দেখোঁ, হেমাঙ্গীৰে সোধাম। আৰু আপুনি যি ধৰ্ম্ম পুথি দিম বুলি কৈছা, তাক অনুগ্ৰহ কৰি শীঘ্ৰে পঠিয়াই দিবা। হেমাঙ্গীৰ ঘৰত বহি আমি দুয়ো জনে পঢ়িম। আন কোনো উপযুক্ত ভাল পুথি যদি পোৱা, তেনে হলে অনুগ্ৰহ কৰি পঠিয়াই দিবা। চাৰুপাঠ, চকুন্তলা, কাদম্বৰী, সীতাৰ বনবাস আদি কৰি যি সকলো পুঁথি দিছিলা, তাক তিনি চাৰিবাৰ কৰি পঢ়িছোঁ; নতূন পুথি এনে একো নাই যে পঢ়িম।
আমি সকলো ভালে আছো; কমলে আপোনাৰ বিষয়ে কিমান বেলি কলে, আপোনাক দেখিবলৈ তাইৰ বড় ইচ্ছা। অধিনীৰ প্ৰণাম জানিবা। ইতি
আপোনাৰ
সৰলা।”
নৱম অধ্যায়।
তৃতীয় পত্ৰ।
“প্ৰিয়ত্তমা সৰলা,
তোমাৰ পত্ৰ পাঠ কৰি যি সন্তোষ পালোঁ, তাতকৈ আৰু নাই, তোমাৰ হাতে লিখা পত্ৰ পোৱা হৈ জীৱনৰ সাৰ্থক যেন বোধ হৈছোঁ। তুমি যে মোলৈ পত্ৰ লিখিবা, আৰু ময় যে সেই পত্ৰ পাঠ কৰিম, এই আশাৰ অতীত বোধ হৈছিল; ইমান দিনৰ মুৰত মোৰ সেই আশা সাম্ফল হল। তুমি ধৰমৰ বিষয়ে বিচাৰ কৰিবৰ আৰু অনন্ত সুখ ভোগ কৰিবলৈ কাৰবাৰী হবৰ বিষয়ে লিখিছিলোঁ, তাক যে তুমি চিন্তা কৰিছা, তোমাৰ পত্ৰ পাঠ কৰি জ্ঞাত হৈ অতিশয় সন্তোষ হলোঁ। তোমাৰ পত্ৰত যি সকলো প্ৰশ্ন কৰিছা, তাৰ উত্তৰ এটী এটীকৈ দিছো।
১। তুমি সুধিছা, কোন ধৰ্ম্ম সত্য, তাক কি ৰূপে জানিম? যিহতে