ময়না/ৰক্তবীজ
[ ৪০ ]
ৰক্তবীজ
( ১ )
এখন গাৱঁত দুজন খেতিয়ক আছিল; দুয়োৰো ওচৰা ওচৰি ঘৰ; দুয়ো সঙ্গতিপন্ন চহকী। দুয়ো বুঢ়াৰ বৰ মিল। দুয়ো ঘৰৰ চাকৰ-নাকৰ বন্ধা-ভতুৱা তিৰী-ছলি সকলোৱে এই মিল বৰ্তিছিল।
( ২ )
দুই বুঢ়াৰ দুই বৰ পুতেক, মণি আৰু যদু। ইহঁতে বিয়াবাৰু কৰালত, দুয়ো বুঢ়াই ধৰ্মচৰ্চাত মন দিলে। বাটৰ মূৰৰ বকুলৰ তলত বহি হয়ে। কীৰ্তন-দশম পঢ়ে, গধূলি নামঘৰত গৈ নাম গায় আৰু মাঘ আৰু বহাগ মাহা গুৰু ঘৰত আঠ দহ দিন থাকি আহেগৈ।
( ৩ )
কাতি মাহা ধান পকিব আৰম্ভ হৈছে; আকাশ ফৰকাল নীল বৰণীয়া, দুপৰীয়াৰ ৰোদ চোকা আৰু পৰিষ্কাৰ, বাট্ পথ চাফ-চিকণ; চাৰিওফালে উজ্জ্বল তৃপ্তিৰ জেউতি বিয়াপি পৰিছে। ওচৰৰ গাৱঁৰ ৩০।৪০ জন মানুহ—মতা মাইকী—লগত লৈ জগন্নাথৰ পাণ্ডা আহিল, দুই বুঢ়াক শ্ৰীক্ষেত্ৰলৈ নিবলৈ।
গধূলি দুই-বুঢ়াই একোখন ধচা, দুখনকৈ কাপোৰ, একোটা ঘটী আৰু বাটি, আৰু চাউল পিঠাগুৰি লৈ যাত্ৰীৰ লগত ঘৰৰ পৰা ওলাই আহি নামঘৰত ৰাতি খপিলে। গাৱঁৰ মানুহে সকলো যাত্ৰীকে সিধা দিলে। সাজতে মতা মানুহে আৰু অলপ ৰাতি হলত তিৰোতাবিলাকে নাম ঘৰত নাম-কীৰ্তন কৰিলে। মহাপ্ৰভু দৰ্শনৰ সম্ভাৱনাত যাত্ৰী সকলৰ আনন্দৰ বাৰ্তাই গোটাই গাওঁখনৰ ওপৰেদি পবিত্ৰ আনন্দৰ ঢৌ এটা বাগৰাই দিলে।
( ৪ )
ইফালে কি কাণ্ড হল! এদিন মণিহঁতৰ গৰু এটাই যদুহঁতৰ খেতিত সোমাই কেইডালমান ধান খালে। তাতে দুই গোৰখীয়াৰ কাজিয়া লাগিল। মণি গোৰখীয়াৰ মাক আছিল এনে এজনী তিৰোতা, দন্দৰ সময়ত যাৰ জিভাৰ আগত সৰস্বতীৰ অধিষ্ঠান হৈছিল। তাই ওচৰত আছিল। তাইৰ গালিত পথাৰ খানতে তোলপাৰ লাগি পৰিল। যদু গোৰখীয়াৰ মাকো ওলাই আহিল। দুই মাকৰ গালাগালি হুৰাহুৰি চুলিয়া-চুলিত মানুহ ভৰি পৰিল।
ইয়াতে শেষ হলে তো কথাই নাছিল। এনেতে সেই বাটেদি যদুৰ পুতেক – ১২।১৪ বছৰীয়া লৰা মুঠে—কৰবালৈ যাওক। সি কাজিয়াৰ মাজত গৈ কিবা কওঁতে, মণিৰ গোৰখীয়াৰ মাকে, “মোৰ বাছাক খালে ঐ, খালে ঐ” কৰি চিঞৰ ধৰিলে। কোনোবা ফালৰ পৰা মণিৰ পুতেকো—সিও একে বয়সৰ লৰাই—লৰি আহি কাজিয়াৰ মাজত সোমাল। দুই গৃহস্থৰ দুই লৰাৰ মাজত লাগিল কাজিয়া, তাতে যদুৰ পুতেকৰ কৰবাত তেজ ওলাল।
যি মানুহ জমা হৈছিল, তেওঁলোকে কাজিয়া ভাঙি দিলে। বৰ গৰ্জনি মাৰি বতাহ বৰষুণ হলে যেনেকৈ পাছলৈ গৰ্জনিবোৰ সৰু হৈ হৈ নাইকিয়া হয়, এই দন্দৰো গালি সেই দৰে ক্ৰমাৎ নিজম হল।[ ৪১ ]
( ৫ )
কিন্তু গালিৰ লগতে দন্দৰ শেষ নহই নতুনকৈ আৰম্ভ হে হল। যদুৰ তিৰীএ তাইৰ লৰাৰ তেজ ওলোৱা কথা কই কই কান্দি আছে। যদু ঘৰত নাছিল, ৰাতি ফিৰি আহি দেখে এই কাণ্ড। বন্ধা-ভতুৱাই, তিৰি-ছলি সকলোএ এক গুণ কথাক শ গুণ কৰি বৰ্ণালে। যদুৰ খং উঠিল।
পাছ দিনা পুৱাই যদুএ মেল থুপুৰি কৰিলে। মণিও আহিল। কিছুমানে গৰ্জে যদুৰ ফালে, আন কিছুমানে গৰ্জে মণিৰ ফালে। বেলা দুপৰ হল, মেল নাভাঙে। কোনোএ হাৰ নামানে। শেষত বৰ মেলেকি কেইজনে ৰায় দিলে, যদুৰ ফালে; মণিৰ ফালৰ মেলেকিবিলাকে গৰ্জি উঠিল; কেনেকৈ নো এই দণ্ড হয় চাওঁচোন! মণি একো নামাতি উঠি গল। মেলেকিবিলাকে একো কৰিব নোৱাৰি যদুক কলে, পাৰে যদি সি মোকৰ্দমা কৰক।
( ৬ )
ধনবৰ তৰণী ওচৰৰে মানুহ, যদুৰ অলপ সম্বন্ধো লাগে। ধনবৰে কলে, মোৰ উকীলক মুঠে তুমি একুৰি ৰূপ বায়না দিয়া, তেওঁ নিজে হাকিমৰ কলমত ধৰি মণিক আৰু তাৰ পুতেকক ফাটেকত সুমুৱাই হে এৰিব।
যদু বৰ খুছি হল, টকা দিলে, মোকৰ্দমা হল। গাৱঁৰ বহুত মানুহে সাখী দিবলৈ অমান্তি হোৱাত আন গাৱঁৰ মানুহ ধৰি সাখী দিয়ালে। বিচাৰত মণিৰ দহ দিন ফাটেক হল; আৰু পুতেকক সৰু লৰা দেখি হাকিমে তাক দহোটা বেত দিলে। যদুৰ দিল খুছি হৈ গল!
( ৭ )
সনাতন তৰণী মণিৰ খুলশালীৰ শাল-পতি। সনাতন মণিহঁতৰ ঘৰক আহিল; তাত তিনি-চাৰি ৰাতি থাকি আৰু নগৰলৈ গুচি গল। ইয়াৰে কেইদিনমানৰ পাছত মণিএ যদুৰ ওপৰত দেৰ শ টকাৰ মোকৰ্দমা কৰিলে – যদুৰ বাপেক আগেয়ে এবাৰ শ্ৰীক্ষেত্ৰক যাবলৈ মণিৰ পৰা যদুএ টকা আনিছিল। এই মোকৰ্দমাৰো সাখী-বাদী-প্ৰমাণ হল; আৰু ডিক্ৰীৰ টকা যদুএ কাছাৰীত জমা দিব নৌ পাওঁতেই সনাতনে পিয়াদা আনি যদুৰ ঘৰ ক্ৰোক কৰালে।
হওক, দহ দিন ফাটেকৰ অলপ ধাৰ শুজা গল!
( ৮ )
ঘৰত এই অবস্থা। ইফালে আঠ মাহৰ মূৰত বহুত তীৰ্থ ঘূৰি দুই বুঢ়া আহি ঘৰ পালে। ঘৰৰ কথা-বতৰা শুনি দুয়ো মূৰে কপালে হাত দিলে। দুয়ো পুতেকক অনেক বুজনি দিলে। কিন্তু বুঢ়াৰ কথা শুনে কোনে?
মণিএ কলে,—“যদুই মোক ফাটেকত দিছে। সাত শত্ৰুয়ো এনে নকৰে। মোৰ বেটাক কনিষ্টবলৰ হাতে বেত খুৱাইছে! এই লাজ সহি থাকিব পাৰি না? তহঁতৰ গাত তেজ থাকিলে হে। মই বাছাৰ তেজ পীহে এৰিম।”
যদুএ কলে, —“মণি মোৰ ঘৰত পিয়াদা সুমাই মোক লঘু-লাঞ্ছনা কৰিছে। মোৰ তিৰীক বঙালৰ হাতে নিজ ঘৰৰ পৰা বাহিৰ কৰি দিছে। এই অপমান জান থাকে মানে পাহৰিব পাৰিম না। তুমি যিহকেই নোকোৱা, ইয়াৰ বাবে তাক মই এসেকা দিহে এৰিম।”
এনেবোৰ কথা শুনি দুয়ো বুঢ়াই আৰু মূৰে কপালে হাত দিয়ে। এইবিলাক যে কলিৰ হে মাহাত্ম্য, কলিৰ ভৰ হোৱাত হে নিজ-ঘৰত এনে কাজিয়া মিলিল — ইত্যাদি কথাপাতি নঙালাৰ মূৰৰ বকুল তলত বহি দুয়ো বুঢ়াই পুৱা-গধূলি কটায়।[ ৪২ ]
( ৯ )
পুহ মাহা যদুৰ বাপেকৰ কফ হল। বুঢ়া প্ৰায় মৰে মৰে। গণিৰ বাপেক খবৰ লব যাব খোজে, কিন্তু মণিএ যাব নিদিয়ে, কয়, “তই যদি যাহ, মই ঘৰ এৰি যাম।”
সেই দিনা বুঢ়াৰ বৰ টান; মণিৰ বাপেক যাব ওলাল। মণিএ আগে ভাল কৰি, পাছত হুৰহুৰাই উঠি বুঢ়াক বাধা দিলে; বুঢ়াই নুশুনিলে, “তোৰ কথা শুনি মোৰ কাকাক মৰাৰ দিনা নাচাই থাকিব পাৰোঁ না? তোৰ যি খুটি তাকে কৰ।” বুঢ়া যদুহঁতৰ ঘৰক গল।
যদুএ মণিৰ বাপেকক দেখি একো নামাতিলে। নৰিয়াৰ ওচৰৰপৰা আঁতৰি গল। যদুৰ তিৰী বুঢ়াক পীৰা এখন আগ বঢ়াই দিলে, বুঢ়াই যদুৰ বাপেকৰ ওচৰ চাপি বহিল।
নৰিয়া প্ৰায় সংজ্ঞাহীন। বুঢ়াই মাতিলে, “কাকা কাকা।” যদুৰ বাপেকে চকু মেলি চালে, চিনি পালে কোন, কথমপি বুজিব পাৰা হৈ ফুটিল, মাত ‘পানী’। বুঢ়াই পানী অলপমান মুখত দি কলে, “কাকা, কাকা, আমাক এৰি যোৱা না?” নৰিয়াই মাতিব নোৱাৰিলে, হাতখন অলপমান দাঙি ওপৰলৈ দেখুৱালে। বুঢ়াৰ চকুৰপৰা দুইটোপা চকু-লো সোতোৰা-পৰা গালে দি বাগৰি পৰিল। কিছুপৰৰ মূৰত নৰিয়াই মাতিলে—বৰ ক্ষীণ আৰু সেঁহাই—“যদু-মণি —মিলাই দিবি। মোৰ সময় আহিল।”
( ১০ )
গোটাইখান ঘৰৰ হকা-বাধা নুশুনি বুঢ়াই যদুৰ বাপেকৰ শ্ৰাদ্ধলৈ মিঠাই একলহ গাখীৰ এক মাঠ আৰু কল একথোক দি পঠালে, কলে,—“বাৰু, যদুই যদি মোৰ বস্তু ফিৰাই দিব পাৰে দিয়ক।”
বুঢ়াই তেতিয়াও ভাবিছিল, দেখাত যিমান কাজিয়াই হক, অত দিনৰ অন্তৰৰ মৰম এনেকৈ গুচিব পাৰে নে? কিন্তু বুঢ়াৰ বুজাত ভ্ৰম হৈছিল, কালৰ গতি ফিৰিছে। যদুএ বয়-বস্তু একো নাৰাখি ফিৰাই পঠালে।
বুঢ়া ঘৰত নাছিল। পাৰিলে ভোজৰ দিন। এটা খাহী দিবৰ মন, ভাল খাহী বিচাৰি কোনবা ফালে গৈছিল।
ভাৰখান ফিৰাই আনি বান্ধাটোই মণিৰ আগতে থলে। মণি খঙতে ঘৃতাহুতি হল। “বুঢ়া, বুঢ়া, বুঢ়া! বুঢ়া হৈ হৈ যায় মানে বুদ্ধি হত হৈ যায়! ইমান হকি, তেওঁ শুনিছিল না! এতিয়া মজাটো চাওক আহি।” মণি দাঁত মুখ কামুৰি উঠিল, পালে আৰু পাৰিলে যে বুঢ়াক থিয়ই গিলিব!
খং অলপ জিমাল। মানুহটোক সুধিলে, কি বুলি নো ফিৰাই পঠালে যদুএ। সি এক গুণক শ গুণ কৰি কলে; আৰু যদি যদুয়ে তেনে কথা কোৱা নাছিল, সি কলে “তোমালোকৰ বস্তু সিহঁতেই নুচুৱে, গুৰু-বামুণে নো খাব কিয়?” কিবা এটা কথাৰ আচলতে তেনে গোলমাল অলপমান আছিল। ঘাৱত কাঁটাই বিন্ধিলে জিন্-জিনাইযোৱাৰ দৰে, কথাই মণিৰ খং চৰাইদিলে। সি, “হেঃ মোৰ বাদ লাগিছে, ৰহ বাৰু,” এই বুলি খঙতে জালা-কালা হৈ তাৰ পৰা গুচি গল।
( ১১ )
[ ৪৩ ] এনেতে কোনোএ তৰ্কিব নোৱাৰা কৰি মণি যদুৰ চোতালত থিয় হৈ কব ধৰিলে, “দেউসকল, ভকতসকল! এই বাদুৱাৰ ঘৰত কোনোএ নাখাব। গুৰু-গোসাঁইৰ কিৰা, মোৰ কথা বিচাৰ কৰি সকলে শুনক। মই যদি মিছা কৈছোঁ, মোক আপোনাসকলে খচি খচি মাৰক, মোক গোসাঁয়ে খুলি খুলি খাওক।”
মস্ত গোলমাল লাগি পৰিল; যদু-মণিৰ হাফাহাফি লাগিল। কোনে কি কই একো নুবুজি—ভয়ঙ্কৰ তমৰোল। এজন বামুণ,— দীঘল ক্ষীণ বগা, গাত এখন বঙালী চাদৰ, কপালত দীঘল ফোটা, টিকনিত দুগ্ধ-জবা এটা আঁৰা—তেওঁ উঠি কলে, “ৰবা ভকত সকল, ৰবা! “শুন, শুন, অধ্যাপক দেউ কি কয় শুন,” ইটোই সিটোই এই দৰে কৈ গোলমাল অলপ থামিল। অধ্যাপকে কলে, “ৰবা, ইয়াতে এই দৰে হাহাকাৰ মাৰামাৰি কৰি থাকিলে একো নহয়। আমি জানাত যদুৰ একো দায় নাই। মণিৰামৰ লগত কাজিয়াও। তেও যদি মণিৰামে বাদ দিব খোজে, তেওঁ এই সমাজক সন্মুখ কৰি বৰ পুতেকৰ মূৰত ধৰি ধৰ্ম শপথ কৰক। নহলে মুখৰ কথা এটাতে যদুৰ কাৰ্য্যটো পণ্ড কৰিব পাৰি না?” অধ্যাপকৰ কথা শুনি আৰু এবাৰ কথাৰ তমৰোল লাগিল। অৱশেষত তেওঁৰ কথাতেই সকলোএ হৰিভৰ দিলে।
মণিএ “বাৰু, মই মিছা কৈছোঁ না কিবা। মই কিৰাকে কৰিম” এই বুলি ঘৰলৈ আহিল।
সমাজে বাট চাই আছে মণি নাহে। মানুহ পঠালে মণিক মাতিবলৈ, মণিয়ে দুপ দুপাই কৈ পঠালে, “মই মিছা কৈছো না কিবা মই যে কিৰা কৰিব লাগে। মোৰ কোৱাৰ ভজন কৈছোঁ, সমাজে খাই খাক, নাখাই থাক। মোৰ কি?”
মণি নাহিল! বৰ পুতেকৰ মূৰত ধৰি কিৰা, অসম্ভব!
যদুৰ ঘৰত শ্ৰাদ্ধৰ জলপান কিছুমানে খালে কিছুমানে নাখালে। ভোজৰ দিনাও সেয়ে হল, কিছুমানে ভোজ খালে অনেকে নাখালে। গাৱঁৰ দুই খেল হল।
( ১২ )
ৰক্তবীজৰ ৰক্ত একবিন্দু ক্ষেপণ হল। আৰু কত ৰক্তবীজৰ সৃষ্টি, তাৰ কি ইয়ত্তা কৰিব পাৰি।
গাৱঁৰ এক খেলত নাম-গুণ হলে, ই খেলে নাযায়; সি খেলত ভাত ভোজ হলে, ই খেলে নাখায়। বিয়া সভা৷ দেউল ভঠেলি সকলোতে দুই খেল, দুই ভাগ।
ধনবৰ আৰু সনাতন তৰণী গাৱঁলৈ ঘনাই ঘনাই আছে। ই খেলৰ এজনৰ মোকৰ্দমাত সি খেলৰ মানুহে বিপক্ষে সাখী দিয়ে; আৰু সি খেলৰ মোকৰ্দমাত ইখেলে বিপক্ষে হাথা হাথি কৰে।
আগৰ দিনত হাই কাজিয়া গাৱঁৰ মেলতে মৰিছিল। এতিয়া কথাই কথাই মোকৰ্দমা পুলিচ আৰু উকীল! বাট পথ ভাল কৰিবলৈ কোনোএ পইচা এটা দিব নোৱাৰে। ভাগা- ভাগিত গাৱঁৰ গোসাঁইঘৰ ভাঙি গল, বছৰেকীয়া দেউল আৰু সভা নোহোৱা হল। অথচ মোকৰ্দমাত কুৰিএ কুৰিত্ৰ টকা খৰচ কৰিবলৈ কাৰো অনাটন নাই।
গাৱঁৰ লৰা-ছোৱালীএ দুই খেল হৈ ধেমালি কৰে। আগৰ দৰে বুঢ়া ডেকাই গধূলি নাম-ঘৰত বহি কীৰ্তন নকৰে। মেলেকিৰ ঘৰে ঘৰে ইখেলে সিখেলৰ কু-কথা চৰ্চে আৰু কাক কেনেকৈ জব্দ কৰিব পাৰি তাৰ পৰামৰ্শ কৰে।
এনে কোনো দেৱী নাই নে যি স্বৰ্গৰ পৰা নামি আহি এই ৰক্তবীজৰ ৰক্ত নিঃশেষ কৰি চেলেকি গাওঁ কেইখনক ৰক্ষা কৰিব পাৰে!