এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অশ্বকৰ্ণ বধ বৃকোদৰ আৰু যুধিষ্ঠিৰৰ কথোপকথন ছবি তিনি পক্ষ সিটো ঠাই আছিলা কিমতে যায় সব কথা কহা মোত ফিৰি। তোহোক নাপাই আমি যতেক পাইলো দুখ সবেয়ো গুচিল আজি ধৰি॥ ৬০৩ হেন শুনি বৃকোদৰ সব কথা কহিলেক হেমা কন্যা কিমতে পাইলেক। অশ্বকৰ্ণ ৰাক্ষসক যেনমতে বধিলেক মহা গদা তৈতে লভিলেক॥ দম্ভ সঙ্গে যেহিমতে অসংখ্য কটক সাজি মোক অৰ্জুনক দিলা। তাহাৰ সৈন্যৰ কোনে লেখ জোখ কৰিবেক দুইবাৰ অৰ্জুনে কাটিলা॥ ৬০৪ সিটো পাপী দুৰাচাৰ পাতালত পশি গৈয়া মহাশূল গোটক আনিলা। বৰ পৰাক্ৰমে সিটো শূলগোট প্ৰহাৰিলা নিজৰূপ শঙ্কৰে ধৰিলা॥ মহেশৰ ঘোৰৰূপ শূলৰ প্ৰচণ্ড ভাৱে দেখি দুহান্তৰ মহাভয়। আমি দুই ভাই পাচে দেখিয়া বিস্ময় ভৈলো জানো ঘোৰ মিলিল প্ৰলয়॥ ৬০৫ জগতৰ মহাভয় জানিলন্ত ত্ৰিনয়নে অনুৰূপে মনত গুনিলা। বোলে ইটো দৈত্যচয় নিগুটি কৰিবে লাগে তেৱে জানা সকলে ৰহিলা॥