ৰাক্ষসৰ কথা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫ম অধ্যায়
- ৰাক্ষসৰ কথা
- পদ।
নাৰদ বদতি ঋষি শুনিয়ো সাক্ষাত ।
ক্ষুদ্ৰৰূপে ৰামায়ণ কহিলোঁ তোমাত ॥১
প্ৰপঞ্চ স্বৰূপে তুমি কৰোঁ ৰামায়ণ ।
ব্ৰহ্মাক স্মৰিলে ব্যৰ্থ নুহিবে বচন ॥২
কহিলোঁহো অল্প কৰি চৰিত্ৰ আমাৰ ।
শুনিয়ো বৃত্তান্ত আৰু কহোঁ ৰাক্ষসৰ ॥৩
উপজিব ৰাৱণ অদ্ভুত কলেবৰ ।
দশ মু্ণ্ড কুৰি বাহু দেখি ভয়ঙ্কৰ ॥৪
ঘোৰ তপ আচৰি ব্ৰহ্মাত লৈব বৰ ।
সুৰাসুৰ লোকত অবধ্য কলেবৰ ॥॥৫
বেদ বিশ্বস্ৰবা বীৰ্য্যে নিকষাত জাত ।
হৈব তিনি সহোদৰ জগত প্ৰখ্যাত ॥৬
আৰু এক শ্ৰেষ্ঠ ভাই হৈব বৈমাতৰ ।
ইড়াৰ তনয় কুবেৰ ধনেশ্বৰ ॥৭
বিষ্ণুভক্ত হৈবন্ত কুবেৰ বিভীষণ ।
হৈব দুষ্ট দুৰ্জ্জন ৰাৱণ কুম্ভকৰ্ণ ॥৮
ৰাৱণৰ হৈব আৰু ভগিনী দুতয় ।
ত্ৰিজটা হৈবেক বিষ্ণুভক্ত আতিশয় ॥৯
শূৰ্পনখা হৈব আতি পৰম পাপিনী ।
ধৰ্ম্মাধৰ্ম্ম নাজানিব সিটো ৰাক্ষসিনী ॥১০
বিশ্বকৰ্ম্মে নানা চিত্ৰ কৰিব লঙ্কাত ।
দ্বতীয় অম্ৰাৱতী যেন দেখিব সাক্ষাত ॥১১
তাতে ৰাজ্য কৰিবা কুবেৰ ধনেশ্বৰ ।
হৈব লোকপাল ৰাজা যক্ষৰ উপৰ ॥১২
সুবৰ্ণৰ পুৰী লঙ্কা ৰত্নে জাতিষ্কাৰ ।
নানা চিত্ৰ বিচিত্ৰ প্ৰকাশে ঘৰ দ্বাৰ ॥১৩
নানা উপবনে ফলে ফুলে সমন্বিত ।
ভুঞ্জন্ত কুবেৰ বহু ভোগ মনোনীত ॥১৪
তপ কৰি ৰাৱণে ব্ৰহ্মাত বৰ পাই ।
কুবেৰৰ পাশে দুত দিবেক পঠাই ॥১৫
লঙ্কাপুৰী কুবেৰে আমাক দেউক ছাৰি ।
সুখে যেবে নেদেয় আপুনি লৈবোঁ কাঢ়ি ॥১৬
দূতে এহি কথা কৈব কুবেৰৰ আগে ।
নকৰিবা বিবাদ কুবেৰ মহাভাবে ॥১৭
দৈত্য অংশ ৰাৱণৰ বিবাদত ৰতি ।
বিষ্ণু অংশ কুবেৰৰ বিষ্ণুত ভকতি ॥১৮
এতেকে বিবাদ নকৰিয়া ধনপতি ।
পঠাইয়া মধুৰ বুলি ৰাৱণক প্ৰতি ॥১৯
লঙ্কাপুৰী ৰাজ্য তেজি দিবা ৰাৱণক ।
যক্ষগণ সমে চলি যাইবা কৈলাসক ॥২০
অলকাৱতী নামে এক পাতিয়া নগৰ ।
তথাতে ৰহিবা সুখে ধনৰ ঈশ্বৰ ॥২১
লঙ্কাত হৈবেক ৰাজ্য দুৰ্জ্জয় ৰাৱণ ।
ত্ৰিদশ দেৱক হিংসা কৰিব দুৰ্জ্জন ॥২২
বিশ্বজিসু নামে দৈত্য কুলে হৈব জাত ।
শূৰ্পনখা ভগিনীকে বিহা দিব তাত ॥২৩
ৰাৱণে কৰিব বিহা কন্যা মন্দোদৰী ।
ময়দানৱৰ ঝিউ পৰম সুন্দৰী ॥২৪
ৰাৱণৰ পুত্ৰ হৈব নামে ইন্দ্ৰজিত ।
দেৱে নপাৰিব তাৰ প্ৰতাপ সহিত ॥২৫
ৰথত চৰিয়া যাইব স্বৰ্গক ৰাৱণ ।
ইন্দ্ৰৰ নন্দন বন কৰিব উছন ॥২৬
দেখিয়া ইন্দ্ৰৰ মহা মৰ্ম্মে দহে মন ।
কুবেৰক হাতে ধৰি দেখাবন্ত বন ॥২৭
বাসৱৰ বচনে কুবেৰ বুদ্ধিমন্ত ।
ৰাৱণৰ ঠাই দূত পঠাই দিবন্ত ॥২৮
প্ৰবোধ বচন বুলি পঠাইবা বহুত ।
ৰাৱণৰ আগে তাক কহিবেক দূত ॥২৯
শুনি মহা কোপে ঝঙ্কাৰিয়া দশমাথ ।
কুবেৰৰ দূতক কাটিব লঙ্কানাথ ॥৩০
ৰথে চড়ি সাজি ধায়া যাইব লঙ্কেশ্বৰ ।
যক্ষ ৰাক্ষসৰ ঘোৰ মিলিব সমৰ ॥৩১
কুবেৰ ৰাৱণে ৰণ হৈব ভয়ঙ্কৰ ।
কৰিব সমৰ তিনি সহস্ৰ বত্সৰ ॥৩২
ব্ৰহ্মাৰ বৰত ভৈলা ৰাৱণ দুৰ্জ্জয় ।
তাহাৰ বিক্ৰম কাৰ শকতি সহায় ॥৩৩
কুবেৰক জিনি লৈব পুষ্পক বিমান ।
সেনা সমে চড়ি তাতে কৰিব পয়ান ॥৩৪
মহাবলৱন্ত ৰাৱণৰ সেনাগণ ।
যুদ্ধে জিনি বশ্য কৰিবেক ত্ৰিভুবন ॥৩৫
যৈতে যৈতে মহা যজ্ঞ শুনয় ৰাৱণ ।
লুৰি পুলি খায়া দায়া কৰয় উছন ॥৩৬
সুন্দৰী কন্যাৰ কথা শুনে যত মান ।
বলে হৰি আনিবেক আপনাৰ থান ॥৩৭
অনেক প্ৰহাৰ কৰি সংগ্ৰামৰ মাজ ।
কৰিবেক বিকৰ্থনা জিনি দেৱৰাজ ॥৩৮
সংযমনী গৈয়া বীৰ ৰাৱণ প্ৰচণ্ড ।
যম জিনি কাঢ়িয়া লৈবেক যমদণ্ড ॥৩৯
চন্দ্ৰক জিনিয়া তান হৰিবে প্ৰকাশ ।
বৰুণক জিনি তান লৈব নাগপাশ ॥৪০
তবে ষড়ঋতু সব হৈব বিপৰ্য্যয় ।
নৱগ্ৰহ সবাৰ খণ্ডাব ভাগচয় ॥৪১
কৰিব অধীন জিনি দৈত্য দানৱক ।
যুদ্ধে জিনি মন্দ তেজ কৰিব সূৰ্য্যক ॥৪২
অপেস্বৰা গন্ধৰ্ব্বো সেবিব নিৰন্তৰ ।
ভয়ে মন্দগতি আতি হৈব পৱনৰ ॥৪৩
সমস্তে দেৱৰে খণ্ডাইবেক অধিকাৰ ।
শুক্ৰক দেখিয়া কিছু কৰিব সত্কাৰ ॥৪৪
নকৰিব জগতক ইঙ্গিত দুৰ্ম্মতি ।
আপুনি হৈবেক ত্ৰিভুবন অধিপতে ॥৪৫
সমস্তকে ৰাৱণে লগায়া অপমান ।
ৰামৰ হাতত হৈব সবংশে নিৰ্যাণ ॥৪৬
সংক্ষেপে কহিলোঁ কথা ৰাম ৰাৱণৰ ।
প্ৰপঞ্চিয়া ৰামায়ণ কৰা মুনিবৰ ॥৪৭
বাল্মীকিক এতেক বুলিয়া দেৱ ঋষি ।
হৰিগুণ গায় চলি গৈলন্ত হৰিষি ॥৪৮
বাল্মীকিও ৰামৰ চৰিত শুনি কাণে ।
ভৈলন্ত তৃপিতি যেন অমৃতক পানে ॥৪৯
ৰামায়ণ কৰিবাক ভৈলা তান মতি ।
এক চিত্তে মুনি সুৰিলা সৰস্বতী ॥৫০
সুপ্ৰসন্ন হুয়া দেবী ভৈলন্ত সাক্ষাত ।
দেখিয়া বাল্মীকি কৰিলন্ত প্ৰণিপাত ॥৫১
ব্ৰহ্মাৰ আজ্ঞায়ে আমি কৰোঁ ৰামায়ণ ।
আমাৰ কণ্ঠত মাৱ হুয়োক প্ৰসন ॥৫২
বুলিলন্ত সৰস্বতী মুনিক বচন ।
থাকিবোহোঁ আমি তযু কণ্ঠে সৰ্ব্বক্ষণ ॥৫৩
তোমাৰ বচনচয় নুহিবে অন্যথা ।
কৰা সাৱধানে ৰাম অৱতাৰ কথা ॥৫৪
নিস্তৰোক লোক শুনি ৰামৰ চৰিত ।
এহি বুলি সৰস্বতী ভৈলা অন্তৰ্হিত ॥৫৫