কামিনীকান্তৰ চৰিত্ৰ

[ বেটুপাত ]

কামিনীকান্তৰ চৰিত্ৰ

 এ, কে, গাৰ্নী

 

 সম্পাদক:
 ডঃ প্ৰফুল্লদত্ত গোস্বামী

[ প্ৰথম পৃষ্ঠা ]

কামিনীকান্তৰ চৰিত্ৰ

 

এ. কে. গাৰ্নী

 
 

অসম সাহিত্য সভা
চন্দ্ৰকান্ত সন্দিকৈ ভৱন
যোৰহাট

[  ]

কামিনীকান্তৰ চৰিত্ৰ।

প্ৰথম অধ্যায়।

 কলিকতা চহৰৰ পৰা অতি দূৰ নহয় গৌৰীপুৰ নামে এখনি সৰু গাওঁ আছে। তাতে ৰামজয় বন্দোপাধ্যায় নামে এজন আৰু আন কেইজনমান ভদ্ৰলোক বাস কৰিছিল। সেই গাঁৱত থকা মান্যৱন্ত মানুহবিলাকৰ মাঝত তেওঁ এজন। তেওঁ কলিকতাৰ গৱৰ্ণমেণ্টৰ কোনো এক কাছাৰিৰ এজন প্ৰধান কাৰ্য্য কৰোঁতা আছিল। ইংৰাজীবিলাকৰ অনুগ্ৰহত ৰেলৰ গাড়ী হোৱাত তেওঁ নিতৌ ঘৰৰ পৰা কাছাৰিলৈ গাঁড়ীৰে আহিছিল। পৰিয়ালৰ মাঝত তেওঁৰ ভাৰ্য্যা, এটী লৰা আৰু দুটী ছোৱালী। পুতেকেই ডাঙ্গৰ, তাৰ নাম অম্বিকাচৰণ; বয়স ২২ বছৰ। উত্তম বিদ্যা শিক্ষা কৰিছিল; কলিকতাৰ প্ৰধান পঢ়াশালীৰ এজন বি, এ; যি সময়ত এই উপাধী লেখা হৈছিল, সেই সময়ত অম্বিকাচৰণে আইন পাঠ কৰিছিল। বড় জনী কন্যাৰ নাম সৰলা; বয়স ১৬ বছৰ, দেখিবলৈ পৰম সুন্দৰী বুলিলেও অধিক বুলি কোৱা নহয়। তেওঁ বিবাহিতা। ওচৰত থকা প্ৰতাপপুৰ গাঁৱৰ ৰামচন্দ্ৰ চট্টোপাধ্যায়ৰ সৰু পুতেক কামিনীকান্তৰ লগত সৰলা পবিত্ৰ বিয়াৰ বিধিৰে বন্ধন হৈছিল। সৰু কন্যাৰ নাম কমলা। কমলা ১২ বাৰে বছৰ বয়সীয়া কন্যা, সৰলাৰ সদৃশ হৈছিল। তাইৰ যে শুধ কোমল মন, তাক মুখ দেখিলে প্ৰকাশ ৰূপে জনা যায়। সৰলা, আৰু কমলা দুয়ো পঢ়িব পাৰিছিল; বেজিৰ কামতো দুয়ো নিপুণ। গাৱত থকা ছোৱালীৰ পঢ়া শালীত দুয়ো লেখা পড়া শিকিছিল। কমলায় এতিয়া অকলেই স্কুললৈ যায়। কিন্তু ঘৰত দুয়ো ভনীয়ে একেলগে পাঠ আওৰায়। ঘৰৰ কাম ৰীতি মতে সকলো ভাৱে সুখে নিওয়া হৈছিল। দন্দৰ বা বিৰোদ্ধৰ চিন মাত্ৰও দেখা নগল বিৰোদ্ধ নোহোৱা ঘৰ, সুখৰ [  ] ঘৰ, সুখৰ সংসাৰ, এনে বুলি গাঁৱত থকা লৰা বুড়া সকলোএ কণ্ঠেৰে স্বীকাৰ কৰিছিল। ৰামজয় বাবু বিশেষ হিন্দু; শাস্ত্ৰৰ বিধি অনুসাৰে সকলো কৰ্ম্ম কৰিছিল। খিয়াল বা হিংসাৰ বশ নাছিল; আধুনিক প্ৰচলিত কুমন্ত্ৰণাত বশ হে শাস্ত্ৰৰ বিৰোদ্ধে কোনো কৰ্ম্মৰ দ্বাৰায় আপোনাৰ চৰিত্ৰ দুষী নকৰিছিল। তেওঁ যে উত্তম, সত্যবাদী, প্ৰাণ গলেও কেতিয়াও মিছা কথা নকয়; এই নিমিত্তে চুবুৰিয়াবিলাকৰ তেওঁত দৃঢ় প্ৰতিতি আছিল। গাঁৱৰ কোনো বিবাদত বা অন্যায় আচৰণত ৰামজয় বাবু সমজুৱা, ন্যায় বিচাৰত সকলোকে সন্তুষ্টে ৰাখে। বিপদত পৰিলে ৰামজয় বাবুৰ ওচৰত সকলো উপস্থিত হয়; তেওঁ আনন্দ মনে পৰামৰ্শ দি, বা আন কোনো প্ৰকাৰ সহায় ভজি সকলো সময়ত সকলোৰে উপকাৰ কৰে। পৰৰ উপকাৰ তেওঁৰ জীৱনৰ এটী ধৰম কৰ্ম, সেই ধৰ্ম্ম কৰ্ম্ম পালন কৰিবলৈ তেওঁৰ বিশেষ চেষ্টা, বিশেষ কাৰবাৰ আৰু বিশেষ আনন্দো। পৰৰ অপকাৰ সিদ্ধি কৰা, বা পৰৰ নিন্দা প্ৰায় কেতিয়াও আপুনি নকৰে আৰু অন্যকো কৰা দেখিলে সদায় বাধা কৰে। তেওঁৰ পুত্ৰ আৰু কন্যাবিলাকৰো স্বভাৱ সেই প্ৰকাৰ। পিতৃৰ আৰ্হি দেখি সিবিলাকৰো সদ আচাৰ, পৰ উপকাৰী আৰু নম্ৰ স্বভাও হৈছিল।

দ্বিতীয় অধ্যায়।

 ১৮৬৮ খ্ৰীষ্ট শঁকৰ ৫ শাওনৰ সন্ধ্যা সময়ত কলিকতাত থকা ছিমুলিয়াৰ মাঝত এটি ঘৰৰ চাৰিওফালে বহু লোকৰ সাক্ষাত আছিল। কোনোৰ হাতত দীঘল লাঠী, কোনোৰ হাতত বেঁত, সকলোএ ঘুৰি ফুৰিছে। “পুতাইহঁতক মাৰি পেলাম,” “কাঢ়ি লৈ যাম,” এই প্ৰকাৰৰ কথা মাঝে মাঝে শুনা গল। দুই এক জন সেই ঘৰৰ ভিতৰত সোমাল। পাঠক, যদি কাৰণ জানিবলৈ ইচ্ছা কৰা, তেনে হলে দেখা, সেয়ে এজন বৃদ্ধ, চকিত বহি আছে, আৰু এজন ডেকাৰ হাতত ধৰি মধুম্বৰে তেওঁৰ লগত কথোপকথন কৰিছিল, ডেকাৰ নাম কামিনীকান্ত, আৰু যি জনে [  ] তেওঁৰ লগত কথা কৈছিল, সেই জন তেওঁৰ পিতৃ। কামিনীকান্তৰ পৰিচয় পাঠক আগেয়ে পাইছা। তেন্তে কামিনীকান্ত তাত কিয় আছে? তেওঁৰ পিতৃএ বা তেওঁৰ লগত কিয় এনেকৈ কথা কৈছে? কাৰণ কামিনীকান্ত এটা মহা বিপদত পতিত হৈছিল; সেই আপদৰ পৰা উদ্ধাৰ পাবৰ নিমিত্তে কামিনীকান্ত তাত আছে। যি জনা স্ৰজন কৰ্ত্তা, যি জনা ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু পৰম পিতৃ পৰমেশ্বৰ, তেওঁৰ বিৰোদ্ধে আচৰা হৈ তেওঁ দিন নিয়াইছিল। সেই অৱস্থাত থাকোঁতে তেওঁ আপোনাৰ স্বৰ্গত থকা পিতৃৰ ক্ৰোধৰ আৰু অনন্ত শাস্তিৰ পাত্ৰ হৈছিল। সেই ক্ৰোধৰ পৰা পলাবলৈ আৰু সেই শাস্তিৰ পৰা ৰক্ষা পাবলৈ কামিনীকান্ত সেই ঠাইলৈ আহিছে। মিছা হিন্দু ধৰ্ম্ম পৰিত্যাগ কৰি সত্য খ্ৰীষ্টৰ ধৰ্ম্ম আশ্ৰয় কৰিছোঁ, এই বুলিএই কামিনীকান্ত তালৈ আহিছে। তেওঁৰ পিতৃৰ লগত কথোপকথন কৰিব লাগিছে; কি কৈছে, যদি জানিব খোজা, তেনেহলে শুনা।

পিতৃ।  কামিনীকান্ত, তুমি কেনেকৈ আমাক সকলোকে পৰিত্যাগ কৰি আহিলা?

পুত্ৰ।  বাবা, ময় হলে আপোনা সকলক ত্যাগ কৰা নাই, আপুনি মোৰ যেনে পিতৃ, তেনেই আছে; ময়ো আপোনাৰ যেনে পুত্ৰ তেনেই আছোঁ। আপুনি মোক ঘৰত ৰাখিবলৈ যদি সন্মত হোৱা, ময় আনন্দিত হৈ আপোনা সকলে সৈতে থাকিম।

পি।  তোমাক কেনেকৈ ঘৰত ৰাখিম? তুমি মোৰ পক্ষে মৰাৰ তুল্য। তুমি আমাৰ সকলৰ পূৰ্ব্ব পুৰুষবিলাকৰ ধৰ্ম্ম পৰিত্যাগ কৰি ম্লেচ্ছ ধৰ্ম্ম আশ্ৰয় কৰিছা।

পু।  বিশেষ বিবেচনা, বিশেষ বিচাৰ নকৰি ময় এই কাৰ্য্য কৰা নাই; ময় হিন্দুধৰ্ম্ম বিশেষ ৰূপে দেখিলোঁ; তাতে যে আমাৰ পৰিত্ৰাণ নহব তাক নিশ্চয় ৰূপে বুঝিব পাৰিলোঁ। খ্ৰীষ্টৰ ধৰ্ম্ম শিকিব ধৰিলোঁ; মোৰ সকলো মন্দৰ পৰা দূৰ হলোঁ। পাপ কৰি যে ঘোৰ বিপদত পতিত হৈছিলোঁ, তাৰ পৰা উদ্ধাৰ পাবৰ এটী [  ] মাথোন বাট পোৱা হলোঁ; এই নিমিত্তে বিশেষ প্ৰাৰ্থনাৰ পাছে ময় ঈশ্বৰৰ অদ্বিতীয় পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টক মোৰ ত্ৰাণ কৰ্ত্তা বুলি ধৰিছোঁ। তেঁৱেই মোক সকলে বিপদৰ পৰা উদ্ধাৰ কৰি, মোৰ সকলো পাপ খেমা কৰি, মোক অনন্ত যাতনা, আৰু অনন্ত শাস্তিৰ পৰা ৰক্ষা কৰিব।

পি।  তেন্তে কি? তুমি তোমাৰ পিতৃ মাতৃৰ কথা অৱহেলা কৰিবা? সিবিলাকক অগ্ৰাহা কৰিবা, ইয়াকে কি তোমাৰ খ্ৰীষ্টৰ ধৰ্ম্মে শিক্ষা দিএ? পু।  নহয়, বাবা; খ্ৰীষ্টৰ ধৰ্ম্মই ইয়াৰ বিপৰীতে শিক্ষা দিয়ে। “তুমি আপোনাৰ পিতৃ মাতৃক সন্মান কৰা, তাতে তোমাৰ প্ৰভু পৰমেশ্বৰে তোমাক যি দেশ দিএ, সেই দেশতে তোমাৰ পৰম আয়ুয দীঘল হব।” এইয়ে এই ধৰ্ম্মৰ দহ আজ্ঞাৰ মাঝত মানুহৰ সম্বন্ধে প্ৰথম আজ্ঞা। তাত বাবেও আপুনি মোৰ পিতৃ, আপোনাৰ আজ্ঞা পালন কৰা অতি উচিত। কিন্তু আৰু এটী বিষয়ে বিবেচনা কৰোক, আপুনি মোৰ জন্ম দিওঁতা সাংসাৰিক পিতৃ, আপোনাত্ কৈয়ো বহু আদৰণীয় সৃষ্টি কৰ্ত্তা স্বৰ্গীয় পিতৃ আছে, তেওঁৰ বাক্য অৱহেলা কৰি কি প্ৰকাৰে আপোনাৰ বাক্য পালন কৰিব পাৰোঁ? তেওঁ যি আজ্ঞা দিছে, সেই আজ্ঞাৰ বিৰোদ্ধে আচৰণ কৰিবলৈ যদি আপুনি মোক আজ্ঞা দিএ তেনে হলে কিৰূপে আপোনাৰ অজ্ঞা পালন কৰিব পাৰোঁ?

পি।  তেন্তে কি তুমি ঘৰলৈ নেযাবা নে?

পু।  ঘৰলৈ যাবলৈ হলে ময় অসম্মত নহওঁ, কিন্তু অতিশয় আনন্দিত হম। মোক যদি মোৰ ধৰ্ম্মৰ বিৰোদ্ধে কোনো কৰ্ম্ম কৰিবলৈ নোকোৱা, তেনেহলে আপুনি আৰু যিহকে কোৱা ময় হৰ্ষ মনেৰে তাক তেতিয়াই কৰিম।

পি।  সেয়ে কি প্ৰকাৰে হব পাৰে? আমি হিন্দু এজন খ্ৰীষ্টীয়ানক কি ৰূপে ঘৰত ৰাখিব পাৰিম? লোকে কি বুলিব? সিবিলাকে [  ] আমাক সকলোকে এক ঘৰ কৰি কিমান ক্লেশ দিব। তোমাক পৰিত্যাগ কৰিব পাৰোঁ, কিন্তু সমাজৰ বাহিৰ হব নোৱাৰোঁ।

পু।  দেখা পিতৃ, আপুনি এতিয়া মোক দোষ দিছিলে, আপুনি কি কৰিছে, মানুহৰ ভয়ত সমূহৰ কাৰণে আপুনি আপোনাৰ পুত্ৰকে দান দিছে। ময় ঈশ্বৰৰ ভয়ত আপোনাৰ কথা পালন কৰিব নোৱাৰিছোঁ, কিন্তু আপুনি হলে মানুহৰ কাৰণে মোক পবিত্যাগ কৰিছে।

পি।  থাক, তুমি আৰু মোক শিক্ষা দিব নেলাগে, ময় সকলো বুঝোঁ।

পুত্ৰ।  মোৰ অপৰাধ হৈছে, তেন্তে খেমা কৰোক, মই আপোনাক কি শিক্ষা দিম? প্ৰেম কৰিহে কৈছো, আপোনাৰ পৰিত্ৰাণৰ বিষয়ে অতি চেষ্টা কৰিবা। আপোনাৰ আগত মোৰ এই এটী নিবেদন মাথোন, আৰু ঈশ্বৰৰ আগত এই এটী প্ৰাৰ্থনা মাথোন।

 এই কথোপকথনৰ পাছে কামিনীকান্তৰ পিতাকে দুঃখিত আৰু ক্ৰোধ মনেৰে পুত্ৰক পৰিত্যাগ কৰি আহিবৰ সময়ত একো কথা নকৈ শাও দি ২ গুছি আহিল। কামিনীকান্তয় আঁঠু কাঢ়ি হাত যোৰ কৰি ওপৰলৈ চক্ষু তুলি পিতৃ ঈশ্বৰত এই বুলি প্ৰাৰ্থনা কৰিলে; “হে পিতৃ আপুনি অসীমা অনুগ্ৰহ প্ৰকাশ কৰি মোক যেনেকৈ আপোনাৰ পথলৈ আনিলা, সেই প্ৰকাৰে অনুগ্ৰহ কৰোক যেন মোৰ পিতৃয়েও আপোনাক জানিব পাৰে, আৰু আপোনাৰ পাপৰ ভাৰ জানিব পাৰে, আৰু খেদ চিত্তেৰে আপোনাৰ আগত সাক্ষাত হৈ, পাপৰ ভাৰ স্বীকাৰ কৰি মন পালটায় আপোনাক পিতৃ বুলি গ্ৰহণ কৰে; আৰু আপোনাৰ পৰিয়ালৰ মাঝত পুত্ৰ ৰূপে পুনৰায় গ্ৰাহ্য হয়। আপোনাৰ অদ্বিতীয় পুত্ৰ আমাৰ সকলোৰে ত্ৰাণ কৰ্ত্তা প্ৰভু যীশু খ্ৰীষ্টক তেওঁ যেন আপোনাৰ ৰক্ষা কৰ্ত্তা বুলি জানিব পাৰে। তেওঁৱেই সত্য, তেওঁৱেই পথ, তেওঁৱেই জীৱন, ইয়াকে জানিব পাৰে, আৰু যেন সেই বিশ্বাসেৰে আপোনাৰে সৈতে পুনৰায় মিল হয়। হে দয়াময়, আমি পৃথিবীত যেনেকৈ এক পৰিয়াল হওঁ, সেই ৰূপে মৰণৰ পাছেও আপোনাৰ ওচৰত স্বৰ্গত যেন এক [  ] পৰিয়াল হৈ চিৰ সুখে অনন্তকাল বাস কৰিব পাৰিম, এনে অনুগ্ৰহ কৰোক। ত্ৰাণ কৰ্ত্ৰা প্ৰভু যীশুৰ নামেৰে এই নিবেদন কৰিলো; আপুনি অনুগ্ৰহ কৰি গ্ৰাহ্য কৰোক, আমেন।”

 

তৃতীয় অধ্যায়।

 ইফালে পাছ দিনা সন্ধ্যাৰ সময়, ৰামজয় বাবু কাছাৰিব পৰা ঘৰলৈ আহিল। মুখ হাত ধুই চৰা ঘৰত বহি আছে, এনে সময়তে দাসে তেওঁৰ হাতত এখন চিঠি আনি দিলে। তেওঁ পঢ়িবলৈ আৰম্ভ কৰোঁ নকৰোঁতেই হাতৰ পৰা চিঠি সৰি পৰি গল, একে ঠৰে চাই ৰল। তেওঁৰ সৰু জীএকটী ওচৰতে বহি আছিল, তাই পিতাএকৰ এই প্ৰকাৰ ঘটনা দেখি কোমল মাতেৰে সুধিলে, “বাবা, তুমি চিঠি পঢ়ি এনেকৈ কিয় ৰলা?” ৰামজয় বাবুয়ে নিৰ্মাত আন কথা অন্য মনেৰে ভাবিছিল, কমলায় কি বুলিলে, তাক শুনিবও নেপালে। কমলায় আকও সুধিলে “কি হৈছে, বাবা?” তেতিয়া ৰামজয় বাবুএ কলে, “আৰু কি হব আইটী, সৰ্ব্বনাশ হৈছে।” এই কথা কোৱা মাত্ৰয় আৰু দুঃখ ঢাকি ৰাখিব নোৱাৰিলে, ক্ৰন্দন সামৰণ কৰিব নোৱাৰি, লৰাৰ দৰে কান্দি পেলালে। পিতাকৰ ক্ৰন্দন দেখি কমলায় লৰি গৈ ঘৰৰ ভিতৰত সেই সমাচাৰ দিলে। সকলোএ মুখ চোৱাচোৱি কৰিব ধৰিলে, কিন্তু কি হৈছে; একোকেই জানিব নোৱাৰিলে। এনে সময়তে ৰামজয় বাবুএ সেই চিঠি খনি ভিতৰলৈ পঠাই দিলে, চাকৰে গৈ সৰলাৰ হাতত সেই চিঠিখন দিলে। সৰলায় পাঠ কৰিলে, পাঠ কৰি শেষ নৌ হওঁতেই মাটীতে বহি পৰিল, চক্ষুৰ পানীৰে বুকৰ কাপৰ ভিজিব ধৰিলে। পাঠক, চিঠিত কি লেখা আছিল, তাক বুঝিব পাৰিছানে? যদি শুনিব খোজা, তেন্তে শুনা; কমলায় তাইৰ মাকৰ আগত চিঠিখন পঢ়িব ধৰিছে; এই সময়তে তুমিও শুনি লোৱা! [  ] “বিয়ই মহাশয়,—

 আপোনাৰ জোৱাই কামিনীকান্তই যদি মানবলীলা সামৰণ কৰিলে হেঁতেন, তেনে হোৱা হলে সমাচাৰ দিবলৈ ইমান দুঃখিত নহলোহেঁতেন। কামিনীকান্ত মৰা নাই, কিন্তু আমাৰ পক্ষে, আৰু আপোনাৰ দুহিতা সৰলাৰ পক্ষে সি মৰিছে। গ্ৰীষ্টীয়ান হবৰ নিমিত্তে কালি পাছৰিবিলাকৰ ওচৰলৈ গৈছে।

 কামিনীকান্তৰ মনত যে এয়ে আছিল, তাক আমি সমাজিকতে। নেজানিলোঁ। শুনা মাত্ৰকে ময় তালৈ গলো, অনেক বুঝালে, অনেক কলে। তিৰস্কাৰো কৰিলোঁ, তথাপি তাৰ মন হুলটিল, কি কৰিম? কঁপালত দুঃখ আছিল, সেয়ে ঘটিল, সেই বিষয়ে আৰু দুঃখ কৰিলে কি হব। যদি পাৰে আপুনিও একবাৰ যাবা, ওলটাই আনিবলৈ চেষ্টা কৰিবা। অধিক লেখিব নোৱাৰিলোঁ, ঘৰৰ সকলো ৰাতিএ দিনে কান্দিব লাগিছে আৰু ক্লেশ সহা নেযায়।

সদায় মঙ্গল বাঞ্চক,
শ্ৰীৰামচন্দ্ৰ চট্টোপাধ্যায়।”

 অম্বিকাচৰণে ওচৰত থকা কোনো বন্ধুৰ ঘৰত বহি কথোপকথন কৰি আছিল, ঘৰত কান্দনিৰ শবদ শুনিবলৈ পায় লৰি আহিল। বিছাৰ কৰি জানিব পাৰিলে যে, তেওঁৰ ভগিনী পতিত্ৰ খ্ৰীষ্টৰ ধৰ্ম্ম গ্ৰহণ কৰিবলৈ গৈছে।

 হিন্দু ধৰ্ম্মত অম্বিকাচৰণৰ এটা তিলৰ সমানো বিশ্বাস বা ভক্তি নাছিল। সি এই বাত্ৰা শুনি দুঃখিত নহল, কিন্তু সকলো পৰিয়ালক বুঝাব ধৰিলে। কামিনীকান্তয় অজ্ঞানীৰূপে কোনো কাৰ্য্য কৰা নাই, সি যিহকে ভাল ৰূপে বুঝিছে, তাৰ বিশ্বাসৰ ভাৱেহে সেই কৰ্ম্ম কৰিছে, আৰু সেই বিষয়ে তাক বাধা জন্মাওঁত হোৱা যে উচিত নহয়, তাকে বুঝাব ধৰিলে। এনেকুৱা দুঃখৰ সময়ত এই প্ৰকাৰ সান্তনাৰে কোনো উপকাৰেই নঘটিল৷ পিতাকে এনেকুৱা কথা শুনি তাৰ ওপৰত ক্ৰোধ [  ] হল, আৰু ৰাগ প্ৰকাশ কৰি কলে, “তয়ো খ্ৰীষ্টীয়ান হবি যেনহে দেখিছোঁ।” অম্বিকাচৰণৰ অতিশয় লাৱন্য স্বভাও; আৰু কোনে প্ৰত্যুত্তৰ নকৰি আঁতৰি গল। ৰামজয় বাবুএ পলম নকৰি যিমান শীঘ্ৰে পাৰিলে, শিমুলিয়ালৈ গল। জোয়াএকৰ লগত সাক্ষাত কৰিলে, অনেক বুঝালে, অনেক তিৰস্কাৰ কৰিলে, কিন্তু সেই সকলোতে একো ফল নহল। বিয়য়েকৰ দৰে তেঁৱো বিফল হৈ ক্ৰোধ আৰু দুঃখিত মনেৰে ঘৰলৈ উভতি আহিল। নিশা টোপনীও নাহিল। লোকৰ আগত হাঁহিয়াতৰ ঠাই হ’ল, চুবুৰিয়াবিলাকে অৱহেলা কৰিব, সমাজৰ পৰাত বাঝ কৰা হম, একবাৰ তাকেই ভাবিছিল; আকও স্বামী বৰ্ত্তমানত আপোনাৰ কন্যাৰ বিধবা দশা সোৱৰণ কৰি তাৰ অশেষ যাতনা অনুভও কৰিছিল। চক্ষুৰ লোতকেৰে গাঁৰু তিতিছিল। এই প্ৰকাৰ অশেষ দুঃখেৰে নিশা নিওয়া হল, এক নিমিষো চক্ষু মুৰ্দিব নোৱাৰিলে। আকাশৰ চন্দ্ৰ এক ফালৰ পৰা আন ফাললৈ গৈ বাৰীৰ ভিতৰত লুকাল। হেজাৰ ২ তৰা ওৰে ৰাতি চকিয়ালৰ দৰে জগি থাকি দিন পতিৰ ভয়ত নিদ্ৰা গল। পক্ষীবিলাক জাগি উঠিল, আৰু কোলাহল শবদেৰে আপোন আপোন বাহৰ পৰা বাহিৰ হৈ সৃষ্টি কৰ্ত্তাৰ গুণ কীৰ্ত্তৰ্ণ কৰিব ধৰিলে। ৰামজয় বাবুও উঠিল, হোকা হাতত লৈ ব্যাকুল মনেৰে চৰা ঘৰৰ দুৱাৰ মুখত বহি ৰল।

চতুৰ্থ অধ্যায়।

 এইৰূপে কিছুমান দিন আৰু মাহো নিউৱা হল। সকলোৰে চিন্তা, সকলোৰে দুঃখ ক্ৰমে ২ হ্ৰাস হল। কামিনীকান্তৰ মাতাই ( পিতাকৰ কথা আঁতৰতে থাকোক ) আৰু সিমান নেকান্দে। কেতিয়াবা পুত্ৰৰ কথা মনত পৰে, কিছু বেলিৰ নিমিত্তে কান্দে, আকও আন কাৰ্যত নিযুক্ত হৈ তাক পাহৰি যায়। তাৰ শহুৰেকৰ মনতো [  ] পূৰ্ব্বব দৰে আৰু চিন্তা নাই, আৰু এতিয়া নিদ্ৰাতো বাধা নাপায়। কিন্তু সকলোএ কি পাহৰিছে? সতী সৰলায়ো কি পাহৰিলেনে? স্বামীয়েই যাৰ সৰ্ব্বধন, সেই সৰলায় কি কামিনীকান্তৰ বিষয়ে নেভাবেনে? ই ও কি কেতিয়াবা সন্তও হয় নে? সেয়া দেখা, খাটৰ ওপৰত বহি কোনে কান্দিব লাগিছে। এখন ভৰি খাটৰ ওপৰত, আৰু আন এখন ভৰি মাটীত ঝুলিব লাগিছে। চুলি মুকলি, চুলিৰ খোপা আউলি বাউলি হৈ পৰি মূখপদ্ম আবৃত কৰিছে। সেই কলা চুলি কোছাৰ মাঝেদি চক্ষুৰ পৰা লোতক ওলাই তাইৰ চম্পাফুলৰ বৰণৰ সদৃশ সুন্দৰ গালেদি বৈ খাটৰ ওপৰত টোপে ২ পৰিছিল। সৰলাৰ ওচৰত সেইটো কোন? প্ৰিয় সখী হেমাঙ্গী থিয় হৈ আছে। হেমাঙ্গী কোন? তাতে বা কিয় আছে? হেমাঙ্গী নবেন্দ্ৰৰ তিৰোতা। নবেন্দ্ৰ কোন? কামিনীকান্তৰ প্ৰিয় মিত্ৰ, সেই কাৰণে হেমাঙ্গী সৰলাৰ একমাত্ৰ বন্ধু। সৰলাৰ অসহনীয় দুঃখত হেমাঙ্গী তাইক সান্তনা দিওঁতা। সবলায় কান্দিব লাগিছে, তেওঁক সান্ত্বনা কৰিবলৈ হেমাঙ্গী তেওঁৰ ওচৰত থিয় হৈ আছে। হেমাঙ্গী। সবলা, তোমাৰ ক্ৰন্দন আৰু কি নৰয় নে? সৰলা এই জীৱন থাকে মানেতো নহব।

হে৷ এয়ে তোমাৰ বড় অনিয়াই; দুঃখৰ কি শেষ নাই, কান্দনিৰ

যে শেষ নহব!

সৰলা। দুঃখৰ যদি শেষেই হব, তেন্তে আৰু কিয় কান্দিম?

হে। তোমাৰ ইমান দুঃখ কিহৰ, তুমি যে কান্দি কান্দি দিন

নিওৱা?

সৰলা। হেম, তুমি মোৰ দুঃখ কেনেকৈ বুঝিবা, আৰু কি প্ৰকাৰে বা

মোৰ দুঃখৰ ভাগী হব? বিয়া হবৰে পৰা স্বামীক এৰা হোৱা
নাই। স্বামীক এৰি থকা কেনে যন্ত্ৰনা, তাক তুমি কেনেকৈ
জানিবা? সেই কাৰণে তুমি মোৰ দুঃখৰ এক ভাগো বুঝিব
নোৱাৰা। [ ১০ ] হে। দেখা, ময়

বুঝিব পাৰোঁ; কিন্তু কি কৰিম কোৱা? আৰু

উপায় নাই,

এনেকুৱাওতো নহয়। দেখা, কামিনীকান্ত বাবু

জীয়াই আছে, এনেকুৱা নহয় যে, তেওঁ নাই, তেন্তে তেওঁ যেতিয়া
আছে মিলন হবই হব; সেই বিষয় কিয় ভাবনা কৰা? সেই
আশ৷ কৰি সকলো দুঃখ সহন কৰা। দেখা, কিমান বেলি
পঢ়িছা, কিমান লোক দূৰ দেশী হয়, কিন্তু বাৰ, চৈধ্য বছৰৰ
পাছে দেখা দিয়ে। তুমি পুনৰাই তোমাৰ স্বামীক পাবা; সেই
বিষয়ে একো সংশয় নকৰিবা।

স। ভাই, তুমি মোক আশাৰ ওপৰত অতিশয় আশ্ৰয় কৰি

থাকিবলৈ কৈছ৷ কিন্তু এই পোড়া কপালত সেই আশা
জানে৷ কেতিয়াবা ফলিব? এই চকুয়েৰে জানো তেওঁক
দেখিবলৈ পাম?

হে। বাৰু সৰলা, স্বৰূপকৈ কোৱাছোন ভায়, যদি কামিনীকান্ত

বাবুএ তোমাক লৈ যাব খোজে, তেনেহলে তুমি তেওঁৰ লগলৈ
যাবলৈ সন্মত আছানে?

স। স্বামীৰ ওচৰলৈ যাম, সেই বিষয়ে কি আৰু আনপ্ৰকাৰ হব

পাৰে নে? তেওঁৱেই মোৰ প্ৰভু; তেওঁৰ ওচৰলৈ যাম; সেই
বিষয়ে লাজ বা কি? ভয়েই বা কি, আৰু অপমানেই বা কি?
তেওঁ দেখো এনেকুৱা কোনো অন্যায় কৰ্ম্ম কৰা নাই যে, তেওঁৰ
লগত বাস কৰিলে লোকে মোক দোষ দিব। এক ধৰ্ম্ম এৰি
আৰু এক ধৰ্ম্মলৈ যোৱাত বাজেতো আন নহয়, তেওঁৰ ভুল
হব পাবে, ভ্ৰম হবও পাৰে, সেই কাৰণে তেওঁ যে কোনো
মন্দ কৰ্ম্ম কৰিছে; তেনেকৈ দেখোঁ কব নোৱাৰোঁ, তেন্তে তেওঁৰ
ওচৰলৈ যাবলৈ ময় সংশয় বা কিয় কৰিম আৰু অৰুচিত্ৰই বা
কিয় হম?

হে। তেন্তে তুমি যাবলৈ সম্পূৰ্ণ সন্মত আছা।

স। সেইয়ে ভাই আছে, কিন্তু হেম, মনত এটা বড় সংশয় হৈছে, দেখা, [ ১১ ]

২ বছৰ হল তেওঁ গৈছে, তেতিয়াৰে পৰা তেওঁক দেখা নাই, তেওঁৰ
কোনো বাত্ৰাও পোৱা নাই; তেওঁ কি সেই প্ৰকাৰে আছে, তেওঁৰ
মনৰ ভাব কি পূৰ্ব্বৰ দৰে আছে? তেওঁ কি এতিয়৷ মোক সেই
প্ৰকাৰে ভাল পাব? ময় যদি যাওঁ, তেনেহলে তেওঁ কি মোক
নিবনে? মোৰ ভাই, এই বিষয়ে মোৰ সংশয় হৈছে।

হে। দেখা, সেইবিলাকৰ বিষয়ে সংশয় নকৰিবা, কামিনীকান্ত বাবু

তেনেকুৱা নহয়, তেওঁৰ চৰিত্ৰ ময় ভাল ৰূপে জানো; তোমাৰ
সংশয়ৰ কোনো কাৰণ নাই।

স। কিজানি ভাই, মনে নুবুঝে, মোৰ দোষ কি? মনত ক্ৰমাগত

সংশয় হৈছে, সংশয়ৰ ওপৰ সংশয় জন্মিছে।

হে। সেইবিলাক বিষয়ে ইমান ভাবা যে, সেয়েই মনত ইমান

সংশয় সাক্ষাৎ কৰাই। তেন্তে ভাই, এতিয়৷ তুমি বহ।, ময় যাওঁ।

স। তুমি ইমান বেলি আছিল৷, তাতেই মনতো ভাল আছিল, তুমিও

এতিয়া মোক এৰি যাবা, তেন্তে ময় কাৰ মুখ চাই থাকিম।

হে। কি কম ভাই, তোমাক এৰি থাকিম, মোৰ কি এনে বাঞ্চা।

সকলো কাম পৰি আছে, আয়ে অকলে দুঃখ পাইছে; তেওঁক
সহায় দিওঁগৈ, ময় নকৰিলে আৰু কোনেনো কৰিব? ইয়াক
ভাই, তুমি মনত একো নেৰাখিবা, মই যিমান বেলি পাৰিম, সিমান
বেলি আহিম; এতিয়া আৰু যাওঁ৷

 এই বুলি হেমাঙ্গীএ আদৰেৰে সৰলাৰ কোমল ঠুতৰিত ধৰি, বদন পদ্মক তুলি পুনৰায় যাওঁ বুলি বিদায় লৈ ঘৰলৈ গল।

পঞ্চম অধ্যায়।

  সৰলাৰ লগত ওপৰে কোৱা কথোপকথন হোৱাৰ দুদিনৰ পাছে

হেমাঙ্গীএ কি কৰিছিল, পাঠক, এবাৰ তাক শুনা। হেমাঙ্গীৰ সয়ন
গৃহত একবাৰ প্ৰবেশ কৰা। নিশা প্ৰায় আঠ বাজিছে; খুদ্ৰ গাৱঁত [ ১২ ]

সকলো এই নিমাত। খোঁটালিটী কেনে পৰিষ্কাৰ! সেইয়া দেখা, এফালে এখন খাট আছে। সেয়ে নিৰ্ম্মল চাদৰেৰে ঢকা; আনফালে এখন ঘুৰণিয়া মেজ আছে। তাৰ ওপৰত এটী প্ৰদ্বীপ জ্বলিছে, আৰু কেইখনমান পুথী তুলি থোৱা আছে, চাৰিও ফালে চকি আছে এখনি চকিত হেমাঙ্গি বহি আছে, আন এখন চকিৰ ওপৰত দুইটী ভৰি তুলি থৈছে। কাৰপেটৰ টুপী বব লাগিছে; এটী ফোঁড় তুলিছে দুৱাৰৰ ফালে চাইছে, আকও এটী ফোড় তুলিছে, হাতৰ পৰা বেজি পৰি গল, হেমাঙ্গীএ জানিব নোৱাৰিলে, বাওঁ গালত হাত থৈ এক দৃষ্টিৰে খিলিকিৰ ফালে ছাই আছে। হেমাঙ্গীএ অৱশ্যে ভাবিব ধৰিছে; কি ভাবিছে? পাঠক জানিবৰ অভিলাষ হৈছে নে? হেমাঙ্গীৰ কাৰণে তুমি আৰু অধিক বেলী ভাবিব নেলাগিব। হেমাঙ্গীএ ভাবিছে, সৰলাৰ নিমিত্তে কি কৰিম? সৰলায় কি এই যাতনা চিৰকাল ভোগ কৰিব লাগিব? সৰলাৰ দুঃখ দেখো সাধাৰণ নহয়! এওঁৰ আহিবৰ কিছুমান পলম হৈছে; মৰ মনত কিমান প্ৰকাৰ চিত্তা উৎপন্ন হল, সেই সৰলায় দুই বছৰ স্বামীৰ মুখ দেখা নাই, দেখিব, এনে আশাও মনত নাই, অৱশ্যে সবলায় অসহনীয় দুঃখ ভোগ কৰিছে, সংশয় নাই। শৰ্তী সৰলায় কিপ্ৰকাৰে এনে দাৰুণ ক্লেশ সহন কৰিব? ইয়াৰ কি একো উপায় নাই সিবিলাকক কি মিল কৰিবলৈ নোৱাৰিম নে? অৱশ্যেই পাৰিম। কামিনীকান্ত বাবুৰে সৈতে এওঁৰ বিশেষ মিত্ৰ ভাও আছে, এওঁৰেই সৰলাৰ দুঃখৰ সমাচাৰ তেওঁক জনোৱাম। তেওঁৰ মন অতি মৃদু; ময় জানোঁ, তেওঁ সৰলাৰ দুঃখৰ কথা শুনিলেই অৱশ্যে কোনো উপায় কৰিবই কৰিব। হেমাঙ্গীএ এই প্ৰকাৰ চিন্তা কৰিছিল, হঠাৎ ভৰিব শব্দ শুনিবলৈ পালে, ভৰিৰ শব্দকো পৰিচয়ৰ বোধ হল। নৰেন্দ্ৰয় গৃহলৈ আহি টুপী মেজৰ ওপৰত থলে, আৰু হেমাঙ্গীৰ কান্ধতে হাত দি শুধিলে। “হেম, তুমি এনেকৈ কি ভাবিছিল৷?” [ ১৩ ] হে।  ময় যে ভাবিছিলোঁ, তাক তুমি কেনেকৈ জানিব পাৰিলা?

ন।  মই বাহিৰত থিয় হৈ ছাই আছিলোঁ, হেমাঙ্গীএ কি কৰিছে।

হে। কতা, ময়ছোন তোমাক দেখা নেপালো?

ন।  ময় এন্ধাৰত আছিলোঁ, তুমি পহৰৰ ওচৰত আছিলা, এই কাৰণ

তুমি মোক দেখা পোৱা নাই, কিন্তু ময় তোমাৰ সকলো দেখা
পাইছিলোঁ। মই ভাবিছিলোঁ, তুমি জানো খিৰকিএদি তৰা
লেখিছিলা।

হে।  আৰু খেজিলিয়াব নেলাগে।

ন।  কি ভাবিছিলা কোৱা?

হে।  ময় সৰলাৰ দুঃখৰ কথা ভাবিছিলোঁ।

ন।  তাকেতো তুমি সেই বিষয়ে কিমান বেলি কৈছা, কিন্তু তোমাৰ

সৰলাৰ কাৰণে মই কি কৰিম, একোকেই থিৰ কৰিব পৰা নাই।

হে।  আজি ময় এটা থিৰ কৰিছোঁ, তুমিয়ে তাক কৰিব লাগিব।

ন।  কি থিৰ কৰিছা, শুনু?

হে।  তুমি এবাৰ কামিনীকান্ত বাবুৰ তালৈ গৈ সৰলাৰ দুঃখৰ কথা

কব লাগে, আৰু তেওঁৱে সৈতে পৰামৰ্শ কৰি তেওঁ কি কৰিব তাক
ধিৰ কৰিব লাগে।

ন।  যিহকে কোৱা, তাক কৰিবলৈ ময় যুগুত আছোঁ তুমিতো জানা

যে, ময় কামিনীকান্তক ভাইৰ নিছিনাকৈ ভাল পাওঁ। আৰু সেই
কাৰণে সৰলাকো ভাল পাওঁ। সিবিলাকে যিহতে সুখী হব, সেই
বিষয়ে যদি ময় দুঃখ ভোগো কৰিব লাগে, তাতো ময় যুগুত।

হে।  তেন্তে কেতিয়া যাবা কোৱা?

ন।  দেখোঁ, কাইলৈ দুই বজাৰ সময়ত ছুটী পাম; বাৰু, কাইলৈ

কলেজৰ পাছে যাম। [ ১৪ ]

ষষ্ট অধ্যায়

 পাঠক, তুমি কি সৰলাৰ দুঃখত দুঃখী আৰু কামিনীকান্তৰ কাৰণে চিন্তিছা নে? তেনে হলে আজি এবাৰ শিমলালৈ বলা। কামিনীকান্তৰ লগত অনেক দিন সাক্ষাৎ হোৱা নাই, নৰেন্দ্ৰও সাক্ষাৎ কৰিবলৈ আহিব, অঙ্গীকাৰ কৰিছে। পাঠক, তুমি বলা, সেইয়া দেখা, কামিনীকান্ত বহি আছে, হাতত এখন পুথী লৈ, কিন্তু সি কি পঢ়িছে? নহয়, পুথী লুটিয়াই ধৰিছে, আৰু কতা পুথীৰ ফালে দেখোন ছোৱাই নাই। আকৌ একবাৰ বাহিৰলৈ দেখা, কোন আহিব লাগিছে চিনিব পাৰিছানে? সেইয়া দেখা, পুথী হাতত লৈ নৰেন্দ্ৰ আহিছে। নবেন্দ্ৰয় অঙ্গীকাৰ পাহৰা নাই। তেন্তে পাঠক, তুমি আঁতৰত থিয় হৈ লৰা কালৰে পৰা যিবিলাক মিতিৰ, সিবিলাকৰ কথা বাত্ৰা শুনা; কি জানি তুমি সাক্ষাৎ থাকিলে নৰেন্দ্ৰয় আপোন মনৰ ভাব সম্পূৰ্ণ ৰূপে প্ৰকাশ নকৰিব।

 নবেন্দ্ৰয় গৃহত প্ৰবেশ কৰিলে। কামিনীকান্তই আনন্দেৰে পুলকিত হৈ চকিৰ পৰা লাফ মাৰি উঠি নবেন্দ্ৰক আলিঙ্গন কৰিলে। দুইৰো মনৰ ভাব কোনে বুঝিব পাৰে। পাঠক, তোমাৰ প্ৰিয় বন্ধুক যদি অনেক দিনৰ পাছে কোনো সময়ত দেখা পোৱা, তেনে হলে তেতিয়া তোমাৰ মনত কিমান অসীমা আনন্দৰ অনুভৱ কৰিছিল৷, তাক সোঁৱৰণ কৰি চোৱা। যিকি নহওক, পুনৰ মিলন হোৱা বন্ধু দূজনৰ আনন্দ তাত কৈয়ো অধিক। দুইৰো সম্বোধনৰ সমাপ্ত হলত কামিনীকান্তই সুধিলে, “কি হে, ঘৰত সকলো ভালে আছে নে? আই ভালে আছে? বাবা ভালে আছে নে?”

ন। হয়, সকলো ভালে আছে, শুনিছোঁ।

কা। সৰলা?

ন। ভাল।

কা। কমলা, অম্বিক আৰু সিবিলাকৰ সকলো ভাল নে? [ ১৫ ] ন৷ সকলো ভাল।

 কিছু বেলি দুয়ো নিমাত। তাৰ পাছে কামিনীকাত্তয় পুনৰায় শুধিলে, “তোমাৰ ইমান দিনৰ মুৰত যে মোলৈ মনত পৰিছে কি ভাগ্য যে, আজি তুমি মোক দেখিবলৈ আহিছা।”

ন। মোক খেমা কৰা, মোক আৰু লাজ নিদিবা; মোৰ যে দোষ হৈছে, তাক ময় আপুনিএ

 স্বীকাৰ কৰিছোঁ; সেই বিষয়ে কিছু মনত নেৰাখিবা।

কা। তেন্তে লেখা পড়া কি প্ৰকাৰ হৈছে? এই বেলি পৰীক্ষা নিৰ্দিয়া নে?

ন। হাঁ চাওঁ কি হয়, পঢ়িছোঁ দেখো।

কা। দেখা, নৰেন্দ্ৰ এটা কথা কওঁ ভাই, তুমি খঙ নকৰিবা, তোমাক ভাল পাওঁ দেখিহে

 কৈছোঁ।

ন। তুমি কি বলিয়া হৈছা? তোমাক ময় খঙ কৰিম, কি কব খোজা কোৱা।

কা। দেখা, এই পঢ়াশালিৰ পৰীক্ষাৰ কাৰণে আমি কিমান ভাবো, কত চিন্তা কৰোঁ। কেনেকৈ

 পৰীক্ষাত উত্তীৰ্ণ হম, তাকো ভাবিছোঁ; সেই বিষয়ে কিমান চেষ্টা কৰিছোঁ, কিমান

 পৰিশ্ৰম কৰিছোঁ, কিমান বেলি ৰাতি জগিছোঁ। কেনেকৈ সকলো প্ৰশ্নবিলাকৰ উত্তৰ

 দিম, তাকেই একে মনেৰে চেষ্টা কৰোঁ, কিন্তু আমাৰ সকলৰ সেই শেষ দিনত যে

 ভয়ানক পৰীক্ষা দিব লাগিব, কতা তাৰ কাৰণে ইয়াৰ হেজাৰ অংশৰ এক অংশও

 দেখো চেষ্টা কৰা নাই।

ন। সেই বিষয়ে ভাবিবৰ ভাই, অনেক সময় আছে; তাক ইয়াৰ

 পাছে চিন্তা যাব।

কা। নৰেন্দ্ৰ ময় বড় বিচুৰ্তি হলোঁ, তুমি ইমান পঢ়ি, ইমান

 জানিও, এনে কথা কলা; ভাই, “ইয়াৰ পাছে” সেই বিষয়ে ভাবিম

 বুলিলা। বাৰু, এটা কথা সোধোঁ, সেই যি “ইয়াৰ পাছে,” সেইয়ে

 কেতিয়া? [ ১৬ ] ন। কৰ্ম্ম কাজ কৰিলে বুড়া হলে।

কা। তুমি বলিয়া, “বুড়া হলে” ভাবিবা? কিন্তু তুমি যে বুড়া হবা,

 তাক কেনেকৈ জানিলা কিমান দিন জীবা, তাক কি তুমি জানা

 নে যে, শেষত এই সকলো বিষয়ে ভাবিম বুলিছা? ভাবি ছোৱা

 এই তোমাৰ লগত কথা কৈছো, কোনে কব পাৰে, ইয়াৰ এক খন্তেকৰ

 পাছে মোৰেই বা তোমাৰেই কি ঘটীব পাৰে? কালিলৈ সূৰ্য উদয়,

 দেখিম, এনে কথা কোনো নিশ্চয় কৰি কব পাবে?

 নৰেন্দ্ৰয় একেবাৰে নিমাত আৰু নিৰুত্তৰ। কি উত্তৰ দিম? নৰেন্দ্ৰয় ভাবিছিল হয়, কেতিয়া মৰিম তাক দেখোঁ নেজানোঁ; তেন্তে কেনেকৈ থিৰ কৰিম যে, অমুক সময়ত এই সকলো বিষয় চিন্তা কৰিম? বৃদ্ধ হম, পকাচুলি হব, কোনে কলে? কোনে জানে? এতিয়াইছোঁন মৰিব পাৰোঁ? তেনেহলে পৰম আত্মাৰ চিন্তা কৰিবৰ সময় নেপালোঁ? নৰেন্দ্ৰয় এই ৰূপে ভাবিছিল, এনে সময়তে কামিনীকান্তয় সুধিলে, “কি হে, তুমি ছোন নিৰুত্তৰ হৈ থাকিলা।”

ন। নহয় ভাবিছোঁ, তোমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলোঁ। স্বৰূপকৈ

 কেনেকৈ কব পাৰোঁ যে, ইমান দিন জীম, হয়তো, এই খন্তেকতেই

 আমাৰ মৃত্যু হব পাৰে।

কা। তেন্তে এতিয়া বুঝিব পাৰিছা যে, এই সকলো বিষয় চিন্তা কৰা

 আমাৰ সকলোৰে শীঘ্ৰে উচিত, আৰু এতিয়াই দিন পলম নকৰি

 এই খস্তেকতেই পৰমাৰ্থিক বিষয় চিন্তা কৰা অতিশয় প্ৰয়োজন।

 দেখা, ধৰ্ম্ম পুথিয়ে কয়, “এতিয়াই অনুগ্ৰহৰ সময়,” দেখা এতিয়াই

 পৰিত্ৰাণৰ দিন।

ন। দেখা ভাই, এই সকলো বিষয় পূৰ্ব্বে ময় কেতিয়াবা কেতিয়াবা চিন্তা

 কৰিছিলোঁ, কিন্তু ইমান গোলমালৰ বোধ হ'ল, আৰু ইমান সংশয়

 সাক্ষাৎ হল যে, এইবিলাক বিষয় চিন্তা কৰা ময় পৰিত্যাগ

 কৰিছোঁ। বাইবেল মাঝে ২ পঢ়িছে, কিন্তু ঠায়ে ২ ইমান

 অসাধ্য বোধ হয় যে, বিশ্বাস কৰিবলৈ বিচুৰ্তি হোৱা যায়, কেৱল [ ১৭ ] বিচুৰ্তি হওঁ, এনে নহয়, অনেক স্থলত নিশ্চয়েই অবিশ্বাসৰ অনুমানো হয়৷

কা। দেখা নৰেন্দ্ৰ, অনেকেই এই প্ৰকাৰে আপোনাসকলৰ অমৰ আত্মাক

 বিনাশ কৰিছে। অধিক জানিবলৈ গৈ, অসত্য অসত্য সংশয়

 সাক্ষাৎ কৰি অৱশেষত নাস্তিক হৈ পৰিছে। এই বিষয়ে ময় যি

 বুঝিছোঁ, তোমাকো তাকেই কৈছোঁ; শুনা। দেখা, বাইবেলত

 অনেক বিষয়ে লেখা আছে যিহক আমি বুঝিব নোৱাৰিম; সেয়ে

 যে অতিশয় অদ্ভুত, মনত এনে ভাব নকৰিবা। আমাৰ সকলৰ

 এই সামান্য বুদ্ধিত আমি যে সেই অসীমা ঈশ্বৰৰ বিষয়ে বুঝিব

 পাৰিম, এয়ে কি সম্ভব নে।


ন। এই স্থলত ময় এটা কথা কব লগা হল; তোমোলাকে কোৱা,

 ঈশ্বৰে মানুহক বাইবেল দিছে কিয়? যেন মানুহে তেওঁৰ বিষয়ে

 জানিব পাৰে। তেওঁৱে তেওঁৰ এই পুথিতে আপোনাক প্ৰকাশ

 কৰিছে, সেই নিমিত্তেই তেওঁৱে তেওঁৰ ধৰ্ম্ম পুথা আমাক সংলোকে

 দিছে। তেন্তে যদি তেওঁৱে আপোনাক প্ৰকাশেই কৰিলে তেনেহলে

 তেওঁৰ বিষয়ে আমি সম্পূৰ্ণ ৰূপে বুঝিব নোৱাৰোঁ কিয়? বাইবেলৰ

 অনেক বিষয় প্ৰকাশ ৰূপে বুঝিব নোৱাৰি বুলিএই অনেক অসম্ভও

 বোধ হয়।


কা। দেখা মানুহৰ যিমানলৈ জানিবৰ প্ৰয়োজন, সিমানলৈ বাইবেলত

 প্ৰকাশ কৰি লেখা আছে। কেৱল কেইটামান বিষয়, যি মানুহৰ

 বুদ্ধিৰ অগম্য তাকেই আমি বুঝিব নোৱাৰোঁ।


ন। তেনেহলে আমাৰ সকলৰ কি জনা প্ৰয়োজন, আৰু কি অপ্ৰয়োজন,

 তাক কেনেকৈ জানিম?


কা। তোমাক কেৱল কেইটীমান বিষয় কওঁ, ভালকৈ বিবেচনা কৰি

 কোৱাছোন, সেই সকলো বিষয়ে তোমাৰ কি সংশয় হয়। দেখা,

 তুমি আপুনি হোৱা নাই, তোমাক এজনে এজন কৰিছে, অৰ্থাৎ এনে এজনা

 আছে, যি জনা তোমাৰ সৃষ্টি কৰ্ত্তা, তোমাৰ পিতৃ আৰু তোমাৰ [ ১৮ ] বিচাৰকৰ্ত্তা। সেই তোমাৰ শ্ৰজন কৰ্ত্তাই কেইটামান আজ্ঞা দিছে। তুমি সেই সকলো 'আজ্ঞা পালন কৰা নাই, অৰ্থাৎ সেই ঈশ্বৰৰ বিপৰীতে তুমি পাপ কৰিছা। আৰু যেতিয়া তেওঁৰ আজ্ঞা উলংঘন কৰিছা, তেতিয়া পাপ কৰিছ; তাতে তেওঁৰ ক্ৰোধৰ পাত্ৰ হৈছা; আৰু দণ্ডৰ যোগ্য হৈছা। তেওঁৰ বিপৰীতে আচৰা হৈ অধৰ্ম্ম কৰ্ম্ম কৰিছা বুলিএই তেওঁ তোমাক অৱশ্যে শাস্তি দিব। তেওঁ ন্যায়ৱন্ত ঈশ্বৰ তেওঁৰ হাতৰ পৰা এৰাব নোৱাৰিবা; আৰু তেওঁ যে কেৱলে তোমাৰ ন্যায় বিচাৰ কৰোঁতা ঈশ্বৰ, তেনে নহয়; তেওঁ আকও তোমাৰ দয়ালু পিতৃও। তোমাৰ বিনাশ জানো তেওঁ কোনো সময়ত দেখিব পাৰে? তেওঁ কয়, “হে পাপী তুমি উলটা, কিয় তুমি মৰিবা। সেই দয়ালু পিতৃও তোমাৰ এই প্ৰকাৰ বিপদৰ অৱস্থা দেখি, যিহতে তুমি সেই অনন্ত বিনাশৰ পৰা উদ্ধাৰ পোৱা, এনে উপায় কৰি দিলে। আমাৰ সকলৰ কেৱল ইয়াকে মাথোন সোঁৱৰণ কৰা উচিত যে আমি পাপী, ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰ; ঈশ্বৰৰ পুত্ৰ হৈছিলোঁ, কিন্তু পাপ কৰি তেওঁৰ শত্ৰু হৈছোঁ; বিনাশৰ পথত শীঘ্ৰে যাওঁতা হৈছোঁ, ইয়াকে দেখি ঈশ্বৰে আমাৰ সকলৰ মুক্তিৰ পথ দেখুয়াই দিলে। তেওঁৰ অদ্বিতীয় পুত্ৰ যীশু খ্ৰীষ্টই আপোন প্ৰাণ আমাৰ সকলৰ পাপৰ নিমিত্তে বলি ৰূপে উচৰগ কৰিলে, তেওঁৰ বহুমূল্য তেজেৰে আমাৰ সকলৰ পাপ সমূহ ধুই, আমাক সকলোকে কিনিলে। এতিয়া যদি আমি কেৱল সেই যীশু খ্ৰীষ্টত বিশ্বাস কৰোঁ, আৰু তেওঁকে আমাৰ বিলাকৰ এক মাথোন পৰিত্ৰাণ কৰ্ত্ত। বুলি ধৰো, তেনে হলে আমি পুনৰায় ঈশ্বৰৰ পুত্ৰ বুলি গণ্য হম, আৰু পাপৰ খেমা পোৱা হৈ তেওঁৰ মনোনীত দাস হম। পৃথিবীত যি কেইদিন জীম, তেওঁৰ অভিপ্ৰায়ৰ মতে কাম কৰিলে মৰণৰ পাছে তেওঁৰে সৈতে অনন্তকাল চিৰসুখে স্বৰ্গধামত বাস কৰিবলৈ পাম। কেনে নৰেন্দ্ৰ, এই সকলো দেখো সহজে বুঝিব পাৰা, এই বিষয়ে দেখো আৰু কিছু সংশয় নাই। [ ১৯ ] ন।  এই বিষয়ে দেখো আৰু কিছু অসন্তও বা অবিশ্বাস্থ্য নেদেখো, সংশয়ৰ কাৰণো কিছু নাই।

কা।  তেন্তে যি বিষয়ে তোমাৰ অমৰণ আত্মাৰ চিৰসুখ বা চিৰদুঃখ নিৰ্ভৰ কৰিছা, সেই বিষয়ে যেতিয়া তোমাৰ কোনো সংশয় নাই, তেন্তে অন্য বিষয়ৰ কাৰণে এনে বহু মুল্য ধন অৱহেলা কৰিবানে? তোমাক ময় মিনতি কৰিছোঁ, প্ৰেম কৰি কৈছো, এই বিষয়ে চিন্তা কৰা, অনেক পাঠ কৰিছা, এতিয়া ভাই, চিন্তা কৰা, ভাবা, আপোনাৰ পৰিত্ৰাণৰ বিষয়ে স্থিৰ কৰা। দেখা, তোমাক ময় মনে চিত্তে ভাল পাওঁ, সেই নিমিত্তে তোমাক এই প্ৰকাৰে কৈছো। মোৰ আগত অঙ্গীকাৰ কৰা যে, তুমি এই বিষয়ে চিন্তা কৰিবা, আকি আগত শনিবাৰে আহি যি স্থিৰ কৰিছা, তাক কবা। অঙ্গীকাৰ নকৰিলে তোমাক এৰি নিদিম।

 নৰেন্দ্ৰয় অঙ্গীকাৰ কৰিলে, কামিনীকান্তৰ চেষ্টা কিঞ্চিৎমান সাম্ফল হল। নৰেন্দ্ৰয় যি কাৰণে কামিনীকান্তৰ ওচৰলৈ আহিছিল তেওঁ তাক পাহৰিলে নে? নহয়, কিয় পাহৰিব?

ন।  দেখা, কামিনীকান্ত, তোমাৰ ওচৰলৈ ময় এটী বিশেষ প্ৰয়োজনে আহিছোঁ।

ক।  কি, কোৱা?

ন।  দেখা, হেমে তোমাৰ তিৰতাক ভনীৰ সদৃশ ভাল পাই, তুমি ঘৰ পৰিত্যাগ কৰি আহিবৰে পৰা, সিবিলাক দুয়ো অনেক সময় একে লগে থাকে। তোমাৰ তিৰতাক হেমে অনেক সান্তনা কৰে। দেখা, তুমি তেওঁলৈ পত্ৰ আদি লেখা নাই, তেওঁৰ কোনো বিচাৰে৷ লোৱা নাই, সেই নিমিত্তে তেওঁ অতি দুঃখিত। হেমে সৈতে তেওঁৰ এই বিষয়ে কথা হৈছিল, তেওঁ তোমাৰ ওচৰলৈ আহিব খোজে। সেই কাৰণে এই বিষয়ে তুমি কি বেচনা কৰা, তাকেই জানিবলৈ হেমে মোক তোমাৰ ওচৰলৈ পঠাইছে।

কা।  স্বৰূপতে ময় সৰলালৈ পত্ৰ আদি লিখা নাই, তাৰ এটী মাথোন [ ২০ ] কাৰণ। ভাই, কেতিয়াও মনত নেভাবিবা যে ময় তেওঁক পাহবিছোঁ। আৰু তোমাৰ বা তোমাৰ ভাৰ্য্যাৰ সমীপত ময় চিৰ বাধিত থাকিলোঁ যে, তোমালোকে মোৰ সৰলাৰ প্ৰতি ইমান অনুগ্ৰহ কৰিছা। তেন্তে ভাই, তুমিতো আগত শনিবাৰে আহিবা, তোমাৰ হাতত এখনি পত্ৰ পঠাম, সৰলাক দিবা, আৰু ইতিমধ্যতে যদি সৰলাৰে সৈতে তোমাৰ ভাৰ্য্যাৰ সাক্ষাৎ হয়, তেন্তে তেওঁক কবলৈ কবা যে, ময় সৰলাক এক দিনৰ নিমিত্তেও পাহৰা নাই।

সপ্তম অধ্যায়।

 এক সপ্তাহ হৈ গল, পাছৰ শনিবাৰে সন্ধ্যাৰ সময়ত সপ্তাহৰ পাছে প্ৰতিবাসীবিলাকৰ মাঝৰ অনেকেই ঘৰলৈ আহিছে। গাঁৱৰ মাইকিবিলাকে সৰলাহঁতৰ ঘৰত বহি কথোপকথন কৰিছিল। “ভাই, কৰ্ত্তা এতিয়াই আহিব, জোঁৱাই এতিয়া আহিব, জলপান খাবলৈ যুগুত কৰোঁগৈ,” ইত্যাদি কৈ সিবিলাকে এটী এটী কৈ উঠি গল। ইয়াকে শুনি সৰলাৰ হৃদয়ত যেন কিবা এটা বাজি উঠিল; দুই বছৰৰ আগৰ কথা এনেই হঠাৎ মনত পৰিল। দুই বছৰৰ পূৰ্ব্বে শনিবাৰে সন্ধ্যাৰ সময়ত সৰলায়ো বাটৰ ফালে একে দৃষ্টিৰে চাই আছিল, জলপান কৰিবৰ নিমিত্তে যুগুত কৰিছিল। আজি সৰলাই তেনে কৰা নাই কিয়? এই এই কথা হঠাৎ সৰলাৰ মনত পৰিল। দুই বিন্দু অস্ৰু পাত মুকুতা ফলৰ সদৃসে চক্ষুৰ পৰা পৰিল। সৰলায় মাটীত বহি পৰিল, গালত হাত দি সৰলা অধোমুখে বহি থাকিল। কি ভাবিছে, তাক পাঠকক কোৱা বাহুল্য মাত্ৰ, অনুমানেৰেই বুঝিব পাৰিছা। কামিনীকান্তই পতিব্ৰতা সৰলাৰ এক মাত্ৰ চিন্তা, এই অৱস্থাত কিছুবেলি নিওয়া হল, তাৰ পাছতেই এজন লোকে নাচি বাগি হাঁহি ২ তেওঁৰ ওচৰলৈ আহিল, সৰলায় জানিবও [ ২১ ] নোৱাৰিলে। পাঠক চিনিব পাৰিছানে কোন? সেইয়া দেখা, হেমাঙ্গী। তেওঁৰ আনন্দ কিয়? আনন্দতে মুখত কথা ওলোৱা নাই। সৰলায় কান্দিছে তাক দেখি কথা কব নোৱাৰিলে, স্তম্ভৰ সদৃসে থিৰ হৈ থাকিল। ইমান দিনৰ মুৰত মনৰ কামনা শিদ্ধি কৰিছে, সেই নিমিত্তেই হেমাঙ্গীৰ আনন্দ। হেমাঙ্গীৰ হাত দুটী পিছ ফালে আছে। হাত লুকাইছে কিয়? পাঠক, অলপমান উলটি দেখা, হেমাঙ্গীৰ হাতত কি আছে? এখন চিঠি নে? কাৰ চিঠি? কামিনীকান্তৰ। কালৈ লেখিছে? আৰু কালৈ লেখিব, সৰলালৈ; সেই কাৰণে হেমাঙ্গীৰ ইমান আনন্দ? তেওঁৰ সহোদৰৰ সদৃস প্ৰিয় সখীৰ ওচৰত কামিনীকান্তৰ পত্ৰ বাহিনী হৈ আহিছে, সেই কাৰণেই তেওঁৰ ইমান আনন্দ। আনন্দ উখালখাই উঠিল, আৰু নিমাত হৈ থাকিব নোৱাৰিলে। সৰলাক সম্বোধন কৰি কলে, "সৰলে” বোলা মাত্ৰকেই সৰলায় উচাৰ খাই উঠিল, আৰু কলে “কি হেম? আহা ভাই, এনে সময়ত দেখো।”

হে। আজি ভাই, তোমাৰ বড় শুভাগ্য।
স। মোৰ আকও সুভাগ্য তেনে দিন কত্ হব?
হে। নহয় ভাই, স্বৰূপকৈ কৈছোঁ।
স। কিয়, কি হৈছে?
হে। নহয় ভাই, কৈছোঁ।
স। কি হৈছে, কোৱাছোন শুনু?
হে। (চিঠি দেখুৱাই ) এইটো কি কোৱাছোন?
স। কাৰ পত্ৰ, ভাই ছাওঁ?
হে। তোমাৰ কামিনীকান্ত বাবুৰ
স। ছাওঁ, ছাওঁ।
হে। নহয় নিদিওঁ।
স। তেন্তে তোমাৰ মিছা কথা; তেওঁ আকৌ চিঠি লেখিব নে?
হে। এতিয়া দেখিবলৈ পাবা।

[ ২২ ] স। কতা, ছাওঁ?

 হেমাঙ্গীএ সৰলাৰ হাতত কামিনীকান্তৰ চিঠিখনি দিলে। সৰলায় পঢ়িব ধৰিলে, পঢ়ি পুনৰায় হেমাঙ্গীক শুনালে। পাঠক, তুমিও শুনিব খোজা নে? সৰলায় হেমাঙ্গীৰ আগত পঢ়িছে, এই অৱকাশতে শুনি লোৱা।

“প্ৰিয়ত্তমা সৰলা,

 দুই বছৰ গত হৈছে, তোমাক মই দেখা নাই, তোমাৰ বিষয়ে কোনো সমাচাৰো পোৱা নাই। সেই নিমিত্তে যে কিমান দুঃখত আছিলোঁ, তাক লিখি প্ৰকাশ কৰিব নোৱাৰোঁ। ইমান দিন তোমালৈ চিঠি আদি লেখা নাই, কাৰণ ভাবিছিলো তুমি হবলা মোৰ ওপৰত খঙ কৰি আছা। যদি চিঠি লিখোঁ, তেনে হলে কি জানো পেলাই দিবা; চিঠি লিখিলে হবও পাৰে, তোমাৰ পিতায় তোমাৰ প্ৰতি কঠিন ব্যৱহাৰ কৰিব। সেই ভয়তে তোমালৈ পত্ৰ আদি লিখা নাই, বা চাবলৈ যাবৰো সাহ কৰা নাই। সৰলা, তুমি কেতিয়াও মনত নেভাবিবা যে, ময় তোমাক পাহৰিলোঁ। ঈশ্বৰৰ আগত যেতিয়াই প্ৰাৰ্থনা কৰোঁ, প্ৰতি বেলিএই ময় তোমাক তেওঁৰ শ্ৰীচৰণৰ তলত সাক্ষাৎ কৰো। তেওঁৰ আগত ময় নিতৌ ২ প্ৰাৰ্থনা কৰো, যেন তেওঁ তোমাৰ জ্ঞানৰ চক্ষু মুকলি কৰে, যেন তুমি তেওঁৰ সত্য ধৰ্ম্ম জানিব পাৰা, যেন মিছা দেবদেবী পৰিত্যাগ কৰি তুমি তেওঁব বিশ্বাস কৰিব পাৰা। অনুমান হয়, তেওঁৱে ইমান দিনৰ মুৰত মোৰ প্ৰাৰ্থনা শুনিছে। তেঁওৱেই প্ৰাৰ্থনা শুনোঁতা আৰু তাৰ উত্তৰ দিওঁতা প্ৰভু পৰম ঈশ্বৰ। এই বেলি অনুমান হয়, তেওঁৱেই তোমাক তেওঁৰ সত্যক জানিবলৈ আৰু তেওঁত বিশ্বাস কৰিবৰ শক্তি দিব। দেখা, তেওঁৰ ধৰ্ম্মৰ বিষয়ে তুমি এতিয়াও একো নেজানা। ময় প্ৰতি সপ্তাহে নৰেন্দ্ৰৰ হাতত তোমালৈ এখনী পত্ৰ পঠিয়াম। তাতে খ্ৰীষ্টৰ ধৰ্ম্মৰ বিষয়ে যিমানলৈ পাৰো সহজে বুঝাই দিম। যিবিলাক বিষয়ে সংশয় হয়, লিখি পঠাবা। মোৰ শক্তি [ ২৩ ] অনুসাৰে খণ্ডন কৰি দিম। তাত বাঝেও এখনি ধৰম পুথি পঠিয়াই দিম, তাক নৰেন্দ্ৰৰ ঘৰত থবা, আৰু তালৈ আহি তুমি আৰু হেমাঙ্গী দুইয়ো পাঠ কৰিবা। দেখা মানুহলৈ ভয় নকৰিবা; যিহতে পিতৃ পৰম ঈশ্বৰ সন্তোষ থাকে, তাকেই কৰা সকলো ভাৱে তোমাৰ উচিত।

 নৰেন্দ্ৰ আৰু তোমাৰ প্ৰিয় সখী মোৰ সহোদৰ সদৃস, হেমাঙ্গীৰ চেষ্টাত তোমালৈ এই পত্ৰ লেখিবলৈ শক্তি পোৱা হৈছোঁ। সেই কাৰণে সিবিলাকে সৈতে চিৰবাধিত থাকিলোঁ। তোমাৰ পিতৃ, মাতৃ, কমল আৰু অম্বিকা কেনে থাকে, লৈখিবা। চিঠি লিখিবলৈ লাজ পোৱা নহব।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।”


অষ্টম অধ্যায়।
দ্বিতীয় পত্ৰ।

“প্ৰিয়ত্তমা সৰলা,

 মোৰ প্ৰথম পত্ৰত তোমালৈ লিখিছিলো যে, খ্ৰীষ্ট ধৰ্ম্মৰ মুঠ ভাগ তোমাক বুঝাম। কিন্তু তাক কৰিবৰ আগেয়ে দুই চাৰি কথা কোৱা উচিত বোধ কৰি তাকে লিখিছোঁ। যি কিছু বুঝিব নোৱাৰিবা, তাক নৰেন্দ্ৰত হুধিলেই তেওঁ আনন্দিত হৈ বুঝাই দিব।

 আমাৰ সকলোৰে প্ৰতি জনৰেই ধৰ্ম্ম বিষয়ে বিচাৰ কৰা সকলো ভাৱে উচিত। যেতিয়া জনমিছোঁ, তেতিয়া মৰিব লাগিব; মৃত্যুৰ হাতৰ পৰা পলায়ন কৰিবলৈ আমি কোনেও নোৱাৰিম; কিন্তু কেতিয়া যে মৃত্যু হম, তাক আমি নেজানোঁ। মৃত্যুৰ পাছে আমাৰ সকলৰ চিন্তা কৰিবৰ আৰু সময় নহব; এই হেতুকে এই পৃথিবী পৰিত্যাগ কৰাৰ পূৰ্ব্বে পৰকালৰ বিষয়ে আমাৰ সকলোৰে থিৰ কৰা উচিত। দেখা, মানুহৰ যে কেৱল শৰীৰ আছে, এনে নহয়; শৰীৰৰ বাঝেও মানুহৰ [ ২৪ ] আত্মা আছে। সেই আত্মা নো কি, তাক বুঝা সহজ নহয়, তাক দেখিব বা পৰ্শ কৰিব পৰা নেযায়; সেইয়ে কোনো পদাৰ্থ নহয়। কিন্তু প্ৰত্যেক মানুহৰ ভিতৰত আত্মা আছে, সেই আত্মা অমৰ, অৰ্থাৎ তাৰ মৰণ নাই। আমাৰ সকলৰ যি শৰীৰ, বিনাশ হব, কিন্তু সেই আত্মাৰ বিনাশ নাই; মৰণৰ সময়ত এই শৰীৰ পড়ি থাকিব, বিনষ্ট হব, কিন্তু সেই আত্মা নমৰিব; সি তাৰ সৃষ্টিকৰ্ত্তা অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ চলি যাব আৰু তাতে চিৰকাল বাস কৰিব। কিন্তু সেই আত্মা যে তাত বাস কৰিব, সি কি ৰূপ অৱস্থাত বাস কৰিব? দেখা কেৱল দুই প্ৰকাৰ অৱস্থা হব পাৰে, সুখৰ নাইবা; দুঃখৰ; হয় চিৰকাল সুখত বা চিৰকাল দুঃখত বাস কৰিব। সৰলা, দুঃখত থাকিবলৈ কোনে খোজে? দেখা, এই পৃথিবীত অলপ দিন জীম, তথাপি এই কেইদিন সুখে থাকিবলৈ আমি কিমান চেষ্টা কৰো। কিহেৰে সুখে থাকিম, কলৈ গলে সুখ পাম, দিনে ৰাতিএ এইয়েই আমাৰ সকলৰ চিন্তা, আৰু চেষ্টা। তেন্তে যদি কিছু দিনৰ নিমিত্তে সুখে থাকিবলৈ আমি ইমান কাৰবাৰী হওঁ, তেনে হলে চিৰকাল সুখে থাকিবলৈ জানো আমি স্কুলে আৰু অধিক কাৰবাৰী হোৱা উচিত নহয় নে? কিন্তু দুঃখৰ বিষয় যে এই সম্বন্ধে আমি নিশ্চয় মন নকৰো, এই বিষয়ে আমি অনেক সময়ত পাহৰিও চিন্তা নকৰোঁ। কিন্তু সৰলা, যি লিখিলোঁ বোধ কৰোঁ, তাৰ পৰা তুমি বুঝিব পাৰিবা যে, এই বিষয়ে অবহেলা কৰা আমাৰ সকলৰ কেতিয়াও উচিত নহয়। এই বিষয়ে এতিয়া অৱহেলা কৰিলে আমাৰ সকলোৰে অনন্ত বিপদত পতিত হোৱা হব। সেই নিমিত্তে সৰলা, তোমাক মিনতি কৰি কৈছো, যেন এই বিষয়ে চিন্তা কৰিবা৷ কেৱল সংসাৰৰ সুখৰ আমোদ আমোদত উন্মত্ত নহৈ যিহতে তোমাৰ অমৰ শত্মা চিৰকাল সুখে থাকিব পাৰে, যিহতে তোমাৰ অনন্ত দুঃখ ভোগ কৰিবলৈ নহব, সেই বিষয়ে চিন্তা কৰিবা। কিন্তু শুধিব পাৰা, অনন্ত কাল দুঃখে থাকিম, বা সুখে থাকিম, তাক কি প্ৰকাৰে জানিব পাৰা যায়? দেখা, তোমাক এটী উপমাৰে বুঝাই দিওঁ; তুমি এতিয়া তোমাৰ পিতৃৰ ঘৰত আছা, কিন্তু জানা যে, কিছু দিনৰ [ ২৫ ] পাছে তুমি একেবাৰে মোৰ ঘৰলৈ আহিব লাগিব; ময় তোমাক কলোঁ যে, তুমি যিমান দিন পিতৃৰ ঘৰত থাকিবা, সিমান দিন তুমি এই এই কাম কৰিব লাগিব; যদি কৰা, তেনে হলে তুমি যেতিয়া মোৰ ঘৰলৈ আহিবা, তেতিয়া ময় তোমাক সুখত ৰাখিম; যদি নকৰা, তেনেহলে ময় তোমাক দুঃখত ৰাখিম। সেই প্ৰকাৰে যি জনে আমি সকলোকে সৃষ্টি কৰিছে, তেওঁ কিছু আজ্ঞা দিছে, কেতেটী কৰ্ম্ম নিশ্চয় কৰি দিছে, আৰু কৈ দিছে, দেখা, তোমোলাকে যদি পৃথিবীত এই সকলো কাৰ্য্য কৰা, তেনেহলে মৰণৰ পাছে ময় তোমালোকক চিৰকাল সুখত ৰাখিম; কিন্তু যদি নকৰা, তেনেহলে অনন্তকাল দুঃখত ৰাখিম। এতিয়া অনুমান হয় বুঝিব পাৰিছাঁ? কিন্তু সুধিব পাৰ যে, অনন্তকাল সুখে বা দুঃখে থাকিম, তাক কি প্ৰকাৰে জানিব পৰা যায়? দেখা সৰলা তোমাৰো আত্মা আছে, তুমিও চিৰকাল জীয়াই থাকিব লাগিব, তেন্তে মুখত থাকিম, কি দুঃখত থাকিম, তাক এতিয়াই নিশ্চয় কৰা। অনন্তকাল সুখত থাকিম, তাৰ চেষ্টা কৰা কি তোমাৰ উচিত নহয় নে। এই কথা ভাবি ছোৱা, এই জীৱন কেই দিনৰ নিমিত্তে, আৰু এই জীৱনৰ সুখেই বা কেই দিনৰ কাৰণে? তেন্তে ইয়াৰ নিমিত্তে যদি আমি ইমান ব্যাকুল হওঁ তেন্তে অনন্ত সুখৰ কাৰণে কি আমাৰ সকলৰ আৰু অধিক ব্যাকুল হোৱা উচিত নহয় নে? অৱশ্যে যে উচিত, তাক তুমি স্বীকাৰ কৰিবা; তোমাত পূৰ্ব্বেই কৈছোঁ, তোমাক যি জনাই ভ্ৰমন কৰিছে, সেই তোমাৰ পিতৃ পৰম ঈশ্বৰৰ সাহায্য যাচ্ঞা কৰা তেওঁৰ আগত প্ৰাৰ্থনা কৰা, যি সত্য, তাকেই জানিবলৈ তেওঁ তোমাক যেন শক্তি দিএ। সৰলা, তুমি অনেক পুথি আদি পঢ়িছা, তোমাক অধিক কোৱা ভাৱশ্যক নাই, এই নিমিত্তে ইয়াকে মাথোন কৈছে যে ধৰ্ম্মৰ বিষয়ে বিচাৰ কৰা পৰকালৰ বিষয়েও চিন্তা কৰা, অনন্তকাল যিহতে সুখে থাকিবা, সেই বিষয়ে কাৰ বাৰী হোৱা।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।”

[ ২৬ ]

(সৰলাৰ উত্তৰ)

“প্ৰাণৰ অধিক,

 আপোনাৰ দুই খনী পত্ৰ পাইছোঁ। এই দাসীক যে ইমান দিনৰ মুৰত সোঁৱৰণ কৰিছা, ইয়াক জানিয়েই চিৰ বাধিত হলোঁ। মনত ভাবিছিলোঁ, আপুনি মোক একেবাৰে পাহৰি গলা যিকি নহউক মনত যে সুঁৱৰিছা, তাকেই বিশেষ ভাগ্য বুলি মানিলোঁ। দেখা, পতি বিনে দুঃখিনী বঙ্গালনী ৰমণীবিলাকৰ আৰু গতি নাই। তেন্তে যে আপোনাৰ ওচৰলৈ যাম, এই বিষয়ে আৰু সংশয় কি? আপুনি অনুগ্ৰহ কৰি যদি এই অধিনীলৈ দয়া কৰে, তেনে হলেই মোৰ পৰম ভাগ্য। আপোনাৰ দ্বিতীয় পত্ৰ খনি তিনি চাৰিবাৰ পাঠ কৰিলোঁ, আৰু সেই বিষয়ে অনেক চিন্তাও কৰিছোঁ। এক সত্য ধৰ্ম্ম যে আছে, তাকেই ভক্তি কৰা যে উচিত, তাক বিশ্বাস কৰোঁ। কিন্তু দেখা, সিমান বুদ্ধি নাই, আৰু তিমান- লৈ ভবাও নাই, কোন ধৰম যে, সত্য, তাকো কব নোৱাৰোঁ। “মৰিব যে লাগিব” লিখিছা, তাক জানো; কিন্তু মৰণৰ পাছে আকৌ আত্মা যে জীয়াই থাকিব, ইয়াক বুঝিব নোৱাৰিলোঁ। মৰি গলোঁ, দেখোঁ সকলো- এই শেষ হল, ইয়াক হলে জানো কিন্তু আপুনি লিখিছে যে মৃত্যুৰ পাছে অনন্ত কাল হয়, আৰু সুখেৰে নাইবা দুঃখেৰে বাস কৰিব লাগিব। লেখিছা যে, যদি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ, তেনে হলে চিৰকাল সুখত থাকিম। ইয়াকো ভালকৈ বুঝিব নোৱাৰিলোঁ। ঈশ্বৰে কি আজ্ঞা দিছিল, তাক কেনেকৈ জানিম? কাক দিছিল, কেতিয়ানো দিছিল, তাক দেখোঁ কতা কেতিয়াও শুনা নাই। আৰু ঈশ্বৰেনো কিৰূপে আজ্ঞা দিব? তেওঁ দেখোঁ নিৰাকাৰ, তেওঁৰ শৰীৰ নাই, কোনেও কেতিয়াও তেওঁক দেখা নাই, ঈশ্বৰ আছে, এই মাত্ৰ শুনিছোঁ, কিন্তু তেওঁ কিৰূপ আছে, বা কৎ থাকে, বা কেনেকৈ নো আজ্ঞা দিএ এইবিলাক বুঝিব নোৱাৰিলোঁ। চিঠিৰ শেষত প্ৰাৰ্থনা কৰিবলৈ লেখিছা, প্ৰাৰ্থনা কি, কি প্ৰকাৰে কৰিব লাগে, তাকো নেজানোঁ। নৰেন্দ্ৰ বাবুক এই সকলো বিষয়ে সুধিবলৈ লাজ পাওঁ, [ ২৭ ] দেখোঁ, হেমাঙ্গীৰে সোধাম। আৰু আপুনি যি ধৰ্ম্ম পুথি দিম বুলি কৈছা, তাক অনুগ্ৰহ কৰি শীঘ্ৰে পঠিয়াই দিবা। হেমাঙ্গীৰ ঘৰত বহি আমি দুয়ো জনে পঢ়িম। আন কোনো উপযুক্ত ভাল পুথি যদি পোৱা, তেনে হলে অনুগ্ৰহ কৰি পঠিয়াই দিবা। চাৰুপাঠ, চকুন্তলা, কাদম্বৰী, সীতাৰ বনবাস আদি কৰি যি সকলো পুঁথি দিছিলা, তাক তিনি চাৰিবাৰ কৰি পঢ়িছোঁ; নতূন পুথি এনে একো নাই যে পঢ়িম।

 আমি সকলো ভালে আছো; কমলে আপোনাৰ বিষয়ে কিমান বেলি কলে, আপোনাক দেখিবলৈ তাইৰ বড় ইচ্ছা। অধিনীৰ প্ৰণাম জানিবা। ইতি

আপোনাৰ
সৰলা।”

 

নৱম অধ্যায়।

তৃতীয় পত্ৰ।

“প্ৰিয়ত্তমা সৰলা,

 তোমাৰ পত্ৰ পাঠ কৰি যি সন্তোষ পালোঁ, তাতকৈ আৰু নাই, তোমাৰ হাতে লিখা পত্ৰ পোৱা হৈ জীৱনৰ সাৰ্থক যেন বোধ হৈছোঁ। তুমি যে মোলৈ পত্ৰ লিখিবা, আৰু ময় যে সেই পত্ৰ পাঠ কৰিম, এই আশাৰ অতীত বোধ হৈছিল; ইমান দিনৰ মুৰত মোৰ সেই আশা সাম্ফল হল। তুমি ধৰমৰ বিষয়ে বিচাৰ কৰিবৰ আৰু অনন্ত সুখ ভোগ কৰিবলৈ কাৰবাৰী হবৰ বিষয়ে লিখিছিলোঁ, তাক যে তুমি চিন্তা কৰিছা, তোমাৰ পত্ৰ পাঠ কৰি জ্ঞাত হৈ অতিশয় সন্তোষ হলোঁ। তোমাৰ পত্ৰত যি সকলো প্ৰশ্ন কৰিছা, তাৰ উত্তৰ এটী এটীকৈ দিছো।

 ১। তুমি সুধিছা, কোন ধৰ্ম্ম সত্য, তাক কি ৰূপে জানিম? যিহতে [ ২৮ ] এই বিষয়ে জানিব আৰু নিশ্চয় কৰিব পাৰা, সেইএই মোৰ পত্ৰ লিখিবৰ প্ৰয়োজন। ধৰম অনেক, এইবিলাকৰ মধ্যত যিটী সত্য, তাক তোমাক প্ৰমান কৰি দিম, তেনে হলে, বোধ হয়, বিশ্বাস কৰিবলৈ তোমাৰ বাধা নেথাকিব।

 ২। লিখিছা, মৰণৰ পাছে আত্মা যে জীয়াই থাকিব, তাক বুঝিব পৰা নাই৷ দেখা সৰলা, মানুহৰ আত্মা যে অমৰন তাক প্ৰমান কৰা অৱশ্যে সহজ নহয়। তুমি যিহতে বুঝিব পাৰিবা, সেই প্ৰকাৰ প্ৰমান দেখুৱা কিছু কঠিন। এটী উপমা দিওঁ; এই পৃথিবীত আমি এটী আশ্চৰিত ঘটনা সামান্য ৰূপে দেখিবলৈ পাওঁ; দুৰাচাৰ অধৰ্ম্মী লোকবিলাকে প্ৰায় ইয়াতে কৃতাৰ্থ আৰু সন্মান পোৱা হয়, কিন্তু ধৰ্ম্মত চলা সদাচাৰিবিলাকে প্ৰায়েই দুঃখেৰে কাল নিয়াই। যদি এই পৃথিবীতে আমাৰ সকলৰ কাৰ্য্যৰ শেষ হলহেঁতেন, তেনে হলে ঈশ্বৰ যে সত্য, ইয়াক দেখো বিশ্বাস কৰিব নোৱাৰি। দুষ্টক দমন, আৰু সত্তক পালন, এই পৃথিবীত দেখোঁ উত্তমৰূপে সম্ভব নহয়। প্ৰতি মানুহক কাৰ্য্যৰ অনুসাৰে প্ৰতিফল পোৱা দেখা নাই। ইয়াৰ দ্বাৰায় আমাৰ সকলোৱে অনুমান কৰা উচিত যে এই পৃথিবী ধ্বংশ হলে, এই শৰীৰ নষ্ট হলে, নে এক সময় সাক্ষাৎ হব, যেতিয়া প্ৰত্যেক মানুহে আপোন কৰ্ম্মৰ অনুসাৰে উচিত ফল পোৱা হব, এনে এক দিন নিশ্চয়ে সাক্ষাৎ হব, যেতিয়া ন্যায়ৱম্ভ ঈশ্বৰে প্ৰত্যেক মানুহক তাৰ কাৰ্য্য অনুসাৰে পৰম সুখ, নাইবা শাস্তি প্ৰদান কৰিৰ। এই জীৱনে যেতিয়া ইয়াৰ সম্পূৰ্ণ ফল দেখিবলৈ নেপায়, তেতিয়া পাছৰ জীৱনত, অৰ্থাৎ মৰণৰ পাছে অনন্ত কালত যে এইয়ে সম্পূৰ্ণ ৰূপে সিদ্ধি হব, সেইয়ে প্ৰত্যেকৰ অৱশ্যেই বিশ্বাসৰ যোগ্য।

 ৩। তুমি আৰু লেখিছা যে, ঈশ্বৰে কি আজ্ঞা দিছে; কাক নো দিছে; কেতিয়া নো দিছে; তাক নেজানা। ঈশ্বৰ নিৰাকাৰ হৈ কি প্ৰকাৰে আজ্ঞা দিব পাৰে, তাকো বুঝিব পৰা নাই। ইয়াৰ উত্তৰ পাছে লেখিম। ঈশ্বৰৰ আজ্ঞাবিলাক তোমাক জনোৱা মোৰ প্ৰধান [ ২৯ ] প্ৰয়োজন। যি ঠাইত এই বিষয়ে তোমালৈ লেখা হব, সেই ঠাইত তোমাৰ পূৰ্ব্বে লেখা প্ৰশ্নৰ সমাপন কৰি দিম।

 ৪। প্ৰাৰ্থনাৰ বিষয়ে সুধিছা। প্ৰাৰ্থনা নো কি? আমি ঈশ্বৰৰ আগত যি সকলো অনুগ্ৰহ পোৱা হওঁ, সেই সকলো অনুগ্ৰহৰ নিমিত্তে প্ৰাৰ্থনাৰ দ্বাৰায় আমি ঈশ্বৰৰ ধন্য বাদ কৰোঁ, তেওঁ যে আমাক সকলোকে শ্ৰজন কৰিছে, প্ৰতিপালন কৰিছে ৰক্ষা কৰিছে, অশেষ প্ৰকাৰে আমাক সকলোকে আশীৰ্ব্বাদ কৰিছে, সেই নিমিত্তে আমি প্ৰাৰ্থনাৰ দ্বাৰায় ধন্যবাদ কৰোঁ। প্ৰাৰ্থনাৰ দ্বাৰায় আমাৰ সকলৰ সকলো অভাও তেওঁক জনাওঁ, আমাৰ সকলৰ যি কিছু আৱশ্যক তাক মাগন কৰোঁ; প্ৰাৰ্থনাৰ প্ৰধান প্ৰয়োজন এই। ঈশ্বৰে সৈতে কথোপকথন কৰাই প্ৰাৰ্থনা। পুত্ৰই যেনেকৈ পিতৃৰ ওচৰলৈ গৈ, তাৰ শোক, দুঃখ, অপৰাধ আদি নিবেদন কৰে, যি প্ৰয়োজনীয়, তাক মাগন কৰে; সেই প্ৰকা্ৰে আমিও আমাৰ সকলৰ স্বৰগত থকা পিতৃৰ আগত সাক্ষাৎ হৈ নম্ৰ মনেৰে আমাৰ সকলৰ নিবেদন জনাওঁ। যীশু খ্ৰীষ্টৰ নাম শুনিছা, তেওঁৰ শিষ্য বিলাকক তেওঁ যি প্ৰাৰ্থনা শিক্ষা দিছিল, সেইয়ে সকলো প্ৰাৰ্থনাৰ আৰ্হি স্বৰূপ। যি ধৰ্ম্ম পুথি পঠিয়াইছোঁ, তাৰে মাথিএ লিখা শুভযাত্ৰাৰ ৬ অধ্যাৰ ৯ পদৰ পৰা ১৩ পদলৈকে পাঠ কৰিলে, প্ৰাৰ্থনাৰ বিষয়ে বুঝিব পাৰিবা।

দশম অধ্যায়।

চতুৰ্থ পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 দেখা, যিৰূপে ছুৰি বা ঘড়ি দেখিলেই অনুমান হয়, যে কোনোবাই তাক প্ৰস্তুত কৰিছে, সেই ৰূপে যেতিয়া এই পৃথিবী আৰু তাৰ মাঝত থকা সকলোঁ বস্তু দেখোঁ তেতিয়া আমাৰ সকলৰ মনত আহে নহয় নে যে, ইয়াৰো এজনা স্ৰঞ্জন কৰ্ত্তা আছে? আপোনা আপুনি ই কেতিয়াও [ ৩০ ] এনেই হোৱা নাই। অৱশ্যে এজনা সৃষ্টিকৰ্ত্তা আছে; তেওঁকেই আমি ঈশ্বৰ বোলোঁ। তেৱেই তোমাকো, মোকো স্ৰজন কৰিছে, পৃথিবী আৰু পৃথিবীত থকা সকলো বস্তুকে তেৱেই স্ৰজিলে। ঈশ্বৰ যে আছে, তাক তুমি অৱশ্যেই মানা। কিন্তু তুমি যিবিলাকক ঈশ্বৰ বোলা, সেই বিলাক জানো স্বৰূপ ঈশ্বৰ নে? তুমি তিনিশ তেত্ৰিছ কোটি ঈশ্বৰত বিশ্বাস কৰা, ই কি কেতিয়াবা সম্ভও নে? কাঠ, খেৰ, মাটীৰ দ্বাৰা এটী মূৰ্ত্তি নিৰ্মাণ কৰি তাকেই ঈশ্বৰ বুলি পূজা কৰা। সৰলা ভাবি দেখাছোন, স্বৰূপত ই লৰাই ওমলা নহয় নে? যি জনা সৰ্ব্ব শক্তিমান ঈশ্বৰ যি জনাই আপোনাৰ বাক্যৰ শক্তিৰে এই সমুদায় ব্ৰহ্মাণ্ডক স্ৰজন কৰিছে; শিলক বা মাটীকে, গছক নাইবা নদীক তেওঁৰ প্ৰতিমূৰ্ত্তি বুলি পূজা কৰা, তেওঁক বিগতি কৰা নহয় নে? কিন্তু দেখা, তুমি নিতৌ ২ তাকেই কৰি আছা, এটী শিলক সিঁন্দুৰ লিপি ঈশ্বৰ বুলি পূজা কৰা। দেখা, যিমান শীঘ্ৰে পাৰা, ইয়াক পৰিত্যাগ কৰিবা; আমি যাক ঈশ্বৰ বুলি পূজা কৰোঁ, তেওঁ নিৰাকাৰ, তেওঁৰ আদিও নাই, অন্তো নাই; তেওঁ সত্য, দয়ালু পবিত্ৰ ঈশ্বৰ, সৰ্ব্বব্যাপী, সকলোৰে অন্তৰ্যামী, সৰ্ব্বশক্তি ঈশ্বৰ। আমি ফুল দি. বা সিন্দুৰ দি বা নৈবেদ্য দি তেওঁৰ পূজা নকৰোঁ? আমি প্ৰেম, ভক্তিৰে আৰু বিশ্বাসৰ দ্বাৰায় তেওঁৰ পূজা কৰোঁ। আৰু আমি যি কৰোঁ, তাকেই যে কৰা যুক্তিসিদ্ধ আৰু উচিত, এনে অনুমান কৰোঁ, তুমি বুঝিছা। ঈশ্বৰক ফল বা ফুল দি সন্তোষ কৰিব লাগে নে? তেওঁ সেইবিলাক নোখোজে। তেওঁ প্ৰত্যেকৰ মন খোজে; মনৰ ভক্তি খোজে; বিশ্বাস খোজে; তাকে পালেই তেওঁ সন্তোষ। ঈশ্বৰক এই সকলোকে প্ৰদান কৰা কোনো প্ৰকাৰেই কঠিন কৰ্ম্ম নহয়। আমি ইচ্ছা কৰিলে আৰু চেষ্টা কৰিলেই তেওঁ পাব পাৰে। তুমি এই সকলো দি তেওঁৰ পূজা কৰিছানে? অনুমান হয়, কেতিয়াও কৰা নাই। কাৰণ হিন্দু ধৰ্ম্মত এই সকলো দান কৰিবৰ বিষয়ে বিশেষ ৰূপে কোৱা নাই। তোমোলাকৰ ধৰম বাহিৰৰ আৰু লোকক দেখুৱা। তোমোলাকে মনত ভাবা মানুহে সন্তোষ হলেই ধৰম কম হয়, কিন্তু স্বৰূপতে তেনে নহয়। [ ৩১ ] তুমি পূৰ্ব্বৰ পত্ৰত সুধিছিলা, “কোন ধৰ্ম্ম সত্য, তাক কি প্ৰকাৰে জানিম?” পৃথিবীত অনেক প্ৰকাৰ ধৰ্ম্ম আছে, হয়, কিন্তু দেখা সকলো ধৰ্ম্মেই যে সত্য, এনে কেতিয়াও অনুমান হব নোৱাৰে। সেই নিমিত্তে এই সকলো ধৰ্ম্মৰ মাঝত কেৱল এটী ধৰ্ম্ম যে সত্য, তাৰ কোনো স শয় নাই। তেন্তে সেই সত্য ধৰ্ম্ম কোনটো তাক বিচাৰ কৰা আমাৰ সকলৰ বিশেষ ৰূপে উচিত। ময় তিনটী ধৰ্ম্মৰ বিষয়ে তোমালৈ লেখিম, তেনে হলে কোন ধৰ্ম সত্য তাক জানিব পাৰিবা। দেখা, সৰলা, হিন্দু ধৰ্ম্মত যে তোমাৰ দৃঢ় বিশ্বাস নাই, তাক অনেক বেলি তুমি মোত কলা। আৰু যি কিছুমান পঢ়িছা, তাতে যে হিন্দু ধৰ্ম্মত তোমাৰ বিশ্বাস নহব, সেইয়ে আশ্চৰিত নহয়। যি ধৰ্ম্মত চেতন অচেতন পহু, পখী, শিল, কাঠ আদিকে ঈশ্বৰৰ প্ৰতি ৰূপ বুলি পূজা কৰিবলৈ শিক্ষা দিয়ে, কম বুদ্ধিৰ মানুহৰো সেই ধৰ্ম্মত বিশ্বাস হোৱা অনুমান নহয়। আমাৰ নিচিনা তেজ মঙ্গহযুক্ত পাপেৰে পূৰ্ণ শৰীৰ বিশিষ্ট মানুহবিলাকক ঈশ্বৰৰ অৱতাৰ বুলি স্বীকাৰ কৰিবলৈ আৰু সিবিলাকক পূজা কৰিবলৈ যি ধৰ্ম্মে আমাক শিক্ষা দিয়ে, সেই হিন্দু ধৰ্ম্ম কি আমাৰ বিশ্বাসৰ যোগ্য নে? কেতিয়াও নহয়। পুণ্য তীৰ্থৰ স্থান দৰ্শন, বা পবিত্ৰ গঙ্গা নদীৰ জলত স্নান কৰিলে আমাৰ অপৰাধ খেমা হব, আৰু আমি মুক্তি পাম, এই প্ৰকাৰ পৰিহাস্য উপদেশ যি ধৰ্ম্মৰ পৰা পোৱা যায়, সেই হিন্দু ধৰ্মত আমাৰ বিশ্বাস হোৱা কি সম্ভও? ছাগ, মহ বা আন কোনো পহুপক্ষী বলিদান আৰু উৎসৰ্গ কৰি, মানুহে যে তাৰ পাপৰ দণ্ডৰ পৰা মুক্তি পাব, বা কোনো পহুৰ তেজেৰে যে পাপ আচৰা মানুহৰ পাপৰ প্ৰায়শ্চিত্ত হব, এনে ভ্ৰমৰ শিক্ষা যি ধৰ্ম্মে প্ৰদান কৰে, সেই হিন্দু ধৰ্ম্মত সামান্য জ্ঞান বিশিষ্ট মানুহৰ জানো কোনো সময়ত বিশ্বাস হোৱা সম্ভও? হিন্দু ধৰ্ম্ম যে মিছা, হিন্দু ধৰ্ম্ম আশ্ৰয় কৰিলে যে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কেতিয়াও নহব। আমি শুধ আৰু পৰিত্ৰ জীৱন প্ৰবৰ্ত্তন কৰিবলৈ যে কেতিয়াও সমৰ্থ নহম, আৰু অৱশেষত যে অনন্ত সুখ ভোগ কৰিব নোৱাৰিম, কিন্তু তাৎ বাঝে চিৰকালৰ নিমিত্তে যে নৰকৰ যাতনা ভোগ কৰিব লাগিব সেই বিষয়ৰ [ ৩২ ] অধিক প্ৰমাণৰ প্ৰয়োজন নাই, কাৰণ তুমি আপুনিএই তাক বুঝিব পাৰিছা।

তোমাৰ,
শ্ৰীকামিনীকান্ত।

 

একাদশ অধ্যায়।
( সৰলাৰ উত্তৰ )

প্ৰাণৰ অধিক,

 আপোনাৰ তৃতীয় আৰু চত্তৰ্থ পত্ৰ পঢ়ি অতিশয় আনন্দিত হলোঁ। মোৰ পত্ৰৰ উত্তৰত তৃতীয় পত্ৰত যি সকলো বিষয় দেখুৱাই দিছা, তাক মনেৰে সৈতে বাৰম্বাৰ পাঠ কৰিছো, অনেক অংশ বুঝিব পাৰিছোঁ। পৰকাল যে আছে, মৰণ হলে যে সকলো শেষ নহব, এতিয়া তাৰ বিশ্বাস হৈছে। স্বৰূপত যদি এই পৃথিবীত সকলে। অন্ত হয়, তেনে হলে মনুষ্য আৰু পহুত কি বেলেগ, তেন্তে যেতিয়া পৰ জীৱন আছে, তেতিয়া তাৰ কাৰণে যুগুত হোৱা আমাৰ সকলোৰে এতিয়াই উচিত। অনন্ত কালত যিহতে সুখত থাকিব পাৰিম, সেই নিমিত্তে যে পুৰুষাৰ্থ আৰু কাৰবাৰী হবলৈ লেখিছিলা, তাক এতিয়া ভাল ৰূপে বুঝিব পাৰিলোঁ।

 মাসি লিখা শুভবাত্ৰাত যি কিছু প্ৰাৰ্থনা আছে, তাক পঢ়িলোঁ, আৰু হেমাঙ্গীকো পঢ়ালোঁ। তেওঁ নৰেন্দ্ৰ বাবুক এই বিষয়ে সুধিছিল, তেওঁ অনেক কৈছিল, তাকো শুনিলোঁ। অৱশ্যে প্ৰাৰ্থনা কৰা আমাৰ সকলোৰে উচিত। আমিও ছোন ঈশ্ববৰ নাম লৈ প্ৰাৰ্থনা কৰি থাকোঁ; প্ৰভু মোক এইয়া দিয়া বুলি সিওছোন এক প্ৰকাৰ প্ৰাৰ্থনা। যি কি হউক, আপুনি যি প্ৰকাৰে কৈছে আৰু ধৰম পুৰিত যি প্ৰকাৰে উপদেশ পাইছোঁ, এতিয়াৰ পৰা সেই প্ৰকাৰ প্ৰাৰ্থনা কৰিবলৈ স্থিৰ কৰিছোঁ। প্ৰাৰ্থনা কৰিলে ঈশ্বৰে যে অৱশ্যেই শুনিব, তাৰ আৰু সংশয় নাই।

 চত্তৰ্থ পত্ৰত আপুনি দেৱতা পূজা নিন্দা কৰিছা। দেও দেবীক পুজা [ ৩৩ ] আৰু ঈশ্বৰক বিগতি কৰা একেই বুলি কৈছা। ভাবি চাবলৈ গলে এইয়ে যে সত্য, তাক অৱশ্যেই স্বীকাৰ কৰিব লাগে। কিন্তু বিবেচনা কৰোক, আমিছোন দেও দেবীক ঈশ্বৰ বুলি নেমানোঁ। খেৰৰ এটা প্ৰতিমূৰ্ত্তি কৰি তাক যদি ঈশ্বৰ বুলি পূজা কৰা হয়, তেনে হলে ঈশ্বৰক বিগতি কৰা বুলিব পাৰা। দেখোক, ঈশ্বৰ নিৰাকাৰ, যাৰ আকাৰ নাই, তেওঁৰ প্ৰতি প্ৰেম, ভক্তিবিশ্বাস সহজে কৰা নহয়। বিশেষত যিবিলাকৰ জ্ঞান বুদ্ধি নাই, সিবিলাকে এই বিষয়ে বুঝিবও নোৱাৰে। যিহতে সিহঁতে বুঝিব পাৰে সেই নিমিত্তে কোনো প্ৰতিমূৰ্ত্তি সাক্ষাৎ ৰাখি, ঈশ্বৰৰ প্ৰতি বিশ্বাস জন্মোৱা দেৱতা পূজা্ৰ প্ৰয়োজন। সেই প্ৰতিমূৰ্ত্তি দেখি যিহতে সিহঁতে ঈশ্বৰ আছে জানিব পাৰে, তেওঁক প্ৰেম আৰু ভক্তি কৰিব পাৰে, কেৱল সিহঁতক সোঁৱৰণ কৰাই দিবৰ নিমিত্তে এই প্ৰকাৰ দেও দেবীৰ পূজা, বোধ হয় আৰম্ভ হৈছিল। এনে যদি হয়, তেনে হলে কেনেকৈ ইয়াক মন্দ বুলিব পাৰে? যিবিলাকে নিৰাকাৰ ঈশ্বৰক মনত অনুভব কৰিব নোৱাৰে, সিহঁতৰ নিনিত্তে যদি আকাৰ বিশিষ্ট ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি নিৰ্ম্মিত কৰা হয়, তেনে হলে কি দোষ?

আপোনাৰ
সৰলা।

 

দ্বাদশ অধ্যায়।
পঞ্চম পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 তোমাৰ পত্ৰ পাইছো। ময় অনন্ত জীৱনৰ আৰু প্ৰাৰ্থনাৰ বিষয়ে যি লিখিছিলোঁ, তাক যে কিছু অংশ বুঝিছা, ইয়াতে অতিশয় সন্তোষ পাইছোঁ।  ধৰ্ম্ম পুথিৰ পৰা প্ৰাৰ্থনাৰ সম্বন্ধে যি পাঠ কৰিছা, সেইয়ে অতিশয় প্ৰশংসাৰ বিষয়, সংশয় নাই। তুমি লেখিছা, আমিও- ছোন প্ৰাৰ্থনা কৰি থাকোঁ। স্বৰূপ কিন্তু সেইয়ে জানো সত্য বা [ ৩৪ ] উচিত প্ৰাৰ্থনা? ধৰ্ম্ম পুথিত যি যি পাঠ কৰিছা, তাৰ পৰাই দেখো জানিব পাৰা যে, তোমোলাকব প্ৰাৰ্থনা গ্ৰাহ্য নহয়। ৰাম, কৃষ্ণ, দুৰ্গী বা আন কোনো দেও দেবীৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰাই প্ৰাৰ্থনা হয় নে? কেতিয়াও নহয়। আৰু কোনো মিছা দেৱতাৰ আগত প্ৰাৰ্থনা কৰাই ঈশ্বৰৰ উদ্দেশে প্ৰাৰ্থনা বুলি গ্ৰাহ্য হব পাৰেনে? দেও পূজা কৰাত যে দোষ নহয়, তুমি দেখুৱাবলৈ চেষ্টা কৰিছা, নিৰাকাৰ ঈশ্বৰক সোঁৱৰণ কৰিবৰ নিমিত্তে দেও দেবী ৰূপে তেওঁৰ আকাৰ দিয়াত দোষ নাই বিবেচনা কৰা। তোমাক এটী কথা সোধোঁ, ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি কৰা উচিত নে? মাটীৰে বা খেৰেৰে তেওঁৰ প্ৰতিমূৰ্ত্তি নিৰ্ম্মাণ কৰাত জানো তেওঁক বিগতি কৰা নহয় নে? এটী সামান্য দৃষ্টান্ত দিওঁ, বিবেচনা কৰা; কোনো পিতৃয়ে তেওঁৰ সন্তানক এৰি দূৰ দেশলৈ গৈছিল। অনেক দিন সেই সন্তানে তাৰ পিতৃক দেখা নাই, তেওঁৰ মুখ কেনেকুৱা আকাৰ বিস্মৰণ হৈছে, অনেক সময়ত পিতৃক সোঁৱৰণ কৰা তাৰ পক্ষে কঠিন হৈ উঠে।—এনে সময়ত যদি সেই সন্তানে বান্দৰ বা আন কোনো পহুৰ প্ৰতিমূৰ্তি নিৰ্মান কৰি তাকে তাৰ পিতৃৰ প্ৰতিমূৰ্তি বুলি সোঁৱৰণ কৰে, তেনে হলে সেই সন্তানৰ ব্যৱহাৰ কি প্ৰকাৰ বুলিবা? তাৰ পিতৃয়ে তাৰ ওপৰত ক্ৰোধ নহব নে, আৰু মানুহে তাক নিন্দা নকৰিব নে? দেখা, দেও পূজকবিলাকৰ ব্যৱহাৰ এই প্ৰকাৰ। আৰু দেখা, এই সকলো দেও দেবী যে ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি মাথোন, তেনেকৈ দেখো, তোমোলাকে নোকোৱা। সেই বিলাকত যে ঈশ্বৰৰ গুণ আছে, তাকো তোমোলাকে বিশ্বাস কৰা। ৰোগ দূৰ কৰিব, আশীৰ্ব্বাদ প্ৰদান কৰিব, বা আন কোনো মঙ্গল সিদ্ধি কৰিবৰ যে সেই সকলো শীল বা মাটীৰ নিৰ্ম্মিত প্ৰতিমূৰ্ত্তিৰ শক্তি আছে, তাকো তোমোলাকে বিশ্বাস কৰা। এইবিলাকত বাহিৰেও হিন্দু ধৰ্ম্মত অনেক বিষয় আছে, যিহৰ কাৰণে কোনো প্ৰকাৰেই তাত বিশ্বাসৰ যোগ্য নহয়। পাপৰ প্ৰায়শ্চিত্তৰ সম্বন্ধে যি সকলো [ ৩৫ ] উপায় হিন্দু ধৰ্ম্মত নিৰূপণ কৰা হৈছে, সেইয়ে এক নিমিসৰ কাৰনেও মনে নধৰে। ব্ৰাহ্মণবিলাকক অৰ্থদান, গঙ্গা নদীত শ্নান পুন্যতীৰ্ঘ দৰ্শন, বিশেষ বিশেষ দিনত বিশেষ ২ উপবাস বা বিশেষ ২ সামগ্ৰী ভোজন, এই বিলাক আদি কৰি যি সকলো লৰাৰ সদৃশ উপায় পোৱা হৈছে, সেইয়ে হাঁহিয়াতৰ কথা হয়। তুমি ভাবি চোৱাছোন, যি সকলো উপায় ওপৰে লেখা হৈছে, সেই সকলো উপায়ত আশ্ৰয় কৰিলে, ঈশ্বৰৰ বিপৰীতে যি সকলো পাপ কৰিছোঁ, সেই সকলো পাপৰ প্ৰায়শ্চিত্ত কোনো ৰূপে হব পাৰে নে? বিশেষ ৰূপে বিবেচনা কৰি চালে, তুমিও অৱশ্যেই স্বীকাৰ কৰিব লাগে যে, কেতিয়াও হব নোৱাৰে।

সদায় মঙ্গল বাঞ্চক
 শ্ৰীকামিনীকান্ত।

ত্ৰয়োদশ অধ্যায়।
ষষ্ঠ পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 হিন্দুধৰ্ম্মত যে পৰিত্ৰাণৰ আশা নাই, পাপৰ প্ৰায়শ্চিত্তৰ সম্বন্ধে যি সকলো উপায় পোৱা হৈছে, সেইয়ে যে অমূলক তাৰ বিষয়ে কিছুমান তোমালৈ লেখিছোঁ। অধিক লেখিবৰ আৱশ্যক নেদেখিলোঁ, কাৰণ হিন্দু ধৰ্ম্মত তোমাৰ সিমানলৈ বিশ্বাস নাই। যি সকলো বিষয় লেখিছোঁ, তাৰ দ্বাৰাই হিন্দু ধৰ্ম যে অসত্য, তেনে যদি তোমাৰ বিশ্বাস হয়, তেনে হলে আৰু অধিক প্ৰমাণৰ প্ৰয়োজন কি? তেন্তে এতিয়াও হিন্দু ধৰ্ম্ম যে অসত্য, তাক যদি বুঝিব পৰা নাই, তেনেহলে উত্তৰত লেখিবা, প্ৰয়োজনায় প্ৰমাণ আৰুও দেখাম

 এই পত্ৰত আৰু এটা ধৰ্ম্মৰ বিষয় লেখিছোঁ, হিন্দু ধৰ্ম্মৰ বাহিৰেও আজি কালি ব্ৰহ্ম ধৰ্ম্মৰ বিষয়ে শুনিছা। নতুন বুলি সেইয়ে অনেকৰ [ ৩৬ ] মন আকৰ্ষণ কৰিছে। তুমি এই ধৰ্ম্মৰ বিষয়ে অধিক শুনিছা নে নাই, তাক নেজানোঁ। কিছুমান শুনিটা; সংশয় নাই। তোমোলাকৰ গাঁৱৰ অনেকেই ব্ৰহ্ম বুলি পৰিচয় দি আছে, জানো সম্প্ৰতি আৰু এটী ব্ৰহ্ম সভা স্থাপিত হৈছে শুনিছোঁ। যিকি নহউক, দেখা, ধৰ্ম্ম ঈশ্বৰে দিয়া। কিন্তু ব্ৰহ্ম ধৰ্ম্ম স্বৰূপত ধৰ্ম্মৰ মাঝত গণিত হব নোৱাৰে। কেশৰবাবুৰ নাম শুনিছা হলো। ব্ৰহ্ম ধৰ্ম্ম হুবুলি যদি কেশব বাবুৰ ধৰ্ম্ম বুলি কোৱা, তেনে হলে বড় ভ্ৰম নহয়। আমি যেতিয়া স্থূলত পঢ়িবৰ আৰম্ভ কৰোঁ, তেতিয়া ব্ৰহ্ম ধৰ্ম্মৰ এক ভাৱ দেখিছিলোঁ, আকও এতিয়া সেই ধৰ্ম্মৰ আৰু এক ভাব। কিমান পৰিবৰ্ত্তন যে হৈছে, কব নোৱাৰোঁ। ৰাজা ৰামমোহন ৰায়, যি জন এই ধৰ্ম্মৰ সৃষ্টিকৰ্তা, তেওঁ এক প্ৰকাৰ ব্ৰহ্মৰ ৰীতি প্ৰচাৰ কৰি গল, কিন্তু তেওঁৰ অনুচৰ- বিলাকে আৰু এক প্ৰকাৰ ব্ৰহ্মৰ ৰীতি প্ৰচাৰ কৰে। তাৰ পাছে কেশব বাবুএ সেই ৰীতি পৰিপক্ক কৰি নতুন ভাৱে প্ৰচাৰ কৰিছে। আকও আজি কালিব ব্ৰহ্মবিলাকৰ মাঝত দুই দল। দেখা, সৰলা, যি ধৰ্ম্ম সত্য, সেইয়ে ঈশ্বৰে দিয়া। তাৰ পৰিবৰ্ত্তন কেতিয়াও নহয়৷ ঈশ্বৰৰ পৰা মনুষ্যে যি ৰূপে তাক পায়, যুগে যুগে সি সেই ৰূপেই থাকে। ঈশ্বৰৰ বাক্য এক সময়ত এক প্ৰকাৰ আন সময়ও আন প্ৰকাৰ কেতিয়াও হব নোৱাৰে। তেন্তে কেশব বাবুৰ ব্ৰহ্ম ধৰ্ম্ম কি? ইয়াক সকলো ধৰ্ম্মৰ পৰা বাচি তেওঁৰ মনত যি উত্তম বোধ হৈছে, তাকেই তেওঁ এক ঠাইত একত্ৰ কৰি ব্ৰহ্ম ধৰ্ম্ম বুলি প্ৰচাৰ কৰি থাকে। ধৰ্ম্মৰ বিষয়ে এই প্ৰকাৰ আচৰণ কেনে হাঁহিয়াত, তাক সুগম ৰূপে বুঝিব পাৰা। কেশব বাবুৰ ৰীতিয়ে যিহে উত্তম বোধ হল, সেইয়ে তেওঁৰ অনুচৰবিলাকৰ পক্ষে সত্য ধৰ্ম! ইয়াক শুনিলে কোনে নো নেহাঁহিব? ইয়াকে কি কোনো প্ৰকাৰে তুমি ধৰ্ম্ম বুলি স্বীকাৰ কৰিব পাৰা? আকও ইহঁতৰ মতে পাপৰ কাৰণে যে আমাৰ সকলোৰে অনন্ত দুঃখ ভোগ কৰিব লাগিব, সেইয়ে যুক্তিসিদ্ধ নহয় বোলে। ইহঁতে কয়, ঈশ্বৰ আমাৰ সকলৰ দয়াময় পিতৃ। তেওঁৰ সন্তান [ ৩৭ ] বিলাকে যে অনন্ত দুঃখ ভোগ কৰিব, তাক তেওঁ দেখিব নোৱাৰে; মানুহবিলাকে আপোন। সকলৰ পাপৰ প্ৰায়শ্চিত্ত আপোনাহঁতেই কৰে। অনুতাপ আৰু তাৰ পাছে কিছুমান দণ্ড ভোগ কৰিলেই পাপৰ প্ৰায়শ্চিত্ত হল। কিন্তু সৰলা, দেখা, ঈশ্বৰ স্বৰূপতে আমাৰ সকলৰ দয়াময় পিতৃ, কিন্তু তেওঁ আকও আমাৰ সকলৰ ন্যায় বিচাৰ কৰ্ত্তা। আমি তেওঁৰ বিৰোদ্ধে পাপ কৰিছো, তেওঁৰ আজ্ঞা লংঘণ কৰিছোঁ। সেই নিমিত্তে আমি তেওঁৰ দণ্ডৰ পাত্ৰ হৈছোঁ; তেওঁ ন্যায় বিচাৰ কৰ্ত্তা বুলিও তেওঁৱে আমি সকলোকে সমুচিতদণ্ড দিব লাগে। যেতিয়ালৈকে সেই পাপৰ সমুচিত দণ্ড নহয়, তেতিয়া- লৈকে তেওঁ আমি সকলোকে কেতিয়াও নেৰিব। কিন্তু ব্ৰহ্মবিলাকৰ মতে পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো প্ৰকাৰে আশা কৰিব পৰা নেযায়; এই বিষয়ে আৰু এক পত্ৰত বিশেষকৈ লিখিম। যি লিখিছো, এই সম্বন্ধে যদি কিছু সংশয় থাকে, তেনেহলে উত্তৰত লিখিবা, যিমানলৈ পাৰো বুঝাই দিম।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।

চতুৰ্দশ অধ্যায়।
সপ্তম পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 দুই সপ্তাহ গল, তথাপি তোমাৰ পৰা কোনো পত্ৰকে পোৱা নাই; কাৰণ কি, একোকেই বুঝিব পৰা নাই। প্ৰতি সপ্তাহে লিখিম বুলি অঙ্গীকাৰ কৰিছা, কিন্তু দুই সপ্তাহ নিলিখিলা কিয়? শৰীৰ অসুখ, আছে, সংশয় হৈছে। যি হউক, পত্ৰ পোৱা মাত্ৰেই কেনে আছা, লিখি চিন্তা দূৰ কৰিবা। দেখা সৰলা, হিন্দু আৰু ব্ৰহ্ম ধৰ্ম্মৰ বিষয়ে যি কিছুমান তোমালৈ লিখিছোঁ, এই দুইতো বিশ্বাস কৰিলে [ ৩৮ ] যে পাপৰ প্ৰায়শ্চিত হব নোৱাৰে পাপী মানুহে পৰিত্ৰাণ পাবও নোৱাৰে, তাক তুমি যিমানলৈ বুঝিব পাৰিবা, তাক দেখুৱাই দিছো। অৱশেষত আৰু এটী ধৰ্ম্মৰ বিষয়ে তোমাত কম আৰু সেই ধৰ্ম্মই যে কেৱল সত্য, তাকে তোমাক উত্তম ৰূপে প্ৰমাণ কৰি দিম। তুমি খ্ৰীষ্টৰ ধৰ্ম্মৰ বিষয়ে শুনিছা; সেই ধৰ্ম্মৰ বিষয়ে এতিয়া তোমাত কিছুমান কওঁ। যি ঈশ্বৰৰ বিষয়ে পূৰ্ব্বৰ পত্ৰত তোমালৈ লিখিছিলোঁ, সেই ঈশ্বৰে এই পৃথিবী সৃষ্টি কৰি পাছে প্ৰথম নব আৰু নাৰীক স্ৰজন কৰিলে। সেই নব মনুষ্য জাতিৰ আদি পিতৃৰ নাম আদম; আৰু সেই নাৰী মনুষ্য জাতিৰ আদি মাতৃ, তেওঁৰ নাম হৱা। সিবিলাকক ঈশ্বৰে আপোনাৰ প্ৰতিমূৰ্ত্তিৰে, অৰ্থাৎ পবিত্ৰ কৰি সৃষ্টি কৰিলে। সিবিলাকক পৰীক্ষা চাবৰ নিমিত্তে, আৰু সিবিলাকে তেওঁৰ শ্ৰুতি বাধ্য থাকে নে নেথাকে, ইয়াক দেখিবৰ কাৰণে ঈশ্বৰে সিবিলাকক এখন বাড়িত ৰাখি কোনো বিশেষ বৃক্ষৰ ফল ভোজন কৰিবলৈ নিষেধ কৰিলে। সেই গুটীত যে কিছু বেয়া আছিল, তেনে নহয়; এই তুচ্ছ বিষয়ে সিবিলাকে ঈশ্বৰৰ আজ্ঞা পালন কৰে নে নকৰে, ইয়াক ছবিৰ নিমিত্তে তেওঁ সিবিলাকক এই আজ্ঞা দিছিল। ঈশ্বৰে কৈছিল, যদি তোমোলাকে মোৰ অবাধ্য হৈ মোৰ আজ্ঞা উলংঘণ কৰি এই নিষেধ কৰা বৃক্ষৰ ফল ভোজন কৰা, তেনে হলে তোমোলাক অৱশ্যেই মৰিবা। যেতিয়া সিবিলাকৰ সৃষ্টি হৈছিল, তেতিয়া অমৰণ হৈ স্ৰজা হৈছিল। সিবিলাকে যদি বাধ্য হৈ থাকিলেহেঁতেন, তেতিয়া হলে সেই প্ৰকাৰ পবিত্ৰ হৈ থাকিলেহেঁতেন; তেতিয়া হলে মৃত্যুত্ৰ সিবিলাকৰ ওচৰলৈ আহিব নোৱাৰিলেহেঁতেন। কিন্তু দুঃখৰ বিষয় এই যে, আমাৰ সকলৰ আদি পিতৃ মাতৃএ ঈশ্বৰৰ এই খুদ্ৰ আজ্ঞা পালন নকৰিলে, সিবিলাকে সেই নিষেধ কৰা ফল ভোজন কৰি ঈশ্বৰৰ বিৰোদ্ধে পাপ কৰিলে, সেই কাৰণে তেওঁৰ ক্ৰোধৰ আৰু দণ্ডৰ পাত্ৰ হল। সেই ন্যায়ৱন্ত সত্যবাদী ঈশ্বৰে কৈছিলে যে, তোমোলাকে মোৰ আজ্ঞা লংঘণ [ ৩৯ ] কৰিলে অনন্ত মৃত্যু ভোগ কৰিবা। পাছে সিবিলাকে সেই আজ্ঞা উলংঘণ কৰিলে; এই নিমিত্তে অনন্ত মৃত্যুৰ যোগ্য পাত্ৰও হল। কিন্তু দেখা, তেওঁ যে কেৱল ন্যায়ৱন্ত ঈশ্বৰ, তেনে নহয়, তেওঁ সিবিলাকৰ কৰুণাময় পিতৃও। তেওঁৰ নতুন সৃষ্টিৰ নৰ নাৰীএ তেওঁৰ বিৰোদ্ধে পাপ কৰি অনন্ত মৃত্যুৰ অধীন হল দেখি, তেওঁৰ হৃদয়ত দুঃখৰ আৰম্ভ হল। সিবিলাকে পবিত্ৰ গুণ হেৰুৱাই, চিৰকালে দুঃখেৰে কাল নিয়াব লাগিব, ইয়াকে কি তেওঁ দয়াৰে পূৰ্ণ থকা অন্তঃকৰণত কোনো প্ৰকাৰে সহিব পাৰে নে? কিন্তু তেওঁৱে আৰু তেওঁৰ ন্যায় প্ৰীতি গুণেৰে সত্যক ৰক্ষা কৰিব লাগে। আপোন বাক্যানুসাৰে সিবিলাকক দণ্ড দিব লাগিব; অথচ তেওঁৰ দয়া গুণেৰে, সিবিলাকক ৰক্ষাও কৰিব লাগিব। পাপীষ্ঠ মানুহ জাতিৰ মুক্তিৰ নিমিত্তে সেই পৰম আত্মা পৰম ঈশ্বৰে যি অনিৰ্বচনীয় আশ্চৰিত দয়া প্ৰকাশ কৰিলে, আৰু যি উপায় স্থিৰ কৰি দিলে, তাক পাছৰ পত্ৰত বাহুল্য কৰি লিখিম। দেখা, যি ঈশ্বৰৰ বিৰোদ্ধে আদম হৱায় পাপ কৰি সমস্ত নৰ কুলক পাপৰ কলঙ্কত মগ্ন কৰিলে, সেই ঈশ্বৰে সিবিলাকৰ ওপৰত সৰ্ব্বদায় ক্ৰোধ নহৈ, সিবিলাকৰ একেবাৰে নষ্ট নকৰি, উদ্ধাৰ কৰিবৰ নিমিত্তে আপুনিএই এক উপায় কৰি দিলে। সেই ঈশ্বৰক জানো আমি সকলোএ প্ৰেম কৰা উচিত নহয় নে? আমি ক্ৰোধৰ পাত্ৰ, দণ্ডৰ যোগ্য হলেও যি ঈশ্বৰে আমি সকলোকে সমুচিত দণ্ড নিৰ্দি, অনন্ত বিনাশৰ পৰা ৰক্ষা কৰিলে, সেই ঈশ্বৰক উপাসনা কৰা তেওঁৰ আজ্ঞা অনুসাৰে কৰ্ম্ম কৰা, তেওঁ যিহতে সন্তোষ থাকে, তাকেই সদা সৰ্ব্বদায় কৰা জানো আমাৰ সকলৰ অতিশয় উচিত নহয় নে? আমি অযোগ্য হলেও যি জনাই আমাৰ সকলোকে প্ৰথমে প্ৰেম কৰিলে, তেওঁক প্ৰেম কৰা কি আমাৰ সকলৰ উচিত নহয় নে? সৰলা, সেই নিমিত্তে কৈছো, সেই ঈশ্বৰত প্ৰেম কৰিবলৈ চেষ্টা কৰা। তেওঁ যিহতে সন্তোষ থাকে, তাকেই কৰিবলৈ পৰিশ্ৰমী হোৱা। তেওঁৰ [ ৪০ ] ক্ৰোধৰ পাত্ৰ যিহতে নোহোৱা তাকেই কৰা। দেখা, আমি সাধাৰণ ৰূপে দেখিবলৈ পাওঁ, পিতৃৰ দয়ালু পুত্ৰ বা কন্যায় পিতৃ মাতৃক সন্তোষ ৰাখিবলৈ কিমান যতন কৰে, সিবিলাকে যি আজ্ঞা কৰে, তাকেই পালন কৰিবলৈ কিমান চেষ্টা কৰে, সিবিলাকৰ মনত কোনো কাৰণেই দুঃখ দিবলৈ নোখোজে। প্ৰফুল্ল চিত্তে, আনন্দেৰে, সিবিলাকৰ আজ্ঞা সকলো পালন কৰে। তেন্তে যদ্যপি আমাৰ সকলৰ পৃথিবীৰ পিতৃ মাতৃবিলাকক সন্তোষ কৰিবলৈ আমাৰ সকলৰ ইমান যতন, ইমান চেষ্টা, সিবিলাকৰ আজ্ঞা পালিবলৈ অত্যন্ত বাঞ্চা, সিবিলাকক প্ৰেম কৰা আমাৰ সকলৰ জীৱনৰ এক মাত্ৰ প্ৰয়োজন। তেনে হলে আমাৰ সকলৰ পৰম পিতৃ পৰম ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ আমি কিয়নো চেষ্টা নকৰিম? তেওঁক সন্তোষ ৰাখিবলৈ কিয় নো যতন নকৰিম?

সদীয় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।

(সৰলাৰ উত্তৰ।)

প্ৰাণৰ অধিক,

 আজি পুৱাই আপোনাৰ পত্ৰ পালোঁ, পাই এই উত্তৰ লিখিছোঁ। দুই সপ্তাহ আপোনালৈ পত্ৰ আদি লিখা নাই বুলি আপুনি যে অতিশয় ভাবনীত আছা, পাঠ কৰি বড় দুঃখী হলোঁ। আপোনাৰ চিন্তা কৰিবৰ নিমিত্তে পত্ৰ পোৱা মাত্ৰকে উত্তৰ পঠাইছোঁ। আপোনালৈ যে পত্ৰ লিখিবলৈ পৰা নাই, তাৰ কোনো বিশেষ কাৰণ নাছিল, নৰিয়া আদি একো হোৱা নাই। কি নো লিখিম, একোকেই স্থিৰ কৰিব পৰা নাই, সেই কাৰণেই পত্ৰ আদি লিখা নাই। দোষ খেমা কৰিবা, অধিক আৰু কি কম।

 আপোনাৰ তিনিও খনি পত্ৰ আদিৰ পৰা অন্তলৈকে পাঠ কৰিছোঁ; দেৱতা পূজাৰ সম্বন্ধে যি কৈছা, তাক বুঝিলোঁ। কোনো সৃষ্টি বস্তুৰ [ ৪১ ] দ্বাৰায় যি সৰ্ব্বশক্তিমান পবিত্ৰ ঈশ্বৰৰ প্ৰতিমূৰ্ত্তি নিৰ্ম্মিত হব নোৱাৰে, সেইয়ে বিশ্বাস হৈছে। যদ্যপি কোনো প্ৰতিমূৰ্ত্তিৰ দ্বাৰায় তেওঁৰ সেৱা কৰা যায়, তেনেহলে যে তাৰ দ্বাৰায় আমি তেওঁক বিগতি আৰু অপমানো কৰোঁ, তাক অৱশ্যেই স্বীকাৰ কৰিব লাগে। ঈশ্বৰ পৰিত্ৰ, তেওঁক পবিত্ৰ ভাৱে প্ৰেম আৰু ভক্তিয়েৰে সেৱা কৰা সকলো প্ৰকাৰে উচিত।

 পঞ্চম পত্ৰত আপুনি ব্ৰহ্ম ধৰ্ম্মৰ বিষয়ে লিখিছা। কিন্তু দুঃখৰ বিষয়, ময় ব্ৰহ্মধৰ্ম্মৰ অৰ্থে একো নেজানোঁ। আমাৰ গাৱঁত এটী ব্ৰহ্ম সভা হৈছে, শুনিছোঁ। কোনো কোনোএ আপোনা সকলক ব্ৰহ্ম বুলি পৰিচয় দিয়ে কিন্তু ব্ৰহ্ম ধৰ্ম্ম নো কি, তাক স্বৰূপতে একো নেজানোঁ। ধৰ্ম্মৰ ইয়াকে মাথোন বুঝিব পাৰোঁ যে ইয়াক আশ্ৰয় কৰিবৰ হলে ক্লেশ স্বীকাৰ কৰিব নেলাগে। দেখোক, আপুনি খ্ৰীষ্ট ধৰ্ম্ম আশ্ৰয় কৰিছা; সেই কাৰণে আপোনাৰ পিতৃ, মাতৃ, ভাই, বন্ধু সকলোকেই পৰিত্যাগ কৰা হৈছে৷ এইৰূপ কি, সিবিলাকে সৈতে সাক্ষাৎ হবলৈকে৷ বিষম হৈ পৰিল। কিন্তু দেখোক, যিবিলাকে ব্ৰহ্ম ধৰ্ম্ম আশ্ৰয় কৰে, সিবিলাকে ঘৰতেই থাকে; কোনেও সিবিলাকক ঘ্ৰিণা বা নিন্দা নকৰে। সিবিলাকে আপোন ইচ্ছা মতে খোৱা পিয়া কৰে। হিন্দুবিলাকৰ লগত হিন্দুৰ সমাজত আৰু হিন্দুৰ পূজাত, খোৱা আদিত হিন্দুৰ লগত আৰু আকও ব্ৰহ্মবিলাকৰ লগত ব্ৰহ্ম সমাজত ব্ৰহ্ম বুলি গন্য হয়। ডিঙ্গিত পৈঁতাও লগোৱা থাকে, সময় মতে ব্ৰহ্ম বা ব্ৰাহ্মণ বুলি পৰিচয় দিয়ে। সেই কাৰণে কলোঁ, ব্ৰহ্ম হোৱা কঠিন নহয়। হিন্দু ধৰ্ম্মত অবিশ্বাস, অথচ ইংৰাজিবিলাকৰ সদৃশ স্বাধীন হবলৈ খোজে। ঘৰত থাকিব, অথচ যি ইচ্ছা তাকেই ভোজন পান কৰিবলৈ পাব; এই নিমিত্তে অনুমান হয়, অনেকেই ব্ৰহ্ম। যদি হিন্দু ধৰ্ম্মত অবিশ্বাস জন্মে, তেন্তে পৈঁতা পিন্ধিৱৰ আৱশ্যক কি? হিন্দু সমাজত হিন্দুৰ উপাসনায় হৰ্ষ আনন্দ কৰিবৰ প্ৰয়োজন কি?

 সপ্তম পত্ৰত যি বিষয় লিখিছা, তাক আপুনি লিখিবৰ পূৰ্ব্বে ময় পাঠ [ ৪২ ] কৰিছিলোঁ। এদিনা ধৰম পুথি লৈ পাঠ কৰিছোঁ, ভাবিলোঁ, ইয়াৰ প্ৰথমত কি লিখা আছে পঢ়িম। তাতেই আৰম্ভনত প্ৰথম আৰু দ্বিতীয় আধ্যা পঢ়ি পেলালোঁ। উত্তম ইতিহাসৰ সদৃশ বোধ হবলৈ ধৰিলে, ক্ৰমে পঢ়িবলৈ ধৰিলোঁ। এনে ৰূপে অনেক দূৰলৈ পঢ়ি পেলালোঁ, কিন্তু নাম- বিলাক মনত ৰাখিব নোৱাৰিলোঁ। ঈশ্বৰে ছয় দিনত কি প্ৰকাৰ কৰি পৃথিবীক স্ৰঞ্জন কৰিলে, আদম আৰু হৱাক কি ৰূপে স্ৰজিলে, সিবিলাকে কি ৰূপ বাড়িত আছিল, সেই ঠাইতে ঈশ্বৰৰ আজ্ঞা লংঘণ কৰিলে, তেওঁ সিবিলাকক সাও দিলে। ঈশ্বৰে সিবিলাকক পবিত্ৰ কৰি স্ৰজিলে, কিন্তু সিবিলাকে তেওঁৰ বিৰোদ্ধে পাপ কৰি তেওঁৰ ক্ৰোধৰ পাত্ৰ হল, সিবিলাকে মৃত্যু ভোগ কৰিব লগা হল। এই সকলো বিষয়ে অতিশয় হাবিয়াহ কৰি ময় আৰু হেমাঙ্গী দুয়ো পাঠ কৰিলোঁ। কলে বিশ্বাস নকৰিবা, কিন্তু যেতিয়া আৰম্ভ কৰিলোঁ, তেতিয়া তিনি অধ্যায় শেষ নকৰি উঠিব নোৱাৰিলোঁ। যিমান কৈ পঢ়িবলৈ ধৰিলোঁ, সিমানকৈ পঢ়িবৰ ইচ্ছা বাঢ়িবলৈ ধৰিলে।

 এটা বিষয় অতিশয় আশ্চবিত দেখিলোঁ। ঈশ্বৰ আমাৰ সকলৰ দয়াময় পিতৃ, তেওঁৰ বিশেষ পৰিচয় এই ঠাইত পোৱা যায়। আদম আৰু হৱাই তেওঁৰ বিৰোন্ধে পাপ কৰিলে, তেওঁৰ আদেশ লংঘণ কৰিলে, তথাপি তেওঁ সিবিলাকক নষ্ট নকৰিলে। ইচ্ছা কৰিলেই তেওঁ একেবাৰে সিবিলাক বিনাশ কৰিব পাৰিলেহেঁতেন, কিন্তু তাক নকৰি তেওঁ সিবিলাকৰ প্ৰতি দয়া প্ৰকাশ কৰিলে। সিবিলাকে যিহতে ৰক্ষা পায়, সেই ৰূপ এক উপায় স্থিৰ কৰি দিলে৷ ইয়াতকৈয়ো অনুগ্ৰহৰ দৃষ্টান্ত আৰু কত দেখিবলৈ পোৱা যায়।

 কিন্তু দেখোক, এটী বিষয় বুঝিব পৰা নাই; তাক আপোনালৈ লিখিছোঁ। ঈশ্বৰ সৰ্ব্বজ্ঞানী, তেওঁ অৱশ্যেই জানিছিল যে আদম হৱাই তেওঁৰ আজ্ঞা পালন নকৰিব তেন্তে তাক জানি তেওঁ কিয় সিবিলাকক স্ৰজিলে? ঈশ্বৰে যদি জানিছিল যে, সিবিলাক সৃষ্টি কৰিলে এই প্ৰকাৰ দুৰৱস্থাত পতিত হব, তেন্তে তেওঁ দয়ালু ঈশ্বৰ হৈ কিয় সিবিলাকক স্ৰজি [ ৪৩ ] এই ৰূপ দুৰ্দ্দশা গ্ৰস্থ কৰিলে? সিবিলাকক সৃষ্টি নকৰাই তেওঁৰ পক্ষে ভাল আছিল।

আপোনাৰ
শ্ৰীমতী সৰলা।

পঞ্চদশ অধ্যায়।
অষ্টম পত্ৰ।

প্ৰিয়ত্তমা সৰলা,

 তুমি যে ইমান শীঘ্ৰে উত্তৰ পঠাইছা, দেখি অতিশয় সন্তোষ হলোঁ। তোমাৰ পত্ৰ নিলিখিবৰ কাৰণ জানি চিন্তা দূৰ হল। নৰীয়া যে হোৱা নাই এয়ে ভাল। লিখিবৰ কিছু থাকোক বা নেথাকোক, কেনে থাকা, এই বাত্ৰা পঠায় মনক নিচিন্ত কৰিবা। দেখা সৰলা, যি জনক দেখা পোৱা নেযায় তাৰ ওচৰৰ পৰা যদি সদাসৰ্ব্বদায় পত্ৰ আদি পোৱা যায়, তেনেহলে মনত অনেক ভাৱে সন্তোষ পোৱা হয়। তোমাৰ হাতৰ লিখা পাঠ কৰি মোৰ যিহতকৈ নাই, এনে এনে সন্তোষ লাভ পাওঁ, সেই কাৰণে অপেক্ষা কৰিছো যে, এই বিষয়ে মোক নিৰশা নকৰিবা।

 তুমি হেমে সৈতে যি ধৰ্ম্ম পুথিৰ প্ৰথমৰ কিছু ভাগ পাঠ কৰিছা, তাক শুনি যিহতকৈ নাই. এনে আনন্দিত হলোঁ। আৰু পঢ়িবলৈ যে ইমান উলাহ পাইছা, সিও অতি প্ৰসংশনীয়। মিছা মিছি সময় নষ্ট নকৰি, অনৰ্থক কথা বাত্ৰাত বা আমোদ প্ৰমোদত সময় অপব্যয় নকৰি, যদি ধৰ্ম্ম শাস্ত্ৰ বা আন কোনো উত্তম পুথি পাঠ কৰা, তেনেহলে যে অনেক উপকাৰ লাভ কৰিবা ইয়াৰ আৰু সংশয় নাই। সময় পালেই পাঠ কৰিবা, এই মোৰ প্ৰথম পৰামৰ্শ।

 তুমি যে ঈশ্বৰৰ অসীমা প্ৰেম, অনিৰ্বচনীয় অনুগ্ৰহ অমূল্য দয়া অনুভও কৰিবলৈ পাইছা, এয়ে অত্যন্ত আনন্দৰ বিষয়। পতিত পাপীষ্ঠ মনুষ্যৰ প্ৰতি তেওঁ যে কেনে দয়া প্ৰকাশ কৰিলে, তাক কোনে বুঝিব [ ৪৪ ] পাৰিব? কি আশ্চৰিতৰ বিষয়, এই ৰূপ দয়ালু পিতৃক আমি প্ৰেম কৰিব নোখোজোঁ; তেওঁৰ প্ৰেম আমি অনেক সময়ত ভ্ৰম হওঁ আৰু যিহতে তেওঁ কোপিত হয়, তাকেই কৰিবলৈ কাৰ্ব্বাৰী হওঁ!

 আমাৰ সকলৰ আদি পিতৃ মাতৃএ ঈশ্বৰৰ বিৰোদ্ধে পাপ কৰি তেওঁৰ দণ্ডৰ পাত্ৰ হল, আৰু তাৰ দ্বাৰায় আপোনাৰ বংশবিলাককো যে তেওঁৰ অনন্ত দণ্ডৰ পাত্ৰ কৰিলে, তাক আগৰ পত্ৰত তোমালৈ লিখিছোঁ। সেই অনন্ত সান্তিৰ পৰা পাপী মানুহে কি প্ৰকাৰে মুক্তি লাভ কৰিলে, তাকেই এই পত্ৰত তোমালৈ লিখিবৰ মন কৰিছোঁ। সেই পৰম পিতৃ দয়াময় পৰম ঈশ্বৰে, যেতিয়া দেখিলে যে, তেওঁৰ সৃষ্টিৰ মানুহ জাতিয়ে পবিত্ৰক হেৰুৱাই পাপত পতিত হৈছে, আৰু সেই নিমিত্তে সিবিলাকে চিৰকালে অনন্ত দুঃখ ভোগ কৰিব লাগিব, আৰু যেতিয়া তেওঁ দেখিলে যে, সিবিলাকে সেই সাস্তি ভোগ কৰিবলৈ অক্ষম, তেতিয়া তেওঁৱে তেওঁৰ অদ্বিতীয় প্ৰিয় পুত্ৰক সিবিলাকৰ সলনি সেই দুঃখ ভোগ কৰিবলৈ দান কৰিলে। দেখা সৰলা, সকলো ধৰ্ম্মই কয় প্ৰায়শ্চিত্তৰ বিনে পাপৰ মুক্তি নাই; সত্য, মুক্তিসিদ্ধ প্ৰায়শ্চিত্তনে কি, সেইয়ে হিন্দু ধৰ্ম্মত নাই, আৰু ব্ৰহ্ম ধৰ্ম্মতো নাই। দেখা, হিন্দু ধৰ্ম্মে কয়, মহ, বা ছাগ, বা আন কোনো পহু, কি চৰাই বলিৰূপে উচৰ্গ কৰা, তেনেহলে সেইবিলাকৰ তেজ পৰাতে তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হব। এই প্ৰকাৰ প্ৰায়শ্চিত্ত যে, কিমানলৈ মুক্তিৰ সিদ্ধ তাক তোমালৈ পূৰ্ব্বেই লিখিছোঁ, অধিক কোৱা বাহুল্য মাত্ৰ, ব্ৰহ্ম- বিলাকৰ প্ৰায়শ্চিত্তো এই প্ৰকাৰ। কিন্তু খ্ৰীষ্টৰ প্ৰায়শ্চিত্ত কি? পাপৰ দণ্ড অনন্ত মৃত্যু। ন্যায়ৱন্ত ঈশ্বৰে যেতিয়ালৈকে সেই দণ্ড প্ৰদান নকৰিলে, তেতিয়ালৈকে পাপৰ প্ৰায়শ্চিত্ত নহল। কৈছিলে, যি দণ্ড দিব, সেই দণ্ড তেওঁৱে দিলে, তেন্তে পাপৰ প্ৰায়শ্চিত্ত হল; পতিত নৰকুল পাগৰ দণ্ডৰ পৰা মুক্ত হল। কিন্তু সেই দণ্ড কি প্ৰকাৰে দিলে, আৰু কোনেই বা সেই দণ্ড ভোগ কৰিলে। তোমাক পূৰ্ব্বেই কৈছিলো, মনুষ্য শক্তি হীন, পাপী মনুষ্যে সেই দণ্ড ভোগিবলৈ [ ৪৫ ] অসমৰ্থ হল। সেই নিমিত্তে ঈশ্বৰৰ অদ্বিতীয় পুত্ৰ যি জন। স্বয়ং ঈশ্বৰ, তেওঁৱে মনুষ্যৰ প্ৰতিনীধি হৈ সেই দণ্ড ভোগ কৰিলে, পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে, আৰু পাপী মানুহক পাপৰ দণ্ডৰ পৰা মুক্ত কৰিলে। দেখা, মানুহে পাপ কৰিছিল, তেজ, মঙ্গহ, শৰীৰ বিশিষ্ট হৈ পাপ কৰিছিল, সেই কাৰণে মনুষ্য শৰীৰত সেই পাপৰ প্ৰায়শ্চিত্ত হোৱাই উচিত। তাৰ কাৰণে ঈশ্বৰৰ পুত্ৰ মনুষ্য ৰূপ অন্নতাৰ হল, শৰীৰ বিশিষ্ট মনুষ্য হল, আৰু মনুষ্য শৰীৰেৰে পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে। আৰু দেখা, মানুহে এই পৃথিবীত পাপ কৰিছিল, এই নি সেই ঈশ্বৰৰ পুত্ৰয় স্বৰ্গ পৰিত্যাগ কৰি এই পৃথিবীত জন্ম গ্ৰহন কৰিলে আৰু এই পৃথিবীত পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে। এতিয়া বুঝিব পাৰিছা, খ্ৰীষ্টৰ ধৰ্ম্মৰ দৰে প্ৰায়শ্চিত্ত কি? ঈশ্বৰৰ পুত্ৰ, নাইবা ঈশ্বৰে মানুহৰ পুত্ৰ হৈ মানুহৰ দেহ ধাৰণ কৰি মনুষ্য ৰূপে অৱতাৰ হৈ স্বৰ্গ পৰিত্যাগ কৰি, পৃথিবীলৈ আহি মনুষ্যৰ শৰীৰত আপোন প্ৰাণ অৰ্পণ কৰিলে, আৰু তেওঁৰ মৃত্যুত সমস্ত জগতৰ পাপৰ প্ৰায়শ্চিত্ত একে কালে কৰা হল। যি কোনোএ তেওঁৰ সেই প্ৰায়শ্চিত্তত বিশ্বাস কৰিব, সি পাপৰ দণ্ডৰ পৰা মুক্ত হৈ, অনন্ত মৃত্যুৰ পৰা উদ্ধাৰ পায় পৰিত্ৰাণ লাভ কৰিব।

 দেখা সৰলা, তুমি সুধিব পাৰা, যীশু খ্ৰীষ্ট ঈশ্বৰ হৈ কিৰূপে মনুষ্য অৱতাৰ হল। দেখা, তেওঁ এক কুমাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। ইয়াকে শুনি বিস্ময় নহবা, ঈশ্বৰৰ অসাধ্য একো নাই। যদিও যীশু খ্ৰীষ্ট মনুষ৷ অৱতাৰ হৈছিল, তথাপি তেওঁত পাপৰ লেশ মাত্ৰও নাছিল। তেওঁ সম্পূৰ্ণ ৰূপে পবিত্ৰ; তেনে নহলে তেওঁ কি প্ৰকাৰে পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ শক্তিমন্ত হলহেঁতেন? তেওঁ যদি আমাৰ সদৃশ জন্মগ্ৰহণ কৰিলেহেঁতেন, তেন্তে সেই আদি পিতৃৰ পাপত তেওঁৱো পাপী হল- হেঁতেন। দেখা, এই নিমিত্তে তেওঁ এক কুমাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে৷ তেওঁ এই পৃথিবীত প্ৰায় ৩৩ বছৰ আছিল। তোমালৈ যি ধৰ্ম্মপুথি পঠিয়াই দিছোঁ। তাতে তেওঁৰ জীৱনৰ চৰিত্ৰ অতি উত্তম [ ৪৬ ] ৰূপে লিখা আছে; তাক মন দি পাঠ কৰিলে সকলোকে সুগমে বুঝিব পাৰিবা। য়ীশু খ্ৰীষ্টে এই পৃথিবীত যি কৰিছিলে, সেই সকলোকে ভাল মতে জানিব পাৰিবা।

 সৰলা, শেষ পত্ৰৰ শেষত তুমি এতি প্ৰশ্ন সুধিছা। তাৰ উত্তৰ এই ঠাইত দিছোঁ। তুমি কৈছা, ঈশ্বৰ সৰ্ব্বজ্ঞানী হৈয়ো মনুষ্য জাতি পাপত পতিত হব বুলি জানিও সিবিলাকক কিয় সৃষ্টি কৰিলে। দেখা সৰলা, এই বিষয়ে কোনো ৰূপে ঈশ্বৰৰ ওপৰত দোষ নদৰ্শে। ঈশ্বৰে জানিছিলে যে মানুহে তেওঁৰ আজ্ঞা উলংঘন কৰিব; জানিছিল বুলি এই কি প্ৰকাৰে তেওঁক দোষ দিব পাৰা। তেওঁ সিবিলাকক পাপ কৰিবলৈ অনুমতিও দিয়া নাই, তেওঁক কি বুলি দোষ দিবা? তেওঁ মানুহক স্ৰজিলে, স্বাধীন ইচ্ছা প্ৰদান কৰিলে; মানুহে আপোনাৰ ইচ্ছাৰ অধীনত পাপ কৰি পতিত হল। আদম আৰু হৱাৰ ইচ্ছা স্বাধীন আছিল, অন্যৰ ইচ্ছাৰ অনুসৰি হৈ সিবিলাকে কৰ্ম্ম কৰিব নেলাগিছিল। তেন্তে যদি সিবিলাকে আপোন ইচ্ছাৰ অধীন হৈ বাৰণ কৰাতো ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে, আৰু সিবিলাকে যে তেওঁৰ আজ্ঞা উলংঘণ কৰিব, ইয়াক কেৱল জানিছিল বুলি কি ঈশ্বৰক দোষ দিব পাৰা নে? কোনোৰূপে নহয়। মানুহে আপোন দোষে ঈশ্বৰৰ বিৰোদ্ধে আচৰা হৈ তেওঁৰ দণ্ডৰ পাত্ৰ হল, তাতে ঈশ্বৰৰ দোষ কি? আদম আৰু হৱাৰেই সম্পুৰ্ণ দোষ।

সদায় মঙ্গল চিন্তক
শ্ৰীকামিনীকান্ত।

( সৰলাৰ উত্তৰ)

প্ৰাণৰ অধিক,

 আপোনাৰ সপ্তম পত্ৰ পাইছোঁ, খ্ৰীষ্টৰ ধৰ্ম্মৰ পাপৰ প্ৰায়শ্চিত্তৰ সমন্ধে যি উপায় নিৰূপন কৰা হৈছে, আপোনাৰ পত্ৰত আপুনি যিবিলাক কথা প্ৰকাশ ৰূপে লিখিছা, তাকে মন দি পাঠ কৰিলোঁ, সেইয়ে যে মুক্তিৰ সিদ্ধি, তাৰ কোনো সংশয় নাই। পাপী মানুহক তাৰ পাপৰ [ ৪৭ ] উচিত দণ্ড ভোগ কৰিবৰ অসমৰ্থ দেখি দয়াময় সৃষ্টি কৰ্ত্তা যি জনা, তেওঁ আপোন অদ্বিতীয় পুত্ৰকে সেই দণ্ড ভোগ কৰিবলৈ এই পৃথিবীলৈ পঠাইছিল; সেয়ে যে বিশ্বাসব যোগ্য, তাকেই সকলোএই স্বীকাৰ কৰিব লাগিব। ত্ৰাণ কৰ্ত্তা প্ৰভু য়ীশু খ্ৰীষ্টে দণ্ডৰ পাত্ৰ হোৱা মানুহৰ প্ৰতিনিধী হৈ আপুনি সেই দণ্ড গ্ৰহণ কৰি মনুষ্যক দণ্ডৰ পৰা মুক্তি কৰিলে, পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিলে, তাক কোনে অস্বীকাৰ কৰিবৰ সাহ আছে? আপোনাৰ প্ৰাণ পৰিত্যাগ কৰি আমাৰ সকলৰ ত্ৰাণকৰ্ত্তাই ন্যায়ৱন্ত ঈশ্বৰৰ সত্যক প্ৰকাশ কৰিলে, তাক বুঝিব পাৰিলোঁ, আৰু তাৰ দ্বাৰায় ঈশ্বৰৰ যি দয়াৰ গুন প্ৰকাশ হৈছে, তাকো দেখিবলৈ পাইছোঁ, ইয়াৰ বিৰোন্ধে মোৰ আৰু একোকেই কবলৈ নাই। তথাপি আৰু কিছুমান বুঝিবৰ প্ৰয়োজন; এতিয়া অনেক বুঝিব পাৰিছোঁ, আপুনিএই ধৰম পুথি পাঠ কৰিম। যি ঠাইত সংশয় হব, নাইবা বুঝিব নোৱাৰিম, তাক আপোনালৈ লিখি পঠাম। ধৰ্ম্মৰ সম্বন্ধে বিশেষকৈ নুবুঝি কিছু স্থিৰ কৰা কোনো ৰূপে উচিত নহয়। খ্ৰীষ্টৰ ধৰ্ম্মক আশ্ৰয় কৰিবৰ মোৰ যে কোনো বিশেষ আপত্তি আছে, তেনে নহয়; কিয়নো উত্তম ৰূপে নুবুঝি কোনো কাৰ্য্য কৰা উচিত নহয়, বিশেষকৈ যেতিয়া ধৰ্ম্ম পৰিত্যাগ কৰি আন এক ধৰ্ম্ম আশ্ৰয় কৰিম, তেতিয়া সেই ধৰ্ম্মৰ বিষয়ে বিশেষ ৰূপে জ্ঞাতো নহৈ তাক গ্ৰাহ্য কৰিব পৰা নেযায়। হিন্দু ধৰ্ম্ম আৰু বিশ্বাস কৰিব নোৱাৰোঁ। তাত আৰু কোনো ৰূপে ভক্তিও নহয়। খ্ৰীষ্ট ধৰ্ম্মৰ বিষয়ে যি কিছু লিখিছা, আৰু ধৰম পুথিৰ পৰা যি কিঞ্চিতমান পাঠ কৰিছোঁ, তাতে সম্পূৰ্ণ বিশ্বাস জন্‌মিছে; কিঞ্চিতমানো আপত্তি নাই। আৰু কিছু পাঠ কৰোঁ, আৰু কিছুমান জ্ঞাতো হওঁ, তেনে হলে খ্ৰীষ্টৰ ধৰ্ম্মত আশ্ৰয় কৰিম।

 দেখোক, মোক নেপাহৰিবা, প্ৰতি দিনে প্ৰাৰ্থনাৰ সময়ত সোঁৱৰণ কৰিবা। আপুনি মোক যি উপকাৰ কৰিছে, তাক কৈ প্ৰকাশ কৰিব নোৱাৰোঁ। মোৰ আত্মাক যে বিনাশৰ পৰা ৰক্ষা কৰিছা, ইয়াত্ কৈ আৰু কি উপকাৰৰ সম্ভও। এই শৰীলক অনেকেই ৰক্ষা কৰিব পাৰে, [ ৪৮ ] কিন্তু অমৰ আত্মাৰ ৰক্ষা কৰাই যথাৰ্থিক পৰিত্ৰাণ। ঈশ্বৰৰ সাহায্যত আপুনিএ মোৰ আত্মাক উদ্ধাৰোতা, সেই নিমিত্তে আপোনাক অসংখ্যা ধন্যবাদ দিছোঁ অধিক আৰু কি লিখিম, এই অধিনীলৈ অনেক ২ অনুগ্ৰহ দেখাইছে। পাহৰা কোনো ৰূপে নহবা, এইয়েই অধিনীৰ শেষ আশা! ইতি

আপোনাৰ
সৰলা।

 ( শেষ। )

 পাঠক, পূৰ্ব্বে কোৱা ঘটনাৰ চাৰি বছৰৰ পাছে কামিনীকান্তৰ অৱস্থা এবাৰ দেখা; কামিনীকান্তই এতিয়া কচাৰিত কাম কৰে, বহুবজাৰত এটী ডাঙ্গৰ দুই টলা ঘৰত থাকে। ঘৰটী দেখিবা, বলা; কিন্তু আঁতৰতে থিয় হৈ দেখিব লাগিব। তুমি অপৰিচয় পুৰুষ, তোমাক দেখিলে সৰলায় নিশ্চয় লুকাব। তেন্তে মোৰ লগত আই; তুমি দ্বাৰৰ ওচৰ হৈ দেখিবা। সেইয়া দেখা, সৰলা পাটীত বহি আছে কোলাত এটী শিশু, ওচৰত এটী চোৱালী বহি খেল কৰিছে। ছোৱালীৰ নাম অমৰাৱতী, বয়স তিনি বছৰ, ওঁঠত যেন হাঁহি লাগি আছে। সেইয়া শুনা, মধুৰ বাক্যে মাকক কি সুধিছে। এনে মধুৰ বচন কি কোনো সময়ত শুনিছা? পাঠক, যদি সৰলাৰ মৃদু, নম্ৰ, আৰু পবিত্ৰৰ সাক্ষাৎ প্ৰতিমূৰ্ত্তি দেখিব খোজাঁ, তেন্তে এবাৰ অমৰাৱটীৰ মুখৰ ফালে চাই দেখা। দেখিলেই বোধ হব, যেন কপট বা কোনো প্ৰকাৰ মন্দই তাইৰ ওচৰ ছাপিব নোৱাৰে। যেনেকুৱা সৰলা, অমৰাৱতীও তাৰ সম্পূৰ্ণ প্ৰতি ৰূপ। পাঠক, আকও দেখাছোন, হাতত পুথিএ সৈতে আৰু এটী কামিনী কোন? তুমি চিনিব পাৰিছানে? সংশয় নাই। এইয়ে জানো হেমাঙ্গী নহয়? কামিনীকান্তয় যি ধৰম পুথি সৰলালৈ পঠাই দিছিল, সেই পুথিখনেই হেমাঙ্গীৰ হাতত আছে, পাঠ কৰিছে। সৰলায় শুনিব লাগিছে, ইয়াতকৈ আনন্দ দিওঁতা আৰু কিবা দেখিছা নে? [ ৪৯ ] ইমান দিন সিবিলাকে ভনীৰ সদৃশ অকপট সুহৃদ বন্ধনেৰে বন্ধা আছিল। এতিয়াও সিবিলাক দুয়ো একেলগে বহি পাঠ কৰিছে, একে ধৰ্ম্মত আশ্ৰয় লোৱা হৈ দুয়ো আনন্দ কৰিছে। কিন্তু নৰেন্দ্ৰ কত্‌? নৰিয়া হৈ বটাহ সলাবৰ নিমিত্তে পশ্চিম অঞ্চলে গৈছে। কামিনী কান্ত কত? কচাৰিলৈ গৈছে।

 পাঠক! নৰেন্দ্ৰ, হেমাঙ্গী, সৰলা, সকলোএ কামিনীকান্তৰ আৰ্হি আশ্ৰয় কৰি, প্ৰভু য়ীশু খ্ৰীষ্টক এক মাত্ৰ পৰিত্ৰাণ কৰ্ত্তা বুলি জানিএই তেওঁতে বিশ্বাস কৰিছে। মিছা দেও দেবী পৰিত্যাগ কৰি সেই সত্য পিতৃ পৰম ঈশ্বৰৰ সেৱক সেৱকনী হৈছে, বিনাশৰ পথৰ পৰা পলায়ন কৰি, স্বৰ্গত থকা পিতৃৰ সৰ্ব্বশক্তিমান দেউকাৰ তলত আশ্ৰয় পোৱা হৈ, নিৰাপদে মনৰ আনন্দেৰে নিবাশ কৰিছে। পৃথিবী আৰু পৃথিবীত থকা কোনো বস্তুএই যি সুখ শান্তি দিব নোৱাৰে, য়ীশু খ্ৰীষ্টত বিশ্বাস কৰি সেই সুখ, সেই শান্তি সিবিলাকে প্ৰচুৰ ৰূপে ভোগ কৰিছে। মৃত্যুৰ ভয়ঙ্কৰ গ্ৰাশৰ পৰা উদ্ধাৰ পোৱা হৈ, সিবিলাকে পিতৃ পৰম ঈশ্বৰৰ শ্ৰীমুখৰ দীপ্তি প্ৰতিদিনে দৰ্শন কৰিছে। ধৰ্ম্মৰ আনন্দত সুখ শান্তিত সিবিলাক সকলোএ এক ঘৰৰ পৰিয়ালৰ সদৃশ হৈ সময় নিপাত কৰিছে। পাঠক, তুমি কামিনীকান্ত, নৰেন্দ্ৰৰ আৰ্হি আশ্ৰয় কৰা। কিমান কাল এই ভয়ঙ্কৰ আৰু ঘোৰ বিপদৰ অৱস্থাত থাকিবা? সময় নাই, পলম নকৰিবা। সময় থাকোঁতেই ধৰ্ম্মৰ বিষয়ে বিচাৰ কৰা। যি পিতৃৰ বিৰোদ্ধে পাপ কৰিছা, তেওঁৰে সৈতে পুনৰাই মিল হোৱা, খেমা প্ৰাৰ্থনা কৰা, খেদ চিত্তেৰে পাপ স্বীকাৰ কৰি মন পালটাই খেমা পোৱা হৈ তোমাৰ পৰিত্ৰাণৰ বিষয়ে নিচিন্তন হোৱা।

 পাঠক! সৰলাৰ আৰু হেমাঙ্গীৰ আৰ্হি আশ্ৰয় কৰা, সেই এক মাত্ৰ (ৰক্ষা কৰ্ত্তা,) ত্ৰাণকৰ্ত্ৰা প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰা। যি জনে পাপৰ প্ৰায়শ্চিত্ত সিদ্ধি কৰিবৰ নিমিত্তে, আৰু তোমাৰ পৰিত্ৰাণৰ কাৰণে স্বৰ্গসুখ পৰিত্যাগ কৰি এই পৃথিবীত জন্মগ্ৰহণ


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )