পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বহল ব্যাকৰণ।

না প্ৰায় নে হয়, নহৈও থাকে। যেনে, নাজানে—নেজানে, নাখায়—নেখায়, নাযায় — নেযায়।

⸺⸻


দ্বিতীয় অধ্যায়।
⸺:✺:⸺
ণত্ব বিধি।

 ১। এটা পদৰ ভিতৰত ঋ, ৰ আৰু ষ-ৰ পাচত দন্ত্য ন থাকিলে সি মূৰ্দ্ধন্য হয়। যেনে— ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰ্ষণ।

 ওপৰত উদাহৰণ দিয়া শব্দবিলাকৰ ণ বিলাকত অসমীয়া উচ্চাৰণ মতে কোনো স্বৰ যোগ নাই, কিন্তু সংস্কৃত উচ্চাৰণ মতে অ যোগ আছে। ণত্ব বিধিত শব্দৰ সংস্কৃত উচ্চাৰণ ধৰা হয়।

 ২। ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ, বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ, বা য, ৱ, হ, বা ং অনুস্বাৰ থাকিলেও ন মূৰ্দ্ধন্য হয়। যেনে, কৃপণ, গ্ৰহণ, ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ।

 ৩। এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্ৰংশ শব্দত মাথোন খাটে। অসমীয়া শব্দত ঋ, ৰ, ষ-ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ-ৰ বাজে আন স্বৰবৰ্ণ