কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/সমালোচনামূলক-কাল্পনিক সমাজতন্ত্ৰ আৰু সাম্যবাদ

বৰ্তমান কালৰ প্ৰতিটো ডাঙৰ বিপ্লৱত যি সাহিত্যই শ্ৰমিক শ্ৰেণীৰ দাবীক সদায়ে ভাষা দিছে, উদাহৰণস্বৰূপে বাবিওফ আৰু অন্যান্যসকলৰ ৰচনা, আমি ইয়াত তাৰ উল্লেখ কৰিব খােজা নাই৷

সামন্তবাদী সমাজৰ উচ্ছেদ সাধনৰ সময়ত, যি সময়ত উত্তেজনা সকলােতে বিয়পি পৰিছিল, তেতিয়া শ্ৰমিক শ্ৰেণীয়ে নিজৰ উদ্দেশ্য লাভৰ কাৰণে পােনপটীয়াভাৱে প্ৰথমে যিবােৰ চেষ্টা কৰিছিল, স্বভাৱতেই সেই চেষ্টা বিফল হৈছিল, কাৰণ সেই সময়ত শ্ৰমিক শ্ৰেণীৰ অৱস্থা অপৈণত আছিল আৰু শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ কাৰণে আৱশ্যকীয় অৰ্থনৈতিক পৰিবেশৰো অভাৱ আছিল৷ সেই অৱস্থাৰ তেতিয়াও সৃষ্টি হােৱাই নাছিল আৰু একমাত্ৰ সমাগত বুৰ্জোৱা সমাজৰ তলতহে সেই অৱস্থা গঢ়ি উঠাটো সম্ভৱ আছিল৷ শ্ৰমিক শ্ৰেণীৰ এই প্ৰথম পৰ্যায়ত বিপ্লৱসমূহৰ লগে লগে যি বৈপ্লৱিক সাহিত্যৰ সষ্টি হৈছিল, অনিবাৰ্যভাৱেই তাৰ কিছু প্ৰতিক্ৰিয়াশীল চৰিত্ৰও আছিল৷ সকলাে বিষয়ৰে প্ৰতি বৈৰাগ্য আৰু সমাজত সকলােকে অতি স্থূলভাৱে সমান কৰাৰ শিক্ষা মাথােন এই সাহিত্যই দিছিল৷

প্ৰকৃতপক্ষে যাক সমাজতান্ত্ৰিক আৰু কমিউনিষ্ট পদ্ধতি বুলি ক’ব পাবি, অৰ্থাৎ চাঁ-চিমো, ফুৰিয়ে, ওৱেন আদিৰ পদ্ধতিসমূহ, উল্লেখ কৰা বুৰ্জোৱা আৰু শ্ৰমিক শ্ৰেণীৰ প্ৰাথমিক অপৈণত সংগ্ৰামৰ সময়তেই উদ্ভৱ হৈছিল। (‘বুৰ্জোৱা আৰু সৰ্বহাৰা’ পৰিচ্ছেদ দ্ৰষ্টব্য)

এই পদ্ধতি উদ্ভাৱন কৰোতাসকলে প্ৰকৃত শ্ৰেণী-বিৰােধ দেখা পাইছিল আৰু চলিত সমাজব্যৱস্থাৰ পচি যাবলৈ ধৰা উপাদানবােৰৰ ক্ৰিয়াও দেখিবলৈ পাইছিল৷ কিন্তু তেতিয়াও চালুকীয়া অৱস্থাত থকা শ্ৰমিক শ্ৰেণীটো তেওঁলােকৰ দৃষ্টিত কোনাে ঐতিহাসিক উদ্যম নথকা বা কোনো স্বতন্ত্ৰ ৰাজনৈতিক আন্দোলন নথকা শ্ৰেণী হিচাপেই মাথােন ধৰা দিছিল৷

শ্ৰমশিল্প বিকাশৰ লগত সমানে খােজত খােজ মিলাই শ্ৰেণী-বিৰােধ আগ বাঢ়ে৷ সেইকাৰণে তেওঁলােকে যিধৰণে তেতিয়াৰ অৰ্থনৈতিক অৱস্থাটো দেখিছিল সেই অৱস্থাই শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ কাৰণে বাস্তৱ অৱস্থা গঢ়ি তুলিব পৰা নাছিল৷ গতিকে তেওঁলােকে এনে অৱস্থাৰ সৃষ্টি কৰিব পৰা এক নতুন সমাজবিজ্ঞান আৰু সামাজিক বিধি-বিধানৰ অন্বেষণ কৰিবলৈ ধৰিলে৷

তেওঁলােকৰ মতেৰে, ঐতিহাসিক ক্ৰিয়াই তেওঁলােকৰ ব্যক্তিগত উদ্ভাৱন ক্ৰিয়াৰ ওচৰত হাৰ মানিব লাগিব, মুক্তিৰ কাৰণে ঐতিহাসিকভাৱে তৈয়াৰ হোৱা অৱস্থাই ঠাই এৰি দিব লাগিব কাল্পনিক অৱস্থাক, আৰু ক্ৰমাগত স্বতঃস্ফূৰ্তভাৱে গঢ় লৈ অহা সৰ্বহাৰাৰ শ্ৰেণী-সংগঠনে বাট এৰি দিব লাগিব এই উদ্ভাৱন কৰোতাসকলে বিশেষভাৱে ৰচনা কৰা এক সমাজ সংগঠনক৷ তেওঁলােকৰ দৃষ্টিত ভৱিষ্যতৰ ইতিহাস হ’ল তেওঁলােকৰেই সামাজিক পৰিকল্পনাৰ প্ৰচাৰ আৰু কাৰ্যক্ষেত্ৰত ৰূপায়ণ৷

পৰিকল্পনা ৰচনা কৰাৰ সময়ত তেওঁলােক প্ৰধানতঃ শ্ৰমিক শ্ৰেণীটোৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰাৰ বিষয়ত সচেতন আছিল, কাৰণ এই শ্ৰেণীটোৱেই আটাইতকৈ বেছি কষ্ট সহ্য কৰিবলগা হয়৷ শ্ৰমিক শ্ৰেণীটো সবাতােকৈ বেছি নিষ্পেষিত – একমাত্ৰ এই কাৰণতেহে মাথােন তেওঁলােকৰ দৃষ্টিত শ্ৰমিক শ্ৰেণীৰ অস্তিত্ব আছিল৷

শ্ৰেণী-সংগ্ৰামৰ চালুকীয়া অৱস্থাৰ কাৰণে, আৰু তেওঁলােকে নিজে যি পৰিবেশত বাস কৰিছিল তাৰ কাৰণে এনেধৰণৰ সমাজতন্ত্ৰীসকলে নিজকে সকলাে প্ৰকাৰৰ শ্ৰেণী-সংঘাতৰ বহু ওপৰত বুলি ভাবি লৈছিল৷ তেওঁলােকে সমাজৰ প্ৰত্যেকজন মানুহৰে, আনকি আটাইতকৈ সুবিধাভােগীজনৰো অৱস্থাৰ উন্নতি কৰিবলৈ বিচাৰিছিল৷ সেইকাৰণে তেওঁলােকৰ আৱেদন আছিল সমগ্ৰ সমাজৰ উদ্দেশ্যে, সাধাৰণভাৱে তাত কোনাে শ্ৰেণীগত পাৰ্থক্য নাছিল৷ অকল সেয়ে নহয়, তেওঁলােকে সকলােৰে আগতে শাসক শ্ৰেণীৰ প্ৰতিহে আৱেদন জনাইছিল৷ কিয়নাে তেওঁলােকে ভাবিছিল, তেওঁলােকৰ পদ্ধতিৰ কথা যদি এবাৰ জনসাধাৰণে বুজি পায়, তেন্তে তেওঁলােকৰ পৰিকল্পনাই যে সমাজৰ পক্ষে সম্ভৱপৰ আটাইতকৈ ভাল পৰিকল্পনা, সেই কথা জানাে নেদেখাকৈ থাকিব পাৰিব?

সেইকাৰণে তেওঁলােকে সকলাে প্ৰকাৰৰ ৰাজনৈতিক, বিশেষকৈ সমস্ত বৈপ্লৱিক আন্দোলন অগ্ৰাহ্য কৰে৷ শান্তিপূৰ্ণ উপায়েৰেই তেওঁলােকে তেওঁলােকৰ উদ্দেশ্য পূৰণ কৰিবলৈ বিচাৰে৷ তেওঁলােকৰ চেষ্টা স্বভাৱতে বিফল হ’বলৈ বাধ্য, সৰু সৰু পৰীক্ষাবিলাকৰ মাজেদি আৰু নিজে দেখুওৱা দৃষ্টাত্তৰ বলেৰেই তেওঁলােকে নতুন সমাজৰ পৰিত্ৰাণৰ পথ ৰচনা কৰিব খোজে৷

ভৱিষ্যৎ সমাজৰ সম্পৰ্কে এনেধৰণৰ মনে-গঢ়া ছবি অঁকা হৈছিল যি সময়ত, সেই সময়ত শ্ৰমিক শ্ৰেণীৰ অৱস্থা আছিল একেবাৰে চালুকীয়া আৰু সাধাৰণভাৱে সমাজৰ সমূহীয়া পুনৰ্গঠনৰ কাৰণে সেই শ্ৰেণীৰ প্ৰাথমিক সহজাত আকাংক্ষাৰ লগত খাপ খােৱাকৈ ইয়াৰ নিজৰ অৱস্থা সম্বন্ধে ধাৰণাও আছিল কেৱল মনে-গঢ়াধৰণৰ৷

এই সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্যৰ ভিতৰত কিন্তু এটা সমালােচনামূলক উপাদানাে আছে৷ বৰ্তমান সমাজৰ প্ৰত্যেকটো নীতিকে তেওঁলােকে আক্ৰমণ কৰিছিল৷ সেইকাৰণে এই ৰচনাবোৰ শ্ৰমিক শ্ৰেণীৰ জ্ঞান বিকাশৰ পক্ষে মূল্যৱান তথ্য-পাতিৰে পূৰ্ণ আছিল৷ কাৰ্যকৰী ব্যৱস্থা হিচাপে সেই সাহিত্যত প্ৰস্তাৱ কৰা হৈছিল : নগৰ আৰু গাঁৱৰ মাজত থকা পাৰ্থক্যৰ অৱসান, পৰিয়াল প্ৰথাৰ উচ্ছেদ, ব্যক্তিগত লাভৰ কাৰণে শিল্প পৰিচালনা আৰু মজুৰি-শ্ৰম প্ৰথাৰ অৱসান, সামাজিক স্বাৰ্থসমন্বয়ৰ কথা ঘােষণা, ৰাষ্ট্ৰৰ কামক মাত্ৰ উৎপাদনৰ তত্ত্বাৱধান কৰালৈ পৰিৱৰ্তন কৰা৷ এই সকলােবিলাক প্ৰস্তাৱেই শ্ৰেণী-বিৰােধ নােহােৱা কৰাৰ কথালৈকে সম্পূৰ্ণভাৱে নিৰ্দেশ কৰিছিল৷ কিন্তু শ্ৰেণী-বিৰােধ তেতিয়া মূৰ দাঙি উঠিবলৈ ধৰিছিলহে মাত্ৰ৷ তথাপিও এই সাহিত্যত সিবােৰৰ প্ৰাথমিক, অস্পষ্ট আৰু অনিৰ্দিষ্ট ৰূপটো স্বীকাৰ কৰা হৈছিল৷ সেইকাৰণেই এই প্ৰস্তাৱবিলাক আছিল একেবাৰে মনে-গঢ়াধৰণৰ৷

সমালােচনামূলক-কাল্পনিক সমাজতন্ত্ৰ আৰু সাম্যবাদৰ তাৎপৰ্যৰ লগত ঐতিহাসিক অগ্ৰগতিৰ সম্পৰ্কটো বিপৰীতমুখী৷ যি অনুপাতে আধুনিক শ্ৰেণী সংগ্ৰাম বাঢ়ি যায় আৰু স্পষ্ট ৰূপ ধাৰণ কৰে সেই অনুপাতেই সংগ্ৰামৰপৰা দূৰত থকা এই মনে-গঢ়া দষ্টিভঙ্গী আৰু সংগ্ৰামৰ ওপৰত চলােৱা সকলাে মনে-গঢ়া আক্ৰমণৰ বাস্তৱ ক্ষেত্ৰত কোনাে মূল্য নাথাকে, আৰু তত্ত্বগত ক্ষেত্ৰতাে সকলাে ন্যায্য যুক্তি হেৰুৱাই পেলায়৷ সেইকাৰণে এই পদ্ধতি প্ৰথমে ৰচনা কৰোতাসকল বহু দিশত বিপ্লৱী আছিল যদিও তেওঁলােকৰ অনুগামীসকল কিন্তু প্ৰত্যেক ক্ষেত্ৰত প্ৰতিক্ৰিয়াশীল গােষ্ঠীত মাত্ৰ পৰিণত হৈছিল৷ শ্ৰমিক শ্ৰেণীৰ প্ৰগতি-অভিমুখী ঐতিহাসিক অগ্ৰগতিৰ বিৰুদ্ধে তেওঁলোকৰ গুৰুসকলৰ মূল কথাবিলাকতে আঁকোৰগোজালি মাৰি ধৰি থাকিছিল৷ সেইকাৰণে তেওঁলােকে শ্ৰেণী সংগ্ৰাম নিৰ্জীৱ কৰিবৰ কাৰণে আৰু শ্ৰেণী-বিৰোধ মিটমাট কৰিবলৈ অনবৰতে চেষ্টা চলাই গৈছিল৷ তেওঁলােকে এতিয়াও সপােন দেখে তেওঁলােকৰ সামাজিক কল্পনাবিলাসী ধাৰণাবিলাকে পৰীক্ষামূলক বাস্তৱ ৰপ পােৱাৰ, অ’ত-ত’ত ফালানষ্টেৰ প্ৰতিষ্ঠা কৰাৰ, ‘হােম কলােনি’ স্থাপন আৰু ‘লিটল আইকেৰিয়া’**** গঢ়ি তােলাৰ, নৱ জেৰুজালেমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সংস্কৰণ হিচাপে – আৰু এই কাল্পনিক ভূস্বৰ্গ বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে তেওঁলােক বুৰ্জোৱা শ্ৰেণীৰ অনুকম্পা আৰু ধন ভিক্ষা কৰিবলৈও বাধ্য হৈছিল৷ ক্ৰমে ক্ৰমে এওঁলােকো ওপৰত উনুকিয়াই অহা প্ৰতিক্ৰিয়াশীল অথবা ৰক্ষণশীল সমাজতন্ত্ৰীৰ শাৰীলৈ নামি যাবলগাত পৰে৷ তেওঁলােকৰ লগত এওঁলােকৰ পাৰ্থক্য হ’ল এয়ে যে এওঁলােক খাপ খুৱাই পণ্ডিতালি কথা কোৱাত বেছি পটু, আৰু স্বীয় সমাজবিজ্ঞানৰ অলৌকিক শক্তি সম্বন্ধে কুসংস্কাৰেৰে ভৰা আঁকোৰগােজ বিশ্বাসাে এওঁলােকৰ অতি দৃঢ়৷

সেই কাৰণে তেওঁলােকে শ্ৰমিক শ্ৰেণীৰ সকলাে ৰাজনৈতিক সংগ্ৰামৰ তীব্ৰ বিৰােধিতা কৰিছিল৷ তেওঁলােকৰ মতে তেনেধৰণৰ সংগ্ৰাম, নতুন মুক্তিৰ পথত অন্ধ অবিশ্বাসৰ পৰিণতি হিচাপেই মাথােন আহি পৰা সম্ভৱ৷

ইংলেণ্ডত ওৱেন-পন্থীসকলে, ফ্ৰান্সত ফুৰিয়ে-পন্থীসকলে যথাক্ৰমে চাৰ্টিষ্ট আৰু সংস্কাৰবাদীসকলৰ বিৰােধিতা কৰে৷

টোকাসমূহ :

  • ১৬৬০ চনৰপৰা ১৬৮৯ চনলৈ ইংৰাজী ৰেষ্টোৰেচন নহয়, ১৮১৪ৰপৰা ১৮৩০ চনলৈ ফৰাচী ৰেষ্টোৰেশন৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা৷)
    • কথাটো বিশেষকৈ জাৰ্মানিৰ ক্ষেত্ৰত প্ৰযােজ্য৷ তাত অভিজাত ভূস্বামী আৰু জমিদাৰসকলে তেওঁলােকৰ জমিদাৰিবােৰৰ ডাঙৰ ডাঙৰ অংশবােৰত নিজেই গােমস্তা ৰাখি খেতি কৰায়, তদুপৰি নিজেই ব্যাপকভাৱে মিঠা বীট আৰু আলুৰ মদ তৈয়াৰ কৰে৷ এওঁলােকতকৈ অধিক অৱস্থাপন্ন ইংৰাজ অভিজাতসকল অন্ততঃ এতিয়াও ইয়াৰ ওপৰত আছে; কিন্তু এওঁলােকেও কম খাজনাৰ ক্ষতিপূৰণৰ বাবে কম-বেছি পৰিমাণে সন্দেহজনক জয়েণ্ট-ষ্টক কোম্পানি প্ৰতিষ্ঠাৰ অনিয়মিত কামত নিজৰ নাম ধাৰে দিবলৈ জানে৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা৷)
      • ১৮৪৮ চনৰ বৈপ্লৱিক ধুমুহাই এই অপৰিচ্ছন্ন প্ৰৱণতাক সাৰি-পুচি লৈ যায় আৰু সমাজতন্ত্ৰ লৈ ইয়াৰ প্ৰবক্তাসকলে জল্পনা-কল্পনা কৰাৰ বাসনাও নােহােৱা কৰে৷ এই প্ৰৱণতাৰ প্ৰধান প্ৰতিভূ আৰু ক্লাছিকেল প্ৰতিচ্ছবি হৈছে কাৰ্ল গ্ৰুন ডাঙৰীয়া। (১৮৯০ চনৰ জাৰ্মান সংস্কৰণত এঙ্গেলছৰ টীকা৷)
        • ‘ফালানষ্টেৰ’ হৈছে ফুৰিয়েৰ-কল্পিত সমাজতন্ত্ৰী উপনিৱেশ; কাবেই তেওঁৰ ইউটোপিয়া আৰু পৰৱৰ্তী আমেৰিকাস্থিত কমিউনিষ্ট উপনিৱেশক আইকেৰিয়া নাম দিয়ে৷ (১৮৮৮ চনৰ ইংৰাজী সংস্কৰণত এঙ্গেলছৰ টীকা)

ওৱেনে তেওঁৰ আদৰ্শ কমিউনিষ্ট গােষ্ঠীবােৰক ‘হােম কলোনি’ বুলিছিল; ফুৰিয়েৰ-কল্পিত সৰ্বভােগ্য প্ৰাসাদৰ নাম ‘ফালানষ্টে’৷ যি ইউটোপীয় কল্পৰাজ্যৰ কমিউনিষ্ট প্ৰতিষ্ঠান কাবেই বৰ্ণনা কৰিছিল, তাৰেই নাম ‘আইকেৰিয়া’৷ (১৮৯০ চনৰ জাৰ্মান সংকৰণত এঙ্গেলছৰ টীকা৷)