ভগৱান বুদ্ধ/আৰ্য্যসকলৰ জয়
[ ৩৭ ]
আৰ্য্য সকলৰ জয়
‘ঋগ্বেদ’ত উষা দেৱীৰ যি সূক্ত পোৱা যায়, তাৰে আধাৰত লোকমান্য বালগঙ্গাধৰ তিলকে তেওঁৰ The Arctic Home in the Vedas নামৰ পুথিত এই বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে আৰ্য্যসকলৰ আদি ভূমি আছিল উত্তৰ মেৰু অঞ্চল। ‘সদৃশীৰ সদৃশীৰিদু শ্বো দীৰ্ঘং সচন্তে ৱৰুণস্য ধাম।১ (আজি আৰু কালি দুয়ো সমান। তেওঁ ভালেমান দিনৰ কাৰণে বৰুণৰ ঘৰলৈ যায়।)২ লোকমান্যৰ মতে এই ঋচা আৰু এনে ধৰণৰ আন ঋচাবোৰ উত্তৰ মেৰু অঞ্চলৰ উষা-কালৰ পিনলৈকে লক্ষ্য কৰি ৰচনা কৰা হৈছে। উষা দীঘলীয়া সময়ৰ কাৰণে বৰুণৰ ঘৰলৈ যায, তাৰ অৰ্থ হোৱা উচিত তাত ছমাহৰ কাৰণে আন্ধাৰ থাকে।
কিন্তু এই সূক্তৰে দ্বাদশ ঋচাত উষা দেৱীৰ বিশেষণ এনেভাৱে দিয়া হৈছে: ‘অশ্বাৱতীৰ্গোমতীৰ্ৱিশ্বৱাৰা’ অৰ্থাৎ যাৰ ভালেমান ঘোঁৰা আৰু গৰু আছে আৰু যি সকলোৰে পূজনীয়।৩ আজি-কালিও উত্তৰ মেৰু অঞ্চলৰ ওচৰে কাষৰে ঘোঁৰা আৰু গৰু নাই; হেজাৰ হেজাৰ বছৰৰ আগতে এই দুবিধ প্ৰাণী যে তাত আছিল তাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই। অকল এই সূক্ততে নহয়, উষা দেৱীৰ আন আন সূক্তবোৰতো তেওঁৰ বিষয়ে এই বিশেষণ ভালেমান ঠাইতে প্ৰয়োগ কৰা হৈছে— তেওঁ ঘোঁৰা আৰু গৰু দিওঁতা, গৰুৰ জন্মদাত্ৰী ইত্যাদি। [ ৩৮ ] ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এই ঋচাবোৰ অথবা এই সূক্ত উত্তৰ মেৰু বা তাৰ ওচৰে-কাষৰে ৰচিত হোৱা নাছিল।
ইশ্তৰ— তেনেহলে ‘দীঘলীয়া সময়ৰ বাবে উষা পাতাললৈ যায়’, ইয়াৰ কি অৰ্থ কৰা যায়? বাবিলনবাসী ৰাইজৰ মাজত অতি পুৰণি কালৰে পৰা ইশ্তৰ দেৱী সম্বন্ধে চলি অহা উপকথা মনত পেলালে ইয়াৰ অৰ্থ সহজতে বুজিব পৰা যায়। ‘তন্মুজ’ বা ‘দমুৎসি’ (বৈদিক দমূনস্) নামৰ দেৱতা জনৰ লগত ইশ্তৰৰ প্ৰেম হয়; কিন্তু তেওঁ হঠাতে মৰি থাকে। তেতিয়া তেওঁক আকৌ জীয়াই তোলাৰ কাৰণে অমৃত অনাৰ উদ্দেশ্যে ইশ্তৰে পাতালত প্ৰৱেশ কৰে। তাৰ ৰাণী অল্লতু হল ইশ্তৰৰ ভনীয়েক। তেওঁ ইশ্তৰক বৰ যন্ত্ৰণা দিয়ে; ক্ৰমে ক্ৰমে ইশ্তৰৰ গহনাবোৰ খহাই নি তেওঁক ৰুগীয়া কৰি পেলায় আৰু বন্দী কৰি ৰাখে। এইদৰে চাৰি কি ছ মাহ কাৰা-নিৰ্য্যাতন ভোগ কৰাৰ পিচত অল্লতুৰ পৰা ইশ্তৰে অমৃত যোগাৰ কৰে আৰু তাৰ পিচত পৃথিবীলৈ উভতি আহে। ইশ্তৰে সম্বন্ধে আৰু ভালেমান উপকথা আছে; কিন্তু তাৰ ভিতৰত এইটো কাহিনীয়ে প্ৰধান। সমগ্ৰ বেবিলনীয় সাহিত্যত এই কাহিনী বৰ্ণনা পোৱা যায়। গতিকে এই উপকথাৰ লগতে যে ঋগ্বেদৰ এনে ধৰণৰ ঋচাবোৰৰ সম্পৰ্ক আছে, সেই বিষয়ত কোনো সন্দেহ নাই।৪
ইশ্তৰে পাতালৰ পৰা ওলাই অহা ঋতুত তেওঁৰ উৎসৱ পতা হৈছিল। ৰঙা গৰুৰ গাড়ীত তেওঁৰ ৰথ যাত্ৰা বাহিৰ কৰা হৈছিল। ঘোঁৰা পোৱা হলত পিচত ঘোঁৰায়ো ৰথ টানিবলৈ ললে। ‘এষা গোভিৰৰুণেভিৰ্যুজানা৫ (সেই উষা, যাৰ ৰথত ৰঙা গৰু জুতি দিয়া [ ৩৯ ] হৈছে।) ‘ৱিতদ্বষুৰৰুণ যুগ ভিৰশ্বৈ’৬ (অৰুণ ৰৰ্ণৰ ঘোঁৰাৰ ৰথত উষা দেৱী আহিছে।)
যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ— খৃষ্ট জন্মৰ দুহেজাৰ বছৰৰ আগতে বেবিলনীয়াত ঘোঁৰা ব্যৱহাৰ কৰাৰ সমূলি প্ৰমাণ পোৱা নাযায়। তাত ৰথত গৰু বা গাধ সাঙুৰি দিয়া হৈছিল আৰু ঘোঁৰাক বনৰীয়া গাধ কোৱা হৈছিল। বেবিলনীয়াৰ উত্তৰ পিনৰ পৰ্ব্বতীয়া অঞ্চলত বাস কৰা কেশীসকলে পোন পহিলতে মাল অনা-নিয়াত ঘোঁৰাৰ ব্যৱহাৰ কৰিবলৈ লয়। তেওঁলোকে এই বনৰীয়া গাধক নিজৰ বশলৈ আনি তাৰ ওপৰত উঠি শইচ চপোৱাৰ সময়ত বেবিলনীয়ালৈ আহিছিল। তেওঁলোকে বেবিলনীয়াৰ খেতিয়কহঁতক খেতি চপোৱাত সহায় কৰিছিল আৰু তাৰ বাবে বানচ হিচাপে পোৱা শইচখিনি নিজৰ ঘোঁৰাৰ ওপৰত তুলি লৈ ঘৰলৈ উভতি গৈছিল। কেশীহঁতে যুদ্ধবিদ্যা একেবাৰে নাজানিছিল। বেবিলনীয়াৰ মানুহৰ পৰাই তেওঁলোকে সেই বিদ্যা শিকে আৰু তেওঁলোকেই পোন পহিলতে যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ কৰে।৭
কেশীসকলৰ গন্দশ নামেৰে এজন ৰজাই নিজৰ অশ্বাৰোহী সেনাৰ বলত খৃঃ পূৰ্ব্ব ১৭৬০ চনত বেবিলনীয়াত সাৰ্ব্বভৌম ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ পিচতো তেওঁৰ বংশৰ ৰজাসকলে তাত ৰাজত্ব কৰিবলৈ লয়।৮ চমুকৈ কবলৈ গলে খৃষ্ট জন্মৰ ওঠৰ শ বছৰৰ আগত যুদ্ধত ঘোঁৰা ব্যৱহাৰ কৰাৰ প্ৰমাণ ক’তো পোৱা নাযায়; অথচ বেদত হলে সকলো ঠাইতে ঘোঁৰাৰ গুৰুত্ব দেখুৱা হৈছে, তাৰ দ্বাৰা কেশীসকলৰ লগত ওচৰ সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট ভাৱে জনা [ ৪০ ] যায় যে খৃষ্ট পূৰ্ব্ব সোতৰশ বছৰৰ আগতে সপ্তসিন্ধুৰ ওপৰত আৰ্য্য সকলৰ আক্ৰমণ হোৱা নাছিল।
দাস— আৰ্য্যসকল অহাৰ আগতে সপ্তসিন্ধু অঞ্চলত (সিন্ধু আৰু পঞ্জাব) দাস সকলৰ ৰাজ্য আছিল। আজি-কালি ‘দাস’ শব্দৰ অৰ্থ ‘গোলাম’ত পৰিণত হৈছে; কিন্তু বেদত ‘দাস’ আৰু ‘দাশ’ দুয়োটা ধাতুৰে প্ৰয়োগ ‘দিয়া’ অৰ্থত কৰা হৈছে আৰু আধুনিক শব্দকোষতো এই অৰ্থ দিয়া হৈছে। গতিকে ‘দাস’ শব্দৰ মূল অৰ্থ ‘দাতা’, উদাৰ (noble) হোৱা উচিত। আৱেস্তাৰ ফৱ দীন য়স্তত এই দাস দেশৰ পিতৃসকলক পূজা দিয়া হৈছে। তাত এই দেশক ‘দাহি’ কোৱা হৈছে।৯
পুৰণি পাৰ্ছিয়ান (ফাৰচী) ভাষাত সংস্কৃতৰ ‘স’ৰ উচ্চাৰণ ‘হ’ হৈছিল। উদাহৰণ স্বৰূপে, ‘সপ্তসিন্ধু’ক ‘আৱেন্তা’ত ‘হপ্তহিন্দু’ কোৱা হৈছে। সেইদৰে ‘দাসী’ বা ‘দাস’ শব্দ ‘দাহি’লৈ ৰূপান্তৰিত হৈছে।
আৰ্য্য— আৰ্য্য শব্দ ‘ঋ’ ধাতুৰ পৰা ওলাইছে আৰু পৃথক পৃথক গণত যি ‘ঋ’ ধাতু পোৱা যায় সি প্ৰায়ে গত্যৰ্থক। গতিকে আৰ্য্য শব্দৰ অৰ্থ হয় ঘূৰি-ফুৰা লোক বা যাযাবৰ। এনে অনুমান হয় যে আৰ্য্যসকলে ঘৰ-বাৰী পাতি বসতি কৰাটো ভাল নাপাইছিল। মোগলহঁতে যিদৰে তম্বু তৰি বাস কৰিছিল, আৰ্য্যসকলেও বোধ হয় তেনেকৈয়ে তম্বু নাইবা মণ্ডপত বাস কৰিছিল। এটা কথাত তেওঁলোকৰ সেই ৰীতি এতিয়াও চলি আছে। বেবিলনীয়াত যাগ-যজ্ঞ পতা হৈছিল ডাঙৰ ডাঙৰ মন্দিৰৰ ভিতৰত। হড়প্পা আৰু মোহনজোদড়োত যি পুৰণি নগৰৰ ধ্বংসাৱশেষ পোৱা গৈছে, তাৰ পৰাও পণ্ডিতসকলে— দাহিসকলে মন্দিৰৰ ভিতৰতে যাগ-যজ্ঞ পাতিছিল বুলি অনুমান কৰে। আৰ্য্যসকলে [ ৪১ ] এই ৰীতি ভঙ্গ কৰি দিয়ে। তেওঁলোকে তাৰ ঠাইত মণ্ডপত যাগ-যজ্ঞ পতাৰ প্ৰথা প্ৰৱৰ্ত্তন কৰে। কালক্ৰমত আৰ্য্যৰ বংশজসকলে তম্বু এৰি ঘৰ সাজি থাকিবলৈ ললে, কিন্তু যজ্ঞৰ বাবে হলে মণ্ডপ সজাৰ প্ৰথা আজিকোপতি ৰৈ গল।
দাসসকলৰ পৰাজয় হল কিয়?— এনে যাযাবৰ আৰ্য্যহঁতে দাসসকলৰ নিচিনা উন্নত লোক সকলক কিদৰে হৰুৱাব পাৰিলে? ইয়াৰ উত্তৰ বুৰঞ্জীয়ে— বিশেষকৈ ভাৰতৰ বুৰঞ্জীয়ে— বাৰে বাৰে দি আহিছে। কোনো এটা ৰাজ-সত্তাৰ অধীনত প্ৰথমতে মানুহ যিমানেই সুখী আৰু সমৃদ্ধ নহওক লাগিলে, পিচত গৈ সেই সত্তা তেনেই এটা সীমাবদ্ধ শ্ৰেণীৰ হাতৰ মুঠিত কেন্দ্ৰীভূত হৈ পৰে। অকল সেই শ্ৰেণীযেহে সুখ শান্তিত থাকে, তেতিয়া বাকী সদস্যসকলে সত্তা দখলৰ বাবে নিজৰ ভিতৰতে যুঁজ-বাগৰ কৰিবলৈ ধৰে। ইফালে তাৰ ফলত ৰাইজৰ ওপৰত কৰৰ বোজা বাঢ়ি যায় আৰু ৰাইজ ক্ৰমে ৰাজ-ক্ষমতা চলাওঁতাসকলৰ প্ৰতি বিৰূপ হৈ পৰে। তেনে অৱস্থাত অনুন্নত মানুহৰ কাৰণে সুন্দৰ সুযোগ ওলাই পৰে। তেওঁলোকে নিজৰ ভিতৰত একতা স্থাপন কৰি লয় আৰু ৰাজ-সত্তাৰ ওপৰত আক্ৰমণ চলাই তাক ছেদেলি ভেদেলি কৰি দিয়ে। খৃষ্টীয় ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে জঙ্গলী মোগলহঁতক সংগঠন কৰি লৈ চেঙ্গিজ খাই কত সাম্ৰাজ্যকে থান-বান কৰি দিছিল! এতেকে নিজৰ ভিতৰতে যুঁজ-বাগৰ কৰি থকা দাস- সকলক আৰ্য্যহঁতে অনায়াসতে জয় কৰি লোৱাত আচৰিত হবলগীয়া কোনো কথা নাই।
নগৰ ভাঙোতা ইন্দ্ৰ— দাসসকলে সৰু সৰু নগৰ পাতি বাস কৰিছিল আৰু এই নগৰবোৰৰ মাজত নিজৰ ভিতৰত যুঁজ-বাগৰ লাগিছিল বুলিও অনুমান হয়। এই দাসসকলৰে ‘দিৱোদাস’ নামৰ [ ৪২ ] এজনে ইন্দ্ৰৰ লগত সাক্ষাৎ কৰিছিল, ঋগ্বেদৰ ভালেমান ঠাইতে এই কথাৰ উল্লেখ আছে। দাসসকলৰ নেতৃত্ব আছিল বৃত্ৰ ব্ৰাহ্মণৰ হাতত। তেওঁৰ সম্বন্ধী আছিল তৃষ্টা, আৰু এৱেই ইন্দ্ৰক একপ্ৰকাৰ যন্ত্ৰ (বজ্ৰ) সাজি দিছিল। এই যন্ত্ৰেৰে ইন্দ্ৰই দাসসকলৰ নগৰবোৰ ভাঙি দিয়ে আৰু শেহত বৃত্ৰ ব্ৰাহ্মণকে মাৰে। ঋগ্বেদৰ ভালেমান ঠাইতে ইন্দ্ৰৰ বিশেষণ হিচাপে ‘পুৰন্দৰ’ শব্দৰ ব্যৱহাৰ কৰা হৈছে— এই শব্দৰ অৰ্থ হয়, নগৰ ভাঙোতা।১০
ইন্দ্ৰৰ পৰম্পৰা— ‘ইন্’ আৰু ‘দ্ৰ’ৰ সমাস কৰি ‘ইন্দ্ৰ’ শব্দ গঠিত হৈছে। ‘ইন্’ অৰ্থাৎ যোদ্ধা। উদাহৰণ স্বৰূপে, ‘সহ ইনা ৱৰ্ততে ইতি সেনা।’ বেবিলনীয় ভাষাত শিখৰ বা প্ৰমুখ অৰ্থত ‘দ্ৰ’ শব্দ ব্যৱহাৰ কৰা দেখা যায়। গতিকে ইন্দ্ৰ শব্দৰ অৰ্থ হয় সেনাৰ অধিপতি বা সেনাপতি। লাহে লাহে এই শব্দ ৰাজ-বাচক হৈ পৰে— যেনে, দেৱেন্দ্ৰ, নাগেন্দ্ৰ, মনুজেন্দ্ৰ ইত্যাদি। প্ৰথমতে ইন্দ্ৰৰ নাম আছিল শত্ৰু। ইয়াৰ পিচতো এই পৰম্পৰা ভালেমান দিনলৈ চলি আছিল চাগৈ। নহুষক ইন্দ্ৰ কৰাৰ কাহিনী পুৰাণত পোৱা যায়। ঋগ্বেদতত এই বুলি উল্লেখ কৰা হৈছে: ‘অহং সপ্তহা নহুষো নহুষ্টৰঃ।১১ এই কাহিনীত নিশ্চয় কিবা তথ্য। নিহিত আছে।
ইন্দ্ৰপূজা— বেবিলনীয়াত সাৰ্ব্বভৌম ৰজাসকলক যজ্ঞলৈ মাতি নি তেওঁলোকক সোমৰস দিয়াৰ বিধি প্ৰচলিত আছিল। সেই উপলক্ষে তেওঁৰ স্তুতিস্তোত্ৰও গোৱা হৈছিল। ইন্দ্ৰৰ অধিকখিনি সূক্তও এনেধৰণৰ। ইন্দ্ৰৰ সংস্থা (বা সংস্থান) নষ্ট হৈ যোৱাৰ পিচতো সেই স্তোত্ৰ আগৰ নিচিনাই থাকিল আৰু তাৰ নানা প্ৰকাৰৰ ওলোটা ওলোটি অৰ্থ কৰা হল। ইন্দ্ৰ আকাশৰ দেৱতাসকলৰ ৰজা, এই কল্পনা স্থায়ী হৈ গল আৰু [ ৪৩ ] এই সূক্তৰ অৰ্থ কোনো কোনো ঠাইত এনেকুৱা হৈ গল যে তাক কোনেও বুজি নোপোৱা হৈ পৰিল। তেতিয়া মানুহে এই বুলি মানি ললে যে এই সূক্তৰ শৰবোৰতে মন্ত্ৰৰ প্ৰভাৱ আহে।
ইন্দ্ৰৰ স্বভাৱ— সপ্তসিন্ধুৰ ওপৰত প্ৰভুত্ব প্ৰতিষ্ঠা কৰোঁতা সেনাপতি ইন্দ্ৰ ৰে মানৱ আছিল, ঋগ্বেদত তাৰ যথেষ্ট প্ৰমাণ পোৱা যায়। তেওঁৰ স্বভাৱ সম্বন্ধেও ‘কৌষীতকী উপনিষদ’ত অলপ অচৰপ আভাস পোৱা যায়। তেওঁৰ স্বভাৱ আছিল এই ধৰণৰ— দিৱেদাসৰ পুত্ৰ প্ৰতৰ্দ্দনে যুদ্ধ কৰি আৰু পৰাক্ৰম দেখুৱাই ইন্দ্ৰৰ প্ৰিয় মহললৈ গল। ইন্দ্ৰই তেওঁক কলে: ‘হে প্ৰতৰ্দ্দন, মই তোমাক বৰ দিওঁ, কি লাগে কোৱা।’ প্ৰতৰ্দ্দনে কলে: ‘মোক এনে বৰ দিয়া যাতে তাৰ পৰা মানুহৰ কল্যাণ হয়।’ তেতিয়া ইন্দ্ৰই কলে: ‘বৰ আনৰ কাৰণে খুজিব নোৱাৰি, তুমি নিজৰ কাৰণে বৰ খোজা।’ প্ৰতৰ্দ্দনে কলে: ‘মোক নিজৰ কাৰণে বৰ নালাগে।’ তেতিয়া ইন্দ্ৰই প্ৰতৰ্দ্দনক সত্য কথা কলে, কিয়নো ইন্দ্ৰই হল সত্য। ইন্দ্ৰই কলে: ‘মোক জানি লোৱা। মোক জনাৰ উপায়ে মানুহৰ বাবে হিতকৰ! তৃষ্টাৰ পুতেক ত্ৰিশীৰ্ষক মই মাৰি পেলাইছোঁ। অৰূমৰ্গ নামৰ যতিহঁতক মই কুকুৰৰ ভক্ষ্য কৰিছোঁ। অনেক সন্ধি অতিক্ৰমণ কৰি মই দিব্যলোকত প্ৰহ্লাদৰ অনুগামীহঁতক, অন্তৰিক্ষত পৌলোমোহঁতক আৰু পৃথিবীত কালকাশীহঁতক হত্যা কৰিছোঁ। তেতিয়া মোৰ এদাল চুলিও ইফাল সিফাল হোৱা নাছিল। এনেদৰে মোক যি চিনি পাব সি লাগিলে মাতৃবধ, পিতৃবধ, চুৰি, ভ্ৰূণ- হত্যা আদি পাপ কৰিলেও তাৰ অকণমাননা দ্বিধা নহয়; তাৰ চেহেৰাৰ বা ভাৱৰ কোনো সাল-সলনি নহয়।’
ওপৰত দিয়া উক্তিৰ পৰা জনা যায় যে নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰোঁতে ইন্দ্ৰই ভালেমান অত্যাচাৰ কৰিছিল, তাৰ উল্লেখ ঋগ্বেদতে পোৱা যায়। কিন্তু অকল ইন্দ্ৰই কিয়, সাম্ৰাজ্য স্থাপন কৰিবলৈ হলে [ ৪৪ ] কোনো লোকেই আপোন-পৰ বিবেচনা কৰিব নোৱাৰে আৰু দয়া- মায়াৰ ভাৱো ৰাখিব নোৱাৰে। তেনে লোকে সন্ধিভঙ্গলৈকো কেৰেপ নকৰে। শিৱাজী মহাৰাজে যেতিয়া চন্দ্ৰৰাৱ মোৰেক হত্যা কৰিছিল, তেতিয়া সেই কাম ন্যায়সঙ্গত হৈছিল নে নাই সেই সম্বন্ধে আলোচনা কৰিবলৈ যোৱাটো নিৰৰ্থক। শিৱাজী মহাৰাজে ন্যায়-অন্যায় বিচাৰ কৰাত বহি গলে সাম্ৰাজ্য স্থাপন কৰে কেনেকৈ! সাম্ৰাজ্যৰ ভিতৰত থকা মানুহেও এনেধৰণৰ সামান্য পাপ-পূণ্যৰ বিচাৰ নকৰে। তেওঁলোকে মাথোন ইয়ালৈকে চকু দিয়ে যে মুঠৰ ওপৰত এনে সাম্ৰাজ্য প্ৰতিষ্ঠাৰ পৰা সমূহ ৰাইজৰ লাভ হৈছে নে হানি হৈছে।
আৰ্য্যসকলৰ সত্তাৰ পৰা লাভ— এই দৃষ্টিৰ পৰা চাবলৈ গলে ইন্দ্ৰ বা আৰ্য্যসকলৰ সাম্ৰাজ্যৰ ফলত সপ্তসিন্ধুৰ লোকৰ চাগৈ যথেষ্ট লাভ হৈছিল। সৰু সৰু নগৰবোৰৰ মাজত বাৰে বাৰে লাগি থকা যুদ্ধ-বিগ্ৰহৰ ওৰ পৰিছিল, তাৰ ফলত ৰাইজ কিছুদূৰ সুখ আৰু শান্তিৰে থাকিব পাৰিছিল। মাৰাঠাসকলৰ বুৰঞ্জীতে আমি দেখিবলৈ পাওঁ যে স্বয়ং পেছোৱাসকলৰ ইষ্টকুটুম্বহঁতেই পূণাৰ শনিৱাৰৱাড়ে অৰ্থাৎ পেছোৱাসকলৰ মহলৰ ওপৰত ইংৰাজৰ পতাকা উৰুৱাই দিছিল আৰু কথিত আছে যে পেছোৱাসকলৰ শাসনৰ ওৰ পৰাত আন হিন্দুসকলে (অৰ্থাৎ অব্ৰাহ্মণ সকলে) হেনো ধুমধামেৰে উৎসৱ পালন কৰিছিল। এইদৰে বৃত্ৰ ব্ৰাহ্মণ হলেও ইন্দ্ৰই তেওঁক বধ কৰি সপ্তসিন্ধুত বিয়পি পৰা অন্তৰ্ব্বিবাদৰ অন্ত কৰি দিছিল। গতিকে তাৰ প্ৰজাসকলে যে ইন্দ্ৰৰ জয় বুলি কোঢ়াল তুলিছিল, সিও তেনেই স্বাভাৱিক কথা! আমি এইদৰে দেখিবলৈ পাওঁহঁক যে দাস আৰু আৰ্য্যসকলৰ সংঘৰ্ষৰ প্ৰথম সুফল হল সপ্তসিন্ধুত এক প্ৰকাৰৰ শান্তিৰ প্ৰতিষ্ঠা। দ্বিতীয়তে ইয়াৰ ফলত ৰাজনীতি ক্ষেত্ৰত ব্ৰাহ্মণসকলৰ গুৰুত্ব [ ৪৫ ] নাইকিয়া হৈ গল। ঋক্ আৰু যজুৰ্ব্বেদত এই বুলি উল্লেখ কৰা হৈছে যে ইন্দ্ৰই হেনো তৃষ্টাৰ পৰা বিশ্বৰূপক পুৰোহিতৰ বাব দিয়ে আৰু পিচত বিশ্বৰূপেও বিদ্ৰোহ কৰাৰ আশঙ্কা কৰি বোলে মাৰি পেলায়।১২ তথাপি পুৰোহিতৰ পদ কোনোবা নহয় কোনোবা এজন ব্ৰাহ্মণৰ হাততে থাকি গল। ৰাজনীতিৰ পৰা আঁতৰত থকা কাৰণে, ব্ৰাহ্মণসকলে সাহিত্যৰ অভিবৃদ্ধি কৰিব পাৰিলে।
বৈদিক ভাষা— দাস আৰু আৰ্য্যসকলৰ সংঘৰ্ষৰ ফলত এটা নতুন ভাষাৰ সৃষ্টি হল। এয়ে হল বৈদিক ভাষা। হিন্দু আৰু মুচলমান সকলৰ সংঘৰ্ষৰ ফলত যিদৰে ‘উৰ্দ্দু’ নামৰ এটা নতুন ভাষা গঢ়ি উঠিছিল, সেইদৰেই বৈদিক ভাষাৰো বিকাশ হৈছিল। কিন্তু বৈদিক ভাষাৰ সমান উচ্চ আসন উৰ্দ্দুৱে কোনো দিনে পাব পৰা নাই, আৰু পোৱাৰ সম্ভাৱনাও নাছিল। একমাত্ৰ বৈদিক ভাষাই দেৱ-বাণী হৈ গল!
এই বৈদিক ভাষাৰ অৰ্থ ভালদৰে বুজিবলৈ হলে বেবিলনীয় ভাষাৰ সম্যক জ্ঞান থকাৰ আৱশ্যক হয়; ‘দাস’ আৰু ‘আৰ্য্য’ শব্দৰ পৰাই কিছুমান মূল শব্দৰ অৰ্থ কিদৰে বিকৃত হৈছে, তাক বুজিব পৰা যায়। ‘দাস’ শব্দৰ মূল অৰ্থ আছিল ‘দাতা’; কিন্তু এতিয়া তা অৰ্থ হৈ পৰিছে ‘গোলাম। সেইদৰে আৰ্য্য’ শব্দৰ মূল অৰ্থ ‘যাযাবৰ’ হোৱা সত্বেও এতিয়া তাৰ অৰ্থ হৈ পৰিছে ‘শ্ৰেষ্ঠ’, ‘উদাৰ’ আৰু ‘মহান্’।
আৰ্য্যসকলৰ জয়ৰপৰা ক্ষতি— দাস আৰু আৰ্য্যসকলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আটাইতকৈ অধিক ক্ষতি হল এয়ে যে দাসসকলৰ ভৱন আৰু নগৰ-নিৰ্মাণৰ কলা নষ্ট-প্ৰায় হৈ গল। [ ৪৬ ] সিন্ধু আৰু পঞ্জাবত পোৱা পুৰণি নগৰ আৰু ঘৰ সজাৰ পৰম্পৰা ভাৰতৰপৰা লোপ পালে; দ্বিতীয়তে অৰণ্যবাসী যতি সকল কিদৰে বসবাস কৰিছিল, তাক জনাৰ কোনো উপায় নাথাকিল। আগতে উল্লেখ কৰি অহা হৈছে যে ইন্দ্ৰই হেনো যতিসকলক কুকুৰৰ আহাৰ কৰি দিছিল। মূল শব্দ হল ‘সালাৱক’; ইয়াৰ অৰ্থ কুকুৰনেচীয়া বাঘো হব পাৰে আৰু কুকুৰো হব পাৰে। টীকাকাৰে ‘সালাৱক’ৰ অৰ্থ কুকুৰনেচীয়া বাঘ কৰিছে। কিন্তু ইন্দ্ৰৰ ভালেমান চিকাৰী কুকুৰ আছিল; এই কুকুৰ বোৰকে যতিসকলৰ বিৰুদ্ধে এৰি দিয়াটো অধিক সম্ভৱ যেন অনুমান হয়। এই যতিসকলৰ, চাগৈ সমাজৰ ওপৰত বিশেষ প্ৰভাৱ আছিল, নহলে ইন্দ্ৰই তেওঁলোকক মাৰি পেলাবলগীয়া নহল হেঁতেন। কিন্তু যতিসকল কেনে আছিল, তেওঁলোকে কি মানিছিল আদি কথা জনাৰ বাবে এতিয়া আমাৰ কোনো উপায় নাই।
আৰ্য্য সংস্কৃতিৰ প্ৰতি শ্ৰীকৃষ্ণৰ বিৰোধ—সপ্তসিন্ধু অঞ্চলৰ ওপৰত ইন্দ্ৰৰ সম্পূৰ্ণ প্ৰভুত্ব প্ৰতিষ্ঠা হলত তেওঁ যে ভাৰতৰ মাজ, অঞ্চলৰ পিনেও আক্ৰমণ চলাবলৈ চেষ্টা কৰিব, তাত আচৰিত হব লগীয়া কোনো কথা নাই। কিন্তু তাত এজন ডাঙৰ প্ৰতিদ্বন্দ্বীৰ লগত ফেৰ মাৰিব লগীয়া হল। দেৱকীনন্দন কৃষ্ণ অকল গাই পোহা এজন ৰজা আছিল। ইন্দ্ৰৰ যাগ-যজ্ঞৰ সংস্কৃতি আৰু তেওঁৰ মহত্ব স্বীকাৰ কৰিবলৈ তেওঁ সাজু নাছিল, গতিকে ইন্দ্ৰই তেওঁৰ ওপৰত আক্ৰমণ চলালে। কৃষ্ণৰ অশ্বাৰোহী সেনা নাছিল; কিন্তু তেওঁ তাৰ প্ৰতিকাৰৰ বাবে এডোখৰ এনে বঢ়িয়া ঠাই বিচাৰি ললে যে তালৈ ইন্দ্ৰ আৰু এখোজো আগ বাঢ়িব নোৱাৰিলে। বৃহস্পতিৰ সহায়ত তেওঁ কোনো ৰকমে নিজৰ প্ৰাণ ৰক্ষা কৰি পিচ হোঁহকি গল। [ ৪৭ ] ঋগ্বেদৰ[১] কিছুমান ঋচা আৰু ভাগৱত আদি পুৰাণত থকা কিছুমান উপকথাৰ পৰা ইয়াৰ সমৰ্থন পোৱা যায়।[২]
কৃষ্ণই যদি যাগ-যজ্ঞৰ সংস্কৃতি মানিবলৈ সাজু নাছিল, তেওঁ তেন্তে মানিছিল কি? তেওঁক আঙ্গিৰস্ ঋষিয়ে যজ্ঞ কৰাৰ এটা সৰল আৰু সহজ পদ্ধতি শিকাই দিলে। এই যজ্ঞৰ দক্ষিণা আছিল— তপশ্চৰ্য্যা, দান, সৰলতা (আৰ্জ্জৱ), অহিংসা আৰু সত্য বচন। অথ যত্তপো দানমাৰ্জ্জৱমহিংসা সত্যবচনমিতি তা অস্য দক্ষিণাঃ।[৩] ইয়াৰ পৰা ইয়াক দেখা যায় যে আৰ্য্য আৰু দাসসকলৰ সংঘৰ্ষৰ ফলত সপ্তসিন্ধু অঞ্চলত যতিসকলৰ যি সংস্কৃতি ধ্বংস হৈ গৈছিল, তাৰে কিছু অংশ গঙ্গা-যমুনা অঞ্চলত হলে তেতিয়াও বাকী আছিল। ওপৰত দিয়া উদ্ধৃতিৰ পৰাই জনা যায় যে কৃষ্ণৰ নিচিনা ৰজাসকলে তপশ্চৰ্য্যা কৰা অহিংস মুনিসকলৰ পূজা কৰিছিল।
কিন্তু এই অহিংসাত্মক সংস্কৃতিৰ বিশেষ উন্নতি নহল। ব্ৰাহ্মণ সকল ৰাজনীতিৰ পৰা আঁতৰি যোৱাৰ পিচত সাহিত্য আৰু আন আন মানুহৰ উপযোগী কথাৰ প্ৰতি বিশেষ ধ্যান দিবলৈ ধৰিলে। ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ প্ৰাচীন বিশ্ববিদ্যালয় আছিল তক্ষশিলাত। তাত ব্ৰাহ্মণসকলে বেদতো পঢ়াইছিলেই, লগতে ধনুৰ্ব্বিদ্যা, বৈদ্যক আদি শাস্ত্ৰও পঢ়াইছিল। সপ্তসিন্ধুৰ পৰা ইন্দ্ৰৰ পৰম্পৰাৰ সাম্ৰাজ্য লোপ পালেও, এই পৰম্পৰাৰ পৰা সৃষ্ট নতুন সংস্কৃতিৰ সাম্ৰাজ্য আৰম্ভ হল আৰু ক্ৰমে বাঢ়ি গল।
মধ্য দেশত বৈদিক সংস্কৃতিৰ জয়— কৃষ্ণই ইন্দ্ৰক পৰাস্ক কৰাৰ ছ শ কি সাত শ বছৰৰ পিচত পাণ্ডৱ বংশৰ দুজনা ৰজা— [ ৪৮ ] পৰীক্ষিত আৰু জনমেজয়ে সপ্তসিন্ধুত গঢ়ি উঠা আৰ্য্য সংস্কৃতি গঙ্গা আৰু যুমনা প্ৰদেশতো প্ৰৱৰ্ত্তন কৰিলে। পাণ্ডৱসকলে যে আৰ্য্য সংস্কৃতিৰ সমৰ্থন কৰিছিল তাৰ অনুকূলে বৈদিক সাহিত্যত কোনো প্ৰমাণ পোৱা নাযায়। কৃষ্ণ আৰু পাণ্ডৱসকলৰ অভ্যুদয়ৰ মাজত অন্ততঃ ছ শ বছৰৰ ব্যৱধান দেখা যায়। ‘মহাভাৰত’ত শ্ৰীকৃষ্ণৰ যি কথা আছে তাক ততাতৈয়াকৈ পঢ়ি গলেও সি প্ৰক্ষিপ্ত অৰ্থাৎ পিচত জুৰি দিয়া বুলি অনুভৱ কৰা যায়। অন্ততঃ এই কথাতো স্বীকাৰ কৰিবই লাগিব যে ইন্দ্ৰৰ লগত যুদ্ধ কৰোতা কৃষ্ণ আৰু ‘মহাভাৰত’ৰ কৃষ্ণ দুয়ো একেজন ব্যক্তি নহয়। অথৰ্ব্ব বেদৰ (কাণ্ড ২০, সূত্ৰ ১২৭) পৰা এই কথা ভালদৰে সিদ্ধ হয় যে পাণ্ডৱ বংশৰ পৰীক্ষিত আৰু জনমেজয়ে বৈদিক সংস্কৃতিৰ যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল।[৪]
ওপৰত দি অহা ‘ছান্দোগ্য উপনিষদ’ৰ উদ্ধৃতি আৰু পালি সাহিত্যৰ ‘সূত্তনিপাত’ৰ ‘ব্ৰাহ্মণ ধাম্মিক’ সূত্তৰ পৰা স্পষ্ট ভাৱে জনা যায় সপ্তসিন্ধুৰপৰা যতিসকলৰ সংস্কৃতি সম্পূৰ্ণভাৱে নষ্ট হৈ গলেও ভাৰতৰ মাজ অঞ্চলত সি সম্পূৰ্ণভাৱে বিদ্যমান আছিল।[৫] সপ্তসিন্ধুৰ চাতুৰ্ব্বণ্য ভাৰতৰ মাজ অঞ্চলত নিৰ্দ্দিষ্টভাৱে গঢ় লৈছিল। প্ৰভেদ মাথোন এইখিনিয়ে আছিল যে সপ্তসিন্ধুৰ ব্ৰাহ্মণসকলে আৰ্য্যসকলৰ বিজয়ৰ ফলত উৎপন্ন যাগ-যজ্ঞৰ পদ্ধতি সম্পূৰ্ণভাৱে স্বীকাৰ কৰি লৈছিল। ভাৰতৰ মাজভাগত ব্ৰাহ্মণসকলে অগ্নি পূজা কৰিলেও, তেনে পূজাত প্ৰাণীৰ বলি দিয়া নহৈছিল। তেওঁলোকে চাউল, কণী, ধান আদিৰে অগ্নিদেৱতাৰ পূজা কৰিছিল। কিন্তু পৰীক্ষিত আৰু জনমেজয়ে যাগ-যজ্ঞৰ প্ৰৱৰ্ত্তন কৰাত পুৰণি অহিংসাত্মক ব্ৰাহ্মণ সংস্কৃতি নষ্টপ্ৰায় হৈ গল আৰু তাৰ [ ৪৯ ] ঠাইত হিংসাত্মক যাগ-যজ্ঞৰ প্ৰথা প্ৰৱলভাৱে বিয়পি পৰিবলৈ ধৰিলে। সপ্তসিন্ধুৰ ঠাইত গঙ্গা-যমুনাৰ মাজত থকা অঞ্চলহে আৰ্য্যাবৰ্ত্ত হৈ গল।
অহিংসা তিস্থি থাকিল— পুৰণি অহিংসাত্মক অগ্নিহোত্ৰ-পদ্ধতি মৃতপ্ৰায় হৈ গল সঁচা, কিন্তু সি তেনেই হলে লোপ নাপালে। ৰজাৰ দৰবাৰ আৰু উচ্চ শ্ৰেণীৰ মানুহৰ ওপৰত তাৰ প্ৰভাৱ কম হৈ গল; কিন্তু অৰণ্য অঞ্চলত হলে ই ভালেখিনি পৰিমাণে জীয়াই থাকিল। আন কথাত কবলৈ গলে, যিসকলে অহিংসাত্মক সংস্কৃতিকে বুকুত সাবটি লৈ থাকিল তেওঁলোকে বনৰ ফলমূল খাই নিজৰ তপশ্চৰ্য্যা অটুট ৰাখিলে। ‘জাতক-অট্ঠকথা’ত এনে লোকৰ ভালেমান কাহিনী পোৱা যায়। নৱপ্ৰৱৰ্তিত হিংসাত্মক যজ্ঞ-পদ্ধতিত অতিষ্ঠ হৈ ভালেমান ব্ৰাহ্মণ আৰু আন আন বৰ্ণৰ লোকো বনলৈ গৈছিল আৰু তাতে আশ্ৰম পাতি তপশ্চৰ্য্যা কৰিছিল। বছৰৰ ভিতৰত কেইদিন মানৰ বাবে টেঙা আৰু লুণীয়া বস্তু খোৱাৰ কাৰণে তেওঁলোক নগৰ আৰু গাৱলৈ গৈছিল। তাৰ পিচত আকৌ নিজ নিজ আশ্ৰমলৈ উভতি গৈছিল। মুঠৰ ওপৰত সপ্তসিন্ধুৰ যতিসকলৰ নিচিনাকৈ ভাৰতৰ মাজ ভাগৰ ঋষি-মুনি সকল নষ্টপ্ৰায় নহৈ অৰণ্যৰ আশ্ৰয় লৈ তপশ্চৰ্য্যা কৰি কোনো ৰকমে তিস্থি ৰল।
আধুনিক উদাহৰণ— এই কথা বুজাবলৈ আধুনিক বুৰঞ্জীৰপৰা এটা উদাহৰণ দিব পৰা যায়। সিংহল দ্বীপৰ পশ্চিম খণ্ডত পৰ্ত্ত গীজ সকলে নিজৰ আধিপত্য স্থাপন কৰি তাৰ বুদ্ধ-মন্দিৰ আৰু ভিক্ষুসকলৰ মন্দিৰ বিধ্বংস কৰি দিয়ে আৰু আটায়েকে বলেৰে ৰোমান কেথলিক ধৰ্ম্মত দীক্ষা দিবলৈ ধৰে। তেতিয়া সিংহলৰ ৰজাই বুদ্ধৰ দন্তধাতু লগত লৈ ক্যাণ্ডিৰ হাবিয়নিলৈ পলাই যায় আৰু তাতে পাহাৰৰ বুলিত নিজৰ নতুন ৰাজধানী পাতে। সিংহল দ্বীপৰ পশ্চিম খণ্ডত পৰ্ত্ত গীজহঁতৰ হাতৰপৰা [ ৫০ ] সাৰিবপৰা ভিক্ষুসকলে সাধ্যমতে বৌদ্ধপুথিবোৰ লগত লৈ সেই পৰ্ব্বতীয়া এলেকালৈ পলাই যায় আৰু ক্যাণ্ডিৰ ৰজাৰ আশ্ৰয় লয়। আংশিক ভাৱে গোৱাতো সেই অৱস্থা হৈছিল। ইয়াতত পৰ্ত্ত গীজহঁতে পোন পহিলতে সাষ্টী, বাৰদেশ আৰু তিসৱাড়া নামৰ তহচীল তিনিখন জয় কৰি লয় আৰু কেইবছৰমানৰ পিচতে তাৰ মন্দিৰবোৰ চুৰমাৰ কৰি মানুহক বলেৰে ৰোমান কেথলিক কৰিবলৈ ধৰে। তেতিয়া কিছুমান হিন্দুৱে নিজৰ পৈত্ৰিক সা-সম্পত্তি জলাঞ্জলি দি লগত ইষ্টদেৱতাৰ মূৰ্ত্তিবোৰ লৈ সংৱদেকৰ নামৰ ওচৰৰ এখন দেশীয় ৰাজ্যলৈ পলাই যায়। আজিও এই সংৱদেকৰ অঞ্চলত সাষ্ট এলেকাৰ আটাইবোৰ দেৱ-দেৱীৰ মূৰ্ত্তি পোৱা যায়। পিচত পৰ্ত্তু গীজসকলে এই অঞ্চলো দখল কৰে; কিন্তু তেওঁলোকে আৰু হিন্দুসকলৰ ধৰ্ম্মৰ ওপৰত হস্তক্ষেপ নকৰিলে। আমাৰ মতে ভাৰতৰ মাজ ভাগৰ অহিংসাত্মক সংস্কৃতিৰ বেলিকাও কিছুদূৰ এনে অৱস্থাই হৈছিল।
অহিংসাৰ প্ৰভাৱ— পৰীক্ষিত অথবা জনমেজয়ে অত্যাচাৰ নাইবা বলপ্ৰয়োগ কৰি বলিদান প্ৰধা থকা যাগ-যজ্ঞৰ পদ্ধতি মানুহৰ মাজত প্ৰৱৰ্ত্তন কৰা নাছিল। কিন্তু সেই সংস্কৃতিয়ে ৰজাৰ পৃষ্ঠপোষকতা পোৱা কাৰণে ব্ৰাহ্মণসকলেও তাক নিজেই স্বীকাৰ কৰি লৈছিল। যিসকলে এই নতুন সংস্কৃতি ভাল নাপালে তেওঁলোক বনলৈ গুচি গল আৰু তাতে তপস্যাৰ আশ্ৰয় লৈ নিজৰ প্ৰাচীন পৰম্পৰা অটুট ৰাখিলে। পৰ্ত্তুগীজ- সকলে খৃষ্টান কৰা বৌদ্ধ আৰু হিন্দুসকলৰ ওপৰত আজিকোপতি যিদৰে বৌদ্ধ আৰু হিন্দু সংস্কৃতিৰ প্ৰভাৱ দেখা যায়, সেইদৰে ভাৰতৰ মাজভাগৰ সাধাৰণ ৰাইজৰ মাজতো প্ৰাচীন অহিংসাত্মক সংস্কৃতিৰ কিছুদূৰ প্ৰভাৱ হৈ গল। অৰণ্যত থকা ঋষি-মুনি গাওঁ বা চহৰলৈ গলে তাৰ ৰাইজে তেওঁলোকক পৰম আদৰ-যত্ন কৰি পূজা কৰিছিল। কিন্তু
শেহস্তৰত নগৰবোৰত যাগ-যজ্ঞ আৰু বলিদানো চলিছিল। [ ৫১ ]যজ্ঞ-সংস্কৃতিৰ বিকাশ— অৱশ্যে ঋষি-মুনিসকলৰ যথেষ্ট মান- সম্মান কৰা হৈছিল, কিন্তু সেই যুগত তেওঁলোকৰ সংস্কৃতিয়ে অলপো উন্নতি কৰিব পৰা নাছিল। সপ্তসিন্ধু প্ৰদেশত তক্ষশিলাৰ নিচিনা বিশ্ববিদ্যালয় স্থাপিত হোৱাত দিয়ে শিক্ষাকেন্দ্ৰ হৈ পৰিল। ‘জাতক অটুঠ কথা’ৰ ভালেমান কাহিনীৰ পৰা জনা যায় যে বেদাধ্যয়ন কৰিবলৈ ব্ৰাহ্মণকুমাৰসকল আৰু ধনুৰ্ব্বিদ্যা শিকিবলৈ ৰাজকুমাৰসকলৰ হেনো সুদূৰ সপ্তসিন্ধু প্ৰদেশৰ তক্ষশিলাৰ নিচিনা ঠাইলৈকো গৈছিল।
সপ্তসিন্ধু প্ৰদেশ বা ভাৰতৰ মাজভাগত ইন্দ্ৰৰ নিচিনা পৰাক্ৰমী সাম্ৰাজ্য আৰু নাথাকিল। ইন্দ্ৰৰ সাম্ৰাজ্যৰ লগত পৰীক্ষিত বা জনমেজয়ৰ ৰাজ্যৰ তুলনা কৰিব নোৱাৰি। তেওঁলোকে বলিদান মূলক যাগ-যজ্ঞৰ পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁলোকৰ যত্নতে গঙ্গা-যমুনাৰ মাজত অৱস্থিত দেশ আৰ্য্যাৱৰ্ত্ত হৈ গৈছিল, এয়ে হল আটাইতকৈ উল্লেখযোগ্য কথা। তেওঁলোকৰ শাসন কালৰ পিচত বোধ হয় সপ্তসিন্ধু আৰু ভাৰতৰ মাজভাগ সৰু সৰু ৰাজ্যত বিভক্ত হৈ গৈছিল। তথাপিও আৰ্য্য আৰু দাসসকলৰ সংঘৰ্ষৰ ফলত গঢ়ি উঠা বলিদান মূলক যাগ-যজ্ঞৰ সংস্কৃতি ক্ৰমে সুদৃঢ় হৈ বিয়পিবলৈ ধৰিলে।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )