পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভগৱান বুদ্ধ
 

ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এই ঋচাবোৰ অথবা এই সূক্ত উত্তৰ মেৰু বা তাৰ ওচৰে-কাষৰে ৰচিত হোৱা নাছিল।

  ইশ্‌তৰ— তেনেহলে ‘দীঘলীয়া সময়ৰ বাবে উষা পাতাললৈ যায়’, ইয়াৰ কি অৰ্থ কৰা যায়? বাবিলনবাসী ৰাইজৰ মাজত অতি পুৰণি কালৰে পৰা ইশ্‌তৰ দেৱী সম্বন্ধে চলি অহা উপকথা মনত পেলালে ইয়াৰ অৰ্থ সহজতে বুজিব পৰা যায়। ‘তন্মুজ’ বা ‘দমুৎসি’ (বৈদিক দমূনস্‌) নামৰ দেৱতা জনৰ লগত ইশ্‌তৰৰ প্ৰেম হয়; কিন্তু তেওঁ হঠাতে মৰি থাকে। তেতিয়া তেওঁক আকৌ জীয়াই তোলাৰ কাৰণে অমৃত অনাৰ উদ্দেশ্যে ইশ্‌তৰে পাতালত প্ৰৱেশ কৰে। তাৰ ৰাণী অল্লতু হল ইশ্‌তৰৰ ভনীয়েক। তেওঁ ইশ্‌তৰক বৰ যন্ত্ৰণা দিয়ে; ক্ৰমে ক্ৰমে ইশ্‌তৰৰ গহনাবোৰ খহাই নি তেওঁক ৰুগীয়া কৰি পেলায় আৰু বন্দী কৰি ৰাখে। এইদৰে চাৰি কি ছ মাহ কাৰা-নিৰ্য্যাতন ভোগ কৰাৰ পিচত অল্লতুৰ পৰা ইশ্‌তৰে অমৃত যোগাৰ কৰে আৰু তাৰ পিচত পৃথিবীলৈ উভতি আহে। ইশ্‌তৰে সম্বন্ধে আৰু ভালেমান উপকথা আছে; কিন্তু তাৰ ভিতৰত এইটো কাহিনীয়ে প্ৰধান। সমগ্ৰ বেবিলনীয় সাহিত্যত এই কাহিনী বৰ্ণনা পোৱা যায়। গতিকে এই উপকথাৰ লগতে যে ঋগ্বেদৰ এনে ধৰণৰ ঋচাবোৰৰ সম্পৰ্ক আছে, সেই বিষয়ত কোনো সন্দেহ নাই।

  ইশ্‌তৰে পাতালৰ পৰা ওলাই অহা ঋতুত তেওঁৰ উৎসৱ পতা হৈছিল। ৰঙা গৰুৰ গাড়ীত তেওঁৰ ৰথ যাত্ৰা বাহিৰ কৰা হৈছিল। ঘোঁৰা পোৱা হলত পিচত ঘোঁৰায়ো ৰথ টানিবলৈ ললে। ‘এষা গোভিৰৰুণেভিৰ্যুজানা (সেই উষা, যাৰ ৰথত ৰঙা গৰু জুতি দিয়া


  ৪. Lewis Spence : Myths and Legends of Babylonia and Assyria (1926), pp. 125-131
  ৫. ঋগ্বেদ ৫।৮০।৩