সীতাই ৰাৱণক ৰ্ভতসনা কৰে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৮ অধ্যায়
সীতাই ৰাৱণক ভৰ্ত্সনা
- পদ ।
কদাচিতো তোৰ বচনক ন ধৰিবোঁ ।
নুহি মই নিৰাহাৰে পৰাণে মৰিবোঁ ॥১
দুৰাচাৰ ৰাৱণ হোৱস তই তপী ।
অধৰ্ম্মক ডৰে তোক ন মাৰোহোঁ শাপি ॥২
শান্তী সীতা মোক বলে ধৰিবাক চাস ।
ত্বৰিতে মাৰিতে লাগি লস গল পাশ ॥৩
গুচ গুচ নিশাচৰ সন্নিত ন চাপ ।
কৰিবোহোঁ ভস্ম নুহি দিয়া চণ্ডশাপ ॥৪
সীতাৰ বচন শুনি নৃপতি ৰাৱণ ।
ৰাক্ষসিনী লোকক বুলিলা তেতিক্ষণ ॥৫
স্বামীৰ সন্তাপ যেৱে নুগুচৈ মনত ।
ৰাখিয়া থাকাহা নিয়া অশোকবনত ॥৬
জনকৰ জীউ যেন হোৱয় সৰস ।
প্ৰতি টনকে যেন কাৰ্য্য হোৱে বশ ॥৭
ৰাৱণৰ বাক্য সবে শিৰে তুলি লৈল ।
সীতা মাজ কৰিয়া ৰাক্ষসী লৰি গৈল ॥৮
ত্ৰিভুৱনে সাৰ আতি অশোকৰ বন ।
স্বৰ্গত যেহেন দেৱৰাজৰ ভুৱন ॥৯
কল্পতৰু পাৰিজাত মন্দাৰ সন্তান ।
সুৱৰ্ণৰ বৃক্ষ সব জ্বলে থানে থান ॥১০
ত্ৰৈলোক্যত সাৰ যত বৃক্ষ নিৰন্তৰ ।
সুনিৰ্ম্মল জলে শোভে দিব্য সৰোবৰ ॥১১
সুৱৰ্ণৰ খাট খড়ি সুশোভিত ঘাট ।
পুষ্পৰ সুৰভি গন্ধে সুশোভিত বাট ॥১২
ৰাৱণৰ বন যত স্বৰ্গতো উপাম ।
তাৰ মাজে বৃক্ষ এক শিংশপা যে সাম ॥১৩
সুৱৰ্ণ মাণিক ভূমি তাহাৰ গুৰিত ।
ৰাক্ষসিনী মাজে সীতা ভৈলা উপস্থিত ॥১৪
সীতাৰ হৰণে চিত্ত সৱাৰ ভাগিল ।
কণাকণি কথা সবে লঙ্কাত লাগিল ॥১৫
ৰামৰ ভাৰ্য্যাক হৰি নকৰিল ভাল ।
ৰাক্ষসগণৰ হৃদয়ত দিল শাল ॥১৬
কেহোঁ বোলে ৰামে সবে সাধিবন্ত কায ।
হৰুৱাইলে লঙ্কেশ্বৰে লঙ্কা হেন ৰাজ ॥১৭
কতো বোলে ভায়া তই ভয় পৰিহৰ ।
ৰাৱণক ৰাঘৱে নোহয় সমসৰ ॥১৮
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক দেৱৰাজ ।
নিৰাহাৰে জানেকী আছন্ত লঙ্কা মাজ ॥১৯
বাৰ্ত্তা নাপাই ৰাঘৱৰ হৈবন্ত বিনাশ ।
আমৰা সৱৰ হৈব নিষ্ফল প্ৰয়াস ॥২০
ঝাণ্টে কৰি ইন্দ্ৰ তুমি লঙ্কা চলি যাহা ।
ৰাঘৱৰ বাৰ্ত্তা জানকীত জনাবাহা ॥২১
পায়স দিয়োক জানকীৰ বিদ্যমান ।
পতিব্ৰতা নাৰীৰ তেৱেসে ৰহে প্ৰাণ ॥২২
ব্ৰহ্মাৰ আজ্ঞাক ইন্দ্ৰে শিৰত লৈলন্ত ।
হাতত পায়স লৈয়া লঙ্কাত গৈলন্ত ॥২৩
নিদ্ৰাবাণ ৰাক্ষসিনীগণক হানিল ।
অচেতনে পৰিগৈল কিছো ন জানিল ॥২৪
চিন্তা শোকে থিৰ ভৈলা জনকৰ জীৱ ।
হাতত পায়সে ইন্দ্ৰ আগে ভৈলা থিৱ ॥২৫
দেখিয়োক সীতা হেৰ আমি দেৱৰাজ ।
সমস্তে কুশল ৰাম লক্ষ্মণৰ কায ॥২৬
ভুঞ্জিয়ো পায়স শোক কৰাঁ পৰিহাৰ ।
শত বৰিষতো ক্ষুধা ন লাগিবে আৰ ॥২৭
গুচিব পিয়াস সব শৰীৰ জুৰাইব ।
অবিলম্বে তুমিয়ে ৰামৰ কোল পাইব ॥২৮
ৰাৱণক ৰামে আসি ত্বৰিতে মাৰিব ।
আমি সব সহায় তোমাক নিস্তাৰিব ॥২৯
শঙ্কা এৰি মোৰ বাক্য বেদ পৰিমাণ ।
ৰাক্ষসী লোকক হানি আছোঁ নিদ্ৰাবাণ ॥৩০
সীতায়ে বোলন্ত তেৱে বাক্য জানোঁ সত ।
তুমি যএৱে ইন্দ্ৰ মই জানোঁ কেনে মত ॥৩১
ৰামে কহি আছে দেৱৰাজ স্বৰূপ ।
ছদ্ম পৰিহৰি ধৰাঁ আপোনাৰ ৰূপ ॥৩২
শুনি ইন্দ্ৰে ধৰিলন্ত আপোন স্বভাৱ ।
জাজ্বল্য সমান ভূমি নো চোৱয় পাৱ ॥৩৩
চক্ষুত নিমেষ নাহি দিব্য বস্ত্ৰ গাৱে ।
হাতে বজ্ৰ ধৰি থিত অন্তৰীক্ষ ভাৱে ॥৩৪
জানকীএ বোলন্ত জনক যেন বাপ ।
তোমাক দেখিয়া মোৰ গুচিল সন্তাপ ॥৩৫
জানিলোঁ তুমিসি ভৈলা স্বামীৰ সনাথ ।
এতমান অনুগ্ৰহ আছয় আমাত ॥৩৬
বাসৱে পায়স থৈলা জানকীৰ আগ ।
জনকৰ জীৱে কৰিলন্ত তিনি ভাগ ॥৩৭
ৰাম লক্ষ্মণক লাগি দুই ভাগ বঢ়াইলা ।
এক ভাগ পৰমান্ন আপুনিয়ো খাইলা ॥৩৮
জনকৰ জীউ যেবে পায়স খাইলন্ত ।
সীতাক সম্বুধি ইন্দ্ৰে স্বৰ্গক গৈলন্ত ॥৩৯
সীতা শান্ত ভৈলা কিছু ইন্দ্ৰৰ বচনে ।
ৰামৰ কাহিনী কহোঁ দণ্ডকাৰ বনে ॥৪০
মৃগৰূপ ৰাক্ষসক মাৰি ৰঘুবৰ ।
উতপাত মন ৰাৱ শুনি ৰাক্ষসৰ ॥৪১
আথে বেথে চলিলন্ত আপোনাৰ থাৱ ।
পাচত শৃগালে কাঢ়িলেক চণ্ডৰাৱ ॥৪২
ৰাঘৱে বোলন্ত মোৰ পোৰে সৰ্ব্ব গাৱ ।
কাঢ়িলেক মায়া মৃগে মোৰ থানে ৰাৱ ॥৪৩
শৃগালৰ নাদ শুনি বিয়াকুল চিত্ত ।
লখাই এৰি আছে জানোঁ সীতাৰ সন্নিত ॥৪৪
চিন্তা কৰি ৰাম দেৱে শীঘ্ৰে বহি যান্ত ।
পথত লক্ষ্মণ আসে তাক দেখিলন্ত ॥৪৫
হা হা লখাই কিনোঁ তুমি কৰিলা অকায ।
সীতাক এৰিয়া আইলে ঘোৰ বন মাজ ॥৪৬
কি কায কৰিলি তই লক্ষ্মণ ৰে বাপ ।
সহিতে ন পাৰোঁ আউৰ হৃদয়ৰ তাপ ॥৪৭
কি কাৰণে বাপি তই আইলে মোৰ ভিতা ।
ঘোৰ অৰণ্যৰ মাজে জানোঁ মৰে সীতা ॥৪৮
আশেষ বিলাপে নিজ থান গৈলা চলি ।
সীতাক নেদেখি তাপে পৰিলন্ত ঢলি ॥৪৯
হৰি হৰি কত দুঃখ দিলে মোক বিধি ।
জনকৰ জীউ ভৈল সপোনৰ নিধি ॥৫০
কৈক গৈলে বান্ধৈ সীতা মোৰ প্ৰাণেশ্বৰী ।
আমাক অনাথ কৰি গৈলে পৰিহৰি ॥৫১
জানেকীৰ শোকে মোৰ প্ৰাণ খানি যাউক ।
দণ্ডকাৰ বনত শৃগালে বেঢ়ি খাউক ॥৫২
কতেক কৰিলোঁ মই ইটো ঘোৰ পাপ ।
ৰাজ্য নাশ ভৈল আৰো মৰিলন্ত বাপ ॥৫৩
বন্ধুজন এৰিয়া বনক আইলো তিনি ।
হৰাইলোঁ সীতাক ঐতো মিলিল বিঘিনী ॥৫৪
কহি গৈলে সীতা মোৰ দুঃখৰ সৈতৰী ।
ঝাণ্টে মাত মোৰ হেৰা প্ৰাণ যাই হৰি ॥৫৫
সৰ্ব্বাঙ্গ সুন্দৰী বান্ধৈ সুবদনী সীতা ।
যক্ষে বা ৰাক্ষসে হৰি নিলে কোন ভিতা ॥৫৬
হেন বুলি কান্দিলন্ত ধৰণীত লুটি ।
হা সীতা বোলন্তে পৰাণ যাই ফুটি ॥৫৭
হৰি হৰি লখাই তই কি কৰিলি মোক ।
অগনি লগাইলে গাৱে কি কৰিবোঁ তোক ॥৫৮
সীতাক এৰিয়া গৈলে দহে শোকে মোক ।
খাণ্ডা হানি মৰোঁ মই তোৰ সুখ হৌক ॥৫৯
সীতা অবিহনে নলাগয় ৰাজ্য ভাৰ ।
বিষ প্ৰায় দেখোঁ মই সকলে সংসাৰ ॥৬০
প্ৰাণেশ্বৰী বিনে মই মৰিবোঁ বনত ।
এবে কৈকেয়ীৰ হৌক কৌতুক মনত ॥৬১
ৰাঘৱৰ শোকে লক্ষ্মণক মাৰে পুলি ।
দুই হাতে ৰামক ধৰিলা বীৰে তুলি ॥৬২
শুনিয়ো সমাজে ইতো ৰামায়ণ কথা ।
ইতো সংসাৰত সুখ নাহিকো সৰ্ব্বথা ॥৬৩
ইহাকে ঈশ্বৰ ৰামে কৰিলা বিদিত ।
তেসম্বে লভিলা দুঃখ এৰা ইতো ভিত ॥৬৪
পৰম ঈশ্বৰ ৰাম সীতা জগন্মাৱ ।
দেখাইলন্ত বিষয়ী জনৰ ইতো ভাৱ ॥৬৫
মহাধৰ্ম্মী যিতো অধৰ্ম্মৰ নাহি লেখ ।
সিয়ো জনে সংসাৰত ভুঞ্জে মহাক্লেশ ॥৬৬
ঈশ্বৰ ঈশ্বৰী দুইয়ো দেখাইলন্ত ভাক ।
তাসম্বাৰ নাহি দুঃখ জানা নিষ্ট বাক ॥৬৭
হেন জানি বিষয়ৰ আশা দূৰ কৰি ।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি ॥৬৮