পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৩ অধ্যায়
পৃথিবীৰ প্ৰতি ৰামৰ ক্ৰোধ ।
- পদ ।
এহিমানে গৈল ইটো জানকীৰ কথা ।
আত অনন্তৰে শুনা ৰামৰ অৱস্থা ॥১
কতোক্ষণে ৰঘুনাথে চেতন পাইল ।
কৈৰা সীতা বুলি যেন ছেঞ্চান্ত বাতুল ॥২
কৈতনো আছ শান্তী প্ৰাণপ্ৰিয়া মোৰ ।
সমাজতে বিচাৰি পাৰন্ত হাতালোৰ ॥৩
বোলন্ত বিশ্ৰুতি আতি বাউল পৰাই ।
ঝাণ্টে লাগ লৈয়ো প্ৰাণ লক্ষ্মণ ভৈয়াই ॥৪
আৰকা ৰাৱণে হেৰা হৰি নিলে সীতা ।
খুজি নপাওঁ বা্ন্ধৈ আবে গৈলা কোন ভিতা ॥৫
বাপ হনুমন্ত তই লঙ্কাত বিচাৰ ।
প্ৰাণত অধিক প্ৰিয়া হৰাইল আমাৰ ॥৬
সুহৃদ সুগ্ৰীৱ মোক আপদত তোল ।
কোনে নিলে সীতাক সত্বৰ কৰি বোল ॥৭
ইবাৰ নিজীবো মই জানকীৰ হেতু ।
ভালুক বানৰ সব বান্ধ শিলা সেতু ॥৮
বিভীষণ মিত্ৰ মোত কহ হিত চিত্তে ।
সিয়ো বাৰ পাইলো সীতা তোমাৰ নিমিত্তে ॥৯
বান্ধৈ অবিহনে হেৰা মৰোঁ প্ৰাণ ফুটি ।
এহি বুলি মাটিত পৰন্ত লোটা লুটি ॥১০
সীতা সীতা বুলিয়া কান্দন্ত গেৰিয়াই ।
গৈল বান্ধৈ মোক শোক সাগৰে পেহ্লাই ॥১১
হা বিধি দেখিবে নপাইলো মই ভালে ।
এতেকে লুকালি কৈত মোহোৰ কপালে ॥১২
ফুটে প্ৰাণ প্ৰাণেশ্বৰী অগ্নি লাগে গাত ।
কৰোঁ তোক কাতৰ পালটি মোক মাত ॥১৩
আবেসে জানিলো তই তেজিলি সমূলি ।
পৰি মূৰ্চ্ছা যান্ত কতো হা সীতা বুলি ॥১৪
দেখিয়া সীতাৰ তাপ তেজি বোলে লোকে ।
ৰামো মৰিবন্ত আজি জানকীৰ শোকে ॥১৫
হাহাকাৰ কৰে প্ৰজা ৰাঘৱক চাই ।
ৰামো বসিলন্ত পাছে কিছু শ্ৰুতি পাই ॥১৬
নুগুচয় ৰামৰ হিয়াৰ শোকশাল ।
নিশ্চয়ে জানিলো সীতা লুকাইলা পাতাল ॥১৭
জানকীৰ বিৰহে শৰীৰ সব পোৰে ।
পৃথিবীক কাতৰ কৰন্ত হাতযোৰে ॥১৮
তোমাৰেসে জীউ সীতা বসুমতী আই ।
তাহান সম্বন্ধে জানা আমিয়ো জমাই ॥১৯
মোতে ৰাগে গৈলা সীতা তোমাৰেসে ঠাই ।
বুলি মাতি দেবী দুনাই দিয়োক পঠাই ॥২০
নুহি মোক পাতাল পুৰতে দিয়া থান ।
হেনোবা জুৰাই জানকীক দেখি প্ৰাণ ॥২১
সীতাৰে লগতে মোক যেন যুৱাই হোক ।
ফাট দিয়া দেবী ময়ো যাওঁ পৰলোক ॥২২
প্ৰিয়াৰ বিৰহে দেখা দহে সৰ্ব্ব অঙ্গ ।
নকৰিবা বান্ধিবাৰ দুনাই দৌল ভঙ্গ ॥২৩
মহন্তৰ উচিত নুহিকে ইটো কৰ্ম্ম ।
জীউ দিয়া নিয়া দুনাই ইটো কোন ধৰ্ম্ম ॥২৪
সীতাৰ বিৰহে জীৱ ভৈলযে দগধ ।
শ্বাশু হুয়া জমাইৰ কিসক লোৱা বধ ॥২৫
এভো দেখোঁ নেদেস সীতাক উলিয়াই ।
কাতৰ কৰিলো পদে পাইলে হৈবে লাই ॥২৬
তইও মোক নিচনিলি দুৰ্ম্মতি বসুমতী ।
জানো তোক কৰ্ম্ম নিসিজিবে কুটুম্বতি ॥২৭
মোত দোষ নাহিকে আপুনি ভাঙ্গা লাজ ।
সীতাক নেদিলে আজি যাইবে কোন ৰাজ ॥২৮
শোকৰ জমকে কোপে কম্পমান তনু ।
পৃথিবীক লাগিয়া ধৰিলা শৰ ধনু ॥২৯
গৰ্জ্জন্ত জঙ্কাৰি মাথা থাকে বসুমতী ।
হটিলেসে নীচজন হোৱে শুদ্ধমতি ॥৩০
বোলস ক্ষেমিবে মোক কুটুম্বৰ গন্ধে ।
নিলি সীতা শ্বাশু আৰ কিসৰ সম্বন্ধে ॥৩১
হেনবা বুলিবি স্ত্ৰীক নমাৰিবে বাণ ।
শুননতো তাড়কাৰ ছৰাই আছো প্ৰাণ ॥৩২
আপুনি মৰন্তে আৰ কিবা কৰে গোটে ।
দুৰাচাৰী পৃথিবী লগাইলি খেড়ি মোতে ॥৩৩
জীবি যেবে জানকীক দেস বাজ কৰি ।
নুহি হেৰ হৃদয় বিদৰোঁ বসুন্ধৰী ॥৩৪
খণ্ড খণ্ড কৰি তোক নিবো ৰসাতল ।
শুষিবোহো শৰে সাত সাগৰৰ জল ॥৩৫
এহি ঘোৰ শৰে সাতো পাতালক ফুলি ।
আনিবো সীতাক এতিক্ষণে খানি তুলি ॥৩৬
আমাৰ ভাৰ্য্যাক ৰাখিবাক কাৰ বাপে ।
আছোহো মৰন্তে মই সীতাৰ সন্তাপে ॥৩৭
নাহি মোৰ দোষ সাখী হুইবা দিগপাল ।
এহি শৰে বিদাৰিবো পৃথিবী পাতাল ॥৩৮
এহি বুলি ৰামে ক্ৰোধে ভিৰিলন্ত বাণ ।
দেখি সবে সভাসদে তৰতৰি মান ॥৩৯
কাম্পে সুৰাসুৰ পাতালৰ যত নাগ ।
হংসৰ নামিয়া ব্ৰহ্মা ভেণ্টিলন্ত আগ ॥৪০
এৰাঁ এৰাঁ ক্ৰোধ ৰাম মোৰ হাক শুনি ।
তুমি কোন আপোনাক চিনিয়ো আপুনি ॥৪১
সকল সংসাৰ ইটো তোমাৰে প্ৰজনা ।
আপোনাৰে নিজৰূপ আপুনি নজানা ॥৪২
পৃথিবীক কোপ কিয় কৰিবাক লাগে ।
তুমি নতোহন্তে ৰামায়ণ ভৈলা আগে ॥৪৩
ঈশ্বৰ নিৰ্মিত কৰ্ম্ম হুইবেক অৱশ্যে ।
জগতকে যুৰিবে তোমাৰ ইটো যশে ॥৪৪
এই ৰামায়ণ যিটো জনে শুনে ভণে ।
বাঢ়িবে ভকতি তাৰ তোমাৰ চৰণে ॥৪৫
লৱে কুশে গাউক গীত তোমাৰ আগত ।
ভৱিষ্যত কথা হুইব আপুনি বেকত ॥৪৬
যাৰ যেন হুইবেক আপুনি আছে হুই ।
পৃথিবীক খঙ্গিতে তোমাৰ যোগ্য নুই ॥৪৭
কিসক পাসৰা ৰাম জগতৰ বাপ ।
সীতাৰ নিমিত্তে তাত ত্যজিয়োক তাপ ॥৪৮
এই পৃথিবীৰে খণ্ডিবাক লাগি ভাৰ ।
কিয় নুসুমৰা তুমি হৈলা অৱতাৰ ॥৪৯
হেন জানি বাপ আবে সম্বৰিয়ো ক্ৰোধ ।
চপৰাইলা মাথ ৰামে শুনিয়া প্ৰবোধ ॥৫০
ব্ৰহ্মাৰ বচনে কিছু ভৈলা চিত্ত শান্ত ।
শৰ ধনু সন্ধুকিয়া হাতৰ তেজিলন্ত ॥৫১
গুচায়া বচনে বিধি ৰাঘৱৰ শোক ।
হংস যানে চড়ি লৰি গৈলা ব্ৰহ্মলোক ॥৫২
পুত্ৰ দুইকো ধৰি ৰামে সজ্জল নয়নে ।
পুনৰপি পালটি বসিলা সিংহাসনে ॥৫৩
সীতাক সুমৰি মনে ওলমায়া মাথ ।
ঘনে ঘনে নিশ্বাস তেজন্ত ৰঘুনাথ ॥৫৪
ৰামৰ বিকল চিত্ত নুগুচিল জানি ।
পাতাল পুৰৰ পৰা নিকলিল বাণী ॥৫৫