পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
শঙ্কৰদেৱ৷

 পৰিবৰ্ত্তনশীল জগতত প্ৰতিমুহূৰ্ত্ততে আমাৰ শৰীৰৰ যি পৰি- বৰ্ত্তন হব লাগিছে, শঙ্কৰদেৱে তেওঁৰ পদত কেনেকৈ চমুকৈ কৈছে চোৱাঁ —“যেনে আকাশত চন্দ্ৰ সূৰ্য্য গতি কৰে।। তাক লক্ষিবাক নাপাৰয় কোনো নৰে। যেনে নদী সমস্তৰ জল যায় বহি। তথাপি আগতে দেখে নদী আছে বহি॥ এহি মতে ব্ৰহ্মা আদি কৰি যত তৃণ। সবাৰো শৰীৰ ক্ষণে ক্ষণে হোৱে ভিন॥ "

 ব্ৰহ্মজ্ঞান আৰু ব্ৰহ্মজ্ঞানীৰ বিষয়ে সুগভীৰ তত্ত্বৰ কেনে বিশদ সুন্দৰ বৰ্ণনা, তলত দিয়া কেইফাকি পঢ়ি চোৱা। শঙ্কৰ দেৱৰ কাপৰপৰা হে জটিল কথাৰ এনে প্ৰাঞ্জল বৰ্ণনা সম্ভৱ৷ "ব্ৰহ্মজ্ঞানী দেখে জগতক ব্ৰহ্মময়॥ বুদ্ধি মন ইন্দ্ৰিয় মহত্ত্ব অহঙ্কাৰ। ব্ৰহ্মত পৃথক নোহে যতেক সংসাৰ॥ ব্ৰহ্ম ব্যতিৰেকে মিছা যত দেখা আন। জৰীত উপজি যেন আচে সৰ্পজ্ঞান॥ জাগন সপোন বদ্ধিৰেযে বৃত্তিচয়। নানাবিধ দেখা যিটো সবে মায়াময়॥ ক্ষণেকতে ওপজে ক্ষণেকে নাশ হয়। সমস্তে অৱস্থা যেন টাটকৰ নয। যেনে আকাশত মিলে সংহত মেঘৰ। ক্ষণেকে থাকিয়া হোৱে ক্ষণেকে অন্তৰ॥ ব্ৰহ্মতো জগত ৰাজা জানা সেহি নয। উপজিয়া ব্ৰহ্মত ব্ৰহ্মতে যায় লয়।॥ এক ব্ৰহ্ম আছে সব্ব দেহত প্ৰকটে যেনে এক আকাশ প্ৰত্যেক ঘটে ঘটে॥ জলত সূৰ্য্যক যেন দেখি ভিন ভিন। এহি মতে জানিবা ব্ৰহ্মতো ভেদহীন॥ কঙ্কন কুণ্ডল ঘট গঢে হেম হাৰ। একে সুবৰ্ণক দেখি অনেক আকাৰ॥ সেহি মতে এক ব্ৰহ্ম জানে শুদ্ধ সিদ্ধ। অজ্ঞানত বাক্য বোলে তাঙ্ক বহুবিধ। সূৰ্য্যৰশ্মি হোৱে যেন মহা মেঘগণ। সূৰ্য্য-অঙ্গ চক্ষুক তথাপি কৰে ছন॥৷ ব্ৰহ্মৰ স্বৰপ অহঙ্গাৰ যদি হয়।