পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বকৰ্ণ বৰ ১২৯ হৰ-পাৰ্বতীৰ আনন্দ আৰু হেমাক অৰ্জুনত অৰ্পণ কৰিবলৈ প্ৰস্তাব দুলড়ী মুনিয়ে বোলন্ত শুনিয়োক ৰাজা তাত পাচে যেন ভৈলা। শূন্য থান খান এৰি দুয়ো বীৰে হৰৰ পাশক গৈলা॥ বৃষভত চৰি পাৰ্বতী সহিতে আছে দেৱ ত্ৰিনয়ন। ধনঞ্জয় বীৰ ভীমক চাহিয়া হাসিয়া বোলে বচন।। ৫৮৫ ধন্য ধন্য দুই কুন্তীসুত বীৰ লোকৰ হিত কাৰণ। দেৱ গন্ধৰ্বৰ মনুষ্য লোকৰ গুচাইলা দুখমান॥ যেৱে মেদিনীত ৰহিলা কীৰিতি মহাভৰে দূৰ গৈলা। আজি ধৰি সব দুৰ্গতি খণ্ডিল পৰম সুখ যে ভৈলা॥ ৫৮৬ এহিসে কাৰণে হেমা কন্যা হাতে তোমাসাক অনাইলো। ৰাজাৰ কুমাৰী অৰ্জুন বীৰক হেমা যে কন্যাক দিলো॥ ভীম-ধনঞ্জয়ৰ স্তুতি ........... এহি কহি পাচে জগতৰ গুৰু শঙ্কৰ-পাবৰ্তী আছে। ভীম ধনঞ্জয় সমীপ চাপিয়া স্তুতি কৰিলন্ত পাচে॥ ৫৮৭