পৃষ্ঠা:নগা কোঁৱৰ.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি

 "***কমলা তোমাৰ 'নগা কোঁ‌ৱৰে' মোক নাগিনী কৰিলে সঁচায়ে।***” অধ্যাপক শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞা এম, এ, বি, এল দেৱৰ এই একে আষাৰ অভিমত মোৰ নগা কেঁৱৰৰ সোণৰ সঁফুৰা। নগা কেঁৱৰক বাজলৈ উলিয়াবৰ প্ৰয়াস মোৰ সেই উদগণি।

 নগা কেঁৱৰ লেখি অটাওঁতেই ডিব্ৰুগড়ৰ মেডিকেল স্কুলৰ ছাত্ৰ সমূহে খোজাই নি বৰ কৃতিত্বেৰে তাৰ প্ৰথম অভিনয় কৰে। সেই উদ্যোগী ছাত্ৰসকললৈ এই খিনিতে মোৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ‌। সেই অভিনয়ৰ পিছতে বহুতৰ পৰা নগা কোঁৱৰৰ শলাগনি পাইছিলোঁ‌। “Times of Assam” কাকততো নগা কেঁৱৰক শলাগি এটি বিস্তাৰিত সমালোচনা প্ৰকাশিত হৈছিল।

 নগা কোঁৱৰ হয়তো আৰু বছৰচেৰেকৰ আগতে ৰাজলৈ ওলাব পাৰিলেহেঁতেন, কিন্তু দুখীয়াৰ উদ্যমত বিধি পথালি সদাই আছেই।

 যি কি নহওক নানা আপদ জঞ্জালৰ মাজেদিও ইমান দিনৰ মূৰত আজি নগা কোঁৱৰ বাজলৈ ওলাব পৰাতেই মোৰ অপাৰ আনন্দ! যদি ৰাইজৰ চেনেহ মৰমৰ অধিকাৰী হবৰ যোগ্য হয় বুজিম নগা কোঁৱৰৰ মৰ্যাদা আছে।</poem>

কমলানন্দ ভট্টাচাৰ্য্য