পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কামিনীকান্তৰ চৰিত্ৰ
 

কাৰণ। ভাই, কেতিয়াও মনত নেভাবিবা যে ময় তেওঁক পাহবিছোঁ। আৰু তোমাৰ বা তোমাৰ ভাৰ্য্যাৰ সমীপত ময় চিৰ বাধিত থাকিলোঁ যে, তোমালোকে মোৰ সৰলাৰ প্ৰতি ইমান অনুগ্ৰহ কৰিছা। তেন্তে ভাই, তুমিতো আগত শনিবাৰে আহিবা, তোমাৰ হাতত এখনি পত্ৰ পঠাম, সৰলাক দিবা, আৰু ইতিমধ্যতে যদি সৰলাৰে সৈতে তোমাৰ ভাৰ্য্যাৰ সাক্ষাৎ হয়, তেন্তে তেওঁক কবলৈ কবা যে, ময় সৰলাক এক দিনৰ নিমিত্তেও পাহৰা নাই।

সপ্তম অধ্যায়।

 এক সপ্তাহ হৈ গল, পাছৰ শনিবাৰে সন্ধ্যাৰ সময়ত সপ্তাহৰ পাছে প্ৰতিবাসীবিলাকৰ মাঝৰ অনেকেই ঘৰলৈ আহিছে। গাঁৱৰ মাইকিবিলাকে সৰলাহঁতৰ ঘৰত বহি কথোপকথন কৰিছিল। “ভাই, কৰ্ত্তা এতিয়াই আহিব, জোঁৱাই এতিয়া আহিব, জলপান খাবলৈ যুগুত কৰোঁগৈ,” ইত্যাদি কৈ সিবিলাকে এটী এটী কৈ উঠি গল। ইয়াকে শুনি সৰলাৰ হৃদয়ত যেন কিবা এটা বাজি উঠিল; দুই বছৰৰ আগৰ কথা এনেই হঠাৎ মনত পৰিল। দুই বছৰৰ পূৰ্ব্বে শনিবাৰে সন্ধ্যাৰ সময়ত সৰলায়ো বাটৰ ফালে একে দৃষ্টিৰে চাই আছিল, জলপান কৰিবৰ নিমিত্তে যুগুত কৰিছিল। আজি সৰলাই তেনে কৰা নাই কিয়? এই এই কথা হঠাৎ সৰলাৰ মনত পৰিল। দুই বিন্দু অস্ৰু পাত মুকুতা ফলৰ সদৃসে চক্ষুৰ পৰা পৰিল। সৰলায় মাটীত বহি পৰিল, গালত হাত দি সৰলা অধোমুখে বহি থাকিল। কি ভাবিছে, তাক পাঠকক কোৱা বাহুল্য মাত্ৰ, অনুমানেৰেই বুঝিব পাৰিছা। কামিনীকান্তই পতিব্ৰতা সৰলাৰ এক মাত্ৰ চিন্তা, এই অৱস্থাত কিছুবেলি নিওয়া হল, তাৰ পাছতেই এজন লোকে নাচি বাগি হাঁহি ২ তেওঁৰ ওচৰলৈ আহিল, সৰলায় জানিবও