লক্ষণৰ হাতত ৰাৱণৰ পৰাজয়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৭ অধ্যায় ।
- লক্ষ্মণৰ হাতত ৰাৱণৰ পৰাজয় ।
- পদ ।
বিভীষণে প্ৰতি প্ৰতি চিনাইলা প্ৰত্যেক ।
ৰাঘৱে বোলন্ত কিনো চণ্ড পুৰুষেক ॥১
সূৰ্য্যৰ সদৃশ জ্বলে তপৰ প্ৰভাৱে ।
চাহিতে নপাৰি চক্ষু জৌতিয়ে নধাৱে ॥২
ত্ৰৈলোক্যত সাৰ যত সৈন্য ৰাৱণৰ ।
একো একো বীৰ যেন যম কুবেৰৰ ॥৩
হাতে অস্ত্ৰ ধৰিয়া যুদ্ধক সবে জাম্পে ।
ভালে দেবাসুৰ নৰ তৰ তৰি কাম্পে ॥৪
সাজি আসি ভৈলা যেবে বীৰ লঙ্কেশ্বৰ ।
শ্ৰীৰাম লক্ষ্মণে হাতে লৈলা ধনুশৰ ॥৫
ৰণক হৰিয়ে গাৱে সন্নাহা চড়াইলা ।
ত্ৰিপুৰ দহিতে যেন মহাদেৱ আইলা ॥৬
ৰাৱণে সৈন্যক চাহি বুলিয়া আশ্বাস ।
আমি বিদ্যমানে কাৰো নাহিকে বিনাশ ॥৭
ৰণ চাহি থাকা মোৰ দেখাহা প্ৰভাৱ ।
বানৰৰ ৰুধিৰে তৰ্পিবো চণ্ডীমাৱ ॥৮
এহি বুলি ৰাজা শৰচাপ ধৰি কৰে ।
জাকে জাকে কপিক মাৰয় ঘোৰ শৰে ॥৯
ৰামসেনা বেচিয়া দিলেক অস্ত্ৰ জাক ।
শৰে হানি নিবাৰিল নুছুইলেক তাক ॥১০
আথাকে ৰাৱণে শৰ মাৰিতে লাগিল ।
ৰাঘৱৰ সেনা যত গিৰিসাই ভাগিল ॥১১
আকাশত মেঘ যেন উৰে চণ্ডৰাৱে ।
মৎস্য সব পলাই যেন কুম্ভীৰৰ ঘাৱে ॥১২
দশগ্ৰীৱে খেদয় মৃগক যেন বাঘ ।
নাইস বুলি সুগ্ৰীৱ ভেণ্টিলা তাৰ আগ ॥১৩
বল দিয়া সমূলি পৰ্ব্বত থোট তুলি ।
ৰাৱণক লাগিয়া হানিলা হুঃ বুলি ॥১৪
পৰ্ব্বতৰ বাঘ ঘোঙ্গ উফৰন্তে যাই ।
পশু সব উফৰয় নাগেয়ো ফোফাই ॥১৫
ৰাৱণক লাগি যাই বিম্বাদ শবদে ।
দেখিয়া ৰাক্ষসগণ থাকিলা তবধে ॥১৬
যমদণ্ড সদৃশ অনেক শত শৰে ।
পৰ্ব্বতক কাটিয়া পেলাইলা লঙ্কেশ্বৰে ॥১৭
খণ্ড খণ্ড হুইয়া যেবে গিৰি গৈলা ভাগি ।
দিব্য অস্ত্ৰ যুৰিলেক সুগ্ৰীৱক লাগি ॥১৮
হাওৰে বানৰ তোৰ এতমান গহ ।
ৰাৱণ ৰাজাৰ আজি প্ৰহাৰক সহ ॥১৯
এহি বুলি এক বাণে বিন্ধিলেক ছোহে ।
সেহি শৰে কপিৰাজ পৰিলন্ত মোহে ॥২০
ৰাৱণৰ শৰে যেবে বিন্ধিলা শৰীৰে ।
কেঙ্কাৱন্তে থাকিলা সুগ্ৰীৱ মহাবীৰে ॥২১
নিশ্চেষ্ট দেখিয়া সবে আপন ৰাজাক ।
মুখ্যে মুখ্যে দিলা ৰাৱণাক শৰ জাক ॥২২
গয় যে গৱাক্ষ অঙ্গদ জৌতিমুখ ।
নৈন্দ দ্বিবিদ নীল মনত আসুখ ॥২৩
সমূলে উভাৰি বৃক্ষ পৰ্ব্বত বৰিষে ।
হানি ৰাৱণাৰ পুৰিলন্ত দশোদিশো ॥২৪
নিসংশয় ৰণত দুৰ্ব্বাৰ লঙ্কেশ্বৰ ।
বজ্ৰসম হানিলা অনেক শত শৰ ॥২৫
ৰাৱণৰ অস্ত্ৰচয় যেন যম দণ্ড ।
বৃক্ষ শিখৰক কৰিলেক খণ্ড খণ্ড ॥২৬
বানৰৰ অস্ত্ৰ যেবে নুচুইলেক তাক ।
ৰাৱণে হানিলা অসংখ্যাত শৰ জাক ॥২৭
অৰ্দ্ধচন্দ্ৰ বিপাট বেলখ কনিয়ালী ।
নিৰন্তৰে বানৰক থৈলা সালি সালি ॥২৮
গিৰিস গিৰিস কৰি ধৰণীত শুয়া ।
সবহি থাকিলা পৰি বিমূৰ্চ্ছিত হুয়া ॥২৯
আন যত বীৰগণ ভঙ্গাইলা ৰাৱণ ।
সবেয়ো পশিলা গৈয়া ৰামত শৰণ ॥৩০
ৰামে দেখিলন্ত পাছে ৰাৱণৰ জয় ।
আপনাৰ বীৰ যত মূৰ্চ্ছিত হোৱয় ॥৩১
ধনুৰ্ব্বাণ সাজি যান্ত যুজিবাক মনে ।
আগবাঢ়ি হাত যোৰে বুলিলা লক্ষ্মণে ॥৩২
শুনিয়োক দাদা হেৰা তোমাতে মেলাওঁ ।
আজ্ঞা কৰিয়োক মোক যুজিবাক যাওঁ ॥৩৩
চিৰকাল তোমাৰ দুখৰ মান সাৰোঁ ।
আজ্ঞা কৰিয়োক মোক যুজি তাক মাৰোঁ ॥৩৪
আপনি জানাহা দাদা মই যেন বীৰ ।
শৰে হানি ৰাৱণৰ ছেদোঁ দশ শিৰ ॥৩৫
কীৰ্ত্তিক থৈ এৰোঁ আজি এহি তিনি লোক ।
ৰাৱণ বধিতে দাদা আজ্ঞা দিয়া মোক ॥৩৬
ৰাঘৱে বোলন্ত বাপ সুনৰে লখাই ।
মই জানোঁ তোক সম বীৰ কেহোঁ নাই ॥৩৭
দশগ্ৰীৱ অভঙ্গ দুৰ্ব্বাৰ বৰদত্ত ।
খলমলি লগাইলেক তিনিয়ো লোকত ॥৩৮
যুদ্ধত কুশল বৰ দুৰ্জ্জন ৰাক্ষস ।
ছিদ্ৰ চাই প্ৰহাৰ কৰয় যেন মশ ॥৩৯
আপনাক ৰাখিতে তাহাৰ সন্ধি চাহাঁ ।
হেলা নকৰিয়া বাপু যুজিবাক যাহাঁ ॥৪০
ৰাঘৱত মেলায়া লক্ষ্মণ চলি যান্ত ।
ৰাৱণৰ আগত হনুমন্তে ভেণ্টিলন্ত ॥৪১
শৰ সব ভাঙ্গি মুৰি এৰাইয়া পথত ।
ডেৱ দি চড়িলা গৈয়া তাহাৰ ৰথত ॥৪২
ৰাৱণৰ আগে পৰি ভাবুকি আউস ।
কিছু কিছু ভাবুকিয়ে জনাইলা তৰাস ॥৪৩
সম্বুধি বোলয় ওৰে দুৰ্জ্জন ৰাৱণ ।
বৰৰেসে প্ৰসাদে জিনিলি দেৱগণ ॥৪৪
তোত হাৰিলেক যত সুৰাসুৰ নাগে ।
বিদ্যাধৰ গন্ধৰ্ব্ব যে শবদতে ভাগে ॥৪৫
বানৰত ভয় তোৰ ভৈল আথান্তৰ ।
নাকোটিত কিলাই আজি নিবো যম ঘৰ ॥৪৬
তোৰ মোৰ সমৰ দেখক দেৱলোকে ।
প্ৰথম প্ৰহাৰ তই কৰি এৰ মোকে ॥৪৭
পাছে তোক মই বাম হাতে চৰ দিবোঁ ।
শৰীৰৰ জীৱ কাঢ়ি যম ঘৰে নিবোঁ ॥৪৮
ৰাৱণে বোলয় কত বিকৰ্থস আৰ ।
প্ৰথমতে মোক তই কৰিয়ো প্ৰহাৰ ॥৪৯
পাছে মোক কেন মতে চৱৰ মাৰিবি ।
মোহোঁৰ প্ৰহাৰে তই যমঘৰে যাইবি ॥৫০
মাৰুতি বোলয় কৰি আছোহোঁ প্ৰহাৰ ।
অক্ষ কুমাৰক পূৰ্ব্বে কৰিছো সংহাৰ ॥৫১
পুত্ৰ শোকে তোহোঁৰ হৃদয়ে দিলোঁ শাল ।
পাছে তোক মাৰো আগে মোক চোটঘাল ॥৫২
ক্ৰোধিলেক ৰাৱণ কঠোৰ শুনি বাণী ।
হৃদয়ত চৱৰেক বৈসাইলেক টানি ॥৫৩
ক্ষণেক কম্পিয়া গৈলা কপি মহাবীৰ ।
সাহাষ্টম হুয়া থিৰ কৰিলা শৰীৰ ॥৫৪
বজ্ৰসম চৱৰ বৈসাইলা হনুমন্তে ।
ফুৰি ফুৰি লঙ্কানাথে থাকিলা কম্পন্তে ॥৫৫
হাঞ্চুটি ধামিলা ৰাজা দেখে তমোময় ।
ভূমিকম্প যান্তে যেন পৰ্ব্বত কাম্পয় ॥৫৬
হনুমন্তে কম্পাইলন্ত ত্ৰৈলোক্য ৰাৱণ ।
দেৱ মুনি সিদ্ধ সব গন্ধৰ্ব্ব চাৰণ ॥৫৭
আকাশত থাকি ৰিঙ্গ দিলা কৌতূহলে ।
হাসন্ত নাচন্ত নৃত্য কৰন্ত সকলে ॥৫৮
কতোবেলি লঙ্কানাথে পাইলন্ত চেতন ।
মাৰুতিক বুলিলন্ত প্ৰশংসা বচন ॥৫৯
সাধু সাধু বায়ুসুত বৰ যশ পাইলি ।
মই হেন বীৰক একে চৱৰে কম্পাইলি ॥৬০
মাৰুতি বোলন্ত অৰে মই কেন ভাল ।
মোহোঁৰ চৱৰে তোৰ নভাঙ্গিল গাল ॥৬১
আমাৰ বীৰত্ব সবে আছো ধিক ধিক ।
মোহোৰ চৱৰে বেটা তই জীলি কিক ॥৬২
উপালম্ভ এৰি মোক আৰকা প্ৰহাৰ ।
মুঠিৰ প্ৰহাৰে তোক পোশোঁ যমদ্বাৰ ॥৬৩
তোৰ মোৰ সমৰ দেখন্তো দেৱলোকে ।
তেহে প্ৰশংসতো পাছে তোহোঁ কেবা মোকে ॥৬৪
খৰ্ব্ব বোলে ৰাৱণৰ মনত আতুষ্টি ।
নিৰ্ঘাত শবদে হৃদয়ত হানে মুষ্টি ॥৬৫
দাৰুণ প্ৰহাৰে কপি ভৈলন্ত বিহ্বল ।
ঢলিয়া পৰিলা যেন পৰ্ব্বত সচ্ছল ॥৬৬
হনুমন্ত অচেতনে পৰিবাৰ দেখি ।
নীল বানৰক ধাইলা তাহাঙ্ক উপেক্ষি ॥৬৭
শৰ বৃষ্টি কৰে যেন মেঘে ঢালে জল ।
অৰ্দ্ধে উৰ্দ্ধে দশ দিশে যুৰিলা সকল ॥৬৮
নীল সেনাপতিক পীড়িলা যেবে শৰে ।
ৰাৱণাক হানিলেক গিৰিৰ শিখৰে ॥৬৯
আতি বৰ বেগে আসে দশগ্ৰীৱে জানি ।
খণ্ড খণ্ড কৰিলা আনেক শৰ হানি ॥৭০
কতো বেলি হনুমন্তে পাইলন্ত চেতন ।
নুযুজি থাকিলা ৰঙ্গ চাহিবাক মন ॥৭১
ৰাৱ দিয়া বোলন্ত ৰাৱণ মন্দ কৰ্ম্ম ।
মোক এৰি আনক যুজস কোন ধৰ্ম্ম ॥৭২
আন কাণ কৰি ৰাজা শুনি নুশুনিল ।
ইহাৰ প্ৰহাৰে প্ৰাণ যাইবাৰ গুণিল ॥৭৩
সেনাপতি সমে ৰণ কৰিবাৰ ছল ।
মাৰুতিক কৰিবাক চাহন্ত নিকাল ॥৭৪
বৃক্ষ বৰিষিয়া নীলে দশোদিশে চাইলা ।
অসংখ্যাত শৰ হানি কাটিয়া পেলাইলা ॥৭৫
তৰু চূৰ্ণ ভৈলা দেখি ক্ৰোধে জ্বলি গৈলা ।
হ্ৰস্ব দেহা কৰি তাৰ ধ্বজত পৰিলা ॥৭৬
ইমাথাৰ পৰা কপি সি মাথাক যাই ।
কুৰি খান গালক ভাঙ্গিলা চৱৰাই ॥৭৭
মন পৱনৰ বেগে শীঘ্ৰে কপি হাঠি ।
খনু ৰণে ধ্বজে খনু মুণ্ডে মাৰে লাখি ॥৭৮
ৰাৱণ নৃপতি শৰ কৰিতে নপাৰে ।
বিস্ময়ে থাকিলা ৰাজা বিহ্বল স্বভাৱে ॥৭৯
অগনিৰ অস্ত্ৰক যুৰিলা লঙ্কেশ্বৰ ।
ডাক দিয়া বোলে শুনা মায়াবী বানৰ ॥৮০
আপন ৰাখিতে মোৰ যত আছে মায়া ।
এহি অস্ত্ৰ গোটে তোৰ পৰিবেক কায়া ॥৮১
মন্ত্ৰক পঢ়িয়া শৰ হানিলা ৰাৱণে ।
নীলৰ হিয়াত গৈয়া পৰিলা সন্ধানে ॥৮২
বাপখন প্ৰসাদে আপন তেজ বলে ।
প্ৰাণে নমৰিয়া ঢলি পৰিল সচ্ছলে ॥৮৩
নীলক পাৰিয়া বীৰ লক্ষ্মণক ধাইল ।
মেঘৰ গৰ্জ্জনে ৰথ সমৰ চপাইল ॥৮৪
লক্ষ্মণে বোলন্ত অৰে মায়াবী ৰাৱণ ।
বানৰক এৰিয়া আমাক দেহ ৰণ ॥৮৫
প্ৰচণ্ড বচন শুনি ধনুৰ টঙ্কাৰ ।
ৰাম হেন জানি মনে ক্ৰোধ ভৈলা তাৰ ॥৮৬
কি মোৰ আনন্দ ৰাম তোক ভেট পাইলোঁ ।
খাণিতেক ৰহ আজি যমক পঠাইলোঁ ॥৮৭
লক্ষ্মণে বোলন্ত ওৰে ৰাৱণ দুন্দুৰ ।
নিস্ফল ৰণৰ মাজে গৰ্জ্জস অসুৰ ॥৮৮
হেৰ দেখ আছো হাতে ধনু সৰ ধৰি ।
বিকৰ্থনা এৰি ৰণ দেহ ঝাণ্ট কৰি ॥৮৯
এতেক বচন শুনি নৃপতি ৰাৱণ ।
লক্ষ্মণক হানিল সনাইল সাত বাণ ॥৯০
শৰ বহি আসন্তে সুমিত্ৰে ভেট পাইল ।
আপনাৰ শৰে তাক কাটিয়া পেলাইল ॥৯১
লক্ষ্মণৰ শৰে সাতো বাণক ছেদিল ।
আথাকে ৰাৱণে শৰ মাৰিতে লাগিল ॥৯২
নিসন্ধি কৰিয়া শৰ আসে বায়ুবেগে ।
সূৰ্য্যক ঢাকিয়া যেন শ্ৰাৱণৰ মেঘে ॥৯৩
ৰাৱণৰ শৰে দেখে ছানিলা গগন ।
লক্ষ্মণৰ শৰে তাক কৰিলন্ত ছন্ন ॥৯৪
আকাশক ভেদিয়া শৰৰ জ্যোতিকাৰ ।
সূৰ্য্যৰ কিৰণে যেন ফেৰিলা আন্ধাৰ ॥৯৫
দশ পাট শৰ তূণ হন্তে বাচি লৈলা ।
আকৰ্ণ পূৰিয়া তাক হানিয়া পঠাইলা ॥৯৬
পিঠিত বজাইলা শৰ পৰি হৃদয়ত ।
মূৰ্চ্ছা যাই দশানন পৰিলা ৰথত ॥৯৭
চেতন লভিয়া ক্ৰোধিলেক যেন যম ।
কুৰি গোটা সৰ প্ৰহাৰিলা সৰ্প সম ॥৯৮
সন্ধানে পৰিলা লক্ষ্মণৰ হৃদয়ত ।
তমোময় দেখিলা লক্ষ্মণ ভগৱন্ত ॥৯৯
জাজ্জ্বল্য সমান ক্ৰোধি সুমিত্ৰা কুমাৰ ।
ধনু ধৰি ষাঠি শৰ কৰিলা প্ৰহাৰ ॥১০০
হৃদয়ত পৰি শৰ পিঠিত বজইল ।
শৰ চোটে দশগ্ৰীৱ দ্বিগুণে কিটাইল ॥১০১
চতুৰ্দ্দিকে লক্ষ্মণক দিলা শৰ জাক ।
বাণৰ আন্ধাৰে নেদেখিয় আপনাক ॥১০২
হেন দেখি লক্ষ্মণে হানিলা শৰ ছয় ।
অস্ত্ৰ চয় কাটিয়া গুচাইলা তমোময় ॥১০৩
দুয়ো বীৰে বেগে শৰ প্ৰহাৰ কৰয় ।
শৰে শৰে খাঞ্চিয়া চৌভিতি তমোময় ॥১০৪
দুয়ো দুইৰ শৰ কাটি গুচাইল আন্ধাৰ ।
ৰবিৰ কিৰণ আসি ভৈলা পয়সাৰ ॥১০৫
প্ৰসন্ন দেখিয়া শৰ হানে আসৰিস ।
জলস্থল আকাশ পূৰিলা দশোদিশ ॥১০৬
মেদিনী মণ্ডলে দুয়ো বীৰ খৰতৰ ।
দুইহানো শৰীৰ আতি শৰে জৰাজৰ ॥॥১০৭
দুইহানো শৰীৰ হন্তে বহয় ৰুধিৰ ।
দুই পৰ্ব্বতৰ যেন বহে গেৰু নীৰ ॥১০৮
লক্ষ লক্ষ কৌটি কৌটি অসংখ্য প্ৰমাণ ।
দুইহান ধনুৰ হন্তে নিকলয় বাণ ॥১০৯
দুই খান ধনু দেখি মণ্ডল আকাৰ ।
বাঁশ বন ফুটে যেন শৰৰ প্ৰহাৰ ॥১১০
দুয়ো বীৰে সম বলে প্ৰহাৰয় শৰ ।
নিসন্ধি কৰিয়া ফুটি গৈলা কলেৱৰ ॥১১১
আৰ কুশকণ্টক দিবাৰ সন্ধি নাই ।
বিপৰীত দেখি সৰ্ব্বজনে আছে চাই ॥১১২
তত্তুল্য সমান দুয়ো বীৰ বলীয়াৰ ।
আকাশৰ শৰ কাটি গুচাইলা আন্ধাৰ ॥১১৩
পুনৰপি দুয়ো বীৰে শৰ প্ৰহাৰয় ।
বানে নিসন্ধিয়া আকাশত তমোময় ॥১১৪
বিনা নিশা বিনা মেঘে ঘোৰ অন্ধকাৰ ।
বায়ু নবহন্ত নাহি ৰবিৰ সঞ্চাৰ ॥১১৫
পাখি সমে শৰ দুইৰো শৰীৰত পশে ।
মৰ্ম্মস্থান ভেদিয়া পাতাল পুৰ পশে ॥১১৬
অস্থি চৰ্ম্ম মাংসকো বিন্ধিলা দুইৰো শৰে ।
তথাপিতো দুয়ো বীৰে কটাক্ষ নকৰে ॥১১৭
অজয় অভঙ্গ দুয়ো কৰন্ত সংগ্ৰাম ।
ত্ৰৈলোক্যত সাৰ দুয়ো বীৰ অনুপাম ॥১১৮
সিংহ হেন জাম্পন্ত ৰণত নকম্পন্ত ।
অৱহিতে যুজন্ত ছিদ্ৰক নপাৱন্ত ॥১১৯
আগবাঢ়ি যান্ত পাছ লাগি নপলান্ত ।
তেলীয়াৰ জান্ত যেন চোবাৱন্ত দান্ত ॥১২০
দুৰ্জয় ৰাৱণ দশৰথৰ কুমাৰ ।
দুয়ো বীৰে যুজে তিনি ত্ৰৈলোক্যতে সাৰ ॥১২১
লক্ষ্মণে হানিলা অসংখ্যাত শৰ চয় ।
অস্ত্ৰ সব কাটিয়া গুচাইলা তমোময় ॥১২২
আকাশত দেৱগণ চাহিয়া আছন্ত ।
ৰামৰ কনিষ্ঠ বীৰ সমৰে নাচন্ত ॥১২৩
অৰ্দ্ধচন্দ্ৰ হানিলা বিপাট বসুদন্ত ।
পৰ্ব্বতক বেঢ়ি যেন দেৱে বৰিষন্ত ॥১২৪
দশগ্ৰীৱ কম্পি গৈলা শৰৰ প্ৰতাপে ।
ব্ৰহ্মাৰ দিবাৰ অস্ত্ৰ যুৰিলেক চাপে ॥১২৫
বল দিয়া হানিলেক শীঘ্ৰে বহি যাই ।
শৰ সব উৰাইলা মেঘক যেন বাই ॥১২৬
লক্ষ্মণৰ কপালত ফুটিলা সন্ধান ।
বিমূৰ্চ্ছিত ভৈলা বীৰ হৰিলা চেতন ॥১২৭
ক্ষণেকে চেতন পাইলা সুত সুমিত্ৰাৰ ।
ৰাৱণে গুণয় কিনো বীৰ বলীয়াৰ ॥১২৮
লক্ষ্মণে হানিলা তাক এগোটা নৰাচে ।
হৃদয়ত ফুটিয়া বজাইলা পিঠি পাছে ॥১২৯
দশগ্ৰীৱে কম্পয় লক্ষ্মণে হেন জানি ।
ধেনু খান ছেদিলন্ত অৰ্দ্ধচন্দ্ৰ হানি ॥১৩০
আকৰ্ণ পূৰিয়া ধনু আজুৰিয়া টানে ।
আৰ কায়ো বিন্ধিলা শনাইত শত বাণে ॥১৩১
বিপৰীত কৰিয়া ৰুধিৰ বহে গাৱে ।
ঘামি গৈলা লঙ্কানাথে চেতন নপাৱে ॥১৩২
বিহ্বল হৈলেক ৰাজা ঢলোপৰো কৰে ।
ক্ষণেকে চেতন পাইলা ব্ৰহ্মদত্ত বৰে ॥১৩৩
মনে মনে ৰাজা বোলে কিনো অসদৃষ্ট ।
ত্ৰৈলোক্য অজয় ইটো ৰামৰ কনিষ্ঠ ॥১৩৪
আন লগে যুজু যেবে মোৰ হুইবে উলি ।
এহি বুলি ব্ৰহ্মাৰ শকতি লৈলা তুলি ॥১৩৫
বলি দিয়া হানিলেক লক্ষ্মণক লাগি ।
আকাশত দেৱগণ পলাইলেক ভাগি ॥১৩৬
আকৰ্ণ পূৰিয়া ধনু আজুৰিলা টানে ।
শকতিক হানিলেক অসংখ্যাত বাণে ॥১৩৭
আকাশত উঠে যেন বিধূম অগনি ।
দেখিলন্ত লক্ষ্মণে শকতি আসে ছানি ॥১৩৮
শকতিত পৰি শৰ গৈলেক উফৰি ।
চমৎকাৰে লক্ষ্মণ থাকিলা হিয়া তৰি ॥১৩৯
হৃদয়ত পৰি চিতে পৰিলেক ঢলি ।
লক্ষ্মণৰ শৰীৰক শক্তি থৈলা সালি ॥১৪০
যিহেতু আপনি মহাব্ৰহ্ম শুদ্ধ সত ।
লক্ষ্মণে আপনি চিন্তি থাকিলা মনত ॥১৪১
নাসাত পৱন নাহি গমনাগমন ।
মৃতক শৰীৰ যেন হৰিলা চেতন ॥১৪২
হস্তীক মাৰিয়া যেন সিংহৰ আক্ৰান্তি ।
ৰথৰ নামিয়া ৰাজা আনিবাক যান্তি ॥১৪৩
কুৰি হাতে ধৰি দশগ্ৰীৱে দঙ্গা দিলা ।
নাৰায়ণ তেজ অনুমাত্ৰো নলৰিলা ॥১৪৪
ৰাৱণে বোলয় কিনো মুনিষ আসুখ ।
উপাৰিয়া নিবে পাৰোঁ মেৰু মন্দৰক ॥১৪৫
মহাদেৱে কৈলাসকে তুলি আলগাইলো ।
ৰাঘৱৰ কনিষ্ঠৰ ওচৰ নপাইলোঁ ॥১৪৬
হনুমন্তে গুণিলন্ত মিলয় অকায ।
লক্ষ্মণক নিবে খোজে লঙ্কাৰ যে মাজ ॥১৪৭
হৃদয়ত মাৰিলন্ত বজ্ৰসম মুষ্টি ।
সসাঙ্গে ঢলিলা ৰাজা প্ৰাণ যাই ফুটি ॥১৪৮
হনুমন্তে কম্পাইলন্ত ত্ৰৈলোক্য ৰাৱণে ।
সিদ্ধ মুনি বিদ্যাধৰ গন্ধৰ্ব্ব চাৰণে ॥১৪৯
আকাশত দেৱগণে কৰে জয় জয় ।
মাৰুতিৰ বীৰত্বক সবে প্ৰংশসয় ॥১৫০
দুইহাতে তুলিয়া কান্ধত কৰি লৈ ।
শীঘ্ৰবেগে আণ্টাইলা ৰামৰ পাশে গৈ ॥১৫১
লক্ষ্মণৰ হিয়াত শকতি হুসকিল ।
পুনুৰুপি ৰাৱণৰ টোণত পশিল ॥১৫২
সুমিত্ৰা নন্দন নাৰায়ণ মহাহৰি ।
শৰীৰ কৰিলা সুস্থ ব্ৰহ্মজ্ঞান স্মৰি ॥১৫৩
ৰাৱণো জীলেক পাছে বৰৰ প্ৰসাদে ।
ক্ৰোধত জ্বলিলা বানৰাৰ সিংহনাদে ॥১৫৪
আথে বেথ কৰিয়া আপন ৰথে গৈল ।
ধনুশৰ ধৰিয়া যুদ্ধক সাজ ভৈল ॥১৫৫
ৰামে দেখিলন্ত ৰাক্ষসৰ কুলি মালি ।
বৰ বৰ বীৰক ৰাৱণে থৈলা শালি ॥১৫৬
লক্ষ্মণ ভয়াই বৰ কষ্টে এৰাইলন্ত ।
আপনি সাজিয়া ৰাৱণক ধাৰে যান্ত ॥১৫৭
ৰামে যেবে সমৰ কৰিবে চলি যান্ত ।
কৰযোৰে হনুমন্ত বাক্য বুলিলন্ত ॥১৫৮
আদেশ গোসাই হেৰ আৰোহিয়ো মোক ।
পিঠিত চড়িয়া ৰাৱণক যুজিয়োক ॥১৫৯
এহি হৌক বুলি ৰামে পিঠিত চড়িলা ।
ৰাৱণ বধিতে সুমঙ্গলক পঢ়িলা ॥১৬০
ইন্দ্ৰদেৱ যান্ত যেন ঐৰাৱত স্কন্ধে ।
বিৰোচণ অসুৰক মাৰিতে প্ৰবন্ধে ॥১৬১
ৰথত চড়িয়া আছে বীৰ লঙ্কেশ্বৰ ।
শ্ৰীৰাম বদতি অৰে শুন নিশাচৰ ॥১৬২
কি মোৰ আনন্দ আজি তোক ভেট পাইবাঁ ।
স্ত্ৰীচোৰ তোক আজি যমক পঠাইবো ॥১৬৩
শৰণ পশস যেবে ব্ৰহ্মাদেৱ পাশ ।
জলে বুৰ দেস যদি তোৰ নাহি ৰাখ ॥১৬৪
তোৰ অনুবল হৌক দেৱসুৰ নৰে ।
সবাহাঙ্কে মাৰিবোঁ অবধ্য মোৰ শৰে ॥১৬৫
মোহোৰ ঘৰিণী হৰি আনিলি বৰ্ব্বৰ ।
কালে তোক গ্ৰাসিলে অধম নিশাচৰ ॥১৬৬
শকতি বিন্ধিলি তই যাহাৰ শৰীৰে ।
সবংশে মাৰিব তোক লখমণ বীৰে ॥১৬৭
ৰামৰ বচনে বীৰ ৰাৱণ খঙ্গাইল ।
অনেক তিখান শৰ গুণত চড়াইল ॥১৬৮
হনুমন্ত বীৰক বিন্ধিল বৰ টানে ।
মাৰুতিৰ হৃদয়ত ফুটিলা সন্ধানে ॥১৬৯
মৰ্ম্মস্থানে বিন্ধিলন্ত অসংখ্যাত বাণে ।
বাঢ়িবে লাগিলা কপি দশগুণ প্ৰাণে ॥১৭০
একেতো অবধ্য আৰু ৰাঘৱৰ যান ।
শ্ৰীমন্ত শৰীৰ জ্বলে মেৰুৰ সমান ॥১৭১
হনুমন্ত বীৰক বিন্ধিলা যেবে শৰে ।
ক্ৰোধিলেক ৰাঘৱ নসহে কলেৱৰে ॥১৭২
আৱৰ তাহাক শৰ কৰিতে নেদিল ।
অৰ্দ্ধচন্দ্ৰ হানি ৰামে ধনুক ছেদিল ॥১৭৩
শ্ৰীৰাম দেৱক মুনিষ নাই জোৰ ।
ত্বৰিতে কাটিলা ৰাৱণৰ চাৰি ঘোড় ॥১৭৪
ৰাঘৱৰ হাতত অবধ্য শৰ আছে ।
সাৰথিক কাটি ৰথ ভাঙ্গিলন্ত পাছে ॥১৭৫
শ্ৰীৰাম দেৱৰ প্ৰহাৰ নোহে ছোট ।
তূণবাণ ধনু কাটিলন্ত ধ্বজ গোট ॥১৭৬
ৰাৱণ ভূমিত পৰিল পাইল বৰ ভঙ্গ ।
ত্ৰিদশ দেৱৰ তাক দেখি বৰ খঙ্গ ॥১৭৭
এক বাণে হানিলন্ত ৰাৱণাক বুলি ।
পিঠি পাছে বাজ ভৈলা হৃদয়ক ফুলি ॥১৭৮
বিস্ময়ক পায়া বীৰে থাকিলা তৰাসি ।
হাত হন্তে অস্ত্ৰ তাৰ পৰিলন্ত খসি ॥১৭৯
সুৰগণে চাহিয়া আছন্ত একদৃষ্টি ।
অৰ্দ্ধচন্দ্ৰ হানি ৰামে কাটিলা কিৰীটি ॥১৮০
কিৰীটি পৰিলা খসি হৰিলা প্ৰতাপ ।
দশগ্ৰীৱ ভৈলন্ত নিৰ্ব্বিষ যেন সাপ ॥১৮১
শ্ৰীহানি ৰাৱণ মলিন হুইয়া গৈল ।
প্ৰচণ্ড আদিত্য যেন তেজহীন ভৈল ॥১৮২
ৰাঘৱে বোলন্ত মোৰ বচন আকল ।
জীৱমানে পঠাঁও লঙ্কাক লাগি চল ॥১৮৩
জনত থাকিবে মোৰ ৰাম হেন বীৰ ।
প্ৰয়াসিলা ৰাৱণৰ কাটিলন্ত শিৰ ॥১৮৪
সাষ্টম স্বৰূপে গৈয়া হয়ো সন্ধুক্ষণ ।
সাজি আস মাৰি পেশোঁ যমৰ কৰণ ॥১৮৫
বৈলেখিয়া লঙ্কেশ্বৰ চপৰাইলা মাথ ।
সসৈন্য আৰকা গৈয়া পশিলা লঙ্কাত ॥১৮৬
ৰাৱণাক দেখিয়া নিশ্ৰীক মুখ ভৈলা ।
লঙ্কাপুৰি খান কাংস পৰি জিম গৈলা ॥১৮৭
ৰাৱণ ৰাজাক ৰামে সমৰে ভঙ্গাইল ।
দেব মুনি ঋষিগণে আনন্দক পাইল ॥১৮৮
শ্ৰীৰামক প্ৰশংসিলা অনেক আনৰ্গ ।
বাদ্যভণ্ড শবদে পূৰিলা সপ্তস্বৰ্গ ॥১৮৯
ব্ৰহ্মা আদি দেৱে স্তুতি কৰিলা বিস্তৰ ।
পাৰিজাত বৰিষিলা শিৰৰ উপৰ ॥১৯০
যত যত বীৰগণে ঢালিলা ৰাৱণে ।
সবাৰো কাঢ়িলা সৰ শ্ৰীৰাম লক্ষ্মণে ॥১৯১
গাৱ সব মাজিলা অমৃত সম হাতে ।
দশগুণ তেজবল এৰাইলা আঘাতে ।১৯২
শুনা সভাসদ ৰামায়ণ কথা সাৰ ।
কলিযুগে আতপৰ ধৰ্ম্ম নাহি আৰ ॥১৯৩
জানি মহা সুখে পান কৰাঁ কৰ্ণ ভৰি ।
নিৰন্তৰে নৰে ডাকি বোলাঁ হৰি হৰি ॥১৯৪