[ ৮৬ ] শূদ্ৰ কুলত ঈশ্বৰাৱতাৰ হব, তেওঁলৈ এই গ্ৰন্থখনি পঠাই দিবা।” এতিয়া তোমাক লগ পালো, তুমি পুথিখনি গৈ তেওঁৰ ওচৰলৈ যোৱা , তেওঁক বাদত। তুমি কেতিয়াও পৰাস্ত কৰিব নোৱাৰা; সেইদেখি আৰু পঢ়াৰ আৱহ্যক নাই; তেওঁৰ সমীপত থাকিলেই তোমাৰ সকলো জ্ঞান লাভ হব।” দশমৰ নিচিনাকৈ একাদশতে৷ কীৰ্তনঘোষা পুথিৰ ভিতৰ পদ আনেক আছে; সেইবোৰ দেখুৱাবলৈ গলে। অনেক বাটি যায় দেখি একাদশ স্কন্ধৰ কথা আমি এই খিনিতে ওৰ পেলালে।

—​​‌○—

ষষ্ঠ আধ্যা।

শঙ্কৰদেৱৰ একাদশ স্কন্ধ আদি আন আন পুধিৰ ৰচনাৰ বিষয়ে যি কথা কোৱা গৈছে, “দ্বাদশতো" দেই কথাই খাটে। দ্বাদশত—“যুগৰ লক্ষণ যুগধৰ্ম্ম চাৰি বিধ। কহিলা কলিত একো ধৰ্ম্মে নাহি সিধ। ) অধৰ্ম্মে কৰিবে আসি কলিত বিপ্লৱ। হৰি কীৰ্ত্তনেসে তাৰ পাপ পৰাভৱ। \ চাৰি বিধ প্ৰলয় কহিলে। মহাভাগ।। পৰীক্ষিত নৃপতিৰ তাতে তচুত্যাগ। সৰ্প সত্ৰ, মাৰ্কণ্ডেয় মায়া দৰিশন বেদ শাখা। ভেদ মহাপুৰুষ লক্ষণ॥' আৰু বাৰও স্কন্ধৰ সাৰ সংগ্ৰহ ইত্যাদিয়েই থকা কথাৰ সংক্ষেপ লেখ। দ্বাদশৰ কিছুমান পদ সংক্ষেপতে আজিকালিৰ অৱস্থাৰ এনে প্ৰকাশক যে তলত স্থাকিচেৰেক তুলি দিয়াৰ লোভ সামৰিব। নোৱাৰিলোঁ11 — ‘‘তাহাৰ প্ৰভাৱ হৈব তাহাৰে আচাৰ। ধৰিবে। চাৰিও জাতি ধৰ্ম্মক ৰাজাৰ॥” [ ৮৭ ] ষষ্ঠ আধ্যা ৮৭ একোৱে নাঙ্গানে কিছু নাপাৰে খণ্ডিত। বহ বকী ভৈলে । তাক বুলিবে পণ্ডিত ॥ ধন জন বিক্তৱ নাখাকে ঘাৰ আতি । সেইজন অসাধু লোকত অসঞ্জাতি পৰম দাম্ভিক যিটো ধনৰ। গৰ্ব্বত । "সেহিজন মহা সাধু বোণাইবে লোকত ॥ শৰীৰক ঘসিপিসি কৰিবেক স্নান । হৈবেক কলিত অলঙ্কাৰ এহিমান ৷৷ চতুৰ্ভিতি বেটি মাধে ৰাখিবেক পাস । কেশতেসে হৈবেক লাৱণ্য লয়লাস ॥ নাদধিবে মহাগুৰুজনকো হেলাত । বিদূৰৰ জলে তীর্থ বুদ্ধি হৈব জাত {.. ..•দান পুণ্য কৰিলে মোহোৰ হৈবে খ্যাতি । হেন দত্ত ভাৱে ধৰ্ম মাচৰিবে আতি । কাহাৰো সুছিবে আউৰ তনু মন শুদ্ধ। ছাগ সম হৈৰে ধেনু হৰিবেক ঘঞ্চ ॥ যতিয়ে অ!শ্রমী হৈব গৃহস্থৰ নয়। ভাৰ্য্যাৰ কুটুম্বে হৈব হৃদ নিশ্চয় ॥... ৰামপ্ৰস্থী সন্ন্যাদীয়ো হৈবে প্রামবাসা। মহা ধনলোভা হৈবে । যতেক সন্ন্যাসী ॥ ....মিছা মসতি সাউদে কৰিবে কিনা বিক।। জবেক সম্পদ কৰি নিলিত জীবিকা ৷ উৰম নায়ক যদি হোৱে ক্ষীণবিত্ত। নাদৰিবে তাক পুৰাতন যত ভূত। ৷ যদি ৰোগী ভৈল ভৃত্য অনেক পুৰুষী। দেখি স্বামী সবে তাক এৰিব নূপুষি। ধেমুকে ত্যজিব যেবে ঘঞ্চ ভৈল হীন । কলিত হৈবেক লোক তিৰী পৰাধীন ৷ পিতৃ মাতৃ জ্ঞাতি যত ত্যজিবে সোদৰ । ভাৰ্য্যাৰ কুট হৈব মূহণ লোকৰ ॥ নিজ গোত্র কুটুৰতে এৰিবেক আাশ। ভাৰ্য্যাৰ ভ্ৰাতৃত মাত্ৰ কৰিবে বিখাস ॥ শূদ্ৰ সবে ধৰিবেক তপস্বীৰ বেশ । ছদ্মে দান লৈয়া আমিবেক দেশ দেশ : মূথ ৰ উন্নতি হৈব ফুৰিবে উদি। ধর্ম বথামিবে উচ্চ সাসনত বসি ॥” [ ৮৮ ]  পৰিবৰ্ত্তনশীল জগতত প্ৰতিমুহূৰ্ত্ততে আমাৰ শৰীৰৰ যি পৰি- বৰ্ত্তন হব লাগিছে, শঙ্কৰদেৱে তেওঁৰ পদত কেনেকৈ চমুকৈ কৈছে চোৱাঁ —“যেনে আকাশত চন্দ্ৰ সূৰ্য্য গতি কৰে।। তাক লক্ষিবাক নাপাৰয় কোনো নৰে। যেনে নদী সমস্তৰ জল যায় বহি। তথাপি আগতে দেখে নদী আছে বহি॥ এহি মতে ব্ৰহ্মা আদি কৰি যত তৃণ। সবাৰো শৰীৰ ক্ষণে ক্ষণে হোৱে ভিন॥ "

 ব্ৰহ্মজ্ঞান আৰু ব্ৰহ্মজ্ঞানীৰ বিষয়ে সুগভীৰ তত্ত্বৰ কেনে বিশদ সুন্দৰ বৰ্ণনা, তলত দিয়া কেইফাকি পঢ়ি চোৱা। শঙ্কৰ দেৱৰ কাপৰপৰা হে জটিল কথাৰ এনে প্ৰাঞ্জল বৰ্ণনা সম্ভৱ৷ "ব্ৰহ্মজ্ঞানী দেখে জগতক ব্ৰহ্মময়॥ বুদ্ধি মন ইন্দ্ৰিয় মহত্ত্ব অহঙ্কাৰ। ব্ৰহ্মত পৃথক নোহে যতেক সংসাৰ॥ ব্ৰহ্ম ব্যতিৰেকে মিছা যত দেখা আন। জৰীত উপজি যেন আচে সৰ্পজ্ঞান॥ জাগন সপোন বদ্ধিৰেযে বৃত্তিচয়। নানাবিধ দেখা যিটো সবে মায়াময়॥ ক্ষণেকতে ওপজে ক্ষণেকে নাশ হয়। সমস্তে অৱস্থা যেন টাটকৰ নয। যেনে আকাশত মিলে সংহত মেঘৰ। ক্ষণেকে থাকিয়া হোৱে ক্ষণেকে অন্তৰ॥ ব্ৰহ্মতো জগত ৰাজা জানা সেহি নয। উপজিয়া ব্ৰহ্মত ব্ৰহ্মতে যায় লয়।॥ এক ব্ৰহ্ম আছে সব্ব দেহত প্ৰকটে যেনে এক আকাশ প্ৰত্যেক ঘটে ঘটে॥ জলত সূৰ্য্যক যেন দেখি ভিন ভিন। এহি মতে জানিবা ব্ৰহ্মতো ভেদহীন॥ কঙ্কন কুণ্ডল ঘট গঢে হেম হাৰ। একে সুবৰ্ণক দেখি অনেক আকাৰ॥ সেহি মতে এক ব্ৰহ্ম জানে শুদ্ধ সিদ্ধ। অজ্ঞানত বাক্য বোলে তাঙ্ক বহুবিধ। সূৰ্য্যৰশ্মি হোৱে যেন মহা মেঘগণ। সূৰ্য্য-অঙ্গ চক্ষুক তথাপি কৰে ছন॥৷ ব্ৰহ্মৰ স্বৰপ অহঙ্গাৰ যদি হয়। [ ৮৯ ] ষষ্ঠ আধ্য । ৮৪ ব্ৰহ্ম-অংশ জীৱক তথাপি আবৰয় ॥ যেন মেঘ গৈলে চকু সূৰ্য্যক। ন্নিৰখে । অহঙ্কাৰ গুচিলে ব্ৰহ্মাকে| জীৱে দেখে । মায় এৰে আপুনি বুদ্ধিৰ গুচে ভ্ৰম । নিৰ্ম্মল হৃদয় জাঁৱে দেখে পৰংব্রহ্ম ॥ যি কালত জ্ঞান অন্বে ছেদে । অহঙ্কাৰ । দ্বিরে কৰ্ম্ম-বন্ধ তেৱে জাৱে আপোনাৰ ॥ হৃদয়ত পৰম আনন্দ হোৱে জাত। পৰিপূৰ্ণ আত্ম হোৱে মনত সাক্ষাত ॥ দেহকো নেদেখে জীবে হোৱে ব্ৰহ্মময় ।” শোক, মোহ আৰু মৃত্যুভয় দূৰ কৰি জ্ঞান মহৌষধি, নাfত জন্ম পূতো অদ্যাপি নোহে৷ জাত । আইৰ সমৰ তুমি শাসে সাক্ষাত ॥ দেহাৰেসে ধৰ্ম্ম ইটে জনম মৰণ । দেহৰেসে মস্তে হোৱে দেন্ত উতপন। ॥ দেততেসে আছা মাৱ তুমি দেওহীন । 1ন অগ্নি থাকন্ত কাষ্ঠত কৰি ভিন। ॥ যেন ঘট । ভাগি গৈলে দটৰ আকাশ । আকাশতে লীন যায় নাই কাৰ নাশ । ॥ জনম মৰণ হটে দেহাৰেসে ধৰ্ম্ম মনে ভ্রজে কাৱৰ শৰীৰ গুণ কৰ্ম্ম । মমকে। মায়'য়ে ফ্রজে জানা সাৰেসাৰ ( প্রমৰ কাৰণে হোৱে জীৱৰ সংসাৰ ॥ তৈলমানে শলা বহ্নি সংযোগ যাৱত। দীপ হেন বুলি তাৱে প্ৰকাশে লোকত ॥ দেহ মন কৰ্ম্ম আত্মা যাৱত সযোগ{ তাৱে জীৱ নাম থাকে ছখ কৰে ভোগ । ॥ দেহকন্তী মনৰেসে জানিবা সংসাৰ । । জনম মৰণ একো নাহিক আত্মাৰ ৷ যেতেন সংযোগে গুচে দীপৰ প্ৰকাশ । মহা । জ্যোতিঃ ৰূপে অগনিৰ নাই নাশ । ... মই পৰমাত্মা আৰু নাহিকে সন্দেহ । দেহতেসে আছো মই সুহি ইটো দেহ ॥ যি ম: লেহি ব্ৰহ্ম মান। হেন মনে । যি ব্ৰহ্মৰ লেট মই বোলা সৰ্ব্বক্ষণে । এতেকে গুচিবে শোক মোহ মহাৰথ । কহিলো তোমাত ইটো ব্যৱহাৰ [ ৯০ ] পথ॥......কৃষ্ণৰ চৰণ চিত্তে চিন্ত হৃদয়ত। কৃষ্ণৰেসে অংশ মই মানিবা মনত॥”

 ‘সবাকো বিয়াপি আছে পুৰুষ-প্ৰধান। জানি হৰি বুদ্ধি কৰে সবাকো সম্মান॥ কাৰো লগে অতিশয় নকৰি বিবাদ। একোৱে প্ৰাণীক মনে নিদিব বিষাদ॥ দেহৰ নিমিত্তে এৰিবেক বৈৰ-বুদ্ধি। তেবেসে কৃষ্ণক পায় চিত্ত হোৱে শুদ্ধি॥"

 মাৰ্কণ্ডেয খষিয়ে মহাপ্ৰলয়ৰ জলত উটি বুৰি ফুৰোঁতে বটবৃক্ষৰ পাতত শুই থকা যি বালমুকুন্দক দেখিছিল, সেই বালমুকুন্দৰ কেনে সুন্দৰ বৰ্ণনা “দ্বাদশত” আছে,-"এহি হন্তে ভ্ৰমন্তে দেখিল

কদাচিত। মহাবটবৃক্ষ ফল পল্লৱে শোভিত॥ পৃথিৱীৰ উন্নত প্ৰদেশে বহি আছে। লাহে লাহে সমীপ চাপিল তাৰ পাছে॥ কিছু কিছু কৰি পাছে দৃষ্টি বলাই চাইল। ঐশানৰ শাখাত শিশুক ভেঁট পাহল॥ বটপত্ৰ পুটে কৰি আছন্ত শয়ন। শৰীৰৰ কান্তি কৰে দিশক প্ৰসন্ন॥ চৈধ্যয় ভুবনে নাই ৰূপক উপাম। তনু সুকুমাৰ মহা মৰকত শ্যাম॥ সুন্দৰ বদন-চন্দ্ৰ নৱপদ্মকোষ॥ অৰুণ পঙ্কজ-নেত্ৰ দেখন্তে সন্তোষ॥ সুসম নাসিকা সুবলিত ভ্ৰূব দুই। সচল অলকাপান্তি দেখি সুখী হুই॥ অৰুণ অধৰ চাৰু প্ৰবাল অঙ্কুৰ। হাস্যত বৰষে যেন অমৃত প্ৰচুৰ॥ পদ্মগভ অৰুণ নেত্ৰ প্ৰান্তদেশ। হাস্য নিৰীক্ষণ সুকোমল বক্ৰ কেশ। তিনি ৰেখা সহিতে প্ৰকাশে কম্বু গল। সিংহবন্ধ স্কন্ধ বহল বক্ষস্থল॥ শঙ্খ প্ৰায় কৰ্ণ দুই বলয় বলিত। মনোহৰ দাড়িম্ব কুণ্ডলে সুশোভিত|| সুন্দৰ উদৰ অশ্বস্থৰ পত্ৰ নয়। নিম্ন তিনি ৰেখা তাতে জলে আতিশায়॥ ত্ৰিবলি বলিত নিশ্বাসতে আতি

[ ৯১ ] আধT { ৯ ১ 'লে । পৰম গম্ভীৰ নাটীসবের জলে ॥ চাক কৰ কিসলয়। 'মাৰকত কান্তি । ৰত্নৰ শলকা নয় মাজুলিৰ পাহি । টুই হাতে ধৰি তুই চৰণ-পদ্মক । চোচতে আছন্তে সুখে বৃদ্ধ অমুঠক ।। শৰীৰৰ কান্তি দূৰ কৰে অন্ধকাৰ । দেf ঋষিৰাজ ভৈলা মতি। চমৎকাৰ 1* মাধৱদেৱৰ বালকগোপালৰ বৰ্ণনাৰ পুৱাৰ গীত এই বর্ণলীৰ । ভাত ৰচিত ।-গোবিন্দ চিন্তুছ বালগোপালং - ৰতন তলপমহ । শয়নে ৰহতু হৰি পঙ্কজ-নয়ন বিশালং | কৰ-পঙ্কজ যু!ে ধৰি পদ পঙ্কজ বয়ন-পঙ্কজে নিবেশিতং । মুনিবৰে কৈছে ছোড়ি অমিয়। মধু পদ-পঙ্কজ ৰস পীতং । বালক কেলি অমিষাৰস-সাগৰ মাধৱে। হে পৰমাং ।” দ্বাদশ” পুথিখন বে শঙ্কৰদেৱে তেওঁৰ বুঢ়বয়সত কৰিছিল, (সহটে। তেওঁৰ দ্বাদশৰ এক অধ্যাৰ এটা ভণিতাৰপৰা বুজিব পাৰ । ।~নভৈল ভকতি নাছাৰিব মোক দয়া। আৰ৷ ৰোগে। পীড়ে কেতিক্ষণে পৰে কায়া ।” সম্ভৱত: তেওঁ দ্বিতীয় বাৰ তীৰ্থ প্ৰমণৰ পিছত দ্বাদশ ৰচনা কৰিছিল। সপ্তম অধ্য। শঙ্কৰদেৱে ৰুক্সিণী হৰণ” পুথি, আৰু ‘কল্মিণী হৰণ নাট” এই থৈনৈা ৰচনা কৰিছিল। নাটখন তেওঁৰ আন ‘মান নাটৰ দৰে । সংস্কৃত নাটৰ আfহঁত ৰচিত ; আৰু সাজিলৈকে তাৰ ভাৱনা সত্ৰ