কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/পেটি-বুৰ্জোৱা সমাজতন্ত্ৰ
একমাত্ৰ সামন্ত অভিজাত শ্ৰেণীকেই যে বুৰ্জোৱাসকলে ধ্বংস কৰিছে এনে নহয়, কেৱল এই শ্ৰেণীটোৱেই যে তাৰ অস্তিত্ব-চৰ্ত আধুনিক বুৰ্জোৱা সমাজৰ পৰিবেশত খোঁচ খাই দুৰ্বল আৰু মৃত্যুমুখী হৈছে তেনে নহয়৷ মধ্য যুগৰ নাগৰিক দল আৰু মাটিৰ সৰু সৰু কৃষক মালিকসকলেই আছিল বৰ্তমান বুৰ্জোৱা শ্ৰেণীৰ আগৰণুৱা৷ শিল্প আৰু বাণিজ্যৰ উন্নতি এতিয়াও যিবিলাক দেশত হােৱা নাই সেইবিলাক দেশত বাঢ়ি অহা বুৰ্জোৱা শ্ৰেণীৰ লগে লগেই এই দুই শ্ৰেণী এতিয়াও নিষ্ক্ৰিয় হৈ বাস কৰিছে৷
আধুনিক সভ্যতাৰ পৰিপূৰ্ণ বিকাশ হােৱা দেশসমূহত পেটি-বুৰ্জোৱাৰ এটা নতুন শ্ৰেণী সৃষ্টি হৈছে৷ বুৰ্জোৱা আৰু শ্ৰমিক শ্ৰেণী – এই দুয়ােৰে মাজতে এই পেটি-বুৰ্জোৱা শ্ৰেণীটোৱে এবাৰ ইফালে এবাৰ সিফালে লুটি-বাগৰ দি থাকে আৰু বুৰ্জোৱা সমাজৰ আনুষঙ্গিক অংশ হিচাপেই নিজকে সদায়ে সজীৱ কৰি ৰাখে৷ এই শ্ৰেণীৰ বহুতেই অৱশ্যে প্ৰতিযােগিতাত টিকিব নােৱাৰি ব্যক্তিগতভাৱে শ্ৰমিক শ্ৰেণীলৈ ক্ৰমান্বয়ে বাগৰি পৰিবলগা হৈছে, আৰু যিমানেই আধুনিক শিল্প উন্নতি হ’বলৈ ধৰিছে সিমানেই এই শ্ৰেণীটোৱে আনকি দেখিবলৈ পাইছে যে আধুনিক সমাজৰ এটা স্বাধীন অংশ হিচাপে তেওঁলােকৰ অস্তিত্ব একেবাৰে চিন নােহােৱা হৈ যােৱাৰ দিন চমু চাপি আহিছে আৰু কাৰখানা, কৃষি আৰু বাণিজ্যত তেওঁলােকৰ ঠাই দখল কৰিব কাম চোৱা বিষয়া, গােমােস্তা আৰু ভেৰোণীয়া চাকৰিয়ালে৷
কৃষকৰ জনসংখ্যা অধাতকৈ বেছি থকা ফ্ৰান্সৰ দৰে দেশত এইটো অতি স্বাভাৱিক কথা যে বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীৰ লগতে থিয় দিয়া লিখকসকলে বুৰ্জোৱা আমােলৰ সমালােচনা কৰোতে কৃষক আৰু মধ্যৱৰ্তী শ্ৰেণীৰ জোখ-কাঠিকেই ব্যৱহাৰ কৰিছিল আৰু এই পেটি-বুৰ্জোৱা শ্ৰেণীসমূহৰ দৃষ্টিভঙ্গীৰপৰাই শ্ৰমিক শ্ৰেণীৰ পক্ষে টাঙোন লৈ থিয় দিছিল৷ এনেদৰেই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰৰ উদয় হ’ল৷ কেৱল ফৰাচী দেশতে নহয়, ইংলেণ্ডতো; এনেদৰে চিন্তা কৰোতাসকলৰ নেতা আছিল চিচমণ্ডি।
আধুনিক উৎপাদন অৱস্থাৰ ভিতৰত থকা বিৰোধবিলাক এনেধৰণৰ সমাজতন্ত্ৰই বঢ়িয়াকৈ ফঁহিয়াই দেখুৱাইছে৷ ই অৰ্থনীতিৰ পণ্ডিতসকলৰ কপটীয়া যুক্তিবােৰৰ মুখা খুলি দিছিল৷ ই অবিসম্বাদীৰূপে কল-কাৰখানা স্থাপন আৰু শ্ৰম বিভাজনৰ, পুঁজি আৰু ভূসম্পত্তি এমুঠি লােকৰ হাতলৈ আহি পৰাৰ, অতি উৎপাদন আৰু সংকটৰ সৰ্বনশীয়া ফলাফলৰ কথা প্ৰমাণ কৰিছিল৷ এই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰই ক্ষুদ্ৰ-বুৰ্জোৱা আৰু কৃষক সম্প্ৰদায়ৰ অনিবাৰ্য ধ্বংসৰ কথা, শ্ৰমিক শ্ৰেণীৰ অবৰ্ণনীয় দুখ-দুৰ্দশাৰ কথা, উৎপাদন ব্যৱস্থাৰ বিশৃংখলাৰ কথা, সম্পদ বিতৰণত চলা তীব্ৰ অসমান ব্যৱস্থাৰ কথা, জাতিসমূহৰ মাজত সৰ্বধ্বংসী শিল্প যুদ্ধৰ কথা, পুৰণি নৈতিক বান্ধোন, পুৰণি পাৰিবাৰিক সম্পৰ্ক আৰু পুৰণি জাতিসমূহৰ ভাঙোনৰ কথা – এই সকলােবােৰলৈ আঙুলিয়াই দিছিল৷
কিন্তু ইতিবাচক উদ্দেশ্যৰ ক্ষেত্ৰত এইধৰণৰ সমাজতন্ত্ৰই হয় উৎপাদন আৰু বিনিময়ৰ পুৰণি উপায়ৰে পুনৰ প্ৰৱৰ্তন কৰি তাৰ যােগেই সম্পত্তিৰ পুৰণি সম্পৰ্ক আৰু পুৰণি সমাজখনৰ পুনৰ প্ৰৱৰ্তন কৰিব খােজে; নহয়, ইতিমধ্যেই আধুনিক উৎপাদন ব্যৱস্থাৰ হেঁচাত ফাটি চিৰাচিৰ হৈ উফৰি পৰা আৰু পৰিবলৈ বাধ্য হােৱা সম্পত্তিৰ সেই পুৰণি সম্পৰ্কবিলাকৰ গাঁথনিৰ মাজত উৎপাদন আৰু বিনিময়ৰ আধুনিক উপায়বােৰক হেঁচি-ঠেলি সুমুৱাই ৰাখিব খােজে৷ যিয়েই নহওক, উভয় ক্ষেত্ৰতে এই সমাজতন্ত্ৰ প্ৰতিক্ৰিয়াশীল আৰু ইউটোপীয়৷
এই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰৰ শেষ কথা হ’ল – কাৰখানা শিল্পৰ কাৰণে সংঘবদ্ধ গিল্ড স্থাপন আৰু কৃষিত পিতৃপ্ৰধান সম্পৰ্কৰ প্ৰচলন কৰা৷
অৱশেষত ইতিহাসৰ নিষ্ঠুৰ সত্যই যেতিয়া আত্মপ্ৰৱঞ্চনাৰ ৰাগিবােৰ আঁতৰাই দিলে, তেতিয়া অতি শােচনীয় হতাশাত ডুব গৈ এই সমাজতন্ত্ৰৰ ৰূপটোৰ অৱসান ঘটিল৷একমাত্ৰ সামন্ত অভিজাত শ্ৰেণীকেই যে বুৰ্জোৱাসকলে ধ্বংস কৰিছে এনে নহয়, কেৱল এই শ্ৰেণীটোৱেই যে তাৰ অস্তিত্ব-চৰ্ত আধুনিক বুৰ্জোৱা সমাজৰ পৰিবেশত খোঁচ খাই দুৰ্বল আৰু মৃত্যুমুখী হৈছে তেনে নহয়৷ মধ্য যুগৰ নাগৰিক দল আৰু মাটিৰ সৰু সৰু কৃষক মালিকসকলেই আছিল বৰ্তমান বুৰ্জোৱা শ্ৰেণীৰ আগৰণুৱা৷ শিল্প আৰু বাণিজ্যৰ উন্নতি এতিয়াও যিবিলাক দেশত হােৱা নাই সেইবিলাক দেশত বাঢ়ি অহা বুৰ্জোৱা শ্ৰেণীৰ লগে লগেই এই দুই শ্ৰেণী এতিয়াও নিষ্ক্ৰিয় হৈ বাস কৰিছে৷
আধুনিক সভ্যতাৰ পৰিপূৰ্ণ বিকাশ হােৱা দেশসমূহত পেটি-বুৰ্জোৱাৰ এটা নতুন শ্ৰেণী সৃষ্টি হৈছে৷ বুৰ্জোৱা আৰু শ্ৰমিক শ্ৰেণী – এই দুয়ােৰে মাজতে এই পেটি-বুৰ্জোৱা শ্ৰেণীটোৱে এবাৰ ইফালে এবাৰ সিফালে লুটি-বাগৰ দি থাকে আৰু বুৰ্জোৱা সমাজৰ আনুষঙ্গিক অংশ হিচাপেই নিজকে সদায়ে সজীৱ কৰি ৰাখে৷ এই শ্ৰেণীৰ বহুতেই অৱশ্যে প্ৰতিযােগিতাত টিকিব নােৱাৰি ব্যক্তিগতভাৱে শ্ৰমিক শ্ৰেণীলৈ ক্ৰমান্বয়ে বাগৰি পৰিবলগা হৈছে, আৰু যিমানেই আধুনিক শিল্প উন্নতি হ’বলৈ ধৰিছে সিমানেই এই শ্ৰেণীটোৱে আনকি দেখিবলৈ পাইছে যে আধুনিক সমাজৰ এটা স্বাধীন অংশ হিচাপে তেওঁলােকৰ অস্তিত্ব একেবাৰে চিন নােহােৱা হৈ যােৱাৰ দিন চমু চাপি আহিছে আৰু কাৰখানা, কৃষি আৰু বাণিজ্যত তেওঁলােকৰ ঠাই দখল কৰিব কাম চোৱা বিষয়া, গােমােস্তা আৰু ভেৰোণীয়া চাকৰিয়ালে৷
কৃষকৰ জনসংখ্যা অধাতকৈ বেছি থকা ফ্ৰান্সৰ দৰে দেশত এইটো অতি স্বাভাৱিক কথা যে বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীৰ লগতে থিয় দিয়া লিখকসকলে বুৰ্জোৱা আমােলৰ সমালােচনা কৰোতে কৃষক আৰু মধ্যৱৰ্তী শ্ৰেণীৰ জোখ-কাঠিকেই ব্যৱহাৰ কৰিছিল আৰু এই পেটি-বুৰ্জোৱা শ্ৰেণীসমূহৰ দৃষ্টিভঙ্গীৰপৰাই শ্ৰমিক শ্ৰেণীৰ পক্ষে টাঙোন লৈ থিয় দিছিল৷ এনেদৰেই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰৰ উদয় হ’ল৷ কেৱল ফৰাচী দেশতে নহয়, ইংলেণ্ডতো; এনেদৰে চিন্তা কৰোতাসকলৰ নেতা আছিল চিচমণ্ডি।
আধুনিক উৎপাদন অৱস্থাৰ ভিতৰত থকা বিৰোধবিলাক এনেধৰণৰ সমাজতন্ত্ৰই বঢ়িয়াকৈ ফঁহিয়াই দেখুৱাইছে৷ ই অৰ্থনীতিৰ পণ্ডিতসকলৰ কপটীয়া যুক্তিবােৰৰ মুখা খুলি দিছিল৷ ই অবিসম্বাদীৰূপে কল-কাৰখানা স্থাপন আৰু শ্ৰম বিভাজনৰ, পুঁজি আৰু ভূসম্পত্তি এমুঠি লােকৰ হাতলৈ আহি পৰাৰ, অতি উৎপাদন আৰু সংকটৰ সৰ্বনশীয়া ফলাফলৰ কথা প্ৰমাণ কৰিছিল৷ এই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰই ক্ষুদ্ৰ-বুৰ্জোৱা আৰু কৃষক সম্প্ৰদায়ৰ অনিবাৰ্য ধ্বংসৰ কথা, শ্ৰমিক শ্ৰেণীৰ অবৰ্ণনীয় দুখ-দুৰ্দশাৰ কথা, উৎপাদন ব্যৱস্থাৰ বিশৃংখলাৰ কথা, সম্পদ বিতৰণত চলা তীব্ৰ অসমান ব্যৱস্থাৰ কথা, জাতিসমূহৰ মাজত সৰ্বধ্বংসী শিল্প যুদ্ধৰ কথা, পুৰণি নৈতিক বান্ধোন, পুৰণি পাৰিবাৰিক সম্পৰ্ক আৰু পুৰণি জাতিসমূহৰ ভাঙোনৰ কথা – এই সকলােবােৰলৈ আঙুলিয়াই দিছিল৷
কিন্তু ইতিবাচক উদ্দেশ্যৰ ক্ষেত্ৰত এইধৰণৰ সমাজতন্ত্ৰই হয় উৎপাদন আৰু বিনিময়ৰ পুৰণি উপায়ৰে পুনৰ প্ৰৱৰ্তন কৰি তাৰ যােগেই সম্পত্তিৰ পুৰণি সম্পৰ্ক আৰু পুৰণি সমাজখনৰ পুনৰ প্ৰৱৰ্তন কৰিব খােজে; নহয়, ইতিমধ্যেই আধুনিক উৎপাদন ব্যৱস্থাৰ হেঁচাত ফাটি চিৰাচিৰ হৈ উফৰি পৰা আৰু পৰিবলৈ বাধ্য হােৱা সম্পত্তিৰ সেই পুৰণি সম্পৰ্কবিলাকৰ গাঁথনিৰ মাজত উৎপাদন আৰু বিনিময়ৰ আধুনিক উপায়বােৰক হেঁচি-ঠেলি সুমুৱাই ৰাখিব খােজে৷ যিয়েই নহওক, উভয় ক্ষেত্ৰতে এই সমাজতন্ত্ৰ প্ৰতিক্ৰিয়াশীল আৰু ইউটোপীয়৷
এই পেটি-বুৰ্জোৱা সমাজতন্ত্ৰৰ শেষ কথা হ’ল – কাৰখানা শিল্পৰ কাৰণে সংঘবদ্ধ গিল্ড স্থাপন আৰু কৃষিত পিতৃপ্ৰধান সম্পৰ্কৰ প্ৰচলন কৰা৷
অৱশেষত ইতিহাসৰ নিষ্ঠুৰ সত্যই যেতিয়া আত্মপ্ৰৱঞ্চনাৰ ৰাগিবােৰ আঁতৰাই দিলে, তেতিয়া অতি শােচনীয় হতাশাত ডুব গৈ এই সমাজতন্ত্ৰৰ ৰূপটোৰ অৱসান ঘটিল৷