কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ


মাৰ্ক্স
এঙ্গেলছ


কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ

সকলো দেশৰ শ্ৰমিক এক হওক!

কাৰ্ল মাৰ্ক্স
ফ্ৰিডৰিখ এঙ্গেলছ



কমিউনিষ্ট পাৰ্টিৰ
ইস্তাহাৰ


'স্পষ্টতা আৰু অত্যুজ্জ্বল প্ৰতিভাসম্পন্ন এই ৰচনাত প্ৰকাশ পাইছে নতুন বিশ্বদৃষ্টি, সমাজ জীৱনৰ শেষ সীমালৈকে বিস্তৃত সুসঙ্গত বস্তুবাদ, বিকাশৰ সৰ্বাঙ্গীন আৰু সুগভীৰ মতবাদস্বৰূপ দ্বন্দ্ববাদ, শ্ৰেণী-সংগ্ৰাম আৰু নতুন সাম্যবাদী সমাজৰ স্ৰষ্টা সৰ্বহাৰাসকলৰ বিশ্ব ঐতিহাসিক বৈপ্লৱিক ভূমিকাৰ তত্ত্ব। '
ভ্লাডিমিৰ ইলিচ লেনিন

সূচী
  1. কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ
  2. বুৰ্জোৱা আৰু সৰ্বহাৰা
  3. সৰ্বহাৰা আৰু কমিউনিষ্টসকল
  4. সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্য
    1. প্ৰতিক্ৰিয়াশীল সমাজতন্ত্ৰ
      1. সামন্ত সমাজতন্ত্ৰ
      2. পেটি-বুৰ্জোৱা সমাজতন্ত্ৰ
      3. জাৰ্মান বা 'নিভাঁজ' সমাজতন্ত্ৰ
    2. ৰক্ষণশীল বা বুৰ্জোৱা সমাজতন্ত্ৰ
    3. সমালোচনামূলক-কাল্পনিক সমাজতন্ত্ৰ আৰু সাম্যবাদ
  5. বৰ্তমান বিভিন্ন চৰকাৰ-বিৰোধী দলসমূহৰ লগত কমিউনিষ্টসকলৰ সম্পৰ্ক

ইউৰোপত এটা ভূতে সন্ত্রাসৰ সৃষ্টি কৰিছে-- ই হৈছে কমিউনিজমৰ ভূত। সাম্যবাদৰ এই ভূত খেদিবৰ কাৰণে পোপ আৰু জাৰ মেট্টেৰ্নিখ আৰু গিজো [২৩], ফৰাচী ৰেডিকেল আৰু জাৰ্মান পুলিচৰ চোৰাংচোৱা - এই সকলোবিলাক, অৰ্থাৎ পুৰণি ইউৰোপৰ সকলো শক্তি এক পৱিত্ৰ মিত্ৰতা সূত্ৰত আবদ্ধ হৈছে।

ক্ষমতাৰ গাদীত থকা দলে কমিউনিষ্টভাৱাপন্ন বুলি নিন্দা নকৰা কোনোবা বিৰোধী দাল আজি আছে জানো? চৰকাৰ-বিৰোধী দলবিলাকৰ ভিতৰতো তেনে কোনো দল জানো আছে যি নিজৰ দলতকৈ আগ বঢ়া প্ৰতিনিধি বা নিজৰ দলক বিৰোধিতা কৰা প্ৰতিক্ৰিয়াশীল দলকো কমিউনিষ্ট বুলি ওলোটা অভিযোগ অনা নাই?

ইয়াৰপৰা দুটা কথা ওলাই পৰে:

  1. সাম্যবাদ নিজেই এটা সুকীয় শক্তি বুলি ইউৰোপৰ সকলো শক্তিয়ে ইতিমধ্যেই মানি লৈছে।
  2. আজি কমিউনিষ্টসকলে জগতৰ আগত খোলাখুলিভাৱে নিজৰ মতামত, নিজৰ উদ্দেশ্য, নিজৰ আন্দোলনৰ ধাৰা জনাই, সাম্যবাদী ইস্তাহাৰ প্ৰকাশ কৰি ল'ৰা নিচুকোৱা সাম্যবাদৰ ভূত সম্পকীয় সাধু কথাৰ যথাযথ উত্তৰ দিয়াৰ সময় আহি পৰিছে।

এই উদ্দেশ্যে বিভিন্ন জাতিৰ কমিউনিষ্টসকলে লণ্ডন চহৰত লগ লাগি তলত দিয়া ইস্তাহাৰ প্ৰস্তুত কৰিছে; ইংৰাজী, ফৰাচী, জাৰ্মান, ইটালীয়, ফ্লেমিছ আৰু ডেনিছ ভষাত প্ৰকাশৰ সিদ্ধান্ত লৈছে।