দন্দুৱা দ্ৰোহ/দ্বাবিংশ অধ্যায়
[ ১১১ ]
পুহ গ’ল। মাঘ পৰিল। আকৌ বৰফুকন আৰু কামৰূপীয়া উভয় পক্ষৰে ৰণৰ আয়োজন হল। এইবাৰ হৰদত্তই দৰঙ্গৰ ৰজা কৃষ্ণ-নাৰায়ণৰ পৰা তিনি হেজাৰ কোচ আৰু কচাৰি সৈন্য পালে। দবঙ্গৰ ৰজাৰ পৰা পত্ৰও পালে যে দৰঙ্গতো ৰজা কৃষ্ণনাৰায়নে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ তুলি যুদ্ধ ঘোষণা কৰিছে আৰু দৰঙ্গৰ পৰাও আহোমক [ ১১২ ] খেদি নিষ্কণ্টক হবলৈ সংকল্প কৰিছে। নিজৰ সাত হেজাৰ আৰু দৰঙ্গৰ তিনি হেজাৰ সৈন্য পাই হৰদত বীৰদতে আকৌ মহাসমাৰোহেৰে ৰণলৈ ওলাল। ইফালে বৰফুকনেও তিনি হেজাৰ সৈন্য গোটাই লই এইবাৰ নিজেই লগত তিনি ঠাইলৈ তিনটা বৰ হিলৈ পাৰ কৰি লই আমিন-গাৱঁলৈ, এটা হিলৈ আৰু আহোম সেনাপতি এজনক এহেজাৰ ৰণুৱাই সৈতে পঠালে। সেইদৰে ৰজা-দুৱাৰলৈকো এজন সেনাপতি, এহেজাৰ ৰণুৱা আৰু এটা হিলৈ পঠালে আৰু নিজে উত্তৰ গুৱাহাটী চহৰত বাকী হিলৈটো আৰু এহেজাৰ আহোম ৰণুৱা লৈ নামিল। তিনিউ ঠাইতে আহোম আৰু কামৰূপীয়াৰ তাকে তয়া-ময়া ৰণ লাগিল। আহোমৰ বৰ-হিলৈ কেইটাই এইবাৰ অনেক কামৰূপীয়া বীৰৰ প্ৰাণ ললে। কামৰূপীয়া আৰু দৰঙ্গী বীৰ সকলেও কাড়, ধেনু, বৰা ইত্যাদিৰে যি পাৰিলে কৰিলে। পিছত কামৰূপীয়া আৰু দৰঙ্গি সৈন্যসকলে তিনিউ ঠাইতে মুকলিত বৰহিলৈৰ বিৰুদ্ধে যুঁজাটো শ্ৰেয়ঃ যেন নেদেখি পিছ হুঁহকি গই গই তিনিউ ঠাইতে তিনিখান পাহাড়ত ( যথা দীৰ্ঘেশ্বৰী, ছিলাৰ পাহাড়, আজ্ঞাঠুৰি পাহাড়) আশ্ৰয় লৈ তাৰ পৰা কাড় ধেনু বষাৰে আহোমৰ গতিৰোধ কৰিলে; এই বেলি প্ৰায় এমাহ যুঁজ হল। আহোম ৰণুৱা প্ৰায় দুহেজাৰ মৰিল, কিন্তু কামৰূপীয়াৰ অতি কমেও ছহেজাৰ ৰণুৱা মৰিল। ঠেক ঠাই কেডোখৰ পাৰ হ’ব নোৱাৰাত আহোম ৰণুৱা [ ১১৩ ] সকলো আৰু আগবাঢ়িব নোৱাৰিলে, কামৰূপীয়াইও ৰজা দুৱাৰ, উত্তৰ গুৱাহাটী, আমিন গাওঁ এৰি দীৰ্ঘেশ্বৰীৰ পাহাড়ত ছিলাৰ চকি আৰু পাহাড়ত সিফালে আজ্ঞাঠুৰি পাহাড়ত খোপনি পিতি ৰল। বৰফুকনে ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী আৰু আমিন গাওঁ এই তিনিউ ঠাইতে হিলৈ তিনটা পাতি থৈ দুশ দুশ ৰণুৱা সেই হিলৈ ৰক্ষা কৰি থাকিবলৈ আৰু কামৰূপীয়াৰ গতিৰোধ কৰি থাকিবলৈ এবি বাকী চাৰি পাঁচ শ ৰণুৱাৰে সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ উলটিল।