এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
কামিনীকান্তৰ চৰিত্ৰ
হে। দেখা, ময় বুঝিব পাৰোঁ; কিন্তু কি কৰিম কোৱা? আৰু
- উপায় নাই,
এনেকুৱাওতো নহয়। দেখা, কামিনীকান্ত বাবু
- জীয়াই আছে, এনেকুৱা নহয় যে, তেওঁ নাই, তেন্তে তেওঁ যেতিয়া
- আছে মিলন হবই হব; সেই বিষয় কিয় ভাবনা কৰা? সেই
- আশ৷ কৰি সকলো দুঃখ সহন কৰা। দেখা, কিমান বেলি
- পঢ়িছা, কিমান লোক দূৰ দেশী হয়, কিন্তু বাৰ, চৈধ্য বছৰৰ
- পাছে দেখা দিয়ে। তুমি পুনৰাই তোমাৰ স্বামীক পাবা; সেই
- বিষয়ে একো সংশয় নকৰিবা।
স। ভাই, তুমি মোক আশাৰ ওপৰত অতিশয় আশ্ৰয় কৰি
- থাকিবলৈ কৈছ৷ কিন্তু এই পোড়া কপালত সেই আশা
- জানে৷ কেতিয়াবা ফলিব? এই চকুয়েৰে জানো তেওঁক
- দেখিবলৈ পাম?
হে। বাৰু সৰলা, স্বৰূপকৈ কোৱাছোন ভায়, যদি কামিনীকান্ত
- বাবুএ তোমাক লৈ যাব খোজে, তেনেহলে তুমি তেওঁৰ লগলৈ
- যাবলৈ সন্মত আছানে?
স। স্বামীৰ ওচৰলৈ যাম, সেই বিষয়ে কি আৰু আনপ্ৰকাৰ হব
- পাৰে নে? তেওঁৱেই মোৰ প্ৰভু; তেওঁৰ ওচৰলৈ যাম; সেই
- বিষয়ে লাজ বা কি? ভয়েই বা কি, আৰু অপমানেই বা কি?
- তেওঁ দেখো এনেকুৱা কোনো অন্যায় কৰ্ম্ম কৰা নাই যে, তেওঁৰ
- লগত বাস কৰিলে লোকে মোক দোষ দিব। এক ধৰ্ম্ম এৰি
- আৰু এক ধৰ্ম্মলৈ যোৱাত বাজেতো আন নহয়, তেওঁৰ ভুল
- হব পাবে, ভ্ৰম হবও পাৰে, সেই কাৰণে তেওঁ যে কোনো
- মন্দ কৰ্ম্ম কৰিছে; তেনেকৈ দেখোঁ কব নোৱাৰোঁ, তেন্তে তেওঁৰ
- ওচৰলৈ যাবলৈ ময় সংশয় বা কিয় কৰিম আৰু অৰুচিত্ৰই বা
- কিয় হম?
হে। তেন্তে তুমি যাবলৈ সম্পূৰ্ণ সন্মত আছা।
স। সেইয়ে ভাই আছে, কিন্তু হেম, মনত এটা বড় সংশয় হৈছে, দেখা,