এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদেশী ছবিপ্ৰদৰ্শনেৰে দৰ্শকৰ চলচ্চিত্ৰ ভাবনা উন্নত কৰাৰ এই যি চৰকাৰী প্ৰয়াস তাৰ সাফল্য বক্তৃতাৰ মাজতেই আবদ্ধ হৈ আছে। চলচ্চিত্ৰ সম্পৰ্কত চৰকাৰৰ যি নীতি, সেই নীতিয়ে দৰ্শকৰ ৰুচিবোধ উন্নত কৰাত সহায় কৰাৰ সলনি তাৰ বিপৰীতহে কৰি আছে।

 বিদেশী ছবি আমদানি কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতি কি তাক জনা নগ’লেও সাধাৰণ দৰ্শকে অনুভৱ কৰিছে যে উচ্চমানৰ বিদেশী ছবিয়ে সহজে আহি ভাৰতৰ প্ৰেক্ষাগৃহৰ ৰূপালী পৰ্দা জিলিকাই নোতোলেহি। অথচ তৃতীয় শ্ৰেণীৰ বিদেশী ছবি নিয়মিত ৰূপত ভাৰতলৈ আহিয়েই আছে। ভিডিঅ’ কেছেটৰ ক্ষেত্ৰত এই বাধা কিছু শিথিল যেন অনুভৱ হয়। চৰকাৰী সংগঠন এন এফ ডি চি-য়ে বিশেী ছবিৰ কেছেট ভাৰতৰ বজাৰত বিতৰণ কৰে। এই ব্যৱস্থাতো কিন্তু মানবিশিষ্ট ছবিৰ লগতে সাধাৰণ মানৰ চেক্স-ভায়োলেন্স সৰ্বস্ব ছবিয়েহে প্ৰাধান্য লাভ কৰিছে। হয়তো এনে ছবিয়ে এন এফ ডি চি-ক ব্যৱসায়িক সাফল্য যোগাব পাৰিছে - কিন্তু চৰকাৰৰ প্ৰচেষ্টাটো সদায়েই ব্যৱসায়িক সাফল্যমুখী হোৱাটো উচিত নহয়।

 দূৰদৰ্শনেও প্ৰায়েই বিদেশী ছবি প্ৰদৰ্শন কৰে যদিও এখন দুখন ক্লাচিকৰ বাহিৰে অধিকাংশ ছবিয়েই হয় সাধাৰণমানৰ পুৰণি ছবি। মহোৎসৱ পাতি এখন চহৰৰ দৰ্শকক নতুন বিদেশী ছবিৰ সোৱাদ দিয়াৰ লগতে দূৰদৰ্শন যোগে নতুন বিদেশী ছবি প্ৰদৰ্শন কৰি বহু বেছি সংখ্যক দৰ্শকক উপকৃত কৰিব পৰা গ’লহেঁতেন।

 দৰ্শকৰ চলচ্চিত্ৰ বোধ উন্নত কৰাৰ বাবে চৰকাৰৰ এই দুমুখীয়া প্ৰচেষ্টা এপিনে চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে কৰা চেষ্টা আৰু আনহাতে দূৰদৰ্শন যোগে অহৰহ তৃতীয় শ্ৰেণীৰ হিন্দী ছবি প্ৰদৰ্শন— এই দুই বৈপৰীত্যই সমগ্ৰ চৰকাৰী প্ৰচেষ্টাটোক এটি প্ৰহসনলৈ ৰূপান্তৰিত কৰি পেলাইছে। চলচ্চিত্ৰ মহোৎসৱ এটি বাৰ্ষিক উৎসৱ আৰু দুৰদৰ্শন যোগে ছবি প্ৰচাৰ — এই দুই কাৰ্য ছবিকেন্দ্ৰিক হ’লেও দুয়োটাৰ মাজত কোনো সাদৃশ্য বা উদ্দেশ্যগত সামঞ্জস্য বিচাৰি পোৱা নাযায়। যদি চৰকাৰে এই মহোৎসৱ আৰু অন্যান্য কাম-কাজৰ মাজেৰে দৰ্শকৰ

চলচ্চিত্ৰবোধৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰাৰ কথা ভাবিলেহেঁতেন তেনেহ’লে

৫৫