এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়-বিৰোধী চলচ্চিত্ৰ মহোৎসৱ

 

 ‘ট্ৰেড-ফেয়াৰ’ এই শব্দ দুটা আজিৰ ব্যৱসায়িক পৃথিৱীত অতি চিনাকি আৰু পৰিচিত। ‘ট্ৰেড-ফেয়াৰ’ত হয় কি? একে ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ আলাপ-আলোচনা, ভাব বিনিময়, উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ-প্ৰদৰ্শন-বিক্ৰী ইত্যাদি। ব্যৱসায়ৰ বৰ্দ্ধন আৰু উন্নতিৰ বাবে এই ধৰণৰ মেলাৰ প্ৰয়োজন অতি বেছি ই প্ৰমাণিত সত্য আৰু সেইবাবে সমগ্ৰ পৃথিৱীতে ‘ট্ৰেড-ফেয়াৰ’ৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে।

 স্বাভাৱিকতে এই মেলা ব্যৱসায়ৰ লগত জড়িত উৎপাদক আৰু বৃহত ক্ৰেতাৰহে প্ৰয়োজনীয়। সাধাৰণ ক্ৰেতা এজনক এই ধৰণৰ মেলাই সাধাৰণ জ্ঞান বৃদ্ধিৰ বাহিৰে আন ধৰণৰ সহায় কৰিব নোৱাৰে। সাধাৰণ ক্ৰেতাক স্পৰ্শ কৰাৰ বাবে অলেখ উপায় আৰু পথ আছে— সেই পথ ‘ট্ৰেড-ফেয়াৰ’ নহয়।

 ‘ট্ৰেড-ফেয়াৰ’ৰ বিষয়ে ইমানখিনি পাতনি মেলাৰ কাৰণ হ’ল চলচ্চিত্ৰ মহোৎসৱ নামৰ বাৎসৰিক অনুষ্ঠানটিও আজি ‘ট্ৰেড-ফেয়াৰ’ৰ পৰ্যায়লৈ ৰূপান্তৰিত হৈছে। (আমাৰ আলোচনা ভাৰত চলচ্চিত্ৰ মহোৎসৱৰ মাজতে থাকিব)।

 ১৯৫২ চনত ভাৰতৰ বুকুত আয়োজিত প্ৰথমখন আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সাফল্যলৈ আজিও প্ৰতিজনেই আঙুলিয়াই দিয়ে। ভাৰতৰ চলচ্চিত্ৰ জগতত আছিল সেয়া প্ৰথম অভিজ্ঞতা, সেই মহোৎসৱত প্ৰৰ্দশিত নব্য ধাৰাৰ ইটালিয়ান ছবিয়ে ভাৰতৰ সত্যজিৎ ৰায় প্ৰমুখ্যে বহু চিত্ৰনিৰ্মাতা-চিত্ৰৰসিকৰ অভিজ্ঞতা আৰু উপলব্ধিৰ নতুন দুৱাৰ খুলি দিয়া বুলি কোৱা কথা আজি ‘মিথ’ৰ সমতুল্য।

 সন্দেহ নাই, সেই আৰম্ভণি আজিৰ সময়ৰ ইতিহাসৰ কেইটিমান উজ্জ্বল পৃষ্ঠা। কিন্তু দ্ৰুত পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত দুকুৰি বছৰ আগৰ ধাৰণা কিমানদূৰ গ্ৰহণযোগ্য।