পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২ অশ্বকৰ্ণ বধ ইহাৰ কাৰণ বহুত আছয় কহিছো মুনিসবত। ইটো দোষ বাপু তোমাৰ নাহিকে কহিলো মই সমস্ত॥ ৫৯৪ বিশেষত হেমা ৰাজাৰ কুমাৰী কেহো বিহা কৰা নাই। মোহোৰ বচনে দেৱৰ আদেশে হৰৰ বচন দৃঢ় কৰি ধৰা যায়।। হৰৰ বাক্যত অৰ্জুনৰ হেমাক গ্ৰহণ কুন্তীসুত মহাবলী শুনিয়া নিশ্চয় হেমা কুমাৰীক গ্ৰহণ কৰিয়া চাহিলন্ত মুণ্ড তুলি॥ ৫১৫ তুমি জগতৰ গুৰু মহেশ্বৰ চৈধ্যয় ভুৱনে সাৰ। ত্ৰিভুৱনে যত ৰাজাগণ আছে তুমিসে শ্ৰেষ্ঠ সবাৰ॥ তোমাৰ আজ্ঞাৰ অপেক্ষায় থাকে চক্ৰৱৰ্তী ৰাজাজাক। তবু কটাক্ষতে বিনাশ হোৱা এতেকেসে প্ৰভু মনোয়ো নাজানে তাক॥ ৫৯৬ আমি পালিবাক লাগে। তোমাৰ আজ্ঞাক ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে সেৱা কৰে অনুৰাগে॥