চলচ্চিত্ৰ/সময়বিৰোধী চলচ্চিত্ৰ মহোৎসৱ

[ ৫২ ]

সময়-বিৰোধী চলচ্চিত্ৰ মহোৎসৱ

 

 ‘ট্ৰেড-ফেয়াৰ’ এই শব্দ দুটা আজিৰ ব্যৱসায়িক পৃথিৱীত অতি চিনাকি আৰু পৰিচিত। ‘ট্ৰেড-ফেয়াৰ’ত হয় কি? একে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ আলাপ-আলোচনা, ভাব বিনিময়, উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ-প্ৰদৰ্শন-বিক্ৰী ইত্যাদি। ব্যৱসায়ৰ বৰ্দ্ধন আৰু উন্নতিৰ বাবে এই ধৰণৰ মেলাৰ প্ৰয়োজন অতি বেছি ই প্ৰমাণিত সত্য আৰু সেইবাবে সমগ্ৰ পৃথিৱীতে ‘ট্ৰেড-ফেয়াৰ’ৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে।

 স্বাভাৱিকতে এই মেলা ব্যৱসায়ৰ লগত জড়িত উৎপাদক আৰু বৃহত ক্ৰেতাৰহে প্ৰয়োজনীয়। সাধাৰণ ক্ৰেতা এজনক এই ধৰণৰ মেলাই সাধাৰণ জ্ঞান বৃদ্ধিৰ বাহিৰে আন ধৰণৰ সহায় কৰিব নোৱাৰে। সাধাৰণ ক্ৰেতাক স্পৰ্শ কৰাৰ বাবে অলেখ উপায় আৰু পথ আছে— সেই পথ ‘ট্ৰেড-ফেয়াৰ’ নহয়।

 ‘ট্ৰেড-ফেয়াৰ’ৰ বিষয়ে ইমানখিনি পাতনি মেলাৰ কাৰণ হ’ল চলচ্চিত্ৰ মহোৎসৱ নামৰ বাৎসৰিক অনুষ্ঠানটিও আজি ‘ট্ৰেড-ফেয়াৰ’ৰ পৰ্যায়লৈ ৰূপান্তৰিত হৈছে। (আমাৰ আলোচনা ভাৰত চলচ্চিত্ৰ মহোৎসৱৰ মাজতে থাকিব)।

 ১৯৫২ চনত ভাৰতৰ বুকুত আয়োজিত প্ৰথমখন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সাফল্যলৈ আজিও প্ৰতিজনেই আঙুলিয়াই দিয়ে। ভাৰতৰ চলচ্চিত্ৰ জগতত আছিল সেয়া প্ৰথম অভিজ্ঞতা, সেই মহোৎসৱত প্ৰৰ্দশিত নব্য ধাৰাৰ ইটালিয়ান ছবিয়ে ভাৰতৰ সত্যজিৎ ৰায় প্ৰমুখ্যে বহু চিত্ৰনিৰ্মাতা-চিত্ৰৰসিকৰ অভিজ্ঞতা আৰু উপলব্ধিৰ নতুন দুৱাৰ খুলি দিয়া বুলি কোৱা কথা আজি ‘মিথ’ৰ সমতুল্য।

 সন্দেহ নাই, সেই আৰম্ভণি আজিৰ সময়ৰ ইতিহাসৰ কেইটিমান উজ্জ্বল পৃষ্ঠা। কিন্তু দ্ৰুত পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত দুকুৰি বছৰ আগৰ ধাৰণা কিমানদূৰ গ্ৰহণযোগ্য।
[ ৫৩ ]  চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰাৰ কাৰণ হ’ল দেশৰ মানুহক আন্তৰ্জাতিক চলচ্চিত্ৰৰ ধাৰণা দিয়া, দেশৰ উৎকৃষ্ট ছবিবোৰক বিদেশী প্ৰতিনিধিৰ আগত প্ৰদৰ্শন কৰি দেশৰ ছবিক পৃথিৱীৰ পথলৈ আগবঢ়াই দিয়াৰ সুবিধা দিয়া, চলচ্চিত্ৰৰ স্ৰষ্টা আৰু ৰসগ্ৰাহীৰ মাজত ভাব- বিনিময়ৰ সুবিধা দিয়া।

 এটা সময় আছিল, যি সময়ত বিদেশৰ ছবি চাবলৈ পোৱাটো অথবা দেশৰ ছবি বাহিৰলৈ পঠোৱাটো এটা সমস্যা হিচাবে চিহ্নিত হৈছিল। কিন্তু আজি ইলেকট্ৰনিক মিডিয়াৰ দ্ৰুত প্ৰসাৰ, বিশেষকৈ ভিডিঅ’ৰ ব্যাপক প্ৰসাৰে এই বাধা সহজেই অতিক্ৰম কৰি গুচি গৈছে। আজি আমেৰিকাত মুক্তি লাভ কৰা ছবি এখন অসমৰ ভিতৰুৱা গাওঁ এখনতো ভিডিঅ’ৰ সৌজন্যত এমাহৰ ভিতৰতে চাব পৰা কাৰ্য সম্ভৱ হৈ উঠিছে। তেনেস্থলত ভাৰতৰ চৰকাৰী বিষয়াই দেশে-বিদেশে ঘূৰি ছবি সংগ্ৰহ কৰি আনি অলেখ টকাৰ বিনিময়ত এখন মহানগৰীৰ দৰ্শকৰ বাবে চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰাৰ যুক্তি কি?

 প্ৰথমে আমি মহোৎসৱৰ প্ৰচলিত ধাৰণাৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। মহোৎসৱত প্ৰদৰ্শিত বিদেশী ছবিসমূহ মুখ্যতঃ দেশীয় দৰ্শকৰ বাবে আৰু দেশীয় ছবিবোৰ বিদেশী প্ৰতিনিধিৰ বাবে। কল্পনা কৰি লোৱা হৈছিল যে একোখন মহানগৰীৰ দৰ্শকে ভাল ভাল বিদেশী ছবি দৰ্শন কৰি আধুনিক চলচ্চিত্ৰৰ সমজদাৰ হৈ উঠিব আৰু মহোৎসৱত দৰ্শকৰ উপস্থিত হোৱা সাংবাদিকসকলে গ্ৰহণ কৰা অভিজ্ঞতা প্ৰান্তৰে- প্ৰান্তৰে বিতৰণ কৰিব। বাস্তৱত এইটো হ’ল নে? মহোৎসৱত দৰ্শকৰ ভিৰ হয় চেন্সৰ নকৰা ছবিবোৰত থকা আদি ৰসাত্মক দৃশ্যৰ বাবেহে। মহোৎসৱে সাধাৰণ দৰ্শকৰ চিত্ত পৰিবৰ্তনত কিবা সহায় কৰিব পাৰিছে নেকি তাৰ প্ৰমাণ ওলাই পৰে মহোৎসৱৰ পিচত সেই চহৰত নিয়মিত ভাবে প্ৰদৰ্শন হৈ থকা ছবিবোৰৰ মাজত। আজিলৈকে মুঠ তেইছটি আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱে ভাৰতৰ কেইবাখনো মহানগৰীৰ দৰ্শকৰ মাজত কিবা পৰিবৰ্তন আনিব পাৰিলেনে, নাই পৰা? সাধৰণ দৰ্শকৰ মাজত মহোৎসৱ এটি সাময়িক আনন্দদায়ক উৎসৱৰ বাহিৰে আন একো নহয়।
[ ৫৪ ]  বিদেশী প্ৰতিনিধিসকলক আমন্ত্ৰণ কৰি আনি ৰাজকীয় আপ্যায়ণ দি ৰখাৰ কাৰণ হ’ল সেইসকলৰ সৌজন্যত ভাৰতীয় ছবিয়ে বিদেশৰ এখন বজাৰ লাভ কৰাৰ আশা। এৰা সম্পূৰ্ণ ব্যৱসায়িক আচৰণৰ বাহিৰে আন একো নহয়। চলচ্চিত্ৰ উদ্যোগৰ স্বাৰ্থত এনে ব্যৱসায়িক আচৰণৰ প্ৰয়োজন আছে; কিন্তু তাক মহোৎসৱৰ অংগ কৰাৰ প্ৰয়োজন কি? তাকতো সম্পূৰ্ণ ‘বিজনেচ টুৰ’ৰ আখ্যাৰে আখ্যায়িত কৰিব পাৰি।

 এই চলচ্চিত্ৰ মহোৎসৱ সম্পূৰ্ণভাৱে চৰকাৰী পৃষ্ঠপোশকতা আৰু ৰাজহুৱা ধনৰ ব্যৱহাৰেৰে আয়োজিত। কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ অনুযায়ী চলচ্চিত্ৰ কলাৰ বিকাশৰ স্বাৰ্থত চৰকাৰে ৰুচিসম্পন্ন, শিল্পগুণবিশিষ্ট চলচ্চিত্ৰৰ বিকাশৰ পোষকতা কৰাটো প্ৰশংসনীয় আৰু প্ৰয়োজনীয়। সেয়ে চলচ্চিত্ৰ মহোৎসৱত চৰকাৰে সিল্পগুণসন্মত ছবিবোৰৰ প্ৰতিহে মনোযোগ দিয়াটো বাঞ্ছণীয়। কিন্তু আজি কেইবছৰমানৰ পৰা চলচ্চিত্ৰ মহোৎসৱত বোম্বাইৰ তথাকথিত গ্লেমাৰাইজড্‌ হিন্দী ছবি আৰু ছবি জগতৰ তাৰকাৰ প্ৰাধান্য বৃদ্ধি পাই আহিছে। ‘মেইনষ্ট্ৰিম’ নামেৰে লেবেল লগাই তথাকথিত ব্যৱসায়িক ছবিৰ প্ৰতি চৰকাৰে অধিক আগ্ৰহী মনোভাব প্ৰদৰ্শন কৰি আহিছে। ব্যৱসায়ৰ উদ্দেশ্যে নিৰ্মাণ কৰা ছবিবোৰে নিজে নিজৰ প্ৰকাশ-প্ৰচাৰ- প্ৰসাৰৰ সুবিধা সৃষ্টি কৰি লৈছেই। এনে ছবিক চৰকাৰী পৃষ্ঠপোষকতা প্ৰদান কৰাৰ যুক্তি আৰু তাক মহোৎসৱৰ লগত সাঙুৰি দিয়াৰ মতলব বুজা নাযায়। বিদেশী প্ৰতিনিধিসকলে ‘মেইনষ্টিম’ ছবি চাব বিচাৰে, কিনিব বিচাৰে, - ইত্যাদি যুক্তি সময়ে সময়ে পৰিবেশন কৰা হয় যদিও এই যুক্তি গ্ৰহণযোগ্য হ’ব নোৱাৰে। কাৰণ সম্ভাৱ ক্ৰেতাৰ মৰ্জিৰ বাবে আৰু ব্যৱসায়ৰ উদ্দেশ্য সাধনৰ বাবে যদি মহোৎসৱৰ আয়োজন কৰা হয়, তেন্তে মহোৎসৱ আৰু অইন ‘ট্ৰেড ফেয়াৰ’ৰ মাজত পাৰ্থক্য বা ৰ’ল কি? অথচ বাস্তৱত সেইটোৱেই হৈ আছে আৰু আৰম্ভণি অনুষ্ঠানত মন্ত্ৰী-বিষয়াসকলে প্ৰদান কৰা শিল্প-সংস্কৃতি বিষয়ক ভাষণৰ পিচতেই মহোৎসৱ ৰূপান্তৰিত হৈ পৰিছে সাধাৰণ ‘ব্যৱসায়িক উন্নয়ন অনুষ্ঠান’লৈ।

 পুনৰ সাধাৰণ দৰ্শক প্ৰশ্নলৈ আহো। চলচ্চিত্ৰ মহোৎসৱত উচ্চমানৰ [ ৫৫ ] বিদেশী ছবিপ্ৰদৰ্শনেৰে দৰ্শকৰ চলচ্চিত্ৰ ভাবনা উন্নত কৰাৰ এই যি চৰকাৰী প্ৰয়াস তাৰ সাফল্য বক্তৃতাৰ মাজতেই আবদ্ধ হৈ আছে। চলচ্চিত্ৰ সম্পৰ্কত চৰকাৰৰ যি নীতি, সেই নীতিয়ে দৰ্শকৰ ৰুচিবোধ উন্নত কৰাত সহায় কৰাৰ সলনি তাৰ বিপৰীতহে কৰি আছে।

 বিদেশী ছবি আমদানি কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতি কি তাক জনা নগ’লেও সাধাৰণ দৰ্শকে অনুভৱ কৰিছে যে উচ্চমানৰ বিদেশী ছবিয়ে সহজে আহি ভাৰতৰ প্ৰেক্ষাগৃহৰ ৰূপালী পৰ্দা জিলিকাই নোতোলেহি। অথচ তৃতীয় শ্ৰেণীৰ বিদেশী ছবি নিয়মিত ৰূপত ভাৰতলৈ আহিয়েই আছে। ভিডিঅ’ কেছেটৰ ক্ষেত্ৰত এই বাধা কিছু শিথিল যেন অনুভৱ হয়। চৰকাৰী সংগঠন এন এফ ডি চি-য়ে বিশেী ছবিৰ কেছেট ভাৰতৰ বজাৰত বিতৰণ কৰে। এই ব্যৱস্থাতো কিন্তু মানবিশিষ্ট ছবিৰ লগতে সাধাৰণ মানৰ চেক্স-ভায়োলেন্স সৰ্বস্ব ছবিয়েহে প্ৰাধান্য লাভ কৰিছে। হয়তো এনে ছবিয়ে এন এফ ডি চি-ক ব্যৱসায়িক সাফল্য যোগাব পাৰিছে - কিন্তু চৰকাৰৰ প্ৰচেষ্টাটো সদায়েই ব্যৱসায়িক সাফল্যমুখী হোৱাটো উচিত নহয়।

 দূৰদৰ্শনেও প্ৰায়েই বিদেশী ছবি প্ৰদৰ্শন কৰে যদিও এখন দুখন ক্লাচিকৰ বাহিৰে অধিকাংশ ছবিয়েই হয় সাধাৰণমানৰ পুৰণি ছবি। মহোৎসৱ পাতি এখন চহৰৰ দৰ্শকক নতুন বিদেশী ছবিৰ সোৱাদ দিয়াৰ লগতে দূৰদৰ্শন যোগে নতুন বিদেশী ছবি প্ৰদৰ্শন কৰি বহু বেছি সংখ্যক দৰ্শকক উপকৃত কৰিব পৰা গ’লহেঁতেন।

 দৰ্শকৰ চলচ্চিত্ৰ বোধ উন্নত কৰাৰ বাবে চৰকাৰৰ এই দুমুখীয়া প্ৰচেষ্টা এপিনে চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে কৰা চেষ্টা আৰু আনহাতে দূৰদৰ্শন যোগে অহৰহ তৃতীয় শ্ৰেণীৰ হিন্দী ছবি প্ৰদৰ্শন— এই দুই বৈপৰীত্যই সমগ্ৰ চৰকাৰী প্ৰচেষ্টাটোক এটি প্ৰহসনলৈ ৰূপান্তৰিত কৰি পেলাইছে। চলচ্চিত্ৰ মহোৎসৱ এটি বাৰ্ষিক উৎসৱ আৰু দুৰদৰ্শন যোগে ছবি প্ৰচাৰ — এই দুই কাৰ্য ছবিকেন্দ্ৰিক হ’লেও দুয়োটাৰ মাজত কোনো সাদৃশ্য বা উদ্দেশ্যগত সামঞ্জস্য বিচাৰি পোৱা নাযায়। যদি চৰকাৰে এই মহোৎসৱ আৰু অন্যান্য কাম-কাজৰ মাজেৰে দৰ্শকৰ চলচ্চিত্ৰবোধৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰাৰ কথা ভাবিলেহেঁতেন তেনেহ’লে [ ৫৬ ] এই ধৰণৰ আচঁনিবোৰৰ মাজত এটি আদৰ্শগত মিল বিচাৰি পোৱাটো সহজ হ’লহেঁতেন।

 সমগ্ৰিকভাৱে, চলচ্চিত্ৰ মহোৎসৱে ছবিৰ লগত জড়িত কিছুলোক আৰু এখন চহৰৰ দৰ্শকৰ বাবে আনন্দৰ বাৰ্তা বহণ কৰি আনিলেও বৃহত্তৰ সাধাৰণ দৰ্শকৰ বাবে এই মহোৎসৱবোৰ ফলপ্ৰসু হৈ উঠা নাই আৰু এই প্ৰচেষ্টাত নুঠিবও। মহোৎসৱ কেন্দ্ৰীয়ভাৱে এঠাইত উদ্‌যাপিত হ’ব পাৰে, কিন্তু বৃহত্তৰ দৰ্শকৰ চাহিদা পূৰণৰ বাবে ছবিৰ প্ৰদৰ্শন ব্যৱস্থাটো সিঁচৰতি কৰি দিয়াটো প্ৰয়োজনীয়। তাৰ উপৰি দূৰদৰ্শন আৰু ভিডিঅ’ৰ সহযোগ ব্যাপক কৰি মহোৎসৱ আৰু ব্যাপক কৰি তোলাটো অতি জৰুৰী। আজিৰ যুগত ভিডিঅ’ৰ ক্ষমতা অস্বীকাৰ কৰাৰ সাহস কাৰোৱেই নাই। ইয়াৰ সহায় আওকাণ কৰি চিনেমাৰ বিশুদ্ধতা ৰক্ষা কৰিব বিচৰাটো সময় বিৰুদ্ধ আচৰণ। ভিডিঅ’ কেতিয়াও ৰূপালী পৰ্দাৰ বিকল্প হব নোৱাৰে। কিন্তু চিনেমাই ঢুকি নোপোৱা দৰ্শকৰ বাবে ভিডিঅ’ই একমাত্ৰ বিকল্প। যদি মহোৎসৱৰ বাণী বৃহত্তৰ দৰ্শকৰ ওচৰলৈ নিব বিচৰা দায়িত্ব অনুভৱ কৰা যায়, তেন্তে এক চহৰকেন্দ্ৰিক মহোৎসৱৰ ধাৰণা পৰিত্যাগ কৰিব লাগিব আৰু সময়ৰ আহিলা ভিডিঅ’; দূৰদৰ্শনক ব্যৱহাৰ কৰাৰ বিকল্প নাথাকিব।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।