পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ভগৱান বুদ্ধ
 

পৰীক্ষিত আৰু জনমেজয়ে সপ্তসিন্ধুত গঢ়ি উঠা আৰ্য্য সংস্কৃতি গঙ্গা আৰু যুমনা প্ৰদেশতো প্ৰৱৰ্ত্তন কৰিলে। পাণ্ডৱসকলে যে আৰ্য্য সংস্কৃতিৰ সমৰ্থন কৰিছিল তাৰ অনুকূলে বৈদিক সাহিত্যত কোনো প্ৰমাণ পোৱা নাযায়। কৃষ্ণ আৰু পাণ্ডৱসকলৰ অভ্যুদয়ৰ মাজত অন্ততঃ ছ শ বছৰৰ ব্যৱধান দেখা যায়। ‘মহাভাৰত’ত শ্ৰীকৃষ্ণৰ যি কথা আছে তাক ততাতৈয়াকৈ পঢ়ি গলেও সি প্ৰক্ষিপ্ত অৰ্থাৎ পিচত জুৰি দিয়া বুলি অনুভৱ কৰা যায়। অন্ততঃ এই কথাতো স্বীকাৰ কৰিবই লাগিব যে ইন্দ্ৰৰ লগত যুদ্ধ কৰোতা কৃষ্ণ আৰু ‘মহাভাৰত’ৰ কৃষ্ণ দুয়ো একেজন ব্যক্তি নহয়। অথৰ্ব্ব বেদৰ (কাণ্ড ২০, সূত্ৰ ১২৭) পৰা এই কথা ভালদৰে সিদ্ধ হয় যে পাণ্ডৱ বংশৰ পৰীক্ষিত আৰু জনমেজয়ে বৈদিক সংস্কৃতিৰ যথেষ্ট পৃষ্ঠপোষকতা কৰিছিল।[]

  ওপৰত দি অহা ‘ছান্দোগ্য উপনিষদ’ৰ উদ্ধৃতি আৰু পালি সাহিত্যৰ ‘সূত্তনিপাত’ৰ ‘ব্ৰাহ্মণ ধাম্মিক’ সূত্তৰ পৰা স্পষ্ট ভাৱে জনা যায় সপ্তসিন্ধুৰপৰা যতিসকলৰ সংস্কৃতি সম্পূৰ্ণভাৱে নষ্ট হৈ গলেও ভাৰতৰ মাজ অঞ্চলত সি সম্পূৰ্ণভাৱে বিদ্যমান আছিল।[] সপ্তসিন্ধুৰ চাতুৰ্ব্বণ্য ভাৰতৰ মাজ অঞ্চলত নিৰ্দ্দিষ্টভাৱে গঢ় লৈছিল। প্ৰভেদ মাথোন এইখিনিয়ে আছিল যে সপ্তসিন্ধুৰ ব্ৰাহ্মণসকলে আৰ্য্যসকলৰ বিজয়ৰ ফলত উৎপন্ন যাগ-যজ্ঞৰ পদ্ধতি সম্পূৰ্ণভাৱে স্বীকাৰ কৰি লৈছিল। ভাৰতৰ মাজভাগত ব্ৰাহ্মণসকলে অগ্নি পূজা কৰিলেও, তেনে পূজাত প্ৰাণীৰ বলি দিয়া নহৈছিল। তেওঁলোকে চাউল, কণী, ধান আদিৰে অগ্নিদেৱতাৰ পূজা কৰিছিল। কিন্তু পৰীক্ষিত আৰু জনমেজয়ে যাগ-যজ্ঞৰ প্ৰৱৰ্ত্তন কৰাত পুৰণি অহিংসাত্মক ব্ৰাহ্মণ সংস্কৃতি নষ্টপ্ৰায় হৈ গল আৰু তাৰ


  1. ভাৰতীয় সংস্কৃতি আণি অহিংসা, পৃঃ ৩৭-৩৮
  2. ঐ পৃঃ ৩০-৪০