মাৰীচৰ মৃগৰূপ ধাৰণ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১০ অধ্যায় ।
মাৰীচ আৰু ৰাৱণৰ মন্ত্ৰণা
- দুলৰি ।
ৰাৱণে বোলয়, মাৰীচ মমাই,
- তুমি মোৰ মহাপাত্ৰ ।
মোক কি কৰিতে, পাৰয় ৰাঘৱে,
- মানুষ গোটসে মাত্ৰ ॥১
দশৰথ সুত, পাপৰ চৰিত্ৰ,
- নজানয় ধৰ্ম্মলেশ ।
স্ত্ৰীৰ বচনে, ভাৰ্য্যা ভাতৃ সমে,
- আসি ভৈল বন দেশ ॥২
মানুষ ৰাঘৱ, হোৱে বৰ বীৰ,
- কেমনে তই জানস ।
কি কাৰণে মোক, মাৰীচ মমাই,
- বাক্য বিষ বৰিষস ॥৩
ত্ৰৈলোক্য বিজয়ী, দুৰ্জ্জয় ৰাৱণ,
- মোৰ বীৰ নেদেখস ।
মোহোৰ আগত, মানুষ ৰামক,
- মুনিষ বুলি লেখস ॥৪
বাপেকে বনক, ডাকিলে নহয়,
- পিতৃত সিটো ভকত ।
তেহ্নয় সহস্ৰ, কোটি একোৰামো,
- নুহিকে মোক শকত ॥৫
কুৱেৰ দাদাক, যুদ্ধত জিনিয়া,
- লঙ্কাদেশ কাঢ়ি লৈলোঁ ।
ত্ৰিদশক জিনি, ৰণচেৰ কৰি,
- কীৰিতিক বৰ থৈলোঁ ॥৬
পাতাল পুৰত, ন ভৈলে শকত,
- মোক বৰ বৰ নাগে ।
মানুষ গোটক, মুনিষ বোলস,
- কি হেতু মোহেৰে আগে ॥৭
ইটো পৃথিবীৰ, ৰাজাগণ যত,
- মহাবীৰ বোলাইলেক ।
সি সব সমস্ত, মোহোৰ আগত,
- উচিত দণ্ড পাইলেক ॥৮
মাৰীচ মমাই, তুমি মহাবীৰ,
- মোহোৰ বচন শুন ।
নুপুছিলে কথা, আপুনি কহৱৈ,
- মন্ত্ৰীৰ নুহিকে গুণ ॥৯
ত্ৰিদশে ৰামৰ, সহায়ক ভজি,
- এহি যে কাৰ্য্য সাধিব ।
তথাপি সীতাক, হৰি লঙ্কা নিব,
- দৈৱে তাক ন বাধিব ॥১০
জানিবা মমাই, মোহোৰ সীতাক,
- ৰামে আৰ নপাইবেক ।
গম্ভীৰ সাগৰ, তৰিয়া কেমনে,
- লঙ্কাক লাগি যাইবেক ॥১১
অবশ্যেকে মই, জানিবা খৰৰ,
- কৰিবোহোঁ প্ৰতিকাৰ ।
পুনৰপি তুমি, হেন লঘু বোল,
- মোক নুবুলিবা আৰ ॥১২
হেন শুনি পাছে, মাৰীচে বোলয়,
- ৰাৱণৰ মন জানি ।
কেনেনো বিধাতা, জানকী সীতাক,
- এথা মিলাইলেক আনি ॥১৩
তোহোৰ ক্ষয়ৰ, কাৰণে নেজানোঁ,
- সীতা উতপতি ভৈল ।
সকল ৰাক্ষস, কুলৰ মাথাত,
- কালী পেচী পৰি গৈল ॥১৪
কমন মুগুধ, মন্ত্ৰীয়ে তোহোক,
- হেনয় বুদ্ধি দিলেক ।
তোক ন সহিয়া, কোনে হেন মতে,
- লঙ্কা পুৰী দহিলেক ॥১৫
ৰাৱণ ৰাজাৰ, শ্ৰী সম্পত্তিক,
- দেখিতে কোনেনো পাৰে ।
সেহিসে কাৰণে, ৰামৰ হাতত,
- উপায় কৰিয়া মাৰে ॥১৬
আপোনাৰ মই, কথাক কহওঁ,
- শুনিবি ৰাজা ৰাৱণ ।
বলৰ গৰ্ব্বত, পূৰ্ব্ব কালে মই,
- গৈলোঁ দণ্ডকাৰ বণ ॥১৭
বাছিয়া অনেক, ৰাক্ষস সেনাক,
- তুলত কৰিয়া লৈলোঁ ।
মহা মহা ঋষি, সবক মাৰিয়া,
- ভুঞ্জিয়া তৃপিতি ভৈলোঁ ॥১৮
পাছে এক বাৰ, বিশ্বামিত্ৰ নামে,
- ঋষিৰ থানক গৈলোঁ ।
ৰাক্ষসে সহিতে, যজ্ঞ ছন্ন কৰি,
- অনেক ঋষিক খাইলোঁ ॥১৯
ধৰ্ম্মৰ চৰিত্ৰ, ঋষি বিশ্বামিত্ৰ,
- তেহোঁ আতি বৰ তপী ।
পৰম কৃপালু, অধৰ্ম্মক ডৰে,
- মোকন মাৰিলা শাপি ॥২০
আতি মহাক্ৰুৰ, ৰাক্ষসৰ জাতি,
- আসঙ্গক বৰ পাইলোঁ ।
ৰাক্ষসক লৈয়া, নিতে নিতে গৈয়া,
- ঋষিগণ মাৰি খাইলোঁ ॥২১
হেন দেখি আছে, বিশ্বামিত্ৰ পাছে,
- গৈলা অযোধ্যাক লাগি ।
দশৰথ মহা- ৰাজাত ঋষিয়ে,
- ৰামক আনিলা মাগি ॥২২
পূৰ্ব্বকাল মতে, যজ্ঞ আৰম্ভিয়া,
- ঋষি সবে কৰে কাম ।
দিব্য ধনু শৰ, হাতত ধৰিয়া,
- ৰাখিয়া থাকিলা ৰাম ॥২৩
ঋষিক ভুঞ্জিয়া, লাণ্টা পায়া পাছে,
- চাপিলোঁহোঁ গৈয়া কোল ।
দেখাঁ দেখাঁ ৰাম, বুলিয়া ঋষিৰ,
- উথলিল মহাৰোল ॥২৪
আকাশত দেখি, পাছে মোক লাগি,
- ৰামে কৰিলন্ত শৰ ।
মহাবেগে গৈয়া, হিয়াত পৰিয়া,
- কম্পি গৈল কলেৱৰ ॥২৫
দেখোঁ অন্ধকাৰ, ৰামৰ প্ৰহাৰ,
- যেন শঙ্কৰৰ শূল ।
চেতন না পাইলোঁ, আকাশে উৰাইলোঁ,
- যেন শিমলীৰ তুল ॥২৬
ইন্দ্ৰৰ বজ্ৰৰ, প্ৰহাৰতে শালি,
- গাৱত মোৰ পৰিল ।
বৰৰ প্ৰসাদে, মোহোৰ গাৱৰ,
- লোম গাছো ন লৰিল ॥২৭
যত যত অস্ত্ৰ, কৰিল প্ৰহাৰ,
- মোহোক দেৱ অসুৰ ।
মোহোৰ কঠিন, গাৱত পৰিয়া,
- সৱে ভৈল মসিমুৰ ॥২৮
আপুনি জানাহা, নৃপতি ৰাৱণ,
- মাৰীচ যিমত বীৰ ।
কহোঁ স্বৰূপত, ৰামৰ শৰত,
- পৰিল দেখোঁ শৰীৰ ॥২৯
তুলা যেন ঠানে, ৰাঘৱৰ বাণে,
- গগনক খেদাইলেক ।
নিমিষেকে নিয়া, সাগৰ চড়ায়া,
- সি কুলত পেলাইলেক ॥৩০
পাচে চিৰ কালে, কথমপি তথা,
- চেতন মই লভিলোঁ ।
বন্ধু জন দেখি- বাক ধীৰে ধীৰে,
- লঙ্কাক লাগিয়া গৈলোঁ ॥৩১
অদ্যপি ৰামৰ, প্ৰহাৰ সুমৰি,
- ধৰিতে ন পাৰোঁ মন ।
সবে পৰিহৰি, সি কাৰণে তপ,
- কৰোঁ এহি তপোবন ॥৩২
শুনাঁ লঙ্কেশ্বৰ, বিস্তৰ দুঃখক,
- পাইলোঁ আমি অনুপম ।
যেখন তেখন, সুমৰন্তে দেখোঁ,
- হেৰ আসি পাইলে ৰাম ॥৩৩
এহিসে নিমিত্তে, এৰিলোঁহোঁ চাৰ,
- ভাৰ্য্যা পুত্ৰ পৰিবাৰ ।
প্ৰাণ অৱশেষ, কেৱলে মোহোৰ,
- তপ মাত্ৰ ভৈল সাৰ ॥৩৪
স্বৰ্গৰ ভিতৰে, যতেক দেৱতা,
- পাতালৰ যত নাগ ।
ইটো পৃথিবীৰ, যত ৰাজা আছে,
- তোমাক কৰিয়া আগ ॥৩৫
যেৱে সৱে মিলি, একল ৰামক,
- একেবাৰে কৰে ৰণ ।
ৰাঘৱৰ শৰ, চোটত জানিবা,
- সবাৰে হুইবে মৰণ ॥৩৬
মোহোৰ বচন, সাৰ জানি তুমি,
- উলটি লঙ্কাক যাহা ।
বিভীষণ বুদ্ধি- মন্তত ইসব,
- কথাক পুছিয়া চাহা ॥৩৭
ত্ৰিজটা তোমাৰ, বহিনীত সুধি,
- যেৱে তাৰা দেই সাহা ।
তিনিৰ সন্মতে, পাচে নৃপবৰ,
- জানকীক হৰিবাহা ॥৩৮
তোৰ হিত পক্ষ, ত্ৰিজটা বহিনী,
- হিত বিভীষণ ভাই ।
দুই হন্তত পৰে, লঙ্কাৰ ভিতৰে,
- তোৰ ইষ্ট কেহোঁ নাই ॥৩৯
তাৰা দুইজনে, তোক যিটো বোলে,
- সেহি বোল সাৰ কৰাঁ ।
চটুৱা মন্ত্ৰীৰ, বচন নৃপতি,
- বিদূৰতে পৰিহৰাঁ ॥৪০
হেনয় হিতক, নুশুনিয়া তুমি,
- কৰা যেৱে আন মন ।
সব বন্ধু জন, মৰাইবাহা তেবে,
- লঙ্কাৰাজ্য হুইব ছন ॥৪১
দুৰ্জ্জয় ৰামৰ, হাতত সমস্তে,
- বলদৰ্প হুইব চূৰ ।
অবিলম্বে তেৱে, দেখিবা নৃপতি,
- দুৰ্ব্বাৰ এ যমপুৰ ॥৪২
ৰামৰ চৰিত্ৰ, পৰম অমৃত,
- শুনাঁ সভাসদ জন ।
নিশ্চয় জানিবা, ইসে মহাধৰ্ম্ম,
- কলিমল কৰে ছন্ন ॥৪৩
পুণ্যক সঞ্চিয়ো, যমক বঞ্চিয়ো,
- সংসাৰ কৰি মোচন ।
এৰি আন কাম, বোলাঁ ৰাম ৰাম,
- ঘুষিয়োক ঘনে ঘন ॥৪৪