পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘজ্জীয়া ৰব দিব? যিকি নহওক বাৰু তোমাৰ কথাটোও শুনিলো। সদ্যহতে তুমি মোক তাইৰ বিয়াৰ বিষয়ে দিক্‌ নকৰিবা। মই এইবাৰৰ ৰণ খনৰ পিছত যি হয় এটা কৰিম ”।

 গিৰিয়েকৰ এই কথাত বৰুৱানী মনে মনে ৰল। পাঠক! যদিও পদ্ম কুমাৰীক টোপনিত থকা বুলি মাক বাপেকে ভাবিছিল; তথাপি তেওঁ হলে দৰাচলতে টোপনি ষোৱা নাছিল। মাক বাপেকৰ সমস্ত মেল আৰু আলোচনা টোপনি ভাওযুৰি শুনি আছিল।

⸻—


দ্বাবিংশ অধ্যায়।
১৭৯০ শকৰ ৰণ।


 পুহ গ’ল। মাঘ পৰিল। আকৌ বৰফুকন আৰু কামৰূপীয়া উভয় পক্ষৰে ৰণৰ আয়োজন হল। এইবাৰ হৰদত্তই দৰঙ্গৰ ৰজা কৃষ্ণ-নাৰায়ণৰ পৰা তিনি হেজাৰ কোচ আৰু কচাৰি সৈন্য পালে। দবঙ্গৰ ৰজাৰ পৰা পত্ৰও পালে যে দৰঙ্গতো ৰজা কৃষ্ণনাৰায়নে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ তুলি যুদ্ধ ঘোষণা কৰিছে আৰু দৰঙ্গৰ পৰাও আহোমক