নগা কোঁৱৰ/লিখক পৰিচিতি
লিখক পৰিচিতি
স্বৰ্গীয় কমলানন্দ ভট্টাচাৰ্য্যৰ জন্ম হয় ইং ১৮৯৪ চনৰ ২ জুন তাৰিখে নগাৱঁৰ অমোলাপট্টিৰ ঘৰত। তেখেতৰ পিতৃৰ নাম ৺মহদানন্দ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম ৺ৰত্নেশ্বৰী দেৱী।
সৰুৰে পৰা তেখেতৰ খেলাধূলা আৰু সঙ্গীতত ৰাপ আছিল আৰু স্কুলত পঢ়াদিনৰে পৰা গান আৰু কবিতা লেখিছিল। তেখেতৰ দেউতাকো সঙ্গীতজ্ঞ আছিল—তবলা, ক্লাৰিওনেট, বেহেলা আৰু চেতাৰ আদি বাদ্যযন্ত্ৰ বজাব জানিছিল। ইংৰাজী স্কুলত পঢ়া অৱস্থাতে ভট্টাচাৰ্যদেৱৰ পিতৃবিয়োগ হয় ১৯০৯ চনত। চাৰিটা লৰা আৰু তিনি জনী ছোৱালীৰে সৈতে তেখেতৰ মাতৃ সহায় সম্বলহীন হৈ যিদৰে ধৈৰ্য্য ধৰি দক্ষতাৰে নিজ বাহুবলেৰে (কটনা কাটি) চাৰিওটা লৰা পঢ়াই তিনিজনী ছোৱালী বিয়াদি আনৰ ওচৰত হাত ন পতাকৈ ঘৰ চলাইছিল ই সামান্য মানুহৰ কাম নহয়।
ভট্টাচাৰ্যদেৱে ১৯১১ চনত মেট্ৰিক পাচ কৰি ১৯১৪ চনত কটন কলেজৰ পৰা এফ, এ পাচ কৰে। ইয়াৰ পিছত তেখেতে কলিকতাত বি, এ পঢ়েগৈ। কিন্তু ঘৰৰ অৱস্থা শোচনীয় হোৱাত তেখেতৰ মাতৃয়ে ইমান খৰছ যোগাব নোৱৰা হোৱাত বাধ্যহৈ বি, এ পৰীক্ষা নিদিয়াকৈ গুছি আহিব লগা হয়। সেই সময়তে নগাওঁ গৱৰ্ণমেন্ট হাই স্কুলত এজন শিক্ষকৰ কাম খালি হোৱাত ৫০ টকা দৰমহাত সেই কামতে ভৰ্ত্তি হবলৈ বাধ্য হয় আৰু অতি সুখ্যাতিৰে, সকলো ছাত্ৰ আৰু শিক্ষকৰ প্ৰিয় পাত্ৰহৈ ৭ বছৰকাল সেই চাকৰী কৰে। স্কুলত চাকৰী পোৱাৰ কিছুদিনৰ পাছতেই তেখেতৰ বিয়া যোৰহাটৰ স্বনামধন্য চাহ খেতিয়ক ৺সোমশ্বৰ শৰ্ম্মাদেৱৰ নাতিনিয়েকৰ লগত সম্পন্ন হয়। [ ২২১ ] ইতিমধ্যে তেখেতে বহুত গান ৰচনা কৰে আৰু কেইবাখনো বঙ্গালী নাটক অসমীয়ালৈ অনুবাদ কৰি নগাওঁ নাট্য মন্দিৰত অভিনীত কৰায় আৰু নিজেও অভিনয়ত যোগদি যথেষ্ট খ্যাতি অৰ্জ্জন কৰে। তেখেত সুনিপুণ গায়ক আছিল আৰু চেতাৰ, এছৰাজ, বেহেলা, বাঁহী, তবলা, জলতৰঙ্গ আদি অনেক বাদ্যযন্ত্ৰ বজাব জানিছিল। তেখেতৰ সঙ্গীতৰ প্ৰভাবে বহুতক মোহিত কৰিছিল আৰু যি মানুহে এবাৰ তেখেতৰ সংস্পৰ্শত আহিছিল তেৱেঁই তেখেতক জীৱনত পাহৰিব নোৱাৰিছিল। কবিবৰ শ্ৰীৰত্নকান্ত বৰকাকতিদেৱ তেখেতৰ অকৃত্ৰিম বন্ধু আছিল আৰু তেখেতৰ লগত সেই সময়ত অঃ আঃ উঃ সাঃ সভাত যোগদি উক্ত সভাবিলাকৰ অধিবেশন বিলাক গানে বাজনাই উপাদেয় কৰি তুলিছিল। নগাৱত অনুষ্ঠিত হোৱা যি কোনো উৎসব, সভা, সামভি, বিদায়-মেলা ইত্যাদিত তেখেতে ততালিকে সমমোপযোগী কৰি ৰচনা কৰি দিয়া গান, কবিতা বা আবৃত্তি নহলে সেই সেই উৎসব কেতিয়াও সম্পূৰ্ণ নহৈছিল।
১৯২১ চনত অসহযোগ আন্দোলনত যোগদি চৰকাৰী চাকৰী ইস্তফা দিযাত নগাৱঁত প্ৰথম আছিল ভট্টাচায্যদেৱ। তেখেতৰ এজন ভায়েকে এই সময়ত কটন কলেজত I. Sc. পৰীক্ষাৰ বাচনি পৰীক্ষা দিছিল, বাকী দুজনে ইংৰাজী স্কুলত পঢ়িছিল। এটাই কেউজন ভায়েকক তেখেতে কলেজ আৰু স্কুলৰ পৰা এৰুৱাই আনি অসহযোগ আন্দোলনত যোগ দিয়ালে আৰু ভায়েক ৺কেশবানন্দ ভট্টাচাৰ্য্যৰ সৈতে দুবাৰ জেল খাটে। জেলৰ পৰা ওলাই আহি দেখে যে সংসাৰ অচল , গতিকে উপায়ান্তৰ হৈ বেহা বেপাৰত হাত দিবলৈ বাধ্য হ’ল, সৰু ভায়েক দুজনক পুনৰ স্কুলত সুমাই দিলে। মাজু ভায়েক ৺কেশবানন্দই ককায়েকৰ লগতে সহায় হ'ল কিন্তু বিধি্ৰ বিধান ১৯২৭ চনত মিকিৰ পাহাৰত এডোখৰ অস্বাস্থ্যকৰ ঠাইত Black water fever হৈ তেখেতৰ মাজু ভাই ৺কেশবানন্দ ভট্টাচাৰ্য্যৰ অকাল মৃত্যু হয়। এই ভ্ৰাতৃ বিয়োগ তেখেতে বৰ মনোকষ্ট [ ২২২ ] পাই স্বৰ্গীয় ভ্ৰাতৃৰ স্মৃতি ৰক্ষাৰ্থে “বাউলী” ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে। ইয়াৰ পিছত তেখেতে “নগা কোঁৱৰ”, “মৰাণ জীয়ৰী”, “খৰিভাৰীৰ ৰাজ্যলাভ,” “সৈৰিন্ধ্ৰী ,” “চিত্ৰাঙ্গদা”, “অৱসান” আদি নাটক লেখে। ইয়াৰে কিছুমান নাটক ছপাহৈ ওলাইছে আৰু কিছুমান এতিয়াও অপ্ৰকাশিত অৱস্থাত আছে।
তেখেতৰ ভ্ৰাতৃবিয়োগৰ পিছত ব্যৱসায়ত হাত চিগাহৈ ঘৰতে পঢ়ি P. L. পাচ কৰে আৰু নগাও বাৰত “প্ৰেকটিচ” আৰম্ভ কৰে কিন্তু practice কৰি পোৱা সামান্য পইচাৰে তেখেতে অতিকষ্টেৰে চলিব লগাত পৰে। ইতিমধ্যে H. M. V. (Cal.) কোম্পানীয়ে নিৰ্দ্দেশ দিয়াত “বদ্ৰুবাহন” নাট লেখি নগাৱঁৰে কেইজনমান বচা বচা শিল্পীৰে সৈতে কলকতাত ৰেকৰ্ড কৰি আহে গৈ। ইয়াৰ আগতে তেখেতে কেইবাটাও গান ৰেকৰ্ড কৰিছিল। তেখেত ছিলেট জেইলত আবদ্ধ থাকোঁতে ভালেখিনি গান, “যুগল মিলন” বুলি এখন নাট আৰু কেইবাখনো নাট ৰচনা কৰি নিদিয়াকৈ ৰাখিছিল।
অভাব অনাটনৰ মাজেদি সদায় চলিবলগীয়া হোৱাত মনৰ অশান্তি, অতিৰিক্ত খাটনি আৰু সেই অনুপাতে তাৰ ফল নোপোৱাত তেখেতৰ স্বাস্থ্য লাহে লাহে বেয়া হৈ আহে।
তেখেতক বেয়া পোৱা মানুহ নাছিল; কাৰণ তেখেতৰ হৃদয় ইমান কোমল আছিল যে নিজৰ ক্ষতি স্বীকাৰ কৰিও বিপদগ্ৰস্তক সহায় কৰিছিল। নগাওঁ ড্ৰেমেটিক ক্লাবৰ তেখেত ধৰণী স্বৰূপ আছিল। তেখেতৰ দুটি পুত্ৰ আৰু দুটি কন্যাক তেখেতৰ মনোমত কৰি সঙ্গীত শিক্ষা দিছিল। দাৰিদ্ৰৰ হেঁচা তেখেতৰ বহুমুখী প্ৰতিভা বিকাশপথত চিৰকাল প্ৰতিবন্ধক হৈ আছিল।
১৯৪২ চনৰ আগষ্ট মাহৰ মাজভাগত নগাওঁ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদকৰ ভাৰপ্ৰাপ্ত হৈ, বৃটিচ চৰকাৰৰ অত্যাচাৰৰ চৰম, নগাৱঁৰ [ ২২৩ ] বেবেজিয়া, বৰহমপুৰ, বাৰপুজীয়া আদি গাৱঁৰ হত্যাকাণ্ড আৰু দৈনিক বিৱৰণী গোটাই, লেখি, ফট আদি লৈ তেখেতে আচুতিয়াকৈ ৰাখিছিল, এবাৰ নহয় দুবাৰ নহয়, তিনিবাৰকৈ মিলিটাৰীয়ে ঘৰলুৰুকি সেই বহুমুলীয়া কাগজ পত্ৰৰ সৈতে ছিলেট জেইলত লেখা গান আৰু নাটক সমস্ত ধুহিধাঁহি মসিমুৰকৈ কিছুমান নষ্ট কৰিলে আৰু কিছুমান লৈ গুচি গ'ল যিবিলাকৰ উদ্ধাৰ আৰু তেখেতে কৰিব নোৱাৰিলে।
১৯৪৩ চনত তেজপুৰ জেইলত থাকোঁতে তেখেতে “বিযাল্লিছৰ ছহীদ” আৰু “নাৱৰীয়াৰ সুৰ” বুলি এখন গানৰ কিতাপ লিখে।
স্বাধীনতা লাভৰ পিছত স্বাধীন ভাৰতৰ চৰকাৰে তেখেতক পাবলিচিটি বিভাগত এটা চাকৰী দিছিল। সেই চাকৰী তেখেতে অতি অলপ দিন কৰাৰ পাছতেই চৰকাৰে সেই চাকৰী উঠাই দিয়াত তেখেত এইবাৰ চৰম দুৰৱস্থাত পৰে, এই সময়ত তেখেতৰ এটি লৰা কলেজত আৰু আনটি হাই স্কুলত পঢ়ে; ছোৱালীদুটিৰ এটিয়ে হাই স্কুলত আৰু আনটিয়ে L. P. স্কুলত পঢ়ে। এই শঙ্কট সময়ত তেখেতৰ চাকৰীটি যোৱাত তেখেতৰ দুখ দুৰ্দ্দশাৰ সীমা নাইকিয়া হ’ল। ভগ্ন স্বাস্থ্য আৰু ভাঙি পৰিল আৰু সেযে তেখেতৰ জীৱন চমুৱাই আনিলে।
১৯৫১ চনৰ জানুৱাৰী মাহৰ ৪ তাৰিখে পুৱা ৪ বজাত তেপেতে এই সংসাৰৰ দুখকষ্টৰপৰা হাত সাৰি স্ত্ৰী, পুত্ৰ, কন্যা, ভাই ককাইক কন্দুৱাই কোনোবা শান্তিৰ ৰাজ্য লৈ প্ৰস্থান কৰিলে।
কবিবৰ শ্ৰীৰত্নকান্ত বৰকাকতিদেৰে বন্ধু বিয়োত “বন্ধুবৰ কবি” বোলা কবিতাটিত এইদৰে লেখিছে :-
......“যি গান বেদনা লই—
আহিছিলা তুমি
গানৰ পূজাৰী
হৃদয় উজাৰি
দিলা যি মৰ্ত্ত্যকদান
মোহিলা বন্ধুৰ হিয়া
বিলালা অমিয়া!
যি গানৰ যি প্ৰাণৰ
মহা ব্যাকুলতা
কৰুণ কাহিনী কথা
যুগ যুগ ধৰি আজি
বিশ্বত উঠিছে বাজি
চৰাইৰ মাতৰে পৰা
মানুহৰ হৃদয় ৰাগ ছয়ত্ৰিশ ৰাগিণী—
অখণ্ড সোঁতৰ তুলি মহাতঙ্গিনী
পালা কি সন্ধান আজি
উৎস ক’ত তাৰ?
লভিলা কি সঙ্গ সেই
সিন্ধুৰ অপাৰ?