পৃষ্ঠা:ময়না.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ময়না


( ৯ )

 পুহ মাহা যদুৰ বাপেকৰ কফ হল। বুঢ়া প্ৰায় মৰে মৰে। গণিৰ বাপেক খবৰ লব যাব খোজে, কিন্তু মণিএ যাব নিদিয়ে, কয়, “তই যদি যাহ, মই ঘৰ এৰি যাম।”

 সেই দিনা বুঢ়াৰ বৰ টান; মণিৰ বাপেক যাব ওলাল। মণিএ আগে ভাল কৰি, পাছত হুৰহুৰাই উঠি বুঢ়াক বাধা দিলে; বুঢ়াই নুশুনিলে, “তোৰ কথা শুনি মোৰ কাকাক মৰাৰ দিনা নাচাই থাকিব পাৰোঁ না? তোৰ যি খুটি তাকে কৰ।” বুঢ়া যদুহঁতৰ ঘৰক গল।

 যদুএ মণিৰ বাপেকক দেখি একো নামাতিলে। নৰিয়াৰ ওচৰৰপৰা আঁতৰি গল। যদুৰ তিৰী বুঢ়াক পীৰা এখন আগ বঢ়াই দিলে, বুঢ়াই যদুৰ বাপেকৰ ওচৰ চাপি বহিল।

 নৰিয়া প্ৰায় সংজ্ঞাহীন। বুঢ়াই মাতিলে, “কাকা কাকা।” যদুৰ বাপেকে চকু মেলি চালে, চিনি পালে কোন, কথমপি বুজিব পাৰা হৈ ফুটিল, মাত ‘পানী’। বুঢ়াই পানী অলপমান মুখত দি কলে, “কাকা, কাকা, আমাক এৰি যোৱা না?” নৰিয়াই মাতিব নোৱাৰিলে, হাতখন অলপমান দাঙি ওপৰলৈ দেখুৱালে। বুঢ়াৰ চকুৰপৰা দুইটোপা চকু-লো সোতোৰা-পৰা গালে দি বাগৰি পৰিল। কিছুপৰৰ মূৰত নৰিয়াই মাতিলে—বৰ ক্ষীণ আৰু সেঁহাই—“যদু-মণি —মিলাই দিবি। মোৰ সময় আহিল।”

( ১০ )

 গোটাইখান ঘৰৰ হকা-বাধা নুশুনি বুঢ়াই যদুৰ বাপেকৰ শ্ৰাদ্ধলৈ মিঠাই একলহ গাখীৰ এক মাঠ আৰু কল একথোক দি পঠালে, কলে,—“বাৰু, যদুই যদি মোৰ বস্তু ফিৰাই দিব পাৰে দিয়ক।”

 বুঢ়াই তেতিয়াও ভাবিছিল, দেখাত যিমান কাজিয়াই হক, অত দিনৰ অন্তৰৰ মৰম এনেকৈ গুচিব পাৰে নে? কিন্তু বুঢ়াৰ বুজাত ভ্ৰম হৈছিল, কালৰ গতি ফিৰিছে। যদুএ বয়-বস্তু একো নাৰাখি ফিৰাই পঠালে।

 বুঢ়া ঘৰত নাছিল। পাৰিলে ভোজৰ দিন। এটা খাহী দিবৰ মন, ভাল খাহী বিচাৰি কোনবা ফালে গৈছিল।

 ভাৰখান ফিৰাই আনি বান্ধাটোই মণিৰ আগতে থলে। মণি খঙতে ঘৃতাহুতি হল। “বুঢ়া, বুঢ়া, বুঢ়া! বুঢ়া হৈ হৈ যায় মানে বুদ্ধি হত হৈ যায়! ইমান হকি, তেওঁ শুনিছিল না! এতিয়া মজাটো চাওক আহি।” মণি দাঁত মুখ কামুৰি উঠিল, পালে আৰু পাৰিলে যে বুঢ়াক থিয়ই গিলিব!

 খং অলপ জিমাল। মানুহটোক সুধিলে, কি বুলি নো ফিৰাই পঠালে যদুএ। সি এক গুণক শ গুণ কৰি কলে; আৰু যদি যদুয়ে তেনে কথা কোৱা নাছিল, সি কলে “তোমালোকৰ বস্তু সিহঁতেই নুচুৱে, গুৰু-বামুণে নো খাব কিয়?” কিবা এটা কথাৰ আচলতে তেনে গোলমাল অলপমান আছিল। ঘাৱত কাঁটাই বিন্ধিলে জিন্‌-জিনাইযোৱাৰ দৰে, কথাই মণিৰ খং চৰাইদিলে। সি, “হেঃ মোৰ বাদ লাগিছে, ৰহ বাৰু,” এই বুলি খঙতে জালা-কালা হৈ তাৰ পৰা গুচি গল।

( ১১ )

 যদুহঁতৰ চোতাল মুছা-কাছা। ওপৰত এখন চন্দ্ৰতাপ আৰা, চুকত কল, দোনা, তাৰ চোঁছ। মাজত শেষ হৈ যোৱা শ্ৰাদ্ধৰ থালি থালি-পটুৱা, গাজি কল চাউল-তামোল পান। পুৰোহিত আৰু যি দুই এজন বামুণ আহিছিল, তেওঁলোকে খাই উঠিছে। গাৱঁৰ মানুহক জলপান খুৱাবৰ কাৰবাৰ হৈছে। বিলনীয়া কেইজনে ইফালে সিফালে হাহাকাৰ কৰি দৌৰিছে! ইটোৱে কয় এটা, সিটোএ কয় এটা, কিন্তু কোনোএ একো নকৰে!