পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


আৰ্য্য সকলৰ জয়

 
উষা দেৱীৰ সূক্ত

 ‘ঋগ্বেদ’ত উষা দেৱীৰ যি সূক্ত পোৱা যায়, তাৰে আধাৰত লোকমান্য বালগঙ্গাধৰ তিলকে তেওঁৰ The Arctic Home in the Vedas নামৰ পুথিত এই বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে আৰ্য্যসকলৰ আদি ভূমি আছিল উত্তৰ মেৰু অঞ্চল। ‘সদৃশীৰ সদৃশীৰিদু শ্বো দীৰ্ঘং সচন্তে ৱৰুণস্য ধাম। (আজি আৰু কালি দুয়ো সমান। তেওঁ ভালেমান দিনৰ কাৰণে বৰুণৰ ঘৰলৈ যায়।) লোকমান্যৰ মতে এই ঋচা আৰু এনে ধৰণৰ আন ঋচাবোৰ উত্তৰ মেৰু অঞ্চলৰ উষা-কালৰ পিনলৈকে লক্ষ্য কৰি ৰচনা কৰা হৈছে। উষা দীঘলীয়া সময়ৰ কাৰণে বৰুণৰ ঘৰলৈ যায, তাৰ অৰ্থ হোৱা উচিত তাত ছমাহৰ কাৰণে আন্ধাৰ থাকে।

  কিন্তু এই সূক্তৰে দ্বাদশ ঋচাত উষা দেৱীৰ বিশেষণ এনেভাৱে দিয়া হৈছে: ‘অশ্বাৱতীৰ্গোমতীৰ্ৱিশ্বৱাৰা’ অৰ্থাৎ যাৰ ভালেমান ঘোঁৰা আৰু গৰু আছে আৰু যি সকলোৰে পূজনীয়। আজি-কালিও উত্তৰ মেৰু অঞ্চলৰ ওচৰে কাষৰে ঘোঁৰা আৰু গৰু নাই; হেজাৰ হেজাৰ বছৰৰ আগতে এই দুবিধ প্ৰাণী যে তাত আছিল তাৰ কোনো প্ৰমাণ পোৱা হোৱা নাই। অকল এই সূক্ততে নহয়, উষা দেৱীৰ আন আন সূক্তবোৰতো তেওঁৰ বিষয়ে এই বিশেষণ ভালেমান ঠাইতে প্ৰয়োগ কৰা হৈছে— তেওঁ ঘোঁৰা আৰু গৰু দিওঁতা, গৰুৰ জন্মদাত্ৰী ইত্যাদি।


  ১. ঋগ্বেদ, ১।১২৩।৮
  ২. The Arctic Home in the Vedas, p. 103
  ৩. ইয়াত উষা বহুৰচনায়।