পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বহল ব্যাকৰণ।

 ১২। পূৰ্ব্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে, পাচৰ অহ্ন শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে, পূৰ্ব্ব+অহ্ন= পূৰ্ব্বাহ্ণ, পৰ+অহ্ন= পৰাহ্ণ, অপৰ+অহ্ন= অপৰাহ্ণ।

 ১৩। দুৰ্ উপসৰ্গৰ বাজে আন উপসৰ্গৰ ৰ-ৰ পাচত থকা নম্ আৰু নী ধাতুৰ ন মূৰ্দ্ধন্য হয়। যেনে, প্ৰ–নম্+ঘঞ্‌= প্ৰণাম, প্ৰ—নী+অল= প্ৰণয়।

 ১৪। বিদেশী শব্দত বা নামত ণত্ব বিধিৰ নিয়মবিলাক নাখাটে। যেনে, ফোৰকান, কোৰান, ৰোৱেনা, ইউৰেনাচ।

 ১৫। কেতবিলাক শব্দৰ ণ স্বভাৱতে মূৰ্দ্ধন্য। সেইবিলাক শব্দৰ প্ৰচলিত কিছুমান তলত ছন্দত বান্ধি দিয়া হল।

বাণিজ্য, বণিক, ঘুণ, কণ, পণ, পাণি।
শোণিত, চিক্কণ, গুণ, গণ, শণ, বাণী॥
কণিকা, কঙ্কণ, অণু, বেণী, বেণু, বাণ।
গৌণ, তূণ, ফণা, বীণা, নিপুণ, কল্যাণ॥
লৱণ, মাণিক্য, কোণ, মণি আৰু পুণ্য।
এই শব্দবিলাকৰ ণবোৰ মূৰ্দ্ধন্য॥

ষত্ব বিধি।

 ১৬। অ সবৰ্ণৰ বাজে আন স্বৰবৰ্ণ, বা ক বা ৰ আগত থাকিলে, প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। যেনে, জি+সন্+আ= জিগীষা, মৃ+সন্+উ= মুমূৰ্ষু, শ্ৰীচৰণ+সু= শ্ৰীচৰণেষু