুত লোকক উপকাৰ কৰিছিলা॥
উশীনৰ ৰাজ্যখন কৰি আছে হত।
নব খৰ্ব দৈত্য বীৰে লেখিবেক কত॥ ২৮৪

পাচে সবে যুক্তি কৰি ইথায়ে আসিলা।
তাৰ বৰপুত্ৰে অধিকাৰী কৰি দিলা॥
কাকো হিংসা নকৰিলা নাহিকয় পাপ।
সহিতে নপাৰে অধৰ্মৰ বৰ তাপ॥ ২৮৫

একেশ্বৰে থৈলা তাক বিতলপুৰত।
অযুতেক পত্নী তাৰ পুত্ৰগণ যত॥
সবেয়ো এৰিলা তাৰ দুষ্টৰ কাৰণ।
ইহাৰ বলৰ অন্ত পাৱে কোনজন॥ ২৮৬

অনুমানে নৰনাৰায়ণ অৱতাৰ।
কোন ৰূপে আসি তাৰ চিন্তিলেক মাৰ॥

[ ৫২ ]

আৰো জানো হেমাশ্ৰয়া ৰাজাৰ কুমাৰী।
তেহো মৰাইলেক জানো প্ৰবন্ধক কৰি॥ ২৮৭

আমি সবে শীঘ্ৰে তাঙ্ক বিচাৰিয়া যাও।
সমস্ত বাৰ্তাক যাই ৰাজাত জনাও॥
বৈশস্পায়ন বদতি শুনা জন্মেজয়।
এহিমতে দৈত্য সবে আলচ কৰয়॥ ২৮৮

সিকালত পাণ্ডু পুত্ৰ বীৰ ধনঞ্জয়।
হেমা সমে শঙ্কৰৰ স্থানক চলয়॥
তাৰা সবে দেখন্ত সকল দৈত্যগণে।
ৰাজাক কহিতে দূত ভেজিলা তেখনে॥ ২৮৯

অসংখ্যাত ভক্ষ্য দ্ৰব্য যতেক অনায়।
ডাঙ্গৰ সমাজ পাতি নিয়ম কৰয়॥
অযুতেকমান দৈত্য বলত আগল।
কংসসেন নাম তাৰ অধিকাৰী বল॥ ২৯০

সেহি সব লোকে ববসি কৰে আলোচন।
আৱে ঘোৰ ঘঞ্চাল লাগিল সেহি স্থান॥
অৰ্জুনে বোলন্ত হেমা কহা মোৰ আগে।
কাৰ সৈন্য আসে ইটো আতি বৰৰাগে॥ ২৯১

হেমা বোলে দেৱ আৰ শুনিয়ো কাৰণ।
অশ্বকৰ্ণ ৰাক্ষসৰ পুত্ৰ এহিজন॥
মাজে মাজে তাক ভক্ষ্য বস্তুক যোগায়।
অনেক দানৱগণে আসিয়া দিয়য়॥ ২৯২

সেহিসব সৈন্য কিবা আসিছে ইঠাই।
তোমাৰ আবেসে সিটো নিৱৰ্তন নাই॥
পৰম দুৰ্বাৰ সবে দাৰুণ দুৰ্জয়।
তাক জিনিবাক কাৰ শকতি আছয়॥ ২৯৩

[ ৫৩ ]

আমি তিনি জনে চলা এৰো ইটো ঠাই।
শৰণ আশ্ৰয় মাগো শঙ্কৰৰ ঠাই॥
শঙ্কৰক ভক্তিভাৱে সেৱিবো সদাই।
পাচে দৈত্য আমি কাৰো উৰুৱাব ছাই॥ ২৯৪

অৰ্জুনে বোলন্ত শুনা ৰাজাৰ কুমাৰী।
আপোন কৰ্মত তই আপুনি মৰিলি॥
পলাবৰ কাৰ্য্য নহে মৰণ সময়।
সেহিবা মৰয় নতু আপুনি মৰয়॥ ২৯৫

হেন শুনি বৃকোদৰে বোলয় বচন।
মৰিবাৰ কাল তাৰ মিলিল এখন॥
এতেকে সিসব আসি এথাতে মিলিলা।
তাহাৰ মৃত্যুৰ কাল সমীপ চাপিলা॥ ২৯৬

হেন দেখি নিজ মনে নকৰে গমন।
দানৱৰ পৰাক্ৰম বুজিয়ো এখন॥
হেমা বোলে দেৱতা তোমৰা দুই ভাই ৷
আমাক মাৰিবে জানো উপায় নাপায়॥ ২৯৭

ভীমে বোলে হেমা তুমি নুবুজাহা বাক্য।
আমাৰ আগত ধৰি মাৰিবে তোমাক॥
ভাল কুন্তী মাতৃৰ গৰ্ভত উপজিলো।
কিসক লাগিয়া আমি জনম ধৰিলো॥ ২৯৮

যদিবা আমাক সিটো কৰে নিৱৰ্তন।
তেৱে আমি কি কৰিবো বুজা এতিক্ষণ॥
হেন জানি মনে কিছু নকৰিবা ভয়।
দানৱ সবৰ আজি মিলিবে প্ৰলয়॥ ২৯৯

এহিবুলি গদাগোট কান্ধে তুলি লৈলা।
আগ ভৈলা ভীম পাচে অৰ্জুন চলিলা॥

[ ৫৪ ]

পাচত চলন্ত হেমা শোক-দুখ মন।
দানৱক ভয়ে সিটো নকৰে গমন॥ ৩০০

শুনা সভাসদ পদ পাতালি পৰ্বৰ।
ইহাক শুনিলে দুখ গুচে সংসাৰৰ॥
দেখা কেনমত কাৰ্য্যভক্ত বৈষ্ণৱৰ।
ভক্ত অৰ্জুনৰ কথা কহো নিৰন্তৰ॥ ৩০১

অনন্তৰে বাক্য আক বুজিতে প্ৰমাণ।
ৰাক্ষসত বৰ ছিদ্ৰ থৈলা যেন আন॥
দুৰ্জনক নাশ কৰি ৰক্ষা ভকতক।
নৰ-নাৰায়ণ আসি প্ৰকাশ ভৈলেক॥ ৩০২

হেন জানি ভাল কথা কৰিবা শ্ৰৱণ।
সংসাৰ তৰিতে প্ৰতি যাৰ আছে মন॥
ভাৰতভূষণে বোলে এহি তনু সাৰ।
বোলা হৰি হৰি সুখে হৈয়োক নিস্তাৰ॥ ৩০৩

ছবি

মুনিয়ে বোলন্ত আৱে শুনিয়োক নৰবৰ
 জন্মেজয় পৰীক্ষিত সুত।
চলি যান্ত সেহি স্থানে দেখিলা দানৱগণে
 বসি আছে সমাজেক তাত॥
কাৰো দুই কাৰো তিনি বহু শিৰ নেত্ৰ কাৰো
 কাৰো তিনি চাৰি ভুজ হুয়া।
পৰ্বতৰ শৃঙ্গ যেন আছয় উন্নত হৈয়া
 দান্ত যেন আতালৰ ৰুৱা॥ ৩০৪
ফাল্গুনৰ বায়ু যেন নাকৰ নিশ্বাস বহে
 বাহু জঙ্ঘা দেখি স্থুলন্তৰ।
মুখৰ দুৰ্গন্ধ তাৰ নাকে ফুটি যায় আৰ
 বাতি আসে নসহে শৰীৰ॥

[ ৫৫ ]

বৰ বৰ লোম গাৱে কত মত কৰি চাৱে
 চকু যেন সূৰ্য্যৰ পোসৰ।
কতো দূৰমান তেৱে একভিতি চাহি থাকি
 চলিয়া আসিলা দুয়ো বীৰ॥ ৩০৫
হেন দেখি দুষ্টসবে এক দৃষ্টি চাহি আছে
 বোলে এহি দুয়ো বীৰে ধৰ।
আমাৰ ৰাজাক মাৰি কন্যাগোট লৈয়া যায়
 কেনে সাহ দেখা মানুষৰ॥
ক্ষুদ্ৰ মানুষৰ নয় পলায় বাহিৰে যায়
 আমাক মাৰিবে ভৈল কাল।
ভিতৰে থাকিলে হন্তে কমনে নিশ্বাস কৰে
 ৰাজা শুনি নকৰিব ভাল॥ ৩০৬
কতো বোলে তাসম্বাক এৰিয়া কন্যাক ধৰ
 তাইসে ইহাক আনে যাই।
দুষ্টা নাৰী মানুষৰ পতি বিচাৰিয়া ফুৰে
 জাতিকুল একোকে নচাই॥
এতেকে তাইক মাৰি পাচে মানুষক মাৰো
 ৰাজাৰ কৰিবো প্ৰতিকাৰ।
শুন অৰে মানুষিয়া আগ পাচ নচাহিয়া
 সাৰিলিহি লগতে নাৰীৰ॥ ৩০৭
এহিমতে নিৰন্তৰে নানা বোল বুলি পাচে
 তাসম্বাক ধৰিবাক যায়।
পৰম দাৰুণ দুষ্ট অযুত দানৱ বৰ
 সঙ্গে অগ্নি বাদ্যক বজায়॥
পাচে বৃকোদৰে বোলে শুনৰে দানৱগণ
 বচন বোলহ হেন কেন।
দুৰাচাৰ ৰাক্ষসক মাৰিয়া কৰিছো ভাল
 লোকৰ খণ্ডিবো দুখমান॥ ৩০৮

[ ৫৬ ]
৮৩
অশ্বকৰ্ণ বধ

দুৰ্জন ৰাক্ষস সিটো সবাৰেসে ধূমকেতু
 তাক লাগি খেদ পৰিহৰি।
সবে মিত্ৰ বন্ধু গণ আনন্দে বঞ্চিয়ো যায়
 আপুনি আপোন ৰক্ষা কৰি॥
অশ্বকৰ্ণ ৰাক্ষস যে কৃতান্ত ঘৰক গৈলা
 তাতে তোমাসাৰ কিনো ভৈলা।
ভাল চাই সবে তই লৈয়ো অধিকাৰী কৰি
 যাক পাপী এৰি দুষ্ট লীলা॥ ৩০৯

পদ

বৈশস্পায়ন বদতি শুনা নৃপবৰ
বুলিলা দানৱসব বচন ভীমৰ॥
শুন ওৰে তিৰীচোৰ ছাৱাল নৰৰ।
আমাক দেখিয়া তোৰ লাগিবাক ডৰ॥ ৩১০

আমাসাক বহু দেখি ইবাৰক প্ৰতি।
পলাইবাক লাগি কৰা অনেক কাকূতি॥
বুঢ়াৰাজা একেশ্বৰে দুইগোটে পাই।
অন্যায় কৰিয়া বীৰে মাৰিলা কোবাই॥ ৩১১

বহুতৰ দেখি আৱে আমাৰ লোকক।
কাউ কাউ কৰা আৱে আমাক ভয়ক॥
তোক ক্ষমা নকৰিবো আমাৰ বিস্তৰ।
আমাৰ হাতত তই যাবি যমঘৰ॥ ৩১২

এহি বুলি দৈত্যগণে ধৰিবাক যায়।
দেখি বায়ুসুতে ঘোৰ গদাক উঠায়॥
সকলো দানৱগণ মাৰিলা কোবায়।
গোট গোট কৰি কতো লৱৰি পলায়॥ ৩১৩

[ ৫৭ ]
৮৪
অশ্বকৰ্ণ বধ

দুইদণ্ডমান সবে দানৱ সেনাক।
সমূলি মাৰিলা সব দানৱ লোকক॥
দেখি হেমা অৰ্জুনৰ আনন্দ অপাৰ।
কৰিলা ভীমক গৈয়া হেমা নমস্কাৰ॥ ৩১৪

গুচাইলা মৃত্যুভয় আমাৰ নিশ্চয়।
তোমাৰ সমান উপকাৰী নাহিকয়॥
বহুজন্ম ভাগ্য কৰি দেখিলো সম্প্ৰতি।
তোমাসাক পালো মই হৰিত ভকতি॥ ৩১৫

হেমাৰ সৈতে ভীম-অৰ্জুনৰ শঙ্কৰৰ থানত প্ৰবেশ

আৱে শঙ্কৰৰ থানে কৰিয়া গমন।
জগতৰ গুৰু তাঙ্ক পাবা দৰশন॥
মহাদান তপ ব্ৰতে নপাৱে দেখিতে।
হেন মহাদেৱে নেদেখিবা কদাচিতে॥ ৩১৬

এহিমতে শীঘ্ৰবেগে পন্থে চলি যায়।
কতো দিন অন্তে গৈয়া পাইলা সেহি ঠাই॥
দেখিলেক পুৰীখান মহা মনোহৰ ৷
বহলে দীঘলে গুণে নাহি সমসৰ॥ ৩১৭

হীৰা মৰকত আৰি আছে বহুতৰ।
ৰত্নময় গৃহসবে আছে ভৰপূৰ॥
প্ৰবন্ধে নিৰ্মিয়া আছে ময় যে দানৱে।
তৈত লোকসব আছে নিৰ্মল স্বভাৱে॥ ৩১৮

স্ফটিকে গাঠিয়া আছে দেখিছে অনেক।
চন্দ্ৰ সম প্ৰকাশন্ত অদ্ভুত প্ৰত্যেক॥
তাক আৱৰিয়া আছে মহাবৃক্ষচয়।
নাহী শীত উষ্ণ তাত বাত বৃষ্টি ভয়॥ ৩১৯

[ ৫৮ ]
৮৫
অশ্বকৰ্ণ বধ

তাল নাৰিকল গাছে শ্ৰীফল যে আৰু।
ৰসাল থৈকৰা পদ্মবচি দেবদাৰু॥
গাছক আৱৰি সব ফল আছে ধৰি।
বাৰ মাসে লাগি থাকে জকমক কৰি॥ ৩২০

অসংখ্যাত ভূত-প্ৰেত পন্থ নিৰোধিয়া।
তাহাতে বঞ্চয় ফল ভূঞ্জি মধুময়॥
লাহৰী লাহৰী তাত সাজি আছে পথ ৷
মনোময় গতি কৰে যতেক প্ৰমথ॥ ৩২১

কতেক কহিবো গুণ শিৱৰ পুৰীৰ।
প্ৰবন্ধে ৰচিত যিটো দানৱ শিল্পীৰ॥
বৈশাখ মাহৰ নদী পৰম গহন ৷
মাজে মাজে সুগন্ধিত জলে সুশোভন॥ ৩২২

তাহাৰ উপৰে পাৰ্থ গতি কৰি যায়।
কিবা জল কিবা স্থল পৰিমিত নাই॥
যোগময় স্থান সিটো সীমা সংখ্যা নাই।
মধ্যাহ্নৰ পন্থ এক দিবসে এৰায়॥ ৩২৩

মুনিয়ে বোলন্ত জন্মেজয় মহাশয়।
শিৱৰ ৰহস্য স্থান মহা মনোময়॥
তোমাত কহিবে পালো গুৰুৰ কৃপায়।
লোকত প্ৰচাৰ হৈবে পৃথিৱী আলয়॥ ৩২৪

অনন্তৰে পাইলা গৈয়া হৰৰ আলয়।
দ্বিতীয় বৈকুণ্ঠ যেন সাজিয়া আছয়॥
এহিমতে ভীম ধনঞ্জয় হেমা সতী।
প্ৰমথ নগৰ চাহি ৰহিলন্ত আতি॥ ৩২৫

শিৱৰ ভকত যত মনুষ্য সকল।
ভোগ ভুঞ্জি উপাসনা কৰে কৌতূহল॥

[ ৫৯ ]
৮৬
অশ্বকৰ্ণ বধ

উশীনৰ পুত্ৰ সবে লোক সমন্বিতে।
শঙ্কৰক কৰন্ত ভক্তি একান্ত চিত্তে॥ ৩২৬

নাহি জৰা ব্যাধি শোক চিন্তা যত ভয়।
অন্য প্ৰজাগণ সবে তথাতে আছয়॥
যদি খসি খসি পৰে কোটি ব্ৰহ্মাগণ।
শঙ্কৰৰ পুৰী নোহে তথাপি পতন॥ ৩২৭

অৰ্জুন বদতি সতী ইটো কাৰ ঠাই।
কাহাৰ থানক আমি আসিলো এৰাই॥
হেমা বোলে প্ৰভুদেৱ প্ৰমথ নগৰী।
তাক এৰি লভিলোহো মনুষ্যৰ পুৰী॥ ৩২৮

শঙ্কৰ দেৱৰ নিজ ভক্ত নিৰন্তৰে।
চিৰকাল সুখে থাকে ইহাৰ ভিতৰে॥
হেৰা দেখা ৰেণু ৰেণু থান বিতোপন ৷
পূৰ্ণচন্দ্ৰ সম জ্বলে দেখি সুশোভন॥ ৩২৯

বহল বিস্তৰ হোৱে সত্তৰি দিনৰ।
বেৰত প্ৰমাণ হোৱে ষাঠি প্ৰহৰৰ॥
উচ্ছ্ৰিত হোৱয় জানা লক্ষেক প্ৰমাণ।
ডালে পত্ৰে আগুৰিয়া আছে সিটো থান॥ ৩৩০

ব্ৰহ্মময় বৃক্ষ আতি মহিমা আছয়।
ক্ষুধা তৃষ্ণা ব্যাধি শীত পীড়া নকৰয়॥
নাহি ক্ষুধা তৃষ্ণা শীত বৰ বিপৰীত।
হীৰা মৰকত বান্ধি আছয় গুৰিত॥ ৩৩১

বহল ডাঙ্গৰ সভাখান ৰুচিকৰ।
সিদ্ধ সাধ্য বিদ্যাধৰী মুনি নিৰন্তৰ॥
বহল বিস্তৰ সভাখান ভয়ঙ্কৰ।
হৰিনাম কীৰ্ত্তনৰ ধ্বনি মনোহৰ॥ ৩৩২

[ ৬০ ]
৮৭
অশ্বকৰ্ণ বধ

দণ্ড ছত্ৰে বাদ্য ভণ্ডে যোগানে আছয়।
হেনমত সভাখান কৈত নতু হয়॥
জগত ঈশ্বৰ হৰ ৰত্ন-সিংহাসনে।
গৌৰী সমে বসিয়া আছয় ৰঙ্গ মনে॥ ৩৩৩

কতোক্ষণ মানে থাকি সমাজ ভাঙ্গিলা।
নিজ ভৃত্যবৰ্গ সমে ভিতৰে পশিলা॥

গৌৰীৰ লগত হেমাৰ সাক্ষাত

পাচে হেমা দেৱী তাৰা দুহান্তক থ‍ই।
গৌৰীৰ থানত গৈয়া প্ৰবেশিলা গই॥ ৩৩৪

প্ৰণাম কৰিয়া ৰঙ্গে তথাতে ৰহিলা।
দেখি মহামায়া দেৱী তাহাতে পুছিলা॥
কৈৰ পৰা আইলা হেমা ৰাজাৰ-নন্দিনী।
তোৰ দুখ শোক নাশ ভৈল আছো শুনি॥ ৩৩৫

দাৰুণ ৰাক্ষস মৰি গৈল কুটুম্বৰ।
হৈবেক কুশল তোৰ ভ্ৰাতৃ যমপুৰ॥
কিমতে আসিলা কহিয়োক কথা যত।
কহিয়ো সকল কাৰ্য্য আমাৰ আগত॥ ৩৩৬

বৈশস্পায়ন বদতি শুনিয়ো জন্মেজয়।
শুনি হেমা কুমাৰীৰ আনন্দ হৃদয়॥
আদি অন্ত কথা যত গৌৰীত কহিলা।
যেনমতে দুহান্তক গৰ্তক আনিলা॥ ৩৩৭

অশ্বকৰ্ণ ৰাক্ষসক যিমতে মাৰিলা।
বৰাহ-বিষ্ণুৰ গদা যিমতে লভিলা॥
শুনিয়ো গোসানী আই কথা গুৰুতৰ।
বনত নাছিলা আৰু পুত্ৰ পাণ্ডৱৰ॥ ৩৩৮

[ ৬১ ]
৮৮
অশ্বকৰ্ণ বধ

একজন ৰাজা আৰু চাৰিজন ভাই।
লগত সুন্দৰী তান উপমা যে নাই॥
তান দুইক লগে আনিলোহো ইটোথান।
মাৰিলা কোবাই ৰাক্ষসক পশু যেন॥ ৩৩৯

আৰো আসিলেক যত কহিবো কতেক।
কোবাই মাৰিল তাক যেন পশু-জাক॥
গোসাই গোসানী দুইকো দেখিবাক মনে।
দুয়োজন আনন্দে আসিছে ইটো থানে॥ ৩৪০

শঙ্কৰৰ লগত ভীম-অৰ্জুনৰ সাক্ষাত

হেন শুনি গোসানীৰ কৌতুক মনত
মহেশৰ আগে জান দিলেক সতত॥
শুনিয়ো গোসাই কাৰ্য্য হৈয়াছে শোভন।
আসিয়াছে শুনা পাণ্ডু পুত্ৰ দুইজন॥ ৩৪১

অশ্বকৰ্ণ ৰাক্ষসক মাৰিলা কোবাই ৷
তোমাক দেখিবে প্ৰতি আসিছে ইঠাই॥
হেমা কুমাৰীয়ে আনি আছে যত্ন কৰি।
বনৰ মাজৰ পৰা আনিলেক হৰি॥ ৩৪২

হেন শুনি ত্ৰিনয়নে হাস্য কৰি আতি।
নিবাক লাগিয়া দূত ভেজিলা সম্প্ৰতি॥
ৰহি আছে দুই ভাই শিৱক ধিয়ায়।
কহিলেক দূতে তান আদেশ বোলায়॥ ৩৪৩

শুনি ৰঙ্গমনে দুই কৰিলা গমন।
প্ৰদক্ষিণ কৰি পাচে থিৰ কৰি মন॥
দেখিলেক ভীম পাচে দেৱতা শঙ্কৰে।
প্ৰণাম কৰিলা পাচে দেৱ মহেশ্বৰে॥ ৩৪৪

[ ৬২ ]
৮৯
অশ্বকৰ্ণ বধ

হীৰা মৰকতচয় বিচিত্ৰ আটাল।
ৰতনে খচিত ৰত্ন আছে ভাল ভাল॥
মহা মহা পাৰিষদগণ নিৰন্তৰ।
সেৱা কৰি ৰহি আছে সমাজ বিস্তৰ॥ ৩৪৫

অমৃত পায়স মানে যতেক সম্ভাৰ।
দধি দুগ্ধ আনো দ্ৰব্য বহুবিধ আৰ ৷৷
ৰাজাগণে পূজা দ্ৰব্য দিয়াছে যতেক।
ৰাশিকৃত হুয়া পাছে দেখিলা প্ৰত্যেক॥ ৩৪৬

জন্মেজয় বোলে গুৰু কহা কৃপাময়।
হৰক আৰাধি কোন সব ৰাজা হয় ৷৷
কিমত লক্ষণ তাৰ তাসম্বাৰ কাজ।
কতবা বৰিষ তাৰা ভুঞ্জে ৰাজ কাজ॥ ৩৪৭

পৃথিৱীমণ্ডলে যত নৃপতি আছয়।
কিবা শঙ্কৰৰ সবে প্ৰসাদে হোৱয়॥
মুনিয়ে কহন্ত ৰাজা শুনিয়ো কথন ৷
সত্তৰি অৰ্বুদ পৃথিৱীত ৰাজাগণ॥ ৩৪৮

তাৰ বাছি লোৱা এক শত মহীপাল।
পৃথিৱী পালক বোলে শুনিয়ো ভূপাল॥
নৱ লক্ষ নৰেন্দ্ৰ বাছিয়া তাত পাই।
তাকে নৰেশ্বৰ বোলে জানা মহাৰায়॥ ৩৪৯

আছে বহু প্ৰজা তাৰ লৱে কৰভাৰ।
উপৰ ৰাজাক সিটো কৰ সতকাৰ॥
তাকে ৰাজা বুলিয় যে জানাহা সম্প্ৰতি।
মন্ত্ৰীৰ অধীন সিটো জানিবা নৃপতি॥ ৩৫০

এহিসব সিদ্ধে শঙ্কৰক আৰাধিয়া।
মহেশৰ থানে সেৱা থাকয় কৰিয়া॥

[ ৬৩ ]
৯০
অশ্বকৰ্ণ বধ

কৰ্ম অনুসাৰে মহাপ্ৰসাদ পাৱয়।
পাচে পৃথিৱীত আসি নৰেন্দ্ৰ হোৱয়॥ ৩৫১

এহিসব সিদ্ধলোক পৃথিৱীত হয়।
বিচাৰত সৰ্বজনে একে বুলি কয়॥
ইকথা থাকোক আৰে শুনা পাচ কথা।
পাণ্ডু পুত্ৰ সমে পাচে যি কৰিলা তথা॥ ৩৫২

শুনা সভাসদ বনপৰ্ব কথা-সাৰ।
ৰহস্য জনম তাৰ সম নাহি আৰ॥
ইহাক শ্ৰৱণে তৰে সংসাৰ দুৰ্গতি।
ইহকালে ভকতিৰ পৰলোকে গতি॥ ৩৫৩

মিলিবে মৰণ কাল-অজগৰে গিলে।
ধন জন পুত্ৰ দাৰা ৰহিবে সকলে ৷৷
একেশ্বৰে যমৰ কিঙ্কৰে নিবে ধৰি।
পাতক ছাৰোক ডাকি বোলা হৰি হৰি॥ ৩৫৪

ভীম-অৰ্জুনৰ শঙ্কৰ-স্তুতি

দুলড়ী




মুনিয়ে কহন্ত নৃপতি শুনন্ত
 পাণ্ডৱৰ যশচয়।
এহিমতে পাচে হৰক দেখিলা
 ভীমসেন ধনঞ্জয়॥
দিব্য সিংহাসনে বসিয়া আছন্ত
 প্ৰলয় অন্তক হৰ।
শিৰে ভয়ঙ্কৰ জটা মনোহৰ
 অগনিৰ সমসৰ॥ ৩৫৫

[ ৬৪ ]
৯১
অশ্বকৰ্ণ বধ

ৰবি শশী অগ্নি তিনি আসি যেন
 জ্বলন্তে আছয় আতি।
শিৰত গঙ্গাক সাৱটি ধৰিয়া
 বিষ্ণুৰ গৌৰৱে আতি॥
সুৱলিত ভুজ সৰ্পময় হাৰ
 মুণ্ডমালা মনুষ্যৰ।
কটি বাঘ ছাল ভস্ম কলেৱৰ
 কাল-মূৰ্ত্তি মহেশ্বৰ॥ ৩৫৬
ত্ৰিশূল ডম্বৰু জগতৰ গুৰু
 সঙ্গে গৌৰী মহাসতী।
ভয়ঙ্কৰ সভা মাজত বসিয়া
 প্ৰকাশ কৰন্ত আতি॥
সেহিবেলা দুই পাণ্ডৱ কুমাৰ
 তথাত দেখিলা শিৱে।
জানু পাৰি দুয়ো প্ৰণাম কৰিলা
 শঙ্কৰদেৱৰ পাৱে॥ ৩৫৭
উঠি কৃতাঞ্জলি বোলন্ত বচন
 নমো দেৱ শূলধৰ ৷
তুমি জগতৰ সংহাৰ কৰন্তা
 ব্ৰহ্ম আদি নিৰন্তৰ।
তুমি বৰদাতা নৰেন্দ্ৰৰ ধাতা
 কালমূৰ্ত্তি-বিভূষণ।
তোমাৰেসে অংশে প্ৰজাক নিয়মে
 পালে মহাৰাজাগণ॥ ৩৫৮
তুমি পশুপতি প্ৰলয় অন্তক
 ব্ৰহ্মাৰ বধ কাৰণ।
তোমাৰ পালন সব দেৱগণ
 ভূত স্বামী ত্ৰিলোচন॥

[ ৬৫ ]
৯২
অশ্বকৰ্ণ বধ

এহিমতে বহু স্তুতি কৰি তৈত
 ভীম-ধনঞ্জয় আছে।
প্ৰলয়-অন্তক দেৱ গণেশৰ
 হাসিয়া মাতিলা পাচে॥ ৩৫৯

দৈত্যক মাৰিবলৈ শঙ্কৰৰ আশীৰ্বাদ আৰু
ধনু-শৰ আনিবলৈ মায়াক প্ৰেৰণ

বোলন্ত শঙ্কৰে শুনা ভীম-ধনঞ্জয়।
তোৰাক ইথানে জানা আনি আছো মই॥
হেমা কন্যা ৰাজাৰ দুহিতা বৰনাৰী ৷
ৰাক্ষস মাৰিয়া সব লোক ৰক্ষা কৰি॥ ৩৬০

দুষ্ট দৈত্য দানৱ আছয় ইথানত।
তাক বধিবাক তোৰা আনিছো সতত॥
তোৰা দুই বীৰ মোৰ সমবল ধৰা ৷
মহা ঘোৰ ৰণ কৰি দানৱক মাৰা॥ ৩৬১

জানু পাৰি কৰযোৰে কহন্ত অৰ্জুন।
নাহি ধনু-শৰ প্ৰভু আমি সব শূন্য॥
হেন শুনি শঙ্কৰে সবাকে চাহিলন্ত।
মায়াক মাতিয়া হেন বাক্য বুলিলন্ত॥ ৩৬২

শুনিয়োক মায়া তুমি শীঘ্ৰে গতি কৰ।
বন হন্তে অৰ্জুনৰ আনা ধনু শৰ।
পূৰ্বে ব্ৰহ্মাবৰে হৃষ্ট-পুষ্ট দৈত্যগণ।
মনুষ্যৰ হাতে তাৰ হৈবেক মৰণ॥ ৩৬৩

এহি কাৰ্য্যে আনি আছো তোৰ দুহান্তক ৷
সংশয় নকৰি শীঘ্ৰে মাৰা দৈত্যজাক॥
শঙ্কৰৰ বচন শিৰত তুলি ধৰি।
তেতিক্ষণে চলিলন্ত মহা বিদ্যাধৰী॥৩৬৪

[ ৬৬ ]
৯৩
অশ্বকৰ্ণ বধ

হেমন্ত বনক এৰি কদম্ব বনত।
বসিয়াছে ৰাজা কুন্ত-নদীৰ তীৰত॥
পত্ৰৰ গৃহত সিটো কুশলে আছয়।
মনত বিৰসে কিন্তু যুধিষ্ঠিৰ ৰায়॥ ৩৬৫

হা কৃষ্ণ কিনো মোক দিয়াইল তাপক।
কোনে বান্ধিলেক মোৰ দুখানি বাপক॥
ভৈল বিসঙ্গতি আতি খুজিয়া নাপায়।
স্বৰ্গ মৰ্ত্ত্য পাতালে কি নিলে কোনে পায়॥ ৩৬৬

বলে পৰাক্ৰমে পাঞ্চ ভাই পুৰন্দৰ।
শমন বীৰক সমৰত নাহি ডৰ॥
ভালে কি আছয় নাসিলেক এতদিন।
গুণন্তে ভাৱন্তে ৰাজা ভৈলন্ত মলিন॥ ৩৬৭

সেহিবেলা ধৰ্ম্ম মায়াবীৰ মহাবল।
মনে বোলে কাৰ্য্য মোৰ ভৈলন্ত সাম্ফল॥
এহি বেশে যায় যদি খোজে ধনু-শৰ।
যদি তাক নিবাক নোবোলে নৃপবৰ॥ ৩৬৮

পৰম মহন্ত ৰাজা তাহান বচন।
বুলিলন্তে সিজিবেক মহাপাপগণ॥
হেনগুণি কৰিলন্ত পাছে মন স্থিৰ।
যদিবা কহয় মোক বাক্য যুধিষ্ঠিৰ॥৩৬৯

এহি বেশ এৰি ম‍ই ধৰো মায়াবেশ।
ৰাজাৰ আগত যায় হৈবোহো প্ৰবেশ॥
ধৰিলন্ত সন্ন্যাসীৰ ৰূপ মনোহৰ।
শিৰত ধৰিলা জটা পৰম সুন্দৰ॥ ৩৭০

চাৰি পাশে হাৰময় কপাল সুঠাম।
জুটলা জুটলি চুলি দেখি মনোৰম॥

[ ৬৭ ]
৯৪
অশ্বকৰ্ণ বধ


কান্ধত উত্তৰী হাড়মালা ৰুদ্ৰাক্ষৰ।
জকমক কৰে দান্ত দেখি লাগে ডৰ॥ ৩৭১

দাড়ি গোফ জটা-জুট জোট বান্ধিছয়।
কটিতে কপিন তাতে হাৰ মণিময়॥
আগবাঢ়ি লাখুটিক ধৰিয়া আছয়।
গল গল কৰি নাম মুখে উচ্চাৰয়॥ ৩৭২

হেন বেশে ৰাজাৰ আগত ভৈলা থিয়।
হাত মেলি বোলে বাপু হৌক চিৰঞ্জীৱ॥
তুমি মহাজন কেনে আছা ইটো ঠাই।
তোমাৰ সঙ্গত দেখো একোজন নাই॥ ৩৭৩

হেনয় মহন্ত কেনে থাকা ই ৰাজ্যত।
একেশ্বৰে আছা কেনে পত্ৰৰ গৃহত॥
ইটো ঘোৰ বনবাস কৰা কি কাৰণে।
লগত সুন্দৰী দেখো আছে একজন॥ ৩৭৪

যুধিষ্ঠিৰে বোলে শুনা অপূৰ্ব সন্ন্যাসী।
পাণ্ডুবংশে জন্ম মোৰ বনে আছো আসি॥
আছয় মোহোৰ ভ্ৰাতৃ আৰু চাৰিজন ৷
নকুল সহদেৱ আৰু ভীম যে অৰ্জুন॥ ৩৭৫

দুই ভাই মৃগ মাৰিবাক প্ৰতি গৈল।
বহু দিন ভৈলা বাপু বাৰ্তা যে নাসিল॥
হেন শুনি সন্ন্যাসীয়ো দিলন্ত উত্তৰ।
ম‍ই বাৰ্তা কহো শুনা ভ্ৰাতৃ দুহান্তৰ॥ ৩৭৬

তাহাঙ্ক লাগিয়া তুমি নকৰিবা শোক।
দেখিবা অল্পতে যত দুখ খণ্ডিবেক॥
কুন্তীসুত ধৰ্মপালে সোধে যত্ন কৰি।
কৈত দেখিলাহা বুলি সোধন্ত সাদৰি॥ ৩৭৭

[ ৬৮ ]
৯৫
অশ্বকৰ্ণ বধ

তেহো বোলে দেখিলোহো বিতল পুৰত।
দুই ভাই আছে মহাদেৱৰ লগত॥
শুনি যুধিষ্ঠিৰ ৰাজা বুলিলন্ত বাক।
কেন হেন কহিলেক অপূৰ্ব কথাক॥ ৩৭৮

দূৰ হও সন্ন্যাসী যে নোবোলোহো তোক।
মায়াবী যোগীয়ে ভাণ্ডিবাক চাহ মোক॥
মনুষ্য শৰীৰ মোৰ ভ্ৰাতৃ দুই জন।
কেনমতে কৰিলেক বিতলে গমন॥ ৩৭৯

মায়াবী সন্ন্যাসী বোলে বিষ্ণু বিষ্ণু হৰি।
তোমাৰ আগত মিছা কৈবো কেন কৰি।৷
নুহিকে সন্ন্যাসী মই মায়াবী অধম।
নিবাৰিতে আসি আছে তযু মনভ্ৰম॥ ৩৮০

হেমা কন্যা আসিয়া তোমাৰ ভ্ৰাতৃ দুই।
মহেশ আজ্ঞায়ে নিলা মায়াৱন্ত হুই॥
অশ্বকৰ্ণ ৰাক্ষসক তথাতে মাৰিলা।
দৈত্য বধিবাক লাগি মহাদেৱে নিলা॥ ৩৮১

ধনু-শৰ নাই বুলি আনিতে কহিলা।
মোৰ নাম মুখে স্মৰি আনিবাক দিলা॥
বৈশস্পায়ন বদতি শুনা জন্মেজয়।
চাপিলন্ত গৈয়া পাচে ধনুৰ নিলয়॥ ৩৮২

হাক দিবে খোজন্তে ধনুক তুলি লৈলা।
মায়া কৰি আসি সিটো আকাশে চলিলা॥
থাকিয়োক মহাৰাজ নকৰিবা মৰ্ম।
আসিবন্ত তযু ভাতৃ কৰি ঘোৰ কৰ্ম॥ ৩৮৩

[ ৬৯ ]
অশ্বকৰ্ণ বধ

দানৱৰ লগত ভীম-অৰ্জুনৰ ৰণ

এহি কহি ধনু লৈয়া বিতলে পশিলা।
ধনু-শৰ নিয়া পাচে অৰ্জুনক দিলা॥
হাতে ধনু ধৰি ধনঞ্জয় মহাবলী।
হৰক নমিয়া বীৰে ৰহিলা আকলি॥ ৩৮৪

হেন দেখি শঙ্কৰে হাসিলা খলখলি।
লোকে আৱে চাহিয়োক দুয়ো মহাবলী॥
পূৰ্বৱতে গদা ধৰি দানৱ বধিলা।
কাৰ্য্যক সাধিয়া নিজ স্থানক চলিলা॥৩৮৫

মহাবেগে দুই বীৰ উৎসাহন্তে যায়।
কতো বেলিমানে গৈয়া ৰণভূমি পায়॥
কালমেঘসম সব দানৱ দুৰ্জয় ৷
ভীম-অৰ্জুনক প্ৰতি শৰ বৰিষয়॥ ৩৮৬

হেন দেখি মহা কোপে বীৰ বৃকোদৰ।
গদা ধৰি চলে কালান্তক সমসৰ॥
একৈক কোবত শত দানৱ মৰয়।
তথাপি সিসবে পাচভৰি-নকৰয়॥৩৮৭

একেলগে খেদি আসে পৃথিৱী কম্পায়।
দেখিয়া ভীমৰ কিঞ্চিতেক ভয় নাই॥
এহিমতে যুদ্ধ ভৈল দুই দণ্ডমান।
শুনা পাচ কথা পৰীক্ষিতৰ নন্দন॥ ৩৮৮

বনপৰ্ব কথা ইটো পাতালী পৰ্বৰ।
শুনা একচিত্তে যত সভাসদ নৰ॥
ইহাক শুনিয়ো সবে মন স্থিৰ কৰি
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ৩৮৯

[ ৭০ ]
অশ্বকৰ্ণ বধ

দৈত্য-দানৱৰ বংশ


ওচৰে নপাৱে শৰ ভীম-অৰ্জুনৰ।
অৰ্দ্ধেক পন্থত তাক কৰিলা সংহাৰ।৷
নপাৱে সমীপ দানৱৰ শৰচয়।
সেহিবেলা হাসিবাক লৈলা ধনঞ্জয়॥ ৩৯০

মহা আনন্দিত মনে উঠি বীৰবৰ।
আগবাঢ়ি যায় ধৰিলেক ধনু-শৰ॥
প্ৰহাৰিবে লৈলা শৰ ধনুক আজুৰি।
চণ্ডনাদ কৰি শৰ নিয়ন্ত সংহৰি॥ ৩৯১

কাৰো হাত কাটে কাৰো কাটে কঙ্কালত।
শৰ জালে কাৰো পাৱ ভৈলা জৰ্জৰিত॥
কতো কতো ৰাক্ষসে পাৰয় ধাউগেৰি।
মোৰ পুত্ৰ-পত্নী সবে ঐত ৰৈল পৰি॥ ৩৯২

এহিমতে অৰ্জুনৰ শৰে কাটি নিলা।
অৰ্দ্ধেক দানৱ সেনা যমঘৰে গৈলা॥
জন্মেজয় বোলে মোৰ মিলিল সংশয়।
তথাত ৰাক্ষস সৈন্য কতবা আছয়॥ ৩৯৩

লঙ্কাত ৰাক্ষস আছিলেক যতমানে।
সবে যমঘৰে গৈলা শ্ৰীৰামৰ বাণে॥
কতনো দানৱ যক্ষ ৰাক্ষস অসুৰ।
সবাহাৰ কহা লেখা মন হৌক স্থিৰ॥ ৩৯৪

ঋষিয়ে বোলন্ত ৰাজা ইয়ো কথা হয়।
ভিন্ন ভিন্ন জন্ম জাতি সবাৰো আছয়॥
সবাহাকে প্ৰকৃতিয়ে স্ৰজিলা পূৰ্বত।
ৰসাতলে থান দিলা কৰি মনোমত॥ ৩৯৫

[ ৭১ ] ১৮

অশ্বকৰ্ণ বধ উৎপত্তি প্ৰলয় শুভাশুভ যত হয়। পূৰ্ব সংস্কাৰে আসি তথাতে মিলয়।। হিৰণ্য কশিপু আদি যত দৈত্যচয়। কশ্যপ ঋষিত হন্তে জন্মিয়া আছয়॥ ৩৯৬ কুম্ভকৰ্ণ ৰাবণ প্ৰমুখ্যে নিশাচৰ পৌলস্ত্য ঋষিত হন্তে জনম তাহাৰ। নাম গোত্ৰ কহো শুনা আনো দানৱৰ। জঙ্ঘাসুৰ আদি কৰি নমুচি শঙ্কৰ॥ ৩৯৭ দুন্দুভিক ধৃতকেতু বংশ অন্তধাৰ। সবে মহা পৰাক্ৰমী বীৰ বলীয়াৰ।। মালী যে সুমালী বীৰমালী ভদ্ৰমালী। এহিসব বীৰ যক্ষ বংশে মহাবলী॥ ৩৯৮ এসবক এৰি যক্ষ আছয় বহুত। সবেয়ো পশিল জাতি যক্ষ পৃথিৱীত॥ পৰম হিংসুক দেখি বিধাতা পূৰ্বত। তাসম্বাক দিলা থান সবাৰো অধোত॥ ৩৯৯ গাৱে গাৱে সবাৰ আছয় অধিকাৰ। একেবাৰে দেও লেখা শুনা তাসম্বাৰ॥ যাঠি লক্ষ নৱ খৰ্ব সত্তৰি অযুত বিধাতায়ে থান পূৰ্বে দিলা বিতলত।। ৪০০ সমুদায়ে মহানন্দে তথাতে বঞ্চয়। পৰম বিচিত্ৰ স্থান কশ্যপ আলয়।। কহিলো তোমাত বংশ দৈত্য দানৱৰ। ইসবত কৰি দন্ত দৈত্য বলীয়াৰ॥ ৪০১ মহাবলী কৰি পূৰ্বে প্ৰকৃতি স্ৰজিলা। ব্ৰহ্মাৰ দিবস মানে তাঙ্ক আয়ু দিলা॥ [ ৭২ ] অশ্বকৰ্ণ বধ পৃথ্বীগৰ্ভে মাধৱেয়ো দম্ভক বধিলা। তাৰ পুত্ৰ শুম্ভ নামে ৰাজা হৈয়া ৰৈলা॥ ৪০2 অশ্বকৰ্ণ ৰাক্ষসক বধিবাক শুনি। মহাক্ৰোধ কৰি সিটো আসিলা আপুনি॥ যত দৈত্য দানৱ আসিছে সিবেলাত। কোনে লেখা সংখ্যা তাৰ কহিবে শকত॥ ৪০৩ ভূত-প্ৰেত প্ৰমথ মাৰে নিৰন্তৰ। উদ্যানোপবন সব ভাঙ্গিলা সত্বৰ।। কিল কিল শৱদ শুনন্তে ভয় ভীত। ভাঙ্গিলা প্ৰমথ সেনাগণ আছে যত॥ ৪08 শিৱৰ থানত দানৱৰ উৎপাত হেন দেখি দানৱ সকলে বল পাই। শিৱৰ পুৰৰ ঘৰ-বাৰীক ভাঙ্গয়।। তড়াগ পুষ্কৰ্ণী আৰো সৰোবৰচয় হীৰা মৰকত স্থলী চাহন নযায়॥ ৪০৫ নাহি ৰাত্ৰি দিন চন্দ্ৰ সূৰ্য্যৰ প্ৰকাশ। সৰ্বকালে প্ৰকাশয় থানৰ আভাস।। কি কহিবো শঙ্কৰৰ থানৰ মহত্ত্ব তাহাক ভাঙ্গয় দুষ্ট দৈত্য সৈন্য যত॥ ৪০৬ মহামনোহৰ পুৰী দৈত্য প্ৰজটিল। অনন্তৰ কালত যে ঘঞ্চাল লাগিল॥ ধৰ ধৰ মাৰ মাৰ কৰে কোলাহল। শুনিয়া শঙ্কৰে দৈত্য-সেনাৰ আষ্ফাল॥ ৪০৭ নন্দী ভৃঙ্গী দুইজন মহা পাৰিষদ দুহাঙ্কো পাঞ্চিলা কিবা মিলিল প্ৰমাদ॥ ১৯ [ ৭৩ ] অশ্বকৰ্ণ বধ চল শীঘ্ৰ কৰি মোৰ মুখ্য সেনাচয়। দানৱসকলে ঘৰ-দৰজা ভাঙ্গয়॥ ৪০৮ মুনিয়ে বোলন্ত পৰীক্ষিতৰ তনয়। শিৱৰ আদেশে চলিলন্ত সেনাচয়।। ৰতনে ৰচিত চাৰু মৰকত স্থলী। দানৱে ব্যাপিলা তাক দেখি মহাবলী॥ ৪০৯ ভাঙ্গিলেক প্ৰমথৰ যত সৈন্যগণ। পালটিয়া শঙ্কৰত সবে দিলা জান॥ আদেশ গোসাহ ঘোৰ মিলিল প্ৰলয়। দানৱে কৰিলা প্ৰমথৰ বিপৰ্য্যয়॥ ৪১০ মাৰিলা কোবাই আমাসাৰ সেনা যত। খানিতেকে প্ৰবেশিবে পুষ্প আশ্ৰমত॥ দানৱ-সেনাপতি শুম্ভৰ লগত শিৱৰ প্ৰমথ সেনা আৰু ভীম-অৰ্জুনৰ ৰণ শুনি মহেশ্বৰ মুনি মণ্ডক পাঞ্চিলা। দানৱৰ সৈন্যগণ মাৰিবাক দিলা॥ ৪১১ লগে লৈয়া প্ৰমথৰ সৈন্য বহুতৰ। ভল্ল ভিণ্ডিপাল ধৰি পৰশু মুদ্গৰ॥ হেন আৰম্বৰে মুনি মণ্ড চলি যায়। দেখিলে মাত্ৰকে তাক ধাতু উৰি যায়॥ ৪১২ শেল মুদ্গৰ ধৰি নিসদ্ধি চলয়। প্ৰলয় কালত যেন বাদি গৰ্জয়॥ দৈত্য দানৱৰ সেনা আৱৰি চলয়। মহাক্ৰোধে প্ৰমথসবক বিনাশয়॥ ৪১৩ [ ৭৪ ] অশ্বকৰ্ণ বধ বৈশম্পায়ন বদতি শুনা জন্মেজয়। সেহিবেলা ভীমাৰ্জুন মিলিলা তথায়।। ঘোৰশৰে মাৰিলেক সৈন্য দানৱৰ। সেহি সবে শৰবৃষ্টি কৰে নিৰ্ত্তৰ॥ ৪১৪ শ্ৰাৱণ মাসত যেন মেঘে বষিয়। উভয় সৈন্যৰ শৰ ভৈলা সেহি নয়।। একো একো বীৰে ত্ৰিদশক নুগুণয়। ভীম-অৰ্জুনক শত সহস্ৰে যুজয়॥ ৪১৫ সেহি বেলা মহাকোপে বীৰ ধনঞ্জয়। দুয়োহস্তে দানৱক শৰ প্ৰহাৰয় হাত ভৰি কাটি কাৰো কান্ধক কাটিলা। অসংখ্য সহস্ৰ বীৰ ৰণত পৰিলা॥ ৪১৬ ভীমসেনে কোবাই মাৰিলা যত যত। সংক্ষেপ পদত তাক কহিবোহো কত॥ কতো দূৰে আছে শুণ্ড দানৱৰ ৰাজা। বাদ্যভাণ্ডে দণ্ড ছত্ৰে বেঢ়ি সব প্ৰজা॥ ৪১৭ ভীম-অৰ্জুনৰ হাতে পাই সবে ত্ৰাস ৰাজাত দিলেক জান ছাৰিয়া নিশ্বাস॥ শুনা ৰাজ-পুত্ৰ তুমি দেখিয়ো নেদেখা। যতেক পৰিল বীৰ নাহি তাৰ লেখা॥ ৪১৮ তোমাৰ আগতে বৰ সৈন্য হোৱে ক্ষয়। ৰণ মাজে আছা কেনে শত্ৰুক ড্ৰায়।। শুনি শুন্তু সেনাপতি সবাকো চাহিলা। ভীম-অৰ্জুনক ৰণ কৰিবে বুলিলা॥ ৪১৯ চলা শীঘ্ৰবেগে সবে বিলম্ব নকৰ। সমৰৰ মধ্যে মানুষক বেঢ়ি ধৰ॥ ১০১ [ ৭৫ ] অশ্বকৰ্ণ বধ শৃগাল হুইয়া সিংহে যুজিতে খোজয়। কতনো শকতি মাৰিবাক শঙ্কা নাই॥ ৪20 কৈত কালজিত বীৰ মোৰ বাক্য ধৰা। ঘোৰ যুদ্ধ কৰি ভীম-অৰ্জুনক মাৰা॥ পাচে সাবহিত হুয়া মহাযুদ্ধ কৰি। প্ৰমথক মাৰি তান ভাঙ্গিয়ো নগৰী॥ ৪২১ আপুনি স্ৰজিলা কেনে আপুনি নাশয়। ইটো প্ৰতিকাৰে কিছো দোষ নাহিকয়॥ নাথাকোক ইথানত কৈলাসে চলোক। তাঙ্ক কোনে ইটো ঠাই দিলা কোনলোক॥ 422 ইসব ৰাজ্যত জানো ম‍ই অধিকাৰ। মোৰ ৰাজ্যে থাকি কৰে মোৰ অপকাৰ॥ ইহাক খেদিলে জানা কোনো দোষ নাই। আমাক খুজিয়া শুনোলৈলা ইটো ঠাই॥ ৪২৩ আমাৰ উপৰিবংশ পূৰ্বত আছিলা। তাসম্বাক খুজি হৰে এহি ৰাজ্য লৈলা॥ এবে আমাসাৰ কৰে এত অপকাৰ যত বস্তু আছে সবে লৈয়োক সত্বৰ॥ 428 হেনয় জনক খেদিলাত দোষ নাই। আপুনি থাকোক কৈলাসত সুখে যায়।। বৈশম্পায়ন বদতি শুনা নৃপবৰ এহিমতে দুৰাচাৰে ভৎসিলা বিস্তৰ॥ ৪২৫ তিনি ভুৱনৰ যিটো কালৰূপ হৰ। স্ৰজন পালন সংহাৰণে মহেশ্বৰ॥ হেন মহেশক থান অসুৰে দিৱয়। মহাজনসবে আৰ বুজিবা আশয়॥ ৪২৬ [ ৭৬ ] অশ্বকৰ্ণ বধ দাম্ভিক দুৰ্জন মহা দুষ্টগণ যত। বৈষ্ণৱক নিন্দাবাক্য বোলে নানা মত॥ মহন্ত সকলে তাক কটাক্ষ নকৰে। আপোনাৰ পাপে অধোগতি হুয়া মৰে॥ ৪২৭ এহিমতে ৰাজায়ে বুলিলা মন্দ বাণী। দুষ্ট সেনাপতি কালজিতে তাক শুনি॥ মহা মহা বীগণ আদেশ কৰয়। প্ৰমথসকলে যেন খাইবে নপাৰয়॥ ৪২৮ হৰ হৰ কৰি সব দানৱ লৰয়। আকাশৰ মেঘ যেন ভূমিত পৰয়।। বিতল পুৰক ছানি চলে নিৰন্তৰ। প্ৰমথত কৰি মহা তনু ভয়ঙ্কৰ॥ ৪২৯ বিকৃতি আকাৰ মুখ দেখি ভয়ঙ্কৰ। প্ৰমথ সহিতে যুদ্ধ ভৈলা ঘোৰতৰ॥ প্ৰমথ নগৰ শূল পৰিঘা বিনায়। ধনু তৃণ বাণ কিছো বিচাৰি নাপায়॥ ৪৩০ দৈত্য দানৱৰ ধনু পৰিঘা মুদ্গাৰ সবে অস্ত্ৰ প্ৰহাৰয় দেখি চমৎকাৰ॥ প্ৰমথসবৰ শূল পৰিঘাত পৰে। নাহিকয় অন্য অস্ত্ৰ ধৰিবাৰ তৰে॥ ৪৩১ দানৱৰ শৰে সবে ছেদি ভেদি নেই। প্ৰমথৰ শূল ঘাত উফৰি পৰয়॥ মুদ্গাৰ হানিয়া কতো আকাশে পৰয়। দলি মাৰি তাৰ দশ কুৰিক মাৰয়॥ ৪৩২ সত্ৰৰ দিনৰ পন্থ দানৱে জুৰিলা। শঙ্কৰৰ নগৰত খলক লাগিলা॥ ১০৩ [ ৭৭ ] ১০৪ অশ্বকৰ্ণ বধ বেঢ়িলা দানৱে আসি পুৰী নিৰন্তৰ গিৰ্‌ গিৰ্‌ শৱদ শুনন্তে ভয়ঙ্কৰ॥ ৪৩৩ ভাঙ্গে ঘট পট ধ্বনি বৰ নীচজনে। শঙ্কৰৰ আগত কহন্ত দুখ মনে॥ আদেশিয়ো গোসাই কাৰ্য্যৰ বিসঙ্গতি। কৈৰ পৰা নৰগুটি আসিলা অহিতি॥ ৪৩৪ কিবা ব্ৰহ্মা কিবা যম আসে মূৰ্ত্তি ধৰি। ইন্দ্ৰ চন্দ্ৰ সূৰ্য্য তাৰ নোহে সমসৰি।। ধনু বাণ গদা-তৃণ নাহি পৰিমিত গদাগোটে পাৰে সব ত্ৰৈলোক্য জিনিত॥ ৪৩৫ ভাঙ্গিয়া দানৱ সৈন্য কিছো বিনাশিলা। কতোমানে মুখ্য দানৱক জান দিলা।। চৌৰাশী হাজাৰ খৰ্ব দানৱ পদাতি। সবাতো অধিক দৈত্য দম্ভৰ সন্ততি॥ ৪৩৬ বৰ বৰ বীৰ তাৰ নৱ লক্ষ হয়। সুৰাসুৰ জিনিবাক অক্লেশে পাৰয়।। আৰো এক কথা প্ৰভু শুনিছো নিশ্চয় 1 একজন শুনো আৰো বিৰিঞ্চি আছয়॥ ৪৩৭ আছয় ভূলোক তাৰ লেখা জোখা নাই। তাৰ অধিপতি সিটো ব্ৰহ্ম গদা পায়।। তাতে বৰ লভি আছে দানৱ সকলে। তাতেসে ব্ৰহ্মাৰ লোকে নপাৰয় বলে॥ ৪৩৮ দুই গুটি মনুষ্যৰ মহত্ব আছয়। বৰ ঈশ্বৰত সিটো কৰিছে আশ্ৰয়॥ তাসম্বাৰ কাৰ্য্য যত দেখতে অদ্ভুত। ৰাক্ষস দানৱগণ মাৰিলা বহুত॥ ৪৩৯ [ ৭৮ ] অশ্বকৰ্ণ বধ শোণিত বহয় নদী দেখি ভয়ঙ্কৰ। উথলয় ঢউসব দেখি লাগে ডৰ॥ সিটো দুহান্তৰ কাৰ্য্য দেখি লাগে ভয়। একে শৰে কাটি আনে গদায়ে মাৰয়॥ 880 কতো কতো শোণিত নদীতে ডুবি মৰে। কতো কতো বীৰমানে সান্তুৰি অন্তৰে॥ বৈশম্পায়ন বদতি শুনা জন্মেজয়। এহি শুনি শঙ্কৰত পাৰ্ব্বতী পুছয়॥ ৪৪১ আৰো কৈত আছে ব্ৰহ্ম কহিতে লাগয়। শুনো একজন আৰো শঙ্কৰো আছয়। তোমাৰ সমান কিবা অধিকে হোৱয়। ইহাৰ মীমাংসা মোক কৰিয়ো গোসাই॥ ৪42 শুনি ত্ৰিনয়নে হেন বুলিলা বচন। আছন্ত ঈশ্বৰ কৃষ্ণ দেৱ সনাতন।। যাক চৰাচৰে সদা আৰাধি সেৱন্ত। তান সৃষ্টি বিভৱৰ নাহি আদি অন্ত॥ ৪৪৩ আঠ কোণে আঠ খান ভুৱন আছয়। তাহাৰ কাষৰে কোটি ব্ৰহ্ম প্ৰকাশয়॥ তাতে মুখ্য কৰি ব্ৰহ্ম ৰুদ্ৰাদি আছয়। স্থানে স্থানে যায় লীলা বিনোদ কৰয়॥ ৪৪৪ যিটো কথা কহিলো পৰম গুহ্যতৰ। ইবেলাত নহে সিটো কথা প্ৰস্তাৱৰ।। আৱে মহাৰণ হুয়া আছে ভয়ঙ্কৰ। আমাক দানৱে খেদে বিতলপুৰৰ॥ ৪৪৫ তাহাতেসে খুজি আমি লৈলো ইটো থান। তাহাৰ উপৰি বংশে দিলা কিছো মান॥ ১০৫ [ ৭৯ ] ১০৬ অশ্বকৰ্ণ বধ এতেকে দানৱে মোক কৈলাসে খেদয়। ইটো কথা পুছিবাক নলাগে নিশ্চয়॥ ৪৪৬ বৈশম্পায়ন বদতি শুনা মহাশয়। এতেকতে দানৱৰ সৈন্য ভৈলা ক্ষয়॥ মণিমস্ত আদি কৰি প্ৰমথ অপাৰ। নিৰন্তৰে দানৱৰ চিন্তিলন্ত মাৰ॥ ৪৪৭ • পাচে দানৱৰ সৈন্য শৰ-বৃষ্টি কৰে। প্ৰমথ সকলে ভঙ্গাইল নিৰন্তৰে॥ নাক কাণ হাত ভৰি ফুটি নিৰন্তৰে। মহাপীড়া পায়া সবে লৱৰি অন্তৰে॥ ৪৪৮ আশা এৰি গৈলা নৱ দিবসৰ পথ। আগবাঢ়ি গৈলা মণিমন্ত মহাৰথ।। শূলে বিন্ধি মাৰে শত সহস্ৰ খোচত। তথাপিতো আগবাঢ়ি যায় মেলি হাত॥ ৪৪৯ শঙ্কৰ পাৰ্বতীৰ ৰণযাত্ৰা এহিমতে দানৱ মাৰিলা বহুতৰ অনন্তৰে নগৰ পশিলা শঙ্কৰৰ॥ পাৰ্বতীত হৰে পাচে বুলিলা বচন। আমিয়ো সমৰে আজি কৰিবো গমন॥ ৪৫০ পাৰ্বতী বোলয় প্ৰভু মই সঙ্গে যাম। অৰ্জুন ভীমৰে আজি দেখো পৰাক্ৰম॥ হেন শুনি বৃষভ সাজিলা নন্দী বীৰ। অলঙ্কাৰ পিন্ধিলন্ত সমস্তে শৰীৰ॥ ৪৫১ পৰ্বত শিখৰ সম বৃহৎ শৰীৰ। থানে থানে অলঙ্কাৰে শোভে বীৰবৰ॥ হীৰা মণি মুকুতা ৰতন প্ৰৱালৰ। দিলা অলঙ্কাৰ যেন প্ৰকাশ সূৰ্য্যৰ॥ ৪৫২ [ ৮০ ] অশ্বকৰ্ণ বধ তাহাতে লগাইলা খাত ৰত্ন সুৱৰ্ণৰ। আলিন্ত চন্দ্ৰতাপ বহল বিস্তৰ॥ মুকুতা মুৰাৰি থোপা জিলিমিলি জ্বলে। লৈলন্ত ঘুগুৰা তাৰ ভয়ঙ্কৰ গলে॥ ৪৫৩ থৈলেক উপৰে ভোজনৰ বস্তু যত। শৃঙ্গ সম জ্বলে যেন ৰত্নৰ পৰ্বত॥ তাহাতে চৰিলা যেৱে দেৱ ত্ৰিনয়ন। ব্ৰহ্মময় চিৰঞ্জীৱ বৃষভ বাহন॥ ৪৫৪ প্ৰকাশ কৰয় নৱ আদিত্যৰ জ্যোতি। পৰম সুন্দৰ ধৌত দেহ জ্বলে আতি॥ দণ্ড-ছত্ৰে বাদ্য-ভাণ্ডে ধৰিলা যোগান। দল-দপ কৰে তান নসহে সন্ধান॥ ৪৫৫ যুদ্ধাৰু যতেক আছে আগত চলয়। হেন মেৰু গিৰিবৰ দেখিতে তেনয়।। কাৰো তিনি চাৰি হাত ত্ৰিশূল প্ৰচণ্ড। লহ লহ জিহ্বা মেঘ হোৱে খণ্ড খণ্ড॥ ৪৫৬ কাৰো তিনি কাৰো চাৰি কাৰো পঞ্চমুখে। পৰ্বতক গিলিবাক পাৰে অপ্ৰয়াসে॥ নিকটায় আছে দান্ত জাপ নযাৱয়। দেৱতা মনুষ্যে তাক দেখি পায় ভয়॥ ৪৫৭ উজটিতে নিয়ে দৈত্য দানৱ কটক। উলটি ভাঙ্গয় সব নছাৱে পাচক॥ কতো যুদ্ধ কৰি সেনা লাথিয়া মাৰিলা। দুই পৰ মানে ভূমিখান শূন্য ভৈলা॥ ৪৫৮ দেখিলেক দৈত্য বীৰ দেৱ ত্ৰিনয়ন। অৰ্জুন ভীমক দেখি কৰিলা বিমন॥ ১০৭ [ ৮১ ] ১০৮ অশ্বকৰ্ণ বধ শিৱ-পাৰ্বতীৰ কথোপকথন বোলন্ত গোসাই কাৰ্য্য ভৈল বিসঙ্গতি। দৈত্য সেনা বহুত দুহান অল্পমতি॥ ৪৫৯ নেদেখিলো তাসম্বাক দৈত্যৰ আৰত। কৰম্ভ সমৰ দুই দৈত্যৰ মাজত।। যেন ঘোৰ মেঘ মধ্যে চন্দ্ৰৰ প্ৰকাশ। ক্ষণে ঢাকে ক্ষণে তাৰ দেখয় আভাস॥ ৪৬০ পাৰ্বতী বোলন্ত প্ৰভু শোক কি কাৰণ। মোৰ দুই পুত্ৰে জানো হাৰিবেক ৰণ।। ইটো কথা মনত নানিবা পশুপতি। তোমাৰ আমাৰ শক্তি টুটয় সম্প্ৰতি॥ ৪৬১ ভালমতে শক্তি দিয়া মহেশ্বৰ দেৱ। মই বৰ দিলো তাক নিজিনৌক কেৱ॥ শঙ্কৰ বদতি দেৱী শুনা গিৰিসুত। বাঢ়ি আছে দৈত্যগণ ব্ৰহ্মাৰ বৰত॥ ৪৬২ মনুষ্যত মাত্ৰ কিছুমান ছিদ্ৰ থৈলা। এতেকেসে দৈত্যৰ বহুত প্ৰজা ভৈলা॥ পাতাল পৃথিৱী সবে দেৱক পীড়য়। বাৰে বাৰে অম্ৰাৱতী কাঢ়িয়া লয়॥ ৪৬৩ পৰম দানৱ দৈত্যগণ আছে যত। কাহাকো নুগুণে সবে বলৰ দৰ্পত॥ যদি ভীমাৰ্জুন হস্তে নাশ নাহি হয়। পাতাল পৃথিৱী মানে হৈবো দৈত্যময়॥ ৪৬৪ কিন্তু অল্পমিত বীৰ দুয়ো মানুষৰ। প্ৰমত্ত দানৱ সৈন্য বলত বিস্তৰ॥ [ ৮২ ] অশ্বকৰ্ণ বধ এতেকে তাহাৰ ম‍ই সহায় হইবো। যতেক দানৱ মানে মাৰিয়া ফেলিবো॥ ৪৬৫ পাৰ্বতী বদতি প্ৰভু দেৱ ত্ৰিনয়ন। আপুনি নাশয় ব্ৰহ্মা সব সৃষ্টিগণ॥ দানৱক বৰ দিলা কিসৰ নিমিত্ত। কিহেতু চিন্তয় তাৰা লোকৰ অহিত॥ ৪৬৬ সম্পৰ্ক দিয়য় দুগ্ধ ভালুকক কোৰ। কেনে হেন বিধাতাৰ মতিভৈল চূৰ॥ দানৱৰ লগত ভীম-অৰ্জুনৰ ৰণ আৰু ভীমৰ বিশ্ৰাম এহি বুলি মৌন ভৈলা জগত জননী। দানৱ গণেয়ো বেঢ়ি আসিলন্ত ছানি॥ ৪৬৭ লক্ষে লক্ষে কোটি কোটি দানৱ দুৰ্বাৰ। দেৱাসুৰে নসহয় লহৰী যাহাৰ। ভাঙ্গিল প্ৰমথ যত দৈত্যৰ সন্ধানে। আটাস পাৰয় দৈত্য বল আছে মানে॥ ৪৬৮ আত পাচে সবে গৈয়া পৃথিৱীক যায়। নিঃশেষে মানুষ খাইবো কেমনে ৰাখয়।। পাতাল-বিতল স্বৰ্গ-পৃথিৱীক যাবো। সকল দেৱতা ভাগ একত্ৰ কৰিবো॥ ৪৬৯ একলে পালে ৰহিবাক নুযুৱাই। চাৰিখানমান লৈলে আমাক আটয়॥ এহিমতে দৈত্যসবে ৰটে নানাভাৱে। শুনি শঙ্কৰৰ আৰ নসহিল গাৱে॥ ৪৭০ বোলন্ত পাতকীসবে মিলাৱে প্ৰলয়। চাৰিলোক লৈবে মনে আলোচ কৰয়॥ ১০৯ [ ৮৩ ] ১১০ অশ্বকৰ্ণ বধ পৃথ্বীগৰ্ভে মাধৱে মাৰিলা একবাৰ। সেহি ধৰি চকিছিল দানৱ দুবাৰ॥ ৪৭১ ব্ৰহ্মাদেৱ বৰে সবে বাঢ়িয়া আছয়। ইবাৰ উঠিলে আৰ কমনে ৰাখয়।। ইথানে ইহাক আমি ৰাখিবে লাগয়। অৰ্জুন ভীমৰ হস্তে কৰাইবো ক্ষয়॥ ৪৭২ এহি কহি ৰহি আছে দেৱ ত্ৰিপুৰাৰি। মুনিয়ে বোলন্ত ৰাজা শুনা মন কৰি॥ অনন্তৰে কুন্তীৰ তনয় ধনঞ্জয়। পোন্ধৰ অযুত দৈত্য নিলা যমালয়॥ ৪৭৩ তাৰে পঞ্চ অযুত উঠিলা পুনৰ্বাৰ। উঠি উঠি অৰ্জুনক পুনু দিলা ধাৰ। ব্ৰহ্মাৰ বলত পুনু জীৱে মৰি মৰি। কৰয় প্ৰহাৰ শৰ হাতে ধনু ধৰি॥ ৪৭৪ গাৰি-শিৰ বিভাগিয়া যতেক পৰয়। সিসব দানৱ আৰ জীৱে নপাৰয়।। বৃকোদৰে মাৰিলা দানৱ কোটি কোটি। এক কোটি মাৰি আৰ কৰিলা নিগুটি॥ ৪৭৫ কোটি এক উঠি পুনৰ্বাৰ ৰণ কৰে। দেখি বায়ুসুত আতি চমকিল বৰে।। কিনো অদভুত ক্ষয় নাহি দানৱৰ। পুনু পুনু উঠি আসি কয় সমৰ॥ ৪৭৬ নসহে শৰীৰ মোৰ শৰৰ সন্ধানে। দানৱৰ ছোটত জীৱাক শঙ্কা মনে॥ ধাৰাসাৰে বহে ৰক্ত সৰ্ব শৰীৰত। ফুলিল মন্দাৰ যেন বসন্ত কালত॥ ৪৭৭ [ ৮৪ ] অশ্বকৰ্ণ বধ নচলয় হাত ভৰি কৰে ৰাম ৰাম | মৰাশৱ আৰে কিছো কৰিবো বিশ্ৰাম॥ এহি বুলি লুকাইয়া বায়ুৰ কুমাৰ। অৰ্জুনে বোলয় ৰণ ভৈল ঘোৰতৰ॥ ৪৭৮ কতো দানৱৰ শৰে নসহে শৰীৰ। জমক দেখয় কুন্তীসুত মহাবীৰ॥ লগত সহায় নাই কৃষ্ণ নাম বিনা। কৃষ্ণ নাম ঘনে ঘনে কৰয় স্মৰণ॥ ৪৭৯ সেহিবেলা দম্ভৰ তনয় দুষ্টজন সৈন্যৰ মৰণ দেখি কোপ কৰি মন॥ অৰ্জুনে বোলয় দানৱৰ বৰ ৰাগ। আহ বুলি ধনু ধৰি ভেন্টিলেক আগ॥ ৪৮০ নমো নমো নাৰায়ণ পুৰুষ প্ৰধান। ভকতক ৰক্ষা কৰি ফুৰা সবক্ষণ॥ তোমাৰ ভৃত্যৰ ভৃত্য হৌক মোৰ মতি। বদতি ভাৰতচন্দ্ৰে কৃষ্ণ পদে ৰতি॥ ৪৮১ হৰি হৰি স্মৰা আত্মা তাহাত চৰিত। ৰাম ৰাম বুলি লোৱা পৰলোক বিত॥ দাৱনৰ লগত অৰ্জুনৰ ৰণ দুলড়ী ঋষি নিগদতি শুনা মহামতি নৃপ পৰীক্ষিত সুত। দেখন্তে শঙ্কৰ দৈত্য অৰ্জুনৰ সমৰ ভৈল অদ্ভুত॥ ৪৮২ ১১১ [ ৮৫ ] অশ্বকৰ্ণ বধ ১১২ অসংখ্য দানৱ কোটি এক মানৱ দানৱৰ উলি জুলি। তিনিয়ো লোকক লৈবেক খোজয় কৰি ঘোৰ মহতালী॥ মোহোৰ পুৰীক আক্ৰমিয়া ধায় স্বৰ্গপুৰ লৈবে মন। অৰ্জুন ভীমৰ হাতত মৰিয়া উঠি পুনু কৰে ৰণ॥ ৪৮৩ দম্ভৰ তনয় দাৰ দুৰ্জয় বীৰৰ মধ্যে প্ৰচণ্ড। অৰ্জুন বীৰক মহাশৰ বৰ বৰষিলা বৰ চণ্ড॥ কতো আকাশত কতো শৰীৰত কতো যায় অন্তৰিয়া কুন্তীৰ তনয় সন্ধানে ফুটিয়া ৰুধিৰে বহয় হিয়া॥ ৪৮৪ মহাশৰ ঘাৱে জমক দেখিয়া কুন্তীপুত্ৰ ধনঞ্জয়। বৰ ত্ৰাসান্বিত হুয়া মহাবীৰ কৃষ্ণ নাম উচ্চাৰয়॥ অৰ্জুনৰ হেন বিশ্ৰুতি দেখিয়া ভকত বৎসল হৰি। হৃদয়ে প্ৰবেশি যত দুখ শোক নিৰন্তৰে দূৰ কৰি॥ ৪৮৫ সব পীড়া দূৰ ভৈলা অৰ্জুনৰ খণ্ডিলা সবে বিকল। কৃষ্ণ গুণ তেজে উল্লাসিল মন ষোল গুণে ভৈল বল।। [ ৮৬ ] শৰঘাৱে যত অশ্বকৰ্ণ বধ ক্ষণেকে সবে গুচিল। ১১৩ পীড়া পাইলেক ইটো মোৰ দুখ কৃষ্ণে গুচাইলে মনত আক জানিল॥ ৪৮৬ মহা বলৱন্ত বীৰ ধনঞ্জয় ক্ৰোধে আতি উথলিল। অসংখ্যাত শৰ প্ৰহাৰ কৰিয়া দানৱক নিৰোধিল॥ দেখা জন্মেজয় ভকত বৎসল কৃষ্ণ কৃপালু ভাৱ। সৰ্বভাৱে হৰি ভক্তক ৰাখন্ত যেহেন পুত্ৰক মাৱ॥ ৪৮৭ ক্ষণেকে অৰ্জুন দৈত্যৰ শৰত পৰি যান্ত যমালয়। পৰম ঈশ্বৰ কৃষ্ণেসে ৰাখিল নুহি ইটো অসম্ভৱ॥ কৃষ্ণৰ সমান কৃপালু দেৱতা নাহি জানো সাৰে সাৰ হেন জানি ৰাজা কৃষ্ণৰ চৰণে নেৰিবা ভকতি আৰ॥ ৪৮৮ ই কথা থাকোক শুনা পাচকথা ধনঞ্জয় যি কৰিলা। সি বেলাত দম্ভ দানৱৰ সুতে অৰ্জুনক যি বুলিলা॥ যেন আকাশত মেঘৰ গৰ্জন বুলিবে লৈলা বচন। শুনা মানুষৰ ছাৱাল দুৰ্জন মিলিল তোৰ মৰণ।। ৪৮৯ [ ৮৭ ] ১১৪ অশ্বকৰ্ণ বধ আপুন পৰক নিচিনিয়া কেনে বিতল পুৰে আসিলি। দন্দ্ব কিনি আসি অকাৰণে কেনে বিপাঙ্গে পৰি মৰিলি॥ দন্তৰ পুত্ৰৰ লগত অৰ্জুনৰ ৰণ আৰু শঙ্কৰৰ দ্বাৰা ভীম-অৰ্জুনৰ প্ৰাণ ৰক্ষা পদ বৈশম্পায়ন বদতি শুনা জন্মেজয়। দৈত্যৰ বচন শুনি পাণ্ডুৰ তনয়॥ ৪৯০ মহোশোকে দুখে তাক বোলয় বচন। শুনা আৰে দুৰাচাৰ দত্তৰ নন্দন।। কেনমতে ৰট দুষ্ট অশুভ বচন। আপুনি মৰিলি দুষ্ট নুবুজি কাৰণ॥ ৪৯১ যতেক মাৰিয়া আছো দৈত্য সমৰত। সি সবক তই কেনে নাৰাখা ৰণত॥ মুনিষায় কথা কহ নিলাজ বৰ্বৰ। শঙ্কৰক খেদি লইবি কৈলাস নগৰ॥ ৪৯২ হেন বুলি পাষণ্ড কহস কোন লাজে। মহাকাল মূৰ্ত্তি আৰ নাহি যাত বাজে।। তাহাঙ্ক অৱজ্ঞা কৰ মৰণ বেলাত। দেখ পাপী আজি মই কৰো কন্ধপাত॥ ৪৯৩ এহি বুলি কুত্তীৰ তনয় বলীয়াৰ। অদৈত্য কৰিবো আজি লোক নিৰন্তৰ॥ দেৱ-গন্ধৰ্বৰ গুচাইবো দৈত্যভয়। বাৰে বাৰে দুৰাচাৰে ইন্দ্ৰক যুজয়॥ ৪৯৪ পাতালৰ পৰা উঠি পৃথিৱীক যায়। ব্ৰহ্মাত লভিয়া বৰ কৰে মুনিষায়॥ [ ৮৮ ] অশ্বকৰ্ণ বধ সবাহাৰ দুৰ্গতি খণ্ডাবো এহি ঠাই। যদি মোক বৰ দেস্ত হৰ কৃপাময়॥ ৪৯৫ এহি কহি ধনুখান টঙ্কাৰ কৰিলা। দৈত্যৰ সেনাৰ মাজে চমক লাগিলা॥ নাগ-কক্ষ শৰপাট জুৰিলা গুণত দানৱগণক আজি কৰিবো বিঘাত॥ ৪৯৬ মন্ত্ৰ অভিষেক কৰি কৰ্ণমানে টানি। আটাসেক দিয়া বীৰে পঠাইলেক হানি। বিম্বাদ শৱদে শৰ পথে বহি যায়। দম্ভৰ পুত্ৰৰ শিৰ আলাগতে পায়॥ ৪৯৭ তাৱক্ষণে তাক সৰে কাটি পেলাইলা। সিংহ যান হন্তে খসি ভূমিত পৰিলা॥ সাৰথি সহিতে সিংহগোট জাম্প দিলা। অনেক দানৱ সৈন্য ছোটত মৰিলা॥ ৪১৮ খনিতেক মানে সিটো পৰিয়া আছিল। ডেৱ দিয়া শিৰগোট গাণ্ডিত লাগিল॥ মুনিয়ে বোলন্ত ৰাজা শুনা জন্মেজয়। দেখি অৰ্জুনৰ আতি মনত বিস্ময়॥ ৪৯১ আগৰ সন্ধানে আৰ নৰহে শৰীৰ। পৰাক্ৰমে ইহাৰ ছেদিলো নিজ শিৰ॥ ইবাৰ অসুৰে মোক নেড়িব কদাচ। এহি বুলি মনে গুণি কৰন্ত আলচ॥ ৫০০ ধনুখান ধৰি ধৰি তৃণক চাহিলা। বাসৱৰ দত্ত অস্ত্ৰ মনত পৰিলা।। বঘাসুৰ বধিবাক দিলা হৰি হয়। তাক জুৰিলন্ত আনি কুন্তীৰ তনয়॥ ৫০১ ১১৫ [ ৮৯ ] ১১৬ অশ্বকৰ্ণ বধ ঢল ঢল কৰে কঙ্ক পাখী যেন নয়। শাণিত তীখাল বৰ চাহন নাযায়।। তাক প্ৰহাৰিবে প্ৰতি গুণত যুৰিলা। দেখি দৈত্যগোট আসি শৰ প্ৰহাৰিলা॥ ৫০২ ব্ৰহ্মাৰ বৰত সিটো বাঢ়িয়া আছয়। যতেক কাটয় অস্ত্ৰে বলহে বাঢ়য়॥ মহাবীৰ অৰ্জুনক প্ৰহাৰিয়া শৰ। নাক মুখ গাৱক ছেদিলা নিৰন্তৰ॥ ৫০৩ হৰ পাৰ্ব্বতীৰ বৰে পীড়া নপাৱন্ত খাণিক বিশ্ৰামি বীৰে শৰ হানিলন্ত।। বিম্বাদ শৱদে শৰপাট চলি যায়। অগনি কণিকা তাৰ গাৱত বজায়॥ ৫০৪ মহাবেগে আসি তাৰ গাৱত পৰিলা। তীক্ষ্ণতৰ শৰ পৰি শিৰক ছেদিলা॥ কৈত গৈলা দৈত্যগোট চাহে নিৰন্তৰ। অৰ্জুনৰ তৃণত পশিলা পুনৰ্বাৰ॥ ৫০৫ বৈশম্পায়ন বদতি শুনা জন্মেজয়। মণিমন্তক মাতিলা হৰ কৃপাময়।। শুনা মণিমন্ত কহা অৰ্জুনৰ আগে। প্ৰহাৰ কৰোক পাশুপাত্ৰ মহাভাগে॥ ৫০৬ আনমতে দৈত্যবধ কৰণ নয়ায়। চৈধ্যয় লোকত দৈত্য অন্যায় কয়॥ পৰম প্ৰবন্ধে তাক প্ৰকৃতি নিৰ্মিলা। কালমূৰ্ত্তি শঙ্কৰক সেই শূল দিলা॥ ৫০৭ পৰম প্ৰচণ্ড ভাৱ ধৰি ত্ৰিপুৰাৰি। এহি মহা শূল তাৰ গুণ যে বিস্তাৰি॥ [ ৯০ ] অশ্বকৰ্ণ বধ প্ৰলয় অন্তক সিটো শঙ্কৰ দেৱৰ। প্ৰকৃতি স্ৰজন তিনিগুণ শ্ৰেষ্ঠতৰ॥ ৫০৮ শঙ্কৰেসে ধৰে আনে নপাৰে ধৰিতে। কালৰূপী পূজা খাই থাকয় তহিতে॥ শঙ্কৰক পূজিলে তাহাৰ পূজা হয়। অৰ্বুদ নিৰ্বুদ যুগ তহিতে আছয়॥ ৫০৯ যি বেলাত সদাশিৱ মোহিত ভৈলেক। খাইবে নপায় শূলগোট শুষিল প্ৰত্যেক॥ ব্ৰহ্মলোকে গৈয়া ব্ৰহ্মা সভাত আছিলা। অনন্তৰে দুষ্ট দৈত্য ব্ৰহ্মক চিন্তিলা॥ ৫১০ ব্ৰহ্মাক আৰাধি যুজিলন্ত অম্ৰাৱতী। বিৰিঞ্চি বোলয় মই নোহো অধিপতি॥ পাচে বিধাতাৰ এহি শূলক খুজিলা। শঙ্কৰৰ শূল বুলি তেহেন্তে কহিলা॥ ৫১১ পূজা নাখাই আসিছে মোহোৰ থানক তই অল্পমতি লইবি কেনমতে আক।। শঙ্কৰত বাজে আৰো ধৰিতে নাপাৰে। মহা প্ৰলয়ত আক ধৰে দেৱ হৰে॥ ৫১২ কাকূতি মিনতি কৰি অসুৰে বোলয়। মোক এহি মহাশূল দিয়ো কৃপাময়।। আৰো আক ধৰিবাক দিয়োক শকতি। এহিখানি বৰ মোক দিয়ো প্ৰজাপতি॥ ৫১৩ এৰিতে নপাৰি ব্ৰহ্মা শূলে বৰ দিল। চৌৰাশী হাজাৰ যুগ পাতালে আছিল।। বছৰত একবাৰ তাহাক পূজয়। দেৱতা মনুষ্য হস্তী দৈত্য মৃগচয়॥ ৫১৪ ১১৭ [ ৯১ ] ১১৮ অশ্বকৰ্ণ বধ এতেক প্ৰকাৰে তাক পূজে বলি কৰি। কষটি শিলাৰ গৃহে ৰাখিছে সাদৰি॥ পূৰ্বে ব্ৰহ্মা ছিদ্ৰ ৰাখি বুলিলা নিশ্চয়। যি কালত আহি শূলে আচণ্ডি কৰয়।। ৫১৫ মনুষ্যে মাৰিবে তেবে সৈন্যগণ যত। তোহোৰ হৈবন্ত মৃত্যু তাহাৰ হাতত॥ বৈশম্পায়ন বোলে পৰীক্ষিতৰ তনয়। ব্ৰহ্মাৰ বচন সব মিলিল নিশ্চয়॥ ৫১৬ দম্ভৰ তনয় পাচে আৰ বল দিল। শৱদ কৰিয়া শূল মাজতে উঠিল॥ তাহাক হাতত ধৰি যানত চড়িল। প্ৰহাৰেক মানে জানা ধৰণী লৰিল॥ ৫১৭ গমনে হোৱয় পচিশ মাসৰ যে পথ। দানৱৰ পৰাক্ৰম কি কৈবো মহত॥ অৰ্জুনে বোলন্ত নাহি দম্ভৰ তনয়। বলে কাটি গাণ্ডি মুণ্ড পলাল নিশ্চয়॥ ৫১৮ দূৰক নিৰেখি দৈত্য সৈন্যৰ মাজত। নেদেখিয়া কিছো চক লাগিল মনত॥ দানৱ মায়াবী সিটো কোন মায়া কৰে। ইহাক জানয় মাত্ৰ সদাশিৱ হৰে॥ ৫১৯ এহিমানে দণ্ড চাৰি মানে বিতৰ্কিলা। পাচে ৰিণি ৰিণি মাত্ৰ তাহাক দেখিলা॥ প্ৰলয় মেঘ যেন সিংহ বাহনত। বিধম অগনি যেন শূলৰ মহত্ব। ৫২০ দানৱৰ সেনাধিক আছে নিৰন্তৰ। চাহন নযায় তাৰ ৰশ্মি ভয়ঙ্কৰ॥ [ ৯২ ] অশ্বকৰ্ণ বধ বাহন সহিতে যেন বহ্নি প্ৰলয়ৰ। লাগিল চমক সবে দৈত্য কটকৰ॥ ৫২১ অৰ্জুনৰ সমীপ চাপিল বৃকোদৰ। কম্পিল শৰীৰ ভয় ভৈলা গুৰুতৰ॥ বোলে বাপ আমাসাৰ মিলিল মৰণ। আছোক যুজিবো দেখি নৰহে জীৱন॥ ৫২২ কিবা অস্ত্ৰ কিবা শস্ত্ৰ কিবা শূলধৰ। হেনমতে নাহি দেখো ব্ৰহ্মা ৰুদ্ৰ শৰ॥ ধনঞ্জয় বোলে দাদা নাহিকে ৰক্ষণ। প্ৰলয় অন্তত ইটো ত্ৰিশূল প্ৰধান॥ ৫২৩ এক ত্ৰিনয়ন দেৱ শঙ্কৰত পৰে। চৈধ্যয় ভুৱনে আজি কোনে ৰক্ষা কৰে॥ আমি কৈত লাগো দুইজনে গুণে মন। ইন্দ্ৰ আদি দেৱতাৰ মিলয় মৰণ॥ ৫২৪ তথাপিতো যেহি হৌক ধৰো ধনুশৰ। এহি কহি ব্ৰহ্ম-শৰ লৈলা বীৰবৰ॥ গদাগোট নমি বীৰে ধৈৰ্য্যভাৱ ধৰি। ৰাম কৃষ্ণ নাম সুমৰন্ত শ্ৰদ্ধা কৰি॥ ৫২৫ তাত পাচে দৈত্যগোট সমীপ চাপিল। দণ্ড চাৰিমানে সিটো অন্তৰে ৰহিল॥ আকাশ লঙ্ঘিয়া মহাসিংহ গোট তাৰা। শূল ধৰি প্ৰকাশ কৰয় দুৰাচাৰ।। ৫২৬ বাঢ়িবে লাগিলা শূল বহলে দীঘলে। নসহয় সিংহে জাম্প দিলা মহীতলে॥ কম্পয় বিতল পুৰ তাহাৰ সন্ধানে। বায়ু লাগি সমুদ্ৰত নৌকা ঘূৰে যেনে॥ ৫২৭ ১১৯ [ ৯৩ ] ১২০ অশ্বকৰ্ণ বৰ নিষ্কম্প অনন্ত ফণা হালি হালি যায়। দিগ্‌গজ সকলে শ্ৰমে ফোঙ্কাৰি চেষ্ণায়॥ চৈধ্যয় ভুবন কম্পে ধৰ ধৰি কৰি। ব্ৰহ্ম ভুৱনত সবলোক গৈলা ভৰি॥ ৫২৮ উফড়িবে লৈলা সাত সাগৰৰ জল। চমক লাগিল যত পৰ্বত সকল॥ চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি দশদিগপাল। নজানয় কেনে হেন মিলিল ধঞ্চাল॥ ৫২১ বিৰিঞ্চি মনে আৰু মিলিল সংশয়। অকালত কেনে হেন ঘটিল প্ৰলয়॥ বিতল পুৰত লোক আছিলেক যত। যান সমে ঘূৰি ঘূৰি পৰিলা ভূমিত।। ৫৩০ সি থানত বিনা পাণ্ডৱৰ দুই ভাই। তাস্তবিনে কাহাৰো চেতন জ্ঞান নাই॥ বৰ বৰ প্ৰমথ আছৰ যত যত। পাক ফুৰি পৰি ৰৈলা হুয়া অশকত॥ ৫৩১ হৰৰ পুৰীত বৰ খলক লাগিলা। সঙ্কেত বচনে পাচে পাৰ্বতী বুলিলা॥ বদতি পাৰ্বতী দেৱ হেৰা পশুপতি। কিবা হেতু জগতৰ মিলিছে বিপত্তি॥ ৫৩২ অকালত কিবা হেতু মিলিল প্ৰলয়। কহিয়ো ত্ৰিশূলধাৰী ইহাৰ নিৰ্ণয়॥ হেন শুনি মাতিলন্ত দেৱ পশুপতি। দেৱৰ অন্যায়ে হয় লোকৰ বিপত্তি॥ ৫৩৩ পূৰ্বে মহামায়া মোক শূল পাট দিলা। প্ৰলয় অন্তক শূল প্ৰবন্ধে স্ৰজিলা॥ [ ৯৪ ] অশ্বকৰ্ণ বব পূৰ্বকালে সিটো শূল মোহোৰ থানত। আসিলা ব্ৰহ্মাৰ স্থানে মোৰ অপাৰত॥ ৫৩৪ তাক প্ৰজাপতি দুষ্ট দৈত্যক দিলেক। আপুনি বিৰিঞ্চি হুয়া লোক নাশিলেক॥ সৰ্বকালে বিধাতাত হস্তে অমঙ্গল। দেৱ মনুষ্যত সবে লগাৱে ধঞ্চাল॥ ৫৩৫ হেন মহাকাল শূল দৈত্যক দিৱয়। আৱে মহা ব্ৰহ্ম- -সৃষ্টি সব নষ্ট হয়॥ মই নাৰাখিলে আক কোনে ৰক্ষা কৰে। এহি বুলি বৃষভৰ নামিলন্ত হৰে॥ ৫৩৬ বাঘছাল টান কৰি কটিত বান্ধিলা। উৰ্দ্ধত বান্ধিলা জটা এৰি মুণ্ডমালা॥ সৰ্ব অলঙ্কাৰ তেজি আন্তৰায় থৈলা। দেখি মহামায়া আতিশয় ভয় ভৈলা॥ ৫৩৭ বাঢ়িবে লাগিলা শঙ্কৰৰ কলেৱৰ উৰ্দ্ধে আকাশত গৈয়া লাগিলেক শিৰ॥ মেৰু মন্দাৰত কৰি শৰীৰ বাঢ়য়। যোগমায়া তনু যিটো হৰ কৃপাময়॥ ৫৩৮ বৈশম্পায়ন বদতি শুনা নৃপবৰ। আশ্চৰ্য্য মহিমা সেহি শূল মহেশৰ। যেৱে শূল দানৱে হাতত তুলি লৈলা। বাঢ়ি যায় সিটো শূল ভয়ানক ভৈলা॥ ৫৩১ ৰাখিবে নপাৰে সিটো দৈত্য দুৰাচাৰে। লাগিল জমক তাক চাহিবে নপাৰে।। যোগমায়া শূল তাৰ মহিমা আছয়। এক ত্ৰিনয়ন বিনা অন্যে নজানয়॥ ৫৪০ ১২১ [ ৯৫ ] ১২২ অশ্বকৰ্ণ বধ মহাভয় হুয়া আগ পাচ নচাহিলা। যিমান শকতি বলে শূল প্ৰহাৰিল।। ভীম-ধনঞ্জয় দুই চাহিয়া আছিল। ধ্বনি লাগি দুয়ো বীৰ উফৰি পৰিল॥ ৫৪১ শূলধৰ আছে দেখি দেৱ ত্ৰিপুৰাৰি। ছাব দিয়া ধৰিলেক ওঁকাৰ সুমৰি॥ গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প। মহেশৰ হাতত গৈলন্ত তাৰ দৰ্প॥ ৫৪২ তাহাক ধৰিয়া পাচে দেৱ ত্ৰিপুৰাৰি। মহাৰঙ্গে নচুৱান্ত ঊৰ্দ্ধবাহু কৰি॥ মণিমন্ত মহাবীৰ বৃষভ আনিল। লাম্ফ দিয়া ত্ৰিনয়নে তাহাতে চৰিল॥ ৫৪৩ চৈধ্যয় ভুৱনে আজি মিলিল প্ৰলয়। বৃষভ বাহনে শূল থৈলা কৃপাময়।। পাৰ্বতী বোলন্ত প্ৰভু ভৈল বিপৰ্য্যয়। সমস্ত লোকৰ আজি খণ্ডিল অপায়॥ 544 তুমি নাৰাখিলে হন্তে দেৱ পশুপতি। কতেক বৰ্ণাইবো আৰো লোকৰ বিপত্তি॥ হেন বাণী বোলে শুনা মহেশ গোসাই। আদিত্য দানৱ সৃষ্টি কৰিবে লাগয়॥ ৫৪৫ পূজা খাইবে পাইলে ব্ৰহ্মা প্ৰজাপতি। বৰ দিয়া থাকে চিন্তে লোকৰ বিপত্তি॥ ভীম-ধনঞ্জয়ৰ হৰ-গৌৰী স্তুতি এহি বুলি গৌৰী মাৱ মৌন হুয়া ৰৈলা। শুনা জন্মেজয় পাচে যেন কথা ভৈলা॥ ৫৪৬ [ ৯৬ ] অশ্বকৰ্ণ বধ অনন্তৰে ভীম ধনঞ্জয় দুই বীৰ। আনন্দিত মনে গৈলা আগক শিৱৰ॥ আজি দৈত্য যমলোকে পঠাবো নিশ্চয়। তোমাৰ চৰণে যদি ভকতি আছয়॥ ৫৪৭ এতেকেসে আমাৰ ৰহিল নিজ দেহ। আমাৰ ভাগ্যৰ কিবা কহিবো সন্দেহ।। মহাযত্ন কৰি গৃহে প্ৰতিমা নিৰ্মিয়া। অনেক প্ৰকাৰে পূজে কায়কাষ্ঠা হুয়া॥ ৫৪৮ তথাপিতো বাক্য মনে নুহিকে গোচৰ। হেন দেৱ দেৱীৰ যে লভিলো ওচৰ॥ যাত হন্তে গৈল মহাপ্ৰলয় বিকল। ব্ৰহ্মা আদি দেৱ নাশ হোৱয় সকল॥ ৫৪১ যাহাৰ কৃপাত মহা দেৱগণ যত। কৰে সুখ ভোগ প্ৰজা পালন্ত সমস্ত॥ হেন মহেশ্বৰ শঙ্কৰক দেখি আমি। কালমূৰ্ত্তি শিৱ যিটো জগতৰ স্বামী॥ ৫৫০ আন আন স্তুতি নতি কৰিলো মিনতি। দুয়ো কৰিলন্ত হৰ গৌৰীক প্ৰণতি॥ হৰৰ উপদেশ বিশ্বৰূপ সম্বৰিয়া দেৱ ত্ৰিনয়ন। অৰ্জুন ভীমক চাই বুলিলা বচন॥ ৫৫১ শুনা দুই ভাই কথা কহো সাৰতৰ আৰাধি বাঢ়য় বল দৈত্য দানৱৰ॥ চৈধ্যয় ভুৱন আক্ৰমিলা দুৰাচাৰ এহি হেতু ইহাৰ চিন্তিবে লাগে মাৰ॥ ৫৫২ ১২৩ [ ৯৭ ] 328 অল্প আৰু অম্ল বল হৈবে লোক যত। এক দৈতো কৰিবেক জগতক হত॥ সেহিসে কাৰণে ম‍ই বুলিলো নিশ্চয়। অদানৰ লোক সব কৰিতে লাগয়॥ ৫৫৩ পাওপত্ৰ শৰ হানি কৰিয়ো নিৰ্মূল। নবোহা বাকী দৈত্য-দানৱৰ কুল॥ সকল জগত দেখা ব্যাপিয়া চলয়। অনৌষধি ব্যাধি যেন লোকক পীড়য়॥ ৫৫৪ হেন জানি ধনঞ্জয় শীঘ্ৰ গতি কৰ। লেখা জন্মেজয় কেনে দয়া ঈশ্বৰৰ॥ ঈ হৈবাৰ ফল এহিসে হোৱয়। ভূত প্ৰাণী সমস্তকে ৰাখিবে লাগয়॥ ৫৫৫ হৰ-পাৰ্বতীৰ বৰ লৈ ভীম-অৰ্জুনৰ দত্ত-পুত্ৰৰ লগত পুনৰ ৰণ হেন বাক্য শুনি ভীম ধনঞ্জয় দুই। গৌৰী শঙ্কৰক নমিলন্ত পদ চুই॥ আশীৰ কৰিল পাচে দুহান্ত্ৰেক চাই। অনায়াসে ৰণজয় হয়ো দুই ভাই॥ ৫৫৬ মহাৰঙ্গে লোকৰ বিপদ এৰায়োক। তোমাসাত হন্তে সব দৈত্যনাশ হৌক॥ এহি বুলি দুহাক আশীষ কৰিলা। অষ্টগুণে তেজ বোল গুণে বল ভৈলা॥ ৫৫৭ মহাবীৰ ধনঞ্জয় গাণ্ডীৱ ধৰিলা। মাধৱৰ গদাক ভীমেয়ো তুলি লৈলা॥ হৰৰ কৃপাত দুয়ো আক্ৰমিলা ভাল। দেখিতে সাক্ষাত যেন দুই গোটা কাল॥ ৫৫৮ [ ৯৮ ] অশ্বকৰ্ণ বধ মণিমন্ত আদি কৰি প্ৰমথ অনেক। দুহাম্ভৰ লগে চলি গৈলেক প্ৰত্যেক॥ এক এক প্ৰমথ পৰ্বত সমসৰ। দাস্ত মেলি গিলিবাক পাৰে দিবাকৰ॥ ৫৫৯ দুহান্তৰ লগে সবে চানিয়া চলয়। কতোদূৰ আগ হুয়া শঙ্কৰ গোসাই॥ অৰ্জুন ভীমক চাই দানৱসকলে। জিঙ্কাৰি উঠিলা সবে শৰীৰৰ বলে॥ ৫৬০ যি বেলাত ধনঞ্জয় শৰ প্ৰহাৰিলা। শূলৰ প্ৰহাৰ ছোটে কাকো নেদেখিলা॥ কি কাৰণে শূলবৰ উলটি নাসিল। অৱশ্যে জানিলো দুয়ো মানুষ মৰিল॥ ৫৬১ স্নান কৰি পুনু কিবা আসিবে দুনাই। কিবা ৰহিলন্ত সিটো আপোনাৰ ঠাই॥ যাৰ ধন লৈলে তাক নজানে বৰ্বৰ। পৰৰ ধনত মহতালি কৰে বৰ॥ ৫৬২ তাক কিছো নজানিলো দৈত্য দুষ্টশীল। আপোনাৰ শূল হৰে চিনিয়া ধৰিল। মুনিয়ে বোলন্ত ৰাজা শুনা জন্মেজয়। শূল হানি সচকিত দত্তৰ তনয়॥ ৫৬৩ বাহনে চৰিলা গৈয়া মহাৰঙ্গ মনে। অৰ্জুন ভীমক তৈতে পাই দৰিশনে॥ মনত বোলন্ত বৰ অকাৰ্য্য মিলিল। শূলৰ আগত দুই মনুষ্য ৰহিল॥ ৫৬৪ অতেক পুৰুষ আমি পূজা কৰো আৰ। মিছা শূলগোট তাৰ নাহিকন্তু ধাৰ। ১২৫ [ ৯৯ ] অশ্বকৰ্ণ বধ কোনবা দেৱতা পূজা মায়া কৰি খাই। ভণ্ডামি কৰিয়া সিটো আসিলা ইঠাই॥ ৫৬৫ আৱে জানা গৈলা সিটো আপোনাৰ থান মনুষ্যক মাৰিয়া তাহাৰ লৈবো প্ৰাণ।। এহি বুলি শৰ ধনু ধৰি দৈত্যগোট। দুহান্তোক শৰ প্ৰহাৰিলা বৰ ছোট॥ ৫৬৬ মহাবেগ কৰি ভীমে গদাগোট ধৰি। দৈত্যৰ মাজত পশিলেক ক্ৰোধ কৰি॥ বৰ বৰ দৈত্য বীৰ কোবাই মাৰয়। যেন মহাবৃক্ষসব বতাসে ভাঙ্গয়॥ ৫৬৭ দম্ভৰ তনয় খেদ কৰয় অপাৰ। মনুষ্যক মাৰিয়া কৰিবো প্ৰতিকাৰ।। শুনা সভাসদ সবে এৰি আন কাম। পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ৫৬৮ অৰ্জুনৰ হাতত দৈত্য-দানৱ সৈন্যৰ নাশ ঝুমুৰী জয়মুনি কহে তথা। ভৈল যেন শুনা কথা॥ ধনঞ্জয় বীৰবৰ। চাহিলন্ত নিৰন্তৰ॥ ৫৬৯ দৈত্য সৈন্য ভয়ঙ্কৰ। পন্থ সপ্ত দিৱসৰ॥ মাৰো পাশুপত্ৰ শৰ। ক্ষয় কৰো নিৰন্তৰ॥ ৫৭০ এহি বুলি মহাবলী। হাসিলন্ত খল খলি। [ ১০০ ] অশ্বকৰ্ণ বধ ইষ্টদেৱ শঙ্কৰক। কৰিলন্ত প্ৰণামক॥ ৫৭১ পাশুপত্ৰ শৰ আনি। যুৰিলন্ত মহামানী॥ যেখনে গুণত লৈল। শালবৃক্ষ সম ভৈল॥ ৫৭২ মন্ত্ৰ অভিষেক কৈলা। শৰ মাৰিবাক লৈলা॥ সিংহ বাঘ গজ শৰ। বজাইলা খৰতৰ॥ ৫৭৩ লক্ষে লক্ষে জাকে জাকে। গছকি মাৰয় তাকে।। ৰাক্ষশ পিশাচ বৰ। বজাৱয় নিৰন্তৰ॥ ৫৭৪ দৈত্য দানৱক পায়। গোটে গোটে ধৰি খায়।। কতো খাণ্ডা ধৰি কাটি। মুণ্ড হাড় ভক্ষে আতি॥ ৫৬৫ পায়া মাত্ৰ সেহি কালে। যান সম কতো গিলে॥ সিংহ বাঘ ঘোঙ্গে পায়। ধৰিয়া খেদিয়া খায়॥ ৫৭৬ পাশুপত্ৰ শৰ যেৱে। অৰ্জুনে যুৰিলা তেৱে। চৈধ্যয় লোকত যত। লোক মানে শ্ৰুতিহত॥ ৫৭৭ ১২৭ [ ১০১ ] অশ্বকৰ্ণ বধ ফণিধৰ অনন্তৰ। ফণামণি নিৰন্তৰ॥ দিগ্‌ গজ যতেক আছে। জানু পাৰি ৰৈলা পাছে॥ ৫৭৮ যিটো শৰে মহেশ্বৰে। জগত প্ৰলয় কৰে॥ কোন বস্তু দানৱৰ সেনাপতি অল্পতৰ॥ ৫৭৯ ক্ষণেকতে নাশ কৈল। অদৈত্য দানৱ ভৈল॥ কিছো বাকী নৰৈলেক। সবে চূৰ্ণ কৰিলেক॥ ৫৮০ সাগৰত স্নান কৰি। পুনৰ স্বদেহ ধৰি॥ হৃষ্ট পুষ্ট কলেৱৰ। খায়া পিয়া নিৰন্তৰ।। ৫৮১ অৰ্জুনৰ তূণে ৰৈলা। জগত নিৰ্মূল ভৈলা॥ শুনা শুদ্ধ বুধজন। পুণ্যকথা বিতোপন॥ ৫৮২ ঝুমুৰী ভাৰতচন্দ্ৰে। বিৰচিলা পদবন্ধে। আক যিটো শুনে গাৱে। পৰম মুকূতি পাৱে॥ ৫৮৩ ইহলোকে ধন জনে। নেৰিবেক সৰ্বক্ষণে॥ তেজি আন যত কাম। ডাকি বোলো ৰাম ৰাম॥ ৫৮৪ [ ১০২ ] অশ্বকৰ্ণ বৰ ১২৯ হৰ-পাৰ্বতীৰ আনন্দ আৰু হেমাক অৰ্জুনত অৰ্পণ কৰিবলৈ প্ৰস্তাব দুলড়ী মুনিয়ে বোলন্ত শুনিয়োক ৰাজা তাত পাচে যেন ভৈলা। শূন্য থান খান এৰি দুয়ো বীৰে হৰৰ পাশক গৈলা॥ বৃষভত চৰি পাৰ্বতী সহিতে আছে দেৱ ত্ৰিনয়ন। ধনঞ্জয় বীৰ ভীমক চাহিয়া হাসিয়া বোলে বচন।। ৫৮৫ ধন্য ধন্য দুই কুন্তীসুত বীৰ লোকৰ হিত কাৰণ। দেৱ গন্ধৰ্বৰ মনুষ্য লোকৰ গুচাইলা দুখমান॥ যেৱে মেদিনীত ৰহিলা কীৰিতি মহাভৰে দূৰ গৈলা। আজি ধৰি সব দুৰ্গতি খণ্ডিল পৰম সুখ যে ভৈলা॥ ৫৮৬ এহিসে কাৰণে হেমা কন্যা হাতে তোমাসাক অনাইলো। ৰাজাৰ কুমাৰী অৰ্জুন বীৰক হেমা যে কন্যাক দিলো॥ ভীম-ধনঞ্জয়ৰ স্তুতি ........... এহি কহি পাচে জগতৰ গুৰু শঙ্কৰ-পাবৰ্তী আছে। ভীম ধনঞ্জয় সমীপ চাপিয়া স্তুতি কৰিলন্ত পাচে॥ ৫৮৭ [ ১০৩ ] ১৩০ নমো ত্ৰিনয়ন অশ্বকৰ্ণ বধ কালমূৰ্ত্তি শূলপাণি। শশী-বিভূষণ ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে কটাক্ষ কৰে নজানি॥ মহা মহা ৰাজা সকলে যাহাক প্ৰৱন্ধে পূজা কৰয়। তযু অনুলেশ কৃপা পায়া মাত্ৰে সুখতে ৰাজ্য পালয়।। ৫৮৮ তযু অল্প ক্ৰোধে কটাক্ষ মাত্ৰকে ৰাজ্যশ্ৰী নষ্ট হোৱয়। আউৰ প্ৰৱন্ধে যদিবা আৰাধে তাহাক পুনৰ পাই॥ প্ৰাণ পৰিশ্ৰমে আপোন ভক্তক ৰাখা তুমি ত্ৰিপুৰাৰি। মনুষ্য শৰীৰে হেনয় প্ৰভুক দেখো আমি নেত্ৰভৰি॥ ৫৮৯ স্থূল সূক্ষ্মৰূপে মূৰ্তি মহাদেৱ এহি কৃপা কৰিয়োক। তোমাৰ প্ৰসাদে কৃষ্ণৰ চৰণে অচলা ভক্তি ৰহৌক। আৰ যিটো প্ৰভু হেমা কুমাৰীক মোক দিয়া ভাৰ্য্যা কৰি। কাৰ বা কুঁৱৰী কাৰ বা বহাৰী কাৰ বা হুয়াছে নাৰী॥ ৫৯০ হেন অজানিত সুন্দৰী ৰমণী কিসোক দিয়া আমাক হেন অযুগুত লোক গৰিহিত বোলা কেনে প্ৰভু বাক॥ [ ১০৪ ] সামান্য প্ৰাণীৰ অশ্বকৰ্ণ বধ ইটো যোগ্য নহে ইহ পৰলোক পাপ। আমি ৰাজকুলে হুয়া আছে। জাত নৰৰ ঈশ্বৰ বাপ॥ ৫৯১ উত্তম জনক অল্প প্ৰাণী সবে গঞ্জনা যদি কৰিব। লোক সকলৰ ইটো সব দোষে নৰকে জানো পৰিব। অৰ্জুনে হেমাক গ্ৰহণ কৰিবলৈ আপত্তি কৰাত শিৱৰ প্ৰবোধ বাক্য হেন শুনি পাচে শঙ্কৰে বোলয় ইহাৰ কহো কাৰণ। যি বুলিলা তুমি পৰ নাৰী চুৱা কহো শুনা বিৱৰণ॥ ৫৯২ যিটো নাৰীসব পতিব্ৰতা হয় তাহাৰ আছে বিচাৰ পতিব্ৰতা নাৰী চুৱা নুহিকায় বিহা পায় তিনিবাৰ॥ আৰো এক নাৰী বিহা কৰি এৰে আৰো স্বামী বিহা কৰে। তথাপিতো তাক সুনাৰী বোলয় জানা ইটো সাৰে সাৰে॥ ৫৯৩ এহি কথা পূৰ্ব গৌৰীৰ আগত কহিছো ম‍ই নিশ্চয়। মহা প্ৰকৃতিৰ কাৰণত হন্তে স্ত্ৰীক ৰত্ন বুলি কয়॥ ১৩১ [ ১০৫ ] ১৩২ অশ্বকৰ্ণ বধ ইহাৰ কাৰণ বহুত আছয় কহিছো মুনিসবত। ইটো দোষ বাপু তোমাৰ নাহিকে কহিলো মই সমস্ত॥ ৫৯৪ বিশেষত হেমা ৰাজাৰ কুমাৰী কেহো বিহা কৰা নাই। মোহোৰ বচনে দেৱৰ আদেশে হৰৰ বচন দৃঢ় কৰি ধৰা যায়।। হৰৰ বাক্যত অৰ্জুনৰ হেমাক গ্ৰহণ কুন্তীসুত মহাবলী শুনিয়া নিশ্চয় হেমা কুমাৰীক গ্ৰহণ কৰিয়া চাহিলন্ত মুণ্ড তুলি॥ ৫১৫ তুমি জগতৰ গুৰু মহেশ্বৰ চৈধ্যয় ভুৱনে সাৰ। ত্ৰিভুৱনে যত ৰাজাগণ আছে তুমিসে শ্ৰেষ্ঠ সবাৰ॥ তোমাৰ আজ্ঞাৰ অপেক্ষায় থাকে চক্ৰৱৰ্তী ৰাজাজাক। তবু কটাক্ষতে বিনাশ হোৱা এতেকেসে প্ৰভু মনোয়ো নাজানে তাক॥ ৫৯৬ আমি পালিবাক লাগে। তোমাৰ আজ্ঞাক ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে সেৱা কৰে অনুৰাগে॥ [ ১০৬ ] অশ্বকৰ্ণ বধ ত্ৰিনয়ৰ বৰদান আৰু উপদেশ হেন শুনি পাচে দেৱ ত্ৰিনয়নে বোলে দুহান্তক চাই। আৰো বৰ যেহি খোজা তাকে দিবো তোমাসাৰ দুই ভাই॥ ৫৯৭ ই তিনি লোকত তুমি দুহাত্তৰ কিঞ্চিতো অসাধ্য নাই। কৃষ্ণৰ চৰণে তোমাসাৰ ভক্তি নুগুচোক সৰ্বদায়॥ শঙ্কৰৰ আদেশত মায়াৰদ্বাৰা ভীম-ধনঞ্জয়ৰ পৃথিৱীলৈ প্ৰত্যাগমন আৰু যুধিষ্ঠিৰৰ আগত অদ্যোপান্ত কথা বৰ্ণন মায়াক চাহিয়া শঙ্কৰে বোলয় শুনিয়ো মোৰ বচন। যি কালত ৰাজা হোৱে হস্তিনাত পাণ্ডু পুত্ৰ পাঞ্চজন॥ ৫৯৮ এহি হেমা কন্যা অৰ্জন বীৰক তুমি নিয়া যোগাইবাহা। ভীম-অৰ্জুনক যুধিষ্ঠিৰ ৰাজা আগতে গৈয়া দিবাহা॥ এহি শুনি পাচে মায়া মহাৱলী বিমান আনি তেখনে ভীম-ধনঞ্জয় প্ৰণামি হৰক উঠিলা তৈত তেখনে॥ ৫৯৯ মহাযোগময় বিমানত চৰি কৰিলা গতি সত্বৰ। ছয় পৰে যায় পৃথিৱী উঠিলা না যে ছয় মাসৰ॥ ১৩৩ [ ১০৭ ] ১৩৪ অশ্বকৰ্ণ বধ অনন্তৰে পাচে কৃষ্ণ কৃষ্ণ স্মৰি যুধিষ্ঠিৰ নৃপৰায়। ক্ষণে যুগ বহি যায়॥ ৬০০ দেখিলন্ত গৈয়া বসিয়া আছন্ত হেন সময়ত মায়া মহাবীৰ তাসম্বাক ভেন্টিলেক। আদি অন্ত যত শিৱৰ বচন নৃপতিক কহিলেক॥ সাধু সাধু ৰাজা পাণ্ডুৰ তনয় বৈষ্ণৱৰ সাৰোতৰ প্ৰাণ পৰিশ্ৰমে লোকক ৰক্ষয় কাৰ্য্য এহি মনুষ্যৰ॥ ৬০১ দেৱৰ আদেশে তোমাসাৰ দুই ভ্ৰাতৃক আনিলো যায়। মহাভাৰ দূৰ কৰিবাক অৰ্থে আনিলো হেমা পঠায়॥ অনন্তৰে পাচে মায়া মহাযশ দেৱৰ শুনি আদেশ। শীঘ্ৰ গতি কৰি আপুন থানত ভৈল যায় পৰবেশ॥ ৬০২ মুনিয়ে বোলন্ত শুনা জন্মেজয় ৰাজা জিষ্ণু বায়ুসুত। যুধিষ্ঠিৰ ৰায় ভ্ৰাতৃক দেখিয়া আনন্দ ভৈল বহুত॥ [ ১০৮ ] অশ্বকৰ্ণ বধ বৃকোদৰ আৰু যুধিষ্ঠিৰৰ কথোপকথন ছবি তিনি পক্ষ সিটো ঠাই আছিলা কিমতে যায় সব কথা কহা মোত ফিৰি। তোহোক নাপাই আমি যতেক পাইলো দুখ সবেয়ো গুচিল আজি ধৰি॥ ৬০৩ হেন শুনি বৃকোদৰ সব কথা কহিলেক হেমা কন্যা কিমতে পাইলেক। অশ্বকৰ্ণ ৰাক্ষসক যেনমতে বধিলেক মহা গদা তৈতে লভিলেক॥ দম্ভ সঙ্গে যেহিমতে অসংখ্য কটক সাজি মোক অৰ্জুনক দিলা। তাহাৰ সৈন্যৰ কোনে লেখ জোখ কৰিবেক দুইবাৰ অৰ্জুনে কাটিলা॥ ৬০৪ সিটো পাপী দুৰাচাৰ পাতালত পশি গৈয়া মহাশূল গোটক আনিলা। বৰ পৰাক্ৰমে সিটো শূলগোট প্ৰহাৰিলা নিজৰূপ শঙ্কৰে ধৰিলা॥ মহেশৰ ঘোৰৰূপ শূলৰ প্ৰচণ্ড ভাৱে দেখি দুহান্তৰ মহাভয়। আমি দুই ভাই পাচে দেখিয়া বিস্ময় ভৈলো জানো ঘোৰ মিলিল প্ৰলয়॥ ৬০৫ জগতৰ মহাভয় জানিলন্ত ত্ৰিনয়নে অনুৰূপে মনত গুনিলা। বোলে ইটো দৈত্যচয় নিগুটি কৰিবে লাগে

তেৱে জানা সকলে ৰহিলা॥ [ ১০৯ ]

পাচে অৰ্জুনক মাতি পাশুপত্ৰ শৰ হানি
 দানৱক মাৰিবে বুলিলা।
মহাবীৰ ধনঞ্জয় সপ্তম দিনৰ পথ
 যত দৈত্য সৈন্যক মাৰিলা॥ ৬০৬
বিতল পুৰত মহা তমোময় উৎপাত
 মহেশৰ সাক্ষাত মিলিলা।
মহাভয় পায় পাচে অন্যো অন্যে কথা কহে
 কিনো মহা সঙ্কটে ৰাখিলা॥
হেন শুনি যুধিষ্ঠিৰ বোলে বাপু ইথানত
 মহাঘোৰ প্ৰমাদ মিলিলা।
ভৈলেক উলুকাপাত বন সব দহিলেক
 মহা মহা পৰ্বত খসিলা॥ ৬০৭
এহিমতে যত কথা কহিলা শুনিলা সবে
 কুন্তীৰ তনয় মহামতি।
ভাৰত-ভূষণ কবি বিৰচিলা পদ ছবি
 এহিমানে ভৈলা সমাপতি॥
শুনিয়োক সভাসদ অগাধ ভাৰত পদ
 হংস-কাকী যামল মিশ্ৰিত।
মহামুনি দ্বৈপায়নে কৰি পৰম যতনে
 নিৱন্ধ কৰিলা মনোনীত॥ ৬০৮
হেন জানি বুদ্ধজন মোৰ দোষ ক্ষমা কৰি
 শুনা আক তেজি আন কাম।
পুৰোক পাপৰ দাম পুন্য হৌক অবিশ্ৰাম
 ডাক ছাড়ি বোলা ৰাম ৰাম॥ ৬০৯

:সমাপ্তঃ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )