পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আৰ্য্য সকলৰ জয়
 

হৈছে।) ‘ৱিতদ্বষুৰৰুণ যুগ ভিৰশ্বৈ’ (অৰুণ ৰৰ্ণৰ ঘোঁৰাৰ ৰথত উষা দেৱী আহিছে।)

 

  যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ— খৃষ্ট জন্মৰ দুহেজাৰ বছৰৰ আগতে বেবিলনীয়াত ঘোঁৰা ব্যৱহাৰ কৰাৰ সমূলি প্ৰমাণ পোৱা নাযায়। তাত ৰথত গৰু বা গাধ সাঙুৰি দিয়া হৈছিল আৰু ঘোঁৰাক বনৰীয়া গাধ কোৱা হৈছিল। বেবিলনীয়াৰ উত্তৰ পিনৰ পৰ্ব্বতীয়া অঞ্চলত বাস কৰা কেশীসকলে পোন পহিলতে মাল অনা-নিয়াত ঘোঁৰাৰ ব্যৱহাৰ কৰিবলৈ লয়। তেওঁলোকে এই বনৰীয়া গাধক নিজৰ বশলৈ আনি তাৰ ওপৰত উঠি শইচ চপোৱাৰ সময়ত বেবিলনীয়ালৈ আহিছিল। তেওঁলোকে বেবিলনীয়াৰ খেতিয়কহঁতক খেতি চপোৱাত সহায় কৰিছিল আৰু তাৰ বাবে বানচ হিচাপে পোৱা শইচখিনি নিজৰ ঘোঁৰাৰ ওপৰত তুলি লৈ ঘৰলৈ উভতি গৈছিল। কেশীহঁতে যুদ্ধবিদ্যা একেবাৰে নাজানিছিল। বেবিলনীয়াৰ মানুহৰ পৰাই তেওঁলোকে সেই বিদ্যা শিকে আৰু তেওঁলোকেই পোন পহিলতে যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ কৰে।

 কেশীসকলৰ গন্দশ নামেৰে এজন ৰজাই নিজৰ অশ্বাৰোহী সেনাৰ বলত খৃঃ পূৰ্ব্ব ১৭৬০ চনত বেবিলনীয়াত সাৰ্ব্বভৌম ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ পিচতো তেওঁৰ বংশৰ ৰজাসকলে তাত ৰাজত্ব কৰিবলৈ লয়। চমুকৈ কবলৈ গলে খৃষ্ট জন্মৰ ওঠৰ শ বছৰৰ আগত যুদ্ধত ঘোঁৰা ব্যৱহাৰ কৰাৰ প্ৰমাণ ক’তো পোৱা নাযায়; অথচ বেদত হলে সকলো ঠাইতে ঘোঁৰাৰ গুৰুত্ব দেখুৱা হৈছে, তাৰ দ্বাৰা কেশীসকলৰ লগত ওচৰ সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট ভাৱে জনা


  ৬. ঋগ্বেদ ৬।৬৫।২
  ৭. L. W. King: A History of Babylon (1915), p. 125
  ৮. Ibid, p. 214