পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খেদি নিষ্কণ্টক হবলৈ সংকল্প কৰিছে। নিজৰ সাত হেজাৰ আৰু দৰঙ্গৰ তিনি হেজাৰ সৈন্য পাই হৰদত বীৰদতে আকৌ মহাসমাৰোহেৰে ৰণলৈ ওলাল। ইফালে বৰফুকনেও তিনি হেজাৰ সৈন্য গোটাই লই এইবাৰ নিজেই লগত তিনি ঠাইলৈ তিনটা বৰ হিলৈ পাৰ কৰি লই আমিন-গাৱঁলৈ, এটা হিলৈ আৰু আহোম সেনাপতি এজনক এহেজাৰ ৰণুৱাই সৈতে পঠালে। সেইদৰে ৰজা-দুৱাৰলৈকো এজন সেনাপতি, এহেজাৰ ৰণুৱা আৰু এটা হিলৈ পঠালে আৰু নিজে উত্তৰ গুৱাহাটী চহৰত বাকী হিলৈটো আৰু এহেজাৰ আহোম ৰণুৱা লৈ নামিল। তিনিউ ঠাইতে আহোম আৰু কামৰূপীয়াৰ তাকে তয়া-ময়া ৰণ লাগিল। আহোমৰ বৰ-হিলৈ কেইটাই এইবাৰ অনেক কামৰূপীয়া বীৰৰ প্ৰাণ ললে। কামৰূপীয়া আৰু দৰঙ্গী বীৰ সকলেও কাড়, ধেনু, বৰা ইত্যাদিৰে যি পাৰিলে কৰিলে। পিছত কামৰূপীয়া আৰু দৰঙ্গি সৈন্যসকলে তিনিউ ঠাইতে মুকলিত বৰহিলৈৰ বিৰুদ্ধে যুঁজাটো শ্ৰেয়ঃ যেন নেদেখি পিছ হুঁহকি গই গই তিনিউ ঠাইতে তিনিখান পাহাড়ত ( যথা দীৰ্ঘেশ্বৰী, ছিলাৰ পাহাড়, আজ্ঞাঠুৰি পাহাড়) আশ্ৰয় লৈ তাৰ পৰা কাড় ধেনু বষাৰে আহোমৰ গতিৰোধ কৰিলে; এই বেলি প্ৰায় এমাহ যুঁজ হল। আহোম ৰণুৱা প্ৰায় দুহেজাৰ মৰিল, কিন্তু কামৰূপীয়াৰ অতি কমেও ছহেজাৰ ৰণুৱা মৰিল। ঠেক ঠাই কেডোখৰ পাৰ হ’ব নোৱাৰাত আহোম ৰণুৱা