শনিৰ বৰ
ৰামায়ণ বৃত্তান্ত |
---|
|
১৩ অধ্যায়
- শনিৰ বৰ
- ঝুমুৰি ।
অনন্তৰে দশৰথ ।
দুনাই জুৰিলন্ত ৰথ ॥১
এৰাই মহাশত্ৰু ভয় ।
ৰথে চড়ি মহাশয় ॥২
পুণৰপি স্বৰ্গে গৈলা ।
শনিৰ সমুখ ভৈলা ॥৩
পাচে শনি মহাভাগে ।
ৰাজাক দেখিয়া আগে ॥৪
ভৈল অতি চমত্কাৰ ।
আইল ৰাজা আৰু বাৰ ॥৫
কিনো মহাপুণ্যশীল ।
শনিৰ দৃষ্টিত জীল ॥৬
চাৰিও ঘোটক ৰৈল ।
কিনো বিপৰীত ভৈল ॥৭
মোৰ মহা দৃষ্টি পাত ।
সমুখে পৰয় যাত ॥৮
তাক যেন যমদণ্ড ।
পায়া কৰোঁ লণ্ডভণ্ড ॥৯
যেন মহা বহ্নি ঘোৰ ।
হেন দৃষ্টিপাত মোৰ ॥১০
তাহাতো নিস্তৰি আইল ।
কিনো ইতো তপসাইল ॥১১
মহাবলী তেজৱন্ত ।
ভাগ্যৰো নাহিক অন্ত ॥১২
মোহোৰ দৃষ্টিত ৰৈল ।
পুনৰপি আসি ভৈল ॥১৩
আপোনাক কৰি ধিক্ ।
মাতিলেক নৃপতিক ॥১৪
শুনিয়োক নৃপবৰ ।
গুচাঁ মোৰ সমুখৰ ॥১৫
আথে বেথে ৰথ লৈয়া ।
পাছত ৰহিলা গৈয়া ॥১৬
শনিৰ শুনিয়া বাণী ।
দশৰথ মহামানী ॥১৭
সমুখৰ গুচিলন্ত ।
পাছু হুয়া ৰহিলন্ত ॥১৮
দেখি শনি তুষ্ট ভৈলা ।
ৰাজাক বুলিবে লৈলা ॥১৯
শুনিয়োক দশৰথ ।
আমাৰ বৃত্তান্ত যত ॥২০
মোহোৰ সমুখ দৃষ্টি ।
পৰে যাত নিষ্টি নিষ্টি ॥॥২১
নাহিক কল্যাণ তাৰ ।
হোৱে সিতো বুন্দামাৰ ॥২২
হেন মোৰ সমুখত ।
ৰথে চড়ি মহাৰথ ॥২৩
ৰৈলা কিনো বিপৰীত ।
দেখি ভৈলোঁ সচকিত ॥২৪
তযু ইতো সাহসৰ ।
সীমা নাহি নৃপবৰ ॥২৫
এহি মতে গ্ৰহৰাজ ।
তেখি নৃপতিৰ কাজ ॥২৬
প্ৰশংসিলা বাৰে বাৰ ।
শুনা লোক সমজ্যাৰ ॥২৭
পুণ্যকথা ৰামায়ণ ।
শুনা সন্তোষিয়ো মন ॥২৮
ইতো জীৱ সমস্তৰ ।
সীমা নাহি জনমৰ ॥২৯
নানান শৰীৰ ধৰি ।
পাপ পুণ্য ভোগ কৰি ॥৩০
ফুৰে যত জীৱ গণ ।
নাহি তাক সুমৰণ ॥৩১
নিশেষ জন্মৰ অন্তে ।
কোন মহা পুণ্যৱন্তে ॥৩২
অনিগ্ৰহে মাধৱৰ ।
ধৰে নৰ কলেৱৰ ॥৩৩
হেন তনু আছা পায়া ।
ভৈল মাধৱৰ দায়া ॥৩৪
কৃষ্ণৰ দুখানি পাৱে ।
দিয়া মন সৰ্ব্ব ভাৱে ॥৩৫
যাৰ বৈকুণ্ঠত কাম ।
লৈয়ো হৰি গুণ নাম ॥৩৬
ইসি ধৰ্ম্ম অনুপাম ।
তেজিয়া সমস্ত কাম ॥৩৭
কৰি অতি অবিশ্ৰাম ।
নিৰন্তৰ বোলা ৰাম ॥৩৮
- ১৪ অধ্যায়
- পদ ।
- ১৪ অধ্যায়
অনন্তৰে শনি পূৰ্ব্ব কথা আপোনাৰ ।
কৰিবে লাগিলা দশৰথত প্ৰচাৰ ॥১
মোহোৰ পূৰ্ব্বৰ কথা শুনা মহামতি ।
পাৰ্ব্বতী দেৱীৰ পুত্ৰ ভৈলা গণপতি ॥২
মহেশ্বৰ স্থানে দেৱগণ গৈলা শুনি ।
মই মাত্ৰ কেৱল নগৈলো মনে গুণি ॥৩
মোহোৰ দৃষ্টিত জন্ম ভৈলা গণেশৰ ।
মই গৈলে বৰ মিলিবেক অথন্তৰ ॥৪
দেৱৰ লগত মোক নেদেখি সভাত ।
পাৰ্ব্বতী গোসানী পুছিলন্ত দেৱতাত ॥৫
আমাৰ থানক আইল সবে দেৱগণ ।
শনি কিয় নাইল বুলি কৰি কোপমন ॥৬
দূত পঠাই দিলা দেবী আমাৰ পাশক ।
দূতে বোলে শনি তুমি চলা কৈলাসক ॥৭
শুনি শীঘ্ৰে গৈলো মই কৈলাসক প্ৰতি ।
মোক দেখি কোপ পাচে তেজিলা পাৰ্ব্বতী ॥৮
প্ৰবেশিলো গৈয়া আমি যেখনে সভাত ।
গণেশৰ মুণ্ডগোট দেখিলো সাক্ষাত ॥৯
তেতিক্ষণে তান মাথা গোট ছিণ্ডি গৈল ।
কহো নেদেখিল মুণ্ড অন্তৰীক্ষ ভৈল ॥১০
হেন দেখি চিন্তা বৰ মিলিল আমাৰ ।
সকল সমাজে আতি কৰে হাহাকাৰ ॥১১
পৰম বিকলচিত্ত ভৈলন্ত পাৰ্ব্বতী ।
পুত্ৰশোকে অচেতন ভৈল মহাসতী ॥১২
মুণ্ড চাই ফুৰন্ত সকল দেৱগণে ।
নপাইল বিচাৰি মুণ্ড ই তিনি ভুবনে ॥১৩
পুছিলা পাৰ্ব্বতী সবে দেৱতাক চাই ।
কি কাৰণে আমাৰ পুত্ৰৰ মুণ্ড নাই ॥১৪
দেৱগণে বোলে মাৱ শুনিয়ো উত্তৰ ।
শনিৰ দৃষ্টিত জন্ম তোমাৰ পুত্ৰৰ ॥১৫
আৰু শনি আসি কৰিলন্ত দৃষ্টিপাত ।
তাতে সে ছিণ্ডিল মুণ্ড কহিলো সাক্ষাত ॥১৬
দেৱৰ বচনে দেৱী প্ৰকোপিত ভৈলা ।
ক্ৰোধবেগে ধায়া মোক মাৰিবাক গৈলা ॥১৭
হেন দেখি স্তুতি কৰি বোলে দেৱগণে ।
স্ৰজিলা আপুনি শনি মাৰিবা কেমনে ॥ ১৮
তোমাৰ স্ৰজন ইতো যত চৰাচৰ ।
সত দেৱ গণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ॥১৯
জল স্থল ত্ৰিভুবন স্ৰজিলা আপুনি ।
ভৈলা তুষ্টা দেৱী দেৱতাৰ স্তুতি শুনি ॥২০
দেৱক বোলন্ত যত্ন কৰা নিৰন্তৰ ।
যিমত উপায়ে মু্ণ্ড হোৱয় পুত্ৰৰ ॥২১
তেবেসে শনিৰ প্ৰাণ ৰহে মোৰ ঠাৱ ।
পবনে বোলন্ত কোপ তেজিয়োক মাৱ ॥২২
এখনে আনিবোঁ মুণ্ড তোমাৰ পুত্ৰৰ ।
এহি বুলি বায়ু উঠি গৈলন্ত সত্বৰ ॥২৩
দেখিলন্ত ঐৰাৱত হস্তীক পবন ।
উত্তৰক শিৰ কৰি আছয় শয়ন ॥২৪
তাৰ মাথাগোট দেৱে কাটিয়া আনিল ।
গণেশৰ গলত লগাই জোৰা দিল ॥২৫
ভৈলা গজানন নাম দেখিতে সুন্দৰ ।
গজমুণ্ড শুণ্ড মহাকায় লম্বোদৰ ॥২৬
সুন্দৰ আকৃতি পুত্ৰ দেখি গজানন ।
পৰম হৰিষ ভৈল পাৰ্ব্বতীৰ মন ॥২৭
ঐৰাৱত মুণ্ড কাটি পবনে আনিলা ।
দেখিয়া ইন্দ্ৰৰ মনে বিষাদ মিলিলা ॥২৮
হেন দেখি দেৱগণে চিন্তা বৰ পাইলা ।
সবে মিলি ঐৰাৱত হস্তীক জীয়াইলা ॥২৯
পাচে বাসৱৰ মনে মিলিল হৰিষ ।
সৱে দেৱগণ চলি গৈলা দিশে দিশ ॥৩০
এতেক প্ৰমাদ মিলে মোৰ দৃষ্টিপাতে ।
হেনয় দৃষ্টিত ৰাজা ৰহিলা সাক্ষাতে ॥৩১
গণেশৰো বিঘাত মিলাইলো এতমান ।
নৰ হুয়া আসাঁ তুমি মোৰ বিদ্যমান ॥৩২
যি কাৰণে ভৈলো আমি সূৰ্য্যৰ তনয় ।
সেহি বংশে উপজিলা তুমি মহাশয় ॥৩৩
সি হেতু ৰহিলা মোৰ আগে নৰেশ্বৰ ।
যেন লাগে মাগাঁ মোত দিবোঁ সেহি বৰ ॥৩৪
ৰাজায়ে বোলন্ত দৃষ্টি ছাৰা ৰোহিনীত ।
তেবে জলবৃষ্টি হৈবে মোৰ পৃথিবীত ॥৩৫
শনি বোলে ছাৰিলোঁহো ৰোহিনীত দৃষ্টি ।
তোমাৰ ৰাজ্যত আজি হন্তে হৈব বৃষ্টি ॥৩৬
বৰ পায়া হৰিষে নৃপতি গৃহে গৈলা ।
অনন্তৰে ৰাজ্যত বিস্তৰ বৃষ্টি ভৈলা ॥৩৭
নানাবিধ শস্যে ভৈল পৃথিবী পূৰণ ।
ভোগ ভুঞ্জি ভৈলা মহাসুখী সৰ্ব্বজন ॥৩৮
প্ৰজা সুখী ভৈলা দেখি হৰিষ ৰাজাৰ ।
লোক প্ৰতিপালি ভোগ ভুঞ্জিলা অপাৰ ॥৩৯