পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩০ নমো ত্ৰিনয়ন অশ্বকৰ্ণ বধ কালমূৰ্ত্তি শূলপাণি। শশী-বিভূষণ ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে কটাক্ষ কৰে নজানি॥ মহা মহা ৰাজা সকলে যাহাক প্ৰৱন্ধে পূজা কৰয়। তযু অনুলেশ কৃপা পায়া মাত্ৰে সুখতে ৰাজ্য পালয়।। ৫৮৮ তযু অল্প ক্ৰোধে কটাক্ষ মাত্ৰকে ৰাজ্যশ্ৰী নষ্ট হোৱয়। আউৰ প্ৰৱন্ধে যদিবা আৰাধে তাহাক পুনৰ পাই॥ প্ৰাণ পৰিশ্ৰমে আপোন ভক্তক ৰাখা তুমি ত্ৰিপুৰাৰি। মনুষ্য শৰীৰে হেনয় প্ৰভুক দেখো আমি নেত্ৰভৰি॥ ৫৮৯ স্থূল সূক্ষ্মৰূপে মূৰ্তি মহাদেৱ এহি কৃপা কৰিয়োক। তোমাৰ প্ৰসাদে কৃষ্ণৰ চৰণে অচলা ভক্তি ৰহৌক। আৰ যিটো প্ৰভু হেমা কুমাৰীক মোক দিয়া ভাৰ্য্যা কৰি। কাৰ বা কুঁৱৰী কাৰ বা বহাৰী কাৰ বা হুয়াছে নাৰী॥ ৫৯০ হেন অজানিত সুন্দৰী ৰমণী কিসোক দিয়া আমাক হেন অযুগুত লোক গৰিহিত বোলা কেনে প্ৰভু বাক॥