পৃষ্ঠা:কামিনীকান্তৰ চৰিত্ৰ.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কামিনীকান্তৰ চৰিত্ৰ
 

স। কতা, ছাওঁ?

 হেমাঙ্গীএ সৰলাৰ হাতত কামিনীকান্তৰ চিঠিখনি দিলে। সৰলায় পঢ়িব ধৰিলে, পঢ়ি পুনৰায় হেমাঙ্গীক শুনালে। পাঠক, তুমিও শুনিব খোজা নে? সৰলায় হেমাঙ্গীৰ আগত পঢ়িছে, এই অৱকাশতে শুনি লোৱা।

“প্ৰিয়ত্তমা সৰলা,

 দুই বছৰ গত হৈছে, তোমাক মই দেখা নাই, তোমাৰ বিষয়ে কোনো সমাচাৰো পোৱা নাই। সেই নিমিত্তে যে কিমান দুঃখত আছিলোঁ, তাক লিখি প্ৰকাশ কৰিব নোৱাৰোঁ। ইমান দিন তোমালৈ চিঠি আদি লেখা নাই, কাৰণ ভাবিছিলো তুমি হবলা মোৰ ওপৰত খঙ কৰি আছা। যদি চিঠি লিখোঁ, তেনে হলে কি জানো পেলাই দিবা; চিঠি লিখিলে হবও পাৰে, তোমাৰ পিতায় তোমাৰ প্ৰতি কঠিন ব্যৱহাৰ কৰিব। সেই ভয়তে তোমালৈ পত্ৰ আদি লিখা নাই, বা চাবলৈ যাবৰো সাহ কৰা নাই। সৰলা, তুমি কেতিয়াও মনত নেভাবিবা যে, ময় তোমাক পাহৰিলোঁ। ঈশ্বৰৰ আগত যেতিয়াই প্ৰাৰ্থনা কৰোঁ, প্ৰতি বেলিএই ময় তোমাক তেওঁৰ শ্ৰীচৰণৰ তলত সাক্ষাৎ কৰো। তেওঁৰ আগত ময় নিতৌ ২ প্ৰাৰ্থনা কৰো, যেন তেওঁ তোমাৰ জ্ঞানৰ চক্ষু মুকলি কৰে, যেন তুমি তেওঁৰ সত্য ধৰ্ম্ম জানিব পাৰা, যেন মিছা দেবদেবী পৰিত্যাগ কৰি তুমি তেওঁব বিশ্বাস কৰিব পাৰা। অনুমান হয়, তেওঁৱে ইমান দিনৰ মুৰত মোৰ প্ৰাৰ্থনা শুনিছে। তেঁওৱেই প্ৰাৰ্থনা শুনোঁতা আৰু তাৰ উত্তৰ দিওঁতা প্ৰভু পৰম ঈশ্বৰ। এই বেলি অনুমান হয়, তেওঁৱেই তোমাক তেওঁৰ সত্যক জানিবলৈ আৰু তেওঁত বিশ্বাস কৰিবৰ শক্তি দিব। দেখা, তেওঁৰ ধৰ্ম্মৰ বিষয়ে তুমি এতিয়াও একো নেজানা। ময় প্ৰতি সপ্তাহে নৰেন্দ্ৰৰ হাতত তোমালৈ এখনী পত্ৰ পঠিয়াম। তাতে খ্ৰীষ্টৰ ধৰ্ম্মৰ বিষয়ে যিমানলৈ পাৰো সহজে বুঝাই দিম। যিবিলাক বিষয়ে সংশয় হয়, লিখি পঠাবা। মোৰ শক্তি