এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অশ্বকৰ্ণ বধ কোনবা দেৱতা পূজা মায়া কৰি খাই। ভণ্ডামি কৰিয়া সিটো আসিলা ইঠাই॥ ৫৬৫ আৱে জানা গৈলা সিটো আপোনাৰ থান মনুষ্যক মাৰিয়া তাহাৰ লৈবো প্ৰাণ।। এহি বুলি শৰ ধনু ধৰি দৈত্যগোট। দুহান্তোক শৰ প্ৰহাৰিলা বৰ ছোট॥ ৫৬৬ মহাবেগ কৰি ভীমে গদাগোট ধৰি। দৈত্যৰ মাজত পশিলেক ক্ৰোধ কৰি॥ বৰ বৰ দৈত্য বীৰ কোবাই মাৰয়। যেন মহাবৃক্ষসব বতাসে ভাঙ্গয়॥ ৫৬৭ দম্ভৰ তনয় খেদ কৰয় অপাৰ। মনুষ্যক মাৰিয়া কৰিবো প্ৰতিকাৰ।। শুনা সভাসদ সবে এৰি আন কাম। পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ৫৬৮ অৰ্জুনৰ হাতত দৈত্য-দানৱ সৈন্যৰ নাশ ঝুমুৰী জয়মুনি কহে তথা। ভৈল যেন শুনা কথা॥ ধনঞ্জয় বীৰবৰ। চাহিলন্ত নিৰন্তৰ॥ ৫৬৯ দৈত্য সৈন্য ভয়ঙ্কৰ। পন্থ সপ্ত দিৱসৰ॥ মাৰো পাশুপত্ৰ শৰ। ক্ষয় কৰো নিৰন্তৰ॥ ৫৭০ এহি বুলি মহাবলী। হাসিলন্ত খল খলি।