পৃষ্ঠা:ময়না.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ময়না


( ৫ )

 কিন্তু গালিৰ লগতে দন্দৰ শেষ নহই নতুনকৈ আৰম্ভ হে হল। যদুৰ তিৰীএ তাইৰ লৰাৰ তেজ ওলোৱা কথা কই কই কান্দি আছে। যদু ঘৰত নাছিল, ৰাতি ফিৰি আহি দেখে এই কাণ্ড। বন্ধা-ভতুৱাই, তিৰি-ছলি সকলোএ এক গুণ কথাক শ গুণ কৰি বৰ্ণালে। যদুৰ খং উঠিল।

 পাছ দিনা পুৱাই যদুএ মেল থুপুৰি কৰিলে। মণিও আহিল। কিছুমানে গৰ্জে যদুৰ ফালে, আন কিছুমানে গৰ্জে মণিৰ ফালে। বেলা দুপৰ হল, মেল নাভাঙে। কোনোএ হাৰ নামানে। শেষত বৰ মেলেকি কেইজনে ৰায় দিলে, যদুৰ ফালে; মণিৰ ফালৰ মেলেকিবিলাকে গৰ্জি উঠিল; কেনেকৈ নো এই দণ্ড হয় চাওঁচোন! মণি একো নামাতি উঠি গল। মেলেকিবিলাকে একো কৰিব নোৱাৰি যদুক কলে, পাৰে যদি সি মোকৰ্দমা কৰক।

( ৬ )

 ধনবৰ তৰণী ওচৰৰে মানুহ, যদুৰ অলপ সম্বন্ধো লাগে। ধনবৰে কলে, মোৰ উকীলক মুঠে তুমি একুৰি ৰূপ বায়না দিয়া, তেওঁ নিজে হাকিমৰ কলমত ধৰি মণিক আৰু তাৰ পুতেকক ফাটেকত সুমুৱাই হে এৰিব।

 যদু বৰ খুছি হল, টকা দিলে, মোকৰ্দমা হল। গাৱঁৰ বহুত মানুহে সাখী দিবলৈ অমান্তি হোৱাত আন গাৱঁৰ মানুহ ধৰি সাখী দিয়ালে। বিচাৰত মণিৰ দহ দিন ফাটেক হল; আৰু পুতেকক সৰু লৰা দেখি হাকিমে তাক দহোটা বেত দিলে। যদুৰ দিল খুছি হৈ গল!

( ৭ )

 সনাতন তৰণী মণিৰ খুলশালীৰ শাল-পতি। সনাতন মণিহঁতৰ ঘৰক আহিল; তাত তিনি-চাৰি ৰাতি থাকি আৰু নগৰলৈ গুচি গল। ইয়াৰে কেইদিনমানৰ পাছত মণিএ যদুৰ ওপৰত দেৰ শ টকাৰ মোকৰ্দমা কৰিলে – যদুৰ বাপেক আগেয়ে এবাৰ শ্ৰীক্ষেত্ৰক যাবলৈ মণিৰ পৰা যদুএ টকা আনিছিল। এই মোকৰ্দমাৰো সাখী-বাদী-প্ৰমাণ হল; আৰু ডিক্ৰীৰ টকা যদুএ কাছাৰীত জমা দিব নৌ পাওঁতেই সনাতনে পিয়াদা আনি যদুৰ ঘৰ ক্ৰোক কৰালে।

 হওক, দহ দিন ফাটেকৰ অলপ ধাৰ শুজা গল!

( ৮ )

 ঘৰত এই অবস্থা। ইফালে আঠ মাহৰ মূৰত বহুত তীৰ্থ ঘূৰি দুই বুঢ়া আহি ঘৰ পালে। ঘৰৰ কথা-বতৰা শুনি দুয়ো মূৰে কপালে হাত দিলে। দুয়ো পুতেকক অনেক বুজনি দিলে। কিন্তু বুঢ়াৰ কথা শুনে কোনে?

 মণিএ কলে,—“যদুই মোক ফাটেকত দিছে। সাত শত্ৰুয়ো এনে নকৰে। মোৰ বেটাক কনিষ্টবলৰ হাতে বেত খুৱাইছে! এই লাজ সহি থাকিব পাৰি না? তহঁতৰ গাত তেজ থাকিলে হে। মই বাছাৰ তেজ পীহে এৰিম।”

 যদুএ কলে, —“মণি মোৰ ঘৰত পিয়াদা সুমাই মোক লঘু-লাঞ্ছনা কৰিছে। মোৰ তিৰীক বঙালৰ হাতে নিজ ঘৰৰ পৰা বাহিৰ কৰি দিছে। এই অপমান জান থাকে মানে পাহৰিব পাৰিম না। তুমি যিহকেই নোকোৱা, ইয়াৰ বাবে তাক মই এসেকা দিহে এৰিম।”

 এনেবোৰ কথা শুনি দুয়ো বুঢ়াই আৰু মূৰে কপালে হাত দিয়ে। এইবিলাক যে কলিৰ হে মাহাত্ম্য, কলিৰ ভৰ হোৱাত হে নিজ-ঘৰত এনে কাজিয়া মিলিল — ইত্যাদি কথাপাতি নঙালাৰ মূৰৰ বকুল তলত বহি দুয়ো বুঢ়াই পুৱা-গধূলি কটায়।