দন্দুৱা দ্ৰোহ/একবিংশ অধ্যায়

[ ১০৫ ]

একবিংশ অধ্যায়।

হৰদত্তৰ গৃহিণী।

 এই বাৰৰ ৰণত যদিও কামরূপীয়া জিকিল তথাপি প্ৰায় ছয় সাত হাজাৰ মানুহ যুঁজত মৰাত কামৰূপীয়াৰ ঘৰে ঘৰে কান্দোনৰ ৰোলও উঠিল। বৰফুকনে কামৰূপীয়াৰ বীৰত্ত্বত তধা মানিব লগাত পৰিল। কামৰূপীয়া মানুহে হৰদত্ত বীৰদত্তৰ বীৰত্ব বখানি ঠায়ে ঠায়ে গীত পদো গাব ধৰিলে।

 যুদ্ধ বিগ্ৰহত লাগি থকাৰ বাবে আমি পদুম আৰু মহীৰামৰ প্ৰণয় কাহিনীৰ বিষয়ে কব পৰা নাই। সেই বাবে আমাক ডেকাগাভৰু সকলে যেন ক্ষমা কৰে। পদুমৰ উঠি অহা যৌবনৰ ৰূপত মহীৰাম যেনেকৈ দিনক দিনে মোহিত হৈছিল পদুমেও সেই দৰে মহীৰামৰ বীৰত্বক [ ১০৬ ] মনে মনে শলাগিছিল। উভয়ৰে উভয়লৈ প্ৰণয় দিনক দিনে ডাঠ হৈ উঠিছিল।
 ইফালে হৰদত্ত বৰুৱাৰ গৃহিণী পদ্ম কুমাৰীৰ মাকে পদ্ম কুমাৰীক দিনক দিনে পূৰ্ণিমাৰ জোনটিৰ দৰে বাঢ়ি অহা দেখি চিন্তিত আৰু শোকাকুলো হৈছিল। শোকাকুল হোৱাৰ কাৰণ, তেওঁনো কোনটা সতে তেওঁৰ একজনী জীয়াৰীক আনলৈ বিয়া দি উলিয়াই দিব। চিন্তিত হৈছিল যে গিৰিয়েকে জীয়াৰী পূৰ্ণ যৌবনা হোৱা স্বত্বেও তাইৰ বিয়াৰ বিষয়ে মনকাণকে কৰা নাছিল। হৰদত্ত বৰুৱা ৰণ বিগ্ৰহত, সৈন্য সামন্ত গোটোৱাত আৰু সেই সকলৰ ৰছদ পাতি যোগোৱাতে বাস্ত আছিল। জীয়াৰীৰ বিয়াৰ নিমিত্তে কোনো কথাকে ভাবিবৰ তেওঁৰ আহৰিয়ে নাছিল।
 বৰুৱানীয়ে মনে মনে স্থিৰ কৰিছিল তেওঁ পদ্মকুমাৰীক যালৈ বিয়া দিব সেইজনক নিজ ঘৰতে চপনীয়া কৰি ৰাখিব। তেওঁ তেওঁৰ সেই একেটি মাত্ৰ সন্তানক আনৰ ঘৰলৈ যাবলৈ এৰি নিদিব। পদুমক এৰি দি তেওঁ এখন্তেকো জীয়াই থাকিব নোৱাৰিব। পদ্মকুমাৰীৰ হাতধৰী লিগিৰীৰ পৰা বৰুৱানীয়ে এইটোও জানিছিল যে মহীৰামে পদুমীক আৰু পদুমীয়েও মহীৰামক ভাল পায়। পদুমী যেনেকুৱা ধুনীয়া মহীৰামো সেই লেখীয়া এজন ৰূপবান ডেকা আৰু বীৰ। তদুপৰি মহীৰাম সৰুৰে পৰা তেওঁ লোকৰ ঘৰতে পদুমে সৈতে একে লগে ডাঙ্গৰ দীঘল [ ১০৭ ] হৈছে। মহীৰাম জাতে-কুলে বংশ-গৌৰবেও হীন নহয়। মহীৰামৰ ভাই ককাই আই বোপাই নাই যেতিয়াই পদুমক মহীৰামলৈকে বিয়া দি সদাই জী-জোঁৱাই উভয়কে নিজৰ ঘৰতে ৰাখিব পাৰিব। এইদৰে ভাবিচিন্তি তৃতীয় বছৰৰ মাঘ মহীয়া ৰণৰ আগতে অৰ্থাৎ, পুহমহীয়া এনিশা বৰুৱানীয়ে পদ্মকুমাৰীক টোপনি যোৱা যেন দেখি শুবৰ সময়ত গিৰিয়েকক ক’লে :– “চাওকচোন আপুনি আজি দুবছৰে কেৱল ৰণতে মত্ত। ঘৰৰ ফালে কি হৈছে কি নহৈছে আপুনি একোৰে বুজ নলয়। ”
 হৰদত্ত—“কি বুজ লব লাগে মাইছানাৰ মাক ॥ তোমাৰ নিচিনা চাবতিয়াল ঘৈণী থাকোঁতে মোৰ ঘৰৰ চিন্তা কি হৰ? তাৰ উপৰিও দৰাচলতে মোৰ মগজুত এতিয়া ৰণ বিগ্ৰহৰ চিন্তাত বাজে আন কেনো চিন্তাই ঠাই নাপায়”।
 বৰুৱানী-“ৰণ দেখোন আপুনি জিকিছেই। আপুনিয়েই দেখোন আজিকালি আমাৰ উত্তৰ কামৰূপৰ একচ্ছত্ৰী ৰজা। এনেস্থলতনো আপোনাৰ চিন্তা কিহৰ”?
 হৰদত্ত—নহয় তুমি নাজানা। যদিও এই গল দুবছৰে আহোমৰ বৰফুকনটোক যথেষ্ট সেকা দিছোঁ তথাপি যে নিশ্চিন্ত হলো, সেইটো নহয়। লেকেটা আহোমে যে এই দুই বেলি ঘাটিয়েই ৰণ এৰি পলাব সেইটো নহয়; সি আকৌ এমাহ মানৰ পিছতে তয়া ময়া ৰণ লগাবলৈ যো যা [ ১০৮ ] কৰিছে। সেই দেখি ময়ো ইফালে ৰণৰ উদ্যোগত থাকিব লগা হৈছে।
 বৰুৱানী—“বাৰু আকৌ যদি ৰণ লাগে ৰণ কৰিব। যেতিয়ালৈকে মা ভগবতী—অপোলৈ প্ৰসন্না থাকে তেতিয়া লৈকে আপোনাক বৰফুকনে বলে নোৱাৰে। বাৰু মোৰ কথাটো, এফেৰা মন দিওকচোন”।
 হৰদত্ত—“বাৰু কি কথা কোৱাচোঁ। ”
 বৰুৱানী-— আপুনি আমাৰ মাইছানালৈ মন কৰিছেনে? হৰদই - বাছাকতো সদাই দেখিয়ে আছোঁ; সেইয়া তাই দেখোন শুয়ে আছে।
 বৰুৱানী—তাই পূৰ্ণ যৌবনা হল। তাইক পাত্ৰস্থা কৰা বিষয়ে কিবা ভাবিছেনে?
 হৰদত্ত—বিয়া দিবৰ সময় হৈছে বুলি ময়ো জানিছো। আৰু তেউজ বেলি দৈবজ্ঞ দুজনে কইছিল তাই হেনো ৰাজৰাণী হব লাগে। মই দেখোন সদ্যহতে তাইলৈ কতো নিজ কলিতা জাতৰ ৰজাৰ লৰা নেদেখো। এই কাৰণেই আৰু সদ্যহতে ৰণ বিগ্ৰহত লাগি থকা বাবেও মই তাইৰ বিষয়ে ভবা নাই।
 বৰৱানী – আপুনি তেন্তে সেই গণকৰ কথাকে বিশ্বাস কৰি তাইৰ বিয়াৰ বিষয়ে মন কাণ কৰা নাই। মই এটা কথা কওঁ।
 হৰদত্ত—“কোৱা”। [ ১০৯ ] বৰুৱানী - চাওকচোন আমাৰ আগলৈকো নাই, পাছ লৈকো নাই, এই একেটি মাথোঁন সন্তান; তাইক বিয়া দি উলিয়াই দিলে-মইনো বাচি থাকিমনে?
 হৰদত্ত—তেনেহলেনো কি কৰিবা? কোন ৰজাৰ লৰা আমাৰ ঘৰত চপনীয়া হৈ থাকিব?
 বৰুৱানী—মই হলে সেই দৈৱজ্ঞ দুজনৰ কথাত এক প্ৰকাৰে বিশ্বাস নকৰো যদিও আন প্ৰকাৰে কৰিব পাৰোঁ। কোনো ৰজাৰ লৰা যে আমাৰ ঘৰত চাপি নাথাকে সেইটো সঁচা। আৰু আমাৰ কলিতা জাতিৰ ৰজাৰ লৰাও কতো নাই যে ইওটা সঁচা। অথচ মই মোৰ এই একেজনী জীয়াক বিয়া দি উলিয়াই দিবও নোৱাৰো। তাইক আতৰলৈ পঠাই মই এক দণ্ডও জীয়াই থাকিব নোৱাৰো। বাৰু, কথা এটা কওঁ আপুনি যদি বেজাৰ নাপায়।
 হৰদত্ত— মই তোমাৰ কথাত কোনো বেজাৰ নাপাওঁ।
 বৰুৱানী—শুনক তেন্তে মই ভাবিছো আমাৰ মাই- ছানাক মহীৰামতে বিয়া দি তাকে ঘৰ জোঁয়াই কৰি ৰাখো। তাৰে সৈতে আমাৰ তেজ মঙ্গহৰতো কোনো সম্বন্ধ নাই। সি মাথোঁন স্বজাতি। সি আমাৰ ঘৰতে ডাঙ্গৰ দীঘল হৈছে। লৰাটোও ভাল নিৰোগী দেখিবলৈকো শুৱনি লগতে আপোনাৰে দৰে সি বাহুবলী বীৰো। যুঁজ লাগিবৰে পৰা সিও এই কুমলীয়া বয়সতে আপোনাৰ এজন সেনাপতি হৈ যুঁজতো সহায় কৰিছে। [ ১১০ ]  হৰদত্ত- ঘৈনি। মই হলে তাত আমাৰ মাইছানাক বিয়া দিবলৈ সম্মাত নহও যদিও সি বীৰ তাৰ স্বজাতি সিতো কোনো ৰজাৰ লৰা নহয়। মোৰ ঘৰতে সৰুৰে পৰা তোলনীয়া। সি মাউৰা আৰু দেখোন টোকোনা।
 বৰুৱানী-আপুনি কেলেই সেইদৰে কয়। সি যে মাউৰা এইটো সচা; কিন্তু সি তো টোকোনা নহয। তাৰ দেখোন মাটি বৃত্তি, বেটী বন্দী সমস্ত আমাৰ হাততে আছে। তাকে দেখোন আমাৰ মাইছানাক বিয়াদি এই এই ঘৰে দুৱাৰে ৰাখি আমাৰ এই সমস্ত বিষয় সম্পত্তি ৰাজ্য তাকে সমৰ্পণ কৰিব পাৰিম। আমাৰ যেতিয়া নিজৰ লৰা নাই তেতিয়া তাকে দেখোন পো বুলিলেও পো জোয়াই বুলিলেও জোঁয়াই ৰাখিব পাৰো। তেতিয়া হলে আমাৰ অভাল ভালে সিযেই দেখোন এই কামৰূপ ৰাজ্যৰ ৰজা হৈ থাকিব। এই দৰে হলেও দেখোন আপোনাৰ দৈবজ্ঞৰ কথা মিলে। ”
 হৰদত্তৰ—মইছানাৰ মাক। তুমি যি কলা এক প্ৰকাৰে সেইটো সচা। কিন্তু মোৰ আপত্তি হৈছে যে প্ৰথমতে সি ৰজাৰ লৰা নহয়। দ্বিতীয়তঃ যদিও সি মাউৰাহৈ শৈশব কালৰে পৰা আমাৰ ঘৰতে ডাঙ্গৰ হৈছে তথাপি সি যেতিয়াই এজন ডেকা বীৰপুৰুষ হৈ উঠিছে তেতিয়াই তাৰ এই সমযত বৰ বাপেক, ভাই ভাগী সকলো ওলাব। সেই সকলে জানো তাক আমাৰ ঘৰত চিৰকাললৈ [ ১১১ ] ঘজ্জীয়া ৰব দিব? যিকি নহওক বাৰু তোমাৰ কথাটোও শুনিলো। সদ্যহতে তুমি মোক তাইৰ বিয়াৰ বিষয়ে দিক্‌ নকৰিবা। মই এইবাৰৰ ৰণ খনৰ পিছত যি হয় এটা কৰিম ”।

 গিৰিয়েকৰ এই কথাত বৰুৱানী মনে মনে ৰল। পাঠক! যদিও পদ্ম কুমাৰীক টোপনিত থকা বুলি মাক বাপেকে ভাবিছিল; তথাপি তেওঁ হলে দৰাচলতে টোপনি ষোৱা নাছিল। মাক বাপেকৰ সমস্ত মেল আৰু আলোচনা টোপনি ভাওযুৰি শুনি আছিল।

⸻—