ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২ অধ্যায়
- ৰামচন্দ্ৰক যুবৰাজ পতাৰ প্ৰস্তাৱ
প্ৰজা সবে বোলয় হৰিষ কৰে মন।
ৰাম যুবৰাজ ভৈলে সাফল জীৱন॥১
ধন্য উতপতি তেবে নেত্ৰৰ সাফল।
জীয়ন্ততে স্বৰ্গ মহা মিলিবে মঙ্গল॥২
মন্ত্ৰী পুৰোহিত যত ৰামত ভকত।
বশিষ্ঠ প্ৰমুখ্যে নৃপতিত অনুগত॥৩
মুখ্য মুখ্য পাত্ৰে মিলি সমত কৰিল।
দশৰথ ওৱাৰিত সবহি মিলিল॥৪
সিংহাসনে বসিয়া আছন্ত দশৰথ।
প্ৰতীহাৰে কৈলা গৈয়া বৃত্তান্ত সমস্ত॥৫
যত মুখ্য মুখ্য জন তোমাত ভকত।
হৰিষে মিলিল আসি সিংহ দুৱাৰত॥৬
নয়ন কটাক্ষে ৰাজা কৰিলা আদেশ।
দ্বাৰী জনে আনি সবে কৰাইলা প্ৰবেশ॥৭
বশিষ্ঠক দেখি ৰাজা চালিলন্ত গাৱ।
যেন ইন্দ্ৰে নমিলা গুৰুৰ দুই পাৱ॥৮
বশিষ্ঠ বসিলা তথা আনন্দ বদনে।
দশৰথ বসিলন্ত ৰত্ন সিংহাসনে॥৯
ৰাজাক প্ৰণামি ভক্তি কৰে সৰ্ব্বজনে।
ইন্দ্ৰক যেহেন তুতি কৰে দেৱগণে॥১০
সমস্তৰে ভক্তি দেখি দশৰথ ৰাই।
বুলিলা বচন পাচে সমস্তকে চাই॥১১
তোমাসাৰ দেখোঁ আজি প্ৰসন্ন বদন।
কিলো বাক্য বুলিতে সবাৰো আছে মন॥১২
অনন্তৰে পাত্ৰলোকে কৃতাঞ্জলি ধৰি।
ৰাজাক মাতিলা পাচে নমস্কাৰ কৰি॥১৩
শুনিয়ো গোসাঁই নিজ পৃথিবী পালক।
ৰাজ ৰাজেশ্বৰ ৰঘুবংশৰ তিলক॥১৪
তোমাৰ তনয় ৰাম সাফল জীৱন।
নিজগুণে ৰঞ্জিলন্ত নগৰীৰ জন॥১৫
দেৱৰ আগত আমি নোবোলোঁহো মিছা।
ৰাম যুবৰাজ হৈবে সমস্তৰে ইচ্ছা॥১৬
ঘৰ্ম্মদুঃখে আতিশয় পীড়া পায়া জন।
মেঘ জল বৃষ্টিক যেহেন কৰে মন॥১৭
ৰাম যুবৰাজ ভৈলে মিলে কৌতূহল।
হোৱয় আমাৰ তেবে জীৱন সাফল॥১৮
হেন বাক্য শুনি ৰাজা সহৰিষ মন।
ধন্য ধন্য প্ৰজা ৰাজা বুলিলা বচন॥১৯
অনুগ্ৰহ আছে মোক জানিলোহোঁ কাজ।
অবিলম্বে ৰামক কৰিবোঁ যুবৰাজ॥২০