পৃষ্ঠা:ময়না.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নদৰাম

( ১ )

 ১৯১৮ চনৰ অক্টোবৰ মাহৰ নিশা ন-দহ বজাৰ সময়ত আমি কেইজনমানে খোলা পোৰ্টিকোত বহি ‘প্লেনচেত’ ধৰিছিলোঁ। সেইবাৰ মহামাৰী ইনফ্লুয়েঞ্জাই তেতিয়াও তিমান পৰাক্ৰমেৰে দেখা দিয়া নাছিল; গতিকে, বতৰ অলপ জাৰ হলেও বাহিৰক বহিবলৈ ভয় বা অসুখ লাগা নাছিল।

 উপস্থিত মণ্ডলীৰ কোনোএ ভূত মানে, কোনোএ নামানে, কোনোএ ‘প্লেনচেতত’ ভূতৰ আবিৰ্ভাৱ হয় বুলি বিশ্বাস কৰে, কোনোএ ‘প্লেনচেতক’ ‘প্লেইন চীট’ (Plain cheat ) ‘সৰল—ফাঁকি’ বুলি ভাবে।

 এবাৰ ‘প্লেনচেত’টে৷ ঘূৰি ‘নদৰাম’ লিখিলো প্ৰশ্ন হল—

 তোমাৰ নাম?

 নন্দৰাম।

 কি লাগে?

 ফ্ৰাঞ্চত যুদ্ধ কৰিছোঁ।

 ঘৰ কত?

 গোৱালপাৰাত।

 কি বিচাৰিছা?

 মোৰ তিৰোতা—

 সকলোএ গিৰ্জনি মাৰি হাঁহি মাৰি উঠিল। ‘প্লেনচেত’ ধৰোঁতা দুজনৰ এজনে, ‘যা, যা তোৰ তিৰোত৷ ইয়াত নাই’ এই বুলি ‘প্লেন্‌চেত’ এৰি দিলে। অবিশ্বাসী দল আৰু সংশয়শূন্য হল যে ‘প্লেন্‌চেত’ এটা মস্ত বুজৰুকি!

 তাৰ পাছত, ইনফ্লুয়েঞ্জাৰ প্ৰবল আক্ৰমণত মনত আতঙ্ক আৰু ৰাতি নৰিয়া পতি কৰি থাকিব লগীয়া নোহোৱাকৈ যি দুই চাৰি দিন আছিল, সেই কেইদিনৰ প্ৰত্যেক সন্ধ্যাবেলাতেই ‘প্লেন্‌চেত’ ধৰোহঁক আৰু প্ৰত্যেক দিনে নদৰামৰ আবিৰ্ভাৱ হয়। কিন্তু আমি কোনোএ তাক আমল নিদিওঁ—‘প্লেন্‌চেতে’ নদৰাম লিখিলেই আমি হাত এৰা দিওঁ, নদৰামৰ বক্তব্য ৰৈ যায়!


( ২ )

 প্ৰায়ে এবছৰৰ পাছত কাৰ্য্য-চক্ৰত পৰি এদিন নবেম্বৰ মাহৰ পুৱাবেলা গোৱালপাৰাৰ উত্তৰ শালমাৰা বঙলাত বহি আছোঁ। আগৰ দিনা অনেক কাম কৰি আহিছোঁ। মোৰ সঙ্গীজনৰ অলপ অসুখ; সেই দেখি সেই দিনটো প্ৰায় আজৰি। কেনেবাকৈ এবছৰৰ আগৰ ‘প্লেন্‌চেত’