কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/সৰ্বহাৰা আৰু কমিউনিষ্টসকল
সমগ্ৰভাৱে শ্ৰমিক শ্ৰেণীৰ লগত কমিউনিষ্টসকলৰ সম্পৰ্ক কি?
কমিউনিষ্টসকলে শ্ৰমিক শ্ৰেণীৰ আন আন যিবিলাক পাৰ্টি আছে তাৰ কোনাে বিৰােধী স্বতন্ত্ৰ পাৰ্টি গঠন নকৰে৷
সমগ্ৰ শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থৰ বাহিৰে কমিউনিষ্টসকলৰ কোনাে সুকীয়া স্বাৰ্থ নাই৷
কমিউনিষ্টসকলে শ্ৰমিক শ্ৰেণীৰ আন্দোলন গঢ়ি তােলা আৰু ৰূপ দিয়াৰ কাৰণে নিজৰ কোনাে বিশেষ গােষ্ঠীগত নীতি চলাব নােখােজে৷
শ্ৰমিক শ্ৰেণীৰ অন্যান্য পাৰ্টিসমূহৰ লগত কমিউনিষ্টসকলৰ পাৰ্থক্য মাত্ৰ এইকেইটা কথাত : (১) কমিউনিষ্টসকলে বিভিন্ন দেশৰ শ্ৰমিকসকলৰ জাতীয় আন্দোলনৰ ক্ষেত্ৰত যিবােৰ স্বাৰ্থ সকলাে জাতিৰ শ্ৰমিকৰ কাৰণেই একে, সেইবিলাকৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তেনে উমৈহতীয়া স্বাৰ্থক সকলোতকৈ আগত ঠাই দিয়ে৷ (২) বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামে পাৰ হৈ যাবলগা প্ৰত্যেকটো স্তৰত কমিউনিষ্টসকলে সদায় আৰু সকলাে ক্ষেত্ৰতে সমগ্ৰ আন্দোলনৰ মূল স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰে৷
সেই কাৰণে, এফালেদি কমিউনিষ্টসকল হ’ল বাস্তৱ ক্ষেত্ৰত সকলাে দেশৰ শ্ৰমিক শ্ৰেণীৰ পাৰ্টিসমূহৰ আটাইতকৈ আগবঢ়া আৰু দৃঢ় প্ৰতিজ্ঞা থকা অংশ; বাকী সকলােকে আগ বঢ়াই লৈ যায় এই অংশটোৱেই; আনফালে, শ্ৰমিক শ্ৰেণীৰ বিপুল সংখ্যাৰ তুলনাত শ্ৰমিক আন্দোলনৰ অগ্ৰগতিৰ পথ, পৰিস্থিতি আৰু ইয়াৰ চূড়ান্ত সাধাৰণ পৰিণতি সম্পৰ্কেও কমিউনিষ্টসকলৰেই তত্ত্বগতভাৱে পৰিষ্কাৰ ধাৰণা থাকে৷
কমিউনিষ্টসকলৰো আশু লক্ষ্য শ্ৰমিক শ্ৰেণীৰ অন্যান্য পাৰ্টিৰ লগত একে : সেই লক্ষ্যবিলাক হ’ল শ্ৰমিকসকলক এটা শ্ৰেণী হিচাপে সংগঠিত কৰা, বুৰ্জোৱা শ্ৰেণীক ক্ষমতাৰ গাদীৰপৰা নমোৱা আৰু শ্ৰমিক শ্ৰেণীৰদ্বাৰা ৰাজনৈতিক ক্ষমতা দখল কৰা৷
কমিউনিষ্টসকলৰ তত্ত্বগত সিদ্ধান্তসমূহ কোনাে ভৱিষ্যৎ বিশ্ব-সংস্কাৰকে আৱিষ্কাৰ কৰা বা বিচাৰি উলিওৱা তেনে কোনো ধাৰণা কিম্বা মূল সূত্ৰৰ ওপবত প্ৰতিষ্ঠিত নহয়৷
বৰ্তমান চলি থকা শ্ৰেণী সংগ্ৰামৰ মাজেদি, আমাৰ চকুৰ আগতে ঘটি থকা ঐতিহাসিক আন্দোলনৰ মাজেদি যিবিলাক প্ৰকৃত সম্পৰ্ক ওলাই আহে, কমিউনিষ্টসকলে সাধাৰণভাৱে তাকেই মাত্ৰ সূত্ৰাকাৰত প্ৰকাশ কৰে৷ বৰ্তমান সম্পত্তিৰ অধিকাৰ সম্পৰ্কৰ উচ্ছেদ কৰাটো কমিউনিষ্টসকলৰ প্ৰধান উদ্দেশ্যৰ ভিতৰত মুঠেই নপৰে৷
ঐতিহাসিক অৱস্থাৰ পৰিৱৰ্তনৰ পৰিণতি হিচাপে আগতেও সমস্ত সম্পত্তি সম্পৰ্কৰ অনবৰত ঐতিহাসিকভাৱে সলনি ঘটি আহিছে৷ উদাহৰণস্বৰূপে, ফৰাচী বিপ্লৱে বুৰ্জোৱা শ্ৰেণীৰ সম্পত্তিৰ স্বাৰ্থত সামন্তবাদী সম্পত্তি ব্যৱস্থাৰ উচ্ছেদ ঘটাইছিল৷ সাধাৰণভাৱে সম্পত্তিৰ উচ্ছেদ সাধন কমিউনিষ্ট মতবাদৰ বিশেষত্ব নহয়৷ বুৰ্জোৱা সম্পত্তি ব্যৱস্থাৰ উচ্ছেদ সাধনহে কমিউনিষ্ট মতবাদৰ প্ৰধান বিশেষত্ব৷ কিন্তু শ্ৰেণী-বিৰােধৰ ওপৰত, এমুঠিয়ে অনেকক শােষণ কৰাৰ ওপৰত ভিত্তি কৰি বৰ্তমান চলি থকা ব্যক্তিগত বুৰ্জোৱা সম্পত্তিৰ ব্যৱস্থাই হ’ল বস্তু উৎপন্ন আৰু আত্মসাৎ কৰাৰ চৰম আৰু পৰিপূৰ্ণ প্ৰকাশ৷
এই অৰ্থত কমিউনিষ্টসকলৰ তত্ত্বক এটা বাক্যতে চমুৱাই ক’ব পাব এনেদৰে : ব্যক্তিগত সম্পত্তি মালিকানাৰ উচ্ছেদ সাধন৷
আমাক, কমিউনিষ্টসকলক, এইবুলি দোষাৰােপ কৰা হয় যে সকলো ব্যক্তিগত স্বতন্ত্ৰতা, সক্ৰিয়তা আৰু স্বাধীনতাৰ মূল ভিত্তি বুলি ভবা যি সম্পত্তি, আৰু ব্যক্তিবিশেষৰ নিজৰ পৰিশ্ৰমৰ ফল হিচাপে ব্যক্তিগতভাৱে উপাৰ্জন কৰা সেই সম্পত্তিৰ অধিকাৰ আমি লােপ কৰিব খােজো৷
বহু কষ্টেৰে, নিজ চেষ্টাৰে আৰু নিজেই উপাজন কৰা সম্পত্তি! বুৰ্জোৱা ব্যৱস্থাৰ আগতে সাধাৰণ কাৰিকৰ আৰু কৃষকৰ যি সম্পত্তি আছিল তাৰ কথা জানাে কোৱা হৈছে? সেই সম্পত্তি উচ্ছেদ কৰাৰতো প্ৰয়ােজন নাই৷ শিল্পৰ অগ্ৰগতিয়ে তাক ইতিমধ্যে বহু পৰিমাণে ধ্বংস কৰিলে আৰু এতিয়াও প্ৰতিদিনেই তাৰ ধ্বংস সাধন কৰি আছে।
তেনেহ’লে কি আধুনিক পুঁজিবাদী ব্যক্তিগত সম্পত্তিৰ কথা কোৱা হৈছে? কিন্তু মজুৰি খটা ব্যৱস্থাই জানো মজুৰৰ কাৰণে কিবা সম্পত্তিৰ সৃষ্টি কৰে? সমূলি নকৰে। ই সৃষ্টি কৰে মূলধন, অৰ্থাৎ মজুৰি শ্ৰমক শােষণ কৰা সেইধৰণৰ সম্পত্তি আৰু যি সম্পত্তি নতুন শােষণৰ কাৰণে মজুৰি খটাৰ নতুন যােগান ব্যৱস্থাৰ জন্মৰ চৰ্ত নােহােৱাকৈ বাঢ়িব নােৱাৰে৷ বৰ্তমানৰ সম্পত্তি ব্যৱস্থা পুঁজি আৰু মজুৰি খটাৰ মাজত চলা বিৰােধৰ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত৷ এই বিৰোধ দুয়ােটা ফালৰ কথাই আলােচনা কৰি চোৱা যাওক৷
পুঁজিপতি হ’বলৈ হ’লে উৎপাদনত কেৱল ব্যক্তিগত মৰ্যাদা পালেই নচলিব, সামাজিক মৰ্যাদাও পাব লাগিব৷ মূলধন সামূহিক সৃষ্টি; আৰু সমাজৰ বহু সদস্যৰ মিলিত কামৰ ফলতহে, কেৱল সেয়ে নহয়, শেষ অৱস্থাত সমাজৰ সকলােৰে মিলিত চেষ্টাৰ যােগেহে মাথােন ইয়াক কামত লগােৱা সম্ভৱ৷
গতিকে মূলধন ব্যক্তিগত নহয় – এটা সামাজিক শক্তি৷
সেই কাৰণে মূলধনক যেতিয়া উমৈহতীয়া সম্পত্তি কৰা হয়, সমাজৰ সকলােৰে সম্পত্তিলৈ পৰিণত কৰা হয় তাৰদ্বাৰা ব্যক্তিগত সম্পত্তি সামাজিক সম্পদলৈ ৰূপান্তৰিত নহয়৷ সম্পত্তিৰ কেৱল সামাজিক চৰিত্ৰটোৰহে সলনি ঘটে৷ ই নিজৰ শ্ৰেণীগত চৰিত্ৰ হেৰুৱায়৷
এতিয়া মজুৰি শ্ৰমৰ কথাটো আলােচনা কৰা যাওক৷ মজুৰি শ্ৰমৰ গড় দাম হ’ল নিম্নতম মজুৰি, অৰ্থাৎ একেবাৰে মজুৰ হিচাপে জীয়াই থাকিবলৈ হ’লেও যিখিনি উপকৰণ একান্ত প্ৰয়ােজন, সেইখিনি৷ গতিকে মজুৰে মজুৰি খাটি যিখিনি নিজৰ ভাগত পায় তাৰে কথমপি একেবাৰে মজুৰ হিচাপে জীয়াই থকা আৰু বংশ ৰক্ষা কৰাটোহে সম্ভৱ৷ আমি (কমিউনিষ্টসকলে) কোনােপ্ৰকাৰেই মানুহ হিচাপে জীয়াই থকা আৰু বংশ বৃদ্ধি কৰাৰ কাৰণে প্ৰয়ােজনীয় শ্ৰম-উৎপন্নৰ এই ভােগ দখল আৰু আনৰ শ্ৰমৰ ওপৰত প্ৰভুত্ব খটোৱাৰ কাৰণে যাৰ কোনাে উদ্বৃত্ত অংশই নাথাকে তেনেকুৱা ব্যক্তিগত ভােগ দখলৰ অধিকাৰ লােপ কৰিবলৈ মুঠেই নিবিচাৰোঁ৷ যি ব্যৱস্থাৰ তলত মজুৰ কেৱল মূলধন বঢ়াবলৈকে জীয়াই থাকিবলগা হয় আৰু যেতিয়ালৈকে শাসক শ্ৰেণীৰ স্বাৰ্থ পূৰণৰ প্ৰয়ােজন হয় তেতিয়ালৈকেহে মজুৰক বাচি থাকিবলৈ দিয়া হয়, সেই আত্মসাৎকৰণৰ শােচনীয় প্ৰকৃতিৰহে আমি বিলােপ সাধন কৰিবলৈ বিচাৰো৷
সেই কাৰণে বুৰ্জোৱা সমাজত জীৱন্ত মানুহৰ শ্ৰম হ’ল আগৰপৰা সাঁচি অহা শ্ৰম বঢ়োৱাৰ উপায় মাথােন৷ কিন্তু কমিউনিষ্ট সমাজত সঞ্চিত শ্ৰম হ’ল শ্ৰমিকৰ জীৱন অধিক উদাৰ, সমৃদ্ধ আৰু উন্নত কৰাৰ উপায়স্বৰপ৷
গতিকে বুৰ্জোৱা সমাজত বৰ্তমানৰ ওপৰত অতীতে আধিপত্য চলায়; কমিউনিষ্ট সমাজত আধিপত্য চলায় বৰ্তমানে অতীতৰ ওপৰত৷ বুৰ্জোৱা ব্যৱস্থাত মূলধন হ’ল স্বাধীন আৰু মূলধনৰ গাইগুটীয়া সত্তা থাকে; কিন্তু জীৱন্ত মানুহ হ’ল পৰাধীন আৰু ব্যক্তিগত সত্তা নথকা৷
অথচ এনে অৱস্থাৰ বিলােপ সাধনকে বুৰ্জোৱা শ্ৰেণীয়ে ব্যক্তিত্ব আৰু স্বাধীনতাৰ বিলােপ সাধন কৰা বুলি অভিযােগ কৰে! হওঁতে কথাটো ঠিকেই৷ বুৰ্জোৱা ব্যক্তিত্ব, বুৰ্জোৱা স্বাতন্ত্ৰ্য আৰু বুৰ্জোৱা স্বাধীনতাৰ বিলােপ সাধনেই আমাৰ লক্ষ্য৷ সেই কথাত কোনাে সন্দেহ নাই৷
বৰ্তমানৰ বুৰ্জোৱা ব্যৱস্থাত স্বাধীনতাৰ অৰ্থ হ’ল অবাধ বাণিজ্য, অবাধে বেচা-কিনাৰ অধিকাৰ৷ কিন্তু যদি বেচা-কিনা কথাটোৱেই নােহােৱা হয়, তেন্তে অবাধ বেচা-কিনাও লগতে নােহােৱা হ’ব৷ আমাৰ বুৰ্জোৱাসকলৰ অবাধ বেচা-কিনা আৰু সাধাৰণভাৱে স্বাধীনতা সম্পৰ্কে অন্যান্য যিবােৰ ডাঙৰ ডাঙৰ কথা তাৰ কিবা অৰ্থ থাকে, যদিহে কেৱল সীমাবদ্ধ বেচা-কিনাৰ লগত, মধ্য যুগৰ বহু বাধাৰ মাজত চলা বেপাৰীৰ লগত তাক ৰিজোৱা হয়৷ কিন্তু এই বেচা-কিনাৰ, উৎপাদনৰ বুৰ্জোৱা চৰ্তবােৰ আৰু স্বয়ং বুৰ্জোৱা শ্ৰেণীৰেই কমিউনিষ্টধৰণৰ উচ্ছেদৰ কথাত বিৰােধিতা কৰিলে সিবােৰৰ কোনাে অৰ্থই থাকিব নােৱাৰে৷
ব্যক্তিগত সম্পত্তিৰ বিলােপ সাধনৰ কথাত আপােনালােক ভয়ত অত্ৰাহি হৈ উঠিছে৷ কিন্তু আপােনাসকলৰ বৰ্তমানৰ সমাজখনতে দহজনৰ ভিতৰত নজনৰ ব্যক্তিগত সম্পত্তিৰ বিলােপ সাধন কৰা হৈছে৷ এমুঠিৰ হাতত ব্যক্তিগত সম্পত্তি থকাৰ অৰ্থই হৈছে দহজনৰ ভিতৰত নজনৰ ব্যক্তিগত সম্পত্তি নথকা৷ সেই কাৰণে আপােনাসকলে আমাক যিধৰণৰ সম্পত্তি ব্যৱস্থাৰ বিলােপ সাধন কৰিব খােজা বুলি দোষাৰােপ কৰে, সেই সম্পত্তি ব্যৱস্থাৰ অস্তিত্বৰ অপৰিহাৰ্য চৰ্ত হ’ল সমাজৰ বিপুল সংখ্যাগৰিষ্ঠ লােকৰ হাতত সম্পত্তি বুলিবলৈ একো নথকাটো৷
এক কথাত, আপােনাসকলে আমাক দোষাৰােপ কৰে, আমি আপােনাসকলৰ সম্পত্তিৰ উচ্ছেদ কৰিবলৈ বিচাৰোঁ বুলি৷ কথাটো ঠিকেই৷ আমিও আচলতে তাকেই কৰিবলৈ বিচাৰোঁ৷
যি মুহূৰ্তৰপৰা শ্ৰমক মলধনলৈ, ধন-মুদ্ৰা, বা খাজনালৈ পৰিৱৰ্তন কৰিব নােৱৰা অৱস্থা আহি পৰে, একচেটিয়া কৰ্তৃত্ব কৰি ল’ব পৰা এটা সামাজিক শক্তিলৈ পৰিণত কৰিব নােৱৰা অৱস্থা হয়, অৰ্থাৎ যি মুহূৰ্হতৰপৰাই, ব্যক্তিগত সম্পত্তিক বুৰ্জোৱা সম্পত্তিলৈ, মূলধনলৈ ৰূপান্তৰিত কৰিব নােৱৰা অৱস্থা আহি পৰে, সেই মুহূৰ্তৰপৰাই আপােনাসকলৰ মতে ব্যক্তি-সত্তাও লােপ পায়৷
গতিকে এই কথা আপােনাসকলে স্বীকাৰ কৰিবলৈ বাধ্য যে আপােনাসকলৰ মতে বুৰ্জোৱা শ্ৰেণী আৰু মধ্য শ্ৰেণীৰ সম্পত্তিৰ মালিকেই হ’ল একমাত্ৰ ব্যক্তি৷ স্বভাৱতেই পথৰ কণ্টকস্বৰপ এনে ব্যক্তিক দূৰ কৰিবই লাগিব, তেনে ব্যক্তিৰ অস্তিত্ব অসম্ভৱ কৰি তুলিবই লাগিব৷
সমাজৰ উৎপাদনৰ ফলভােগৰ অধিকাৰৰপৰা সাম্যবাদে কোনাে মানুহকে বঞ্চিত নকৰে৷ এনে ফল ভােগৰদ্বাৰা আন মানুহৰ শ্ৰমক নিজৰ তলতীয়া কৰা, সেইজনৰ ক্ষমতাকহে সাম্যবাদে বঞ্চিত কৰিব খােজে৷ ব্যক্তিগত সম্পত্তিৰ মালিকানা উঠাই দিলে সকলাে কাম-কাজ বন্ধ হৈ যাব আৰু এলাহে গােটেই পুথিৱী বিয়পি পৰিব বুলিও অভিযােগ তোলা হয়৷
সেয়ে যদি হয় তেন্তে এলাহৰ কাৰণে বুৰ্জোৱা সমাজ বহুদিনৰ আগতে ৰসাতললৈ যাব লাগিছিল৷ কাৰণ এই ব্যৱস্থাত কাম কৰাসকলে একো নাপায় আৰু পােৱাসকলে একো নকৰে৷ এই গােটেই আপত্তিটো হ’ল – যদি পুঁজি নাথাকে তেন্তে তাত মজুৰি খটাও থাকিব নােৱাৰে বুলি কোৱা কথাকে অন্যভাৱে দোহাৰি কোৱা মাথােন৷ সাম্যবাদী প্ৰথাৰে বৈষয়িক সম্পদৰ উৎপাদন আৰু ফলভােগ কৰা পদ্ধতিৰ বিৰুদ্ধে যি আপত্তি তােলা হয়, ঠিক তেনেকৈয়ে সাম্যবাদী পদ্ধতিত বুদ্ধি-বৃত্তিৰ ক্ষেত্ৰত হােৱা উৎপাদন আৰু ফলভােগৰ বিৰুদ্ধেও আপত্তি তােলা হয়৷ বুৰ্জোৱাসকলৰ কাৰণে শ্ৰেণীগত সম্পত্তি বিলােপ পােৱাটো যেনেকৈ কোনাে উৎপাদন নােহােৱাৰ সমান বুলি ভবা হয়, ঠিক তেনেকৈয়ে, শ্ৰেণীগত সংস্কৃতি লােপ পােৱাটোও তেওঁলােকৰ কাৰণে সকলাে সংস্কৃতি লােপ পােৱাৰে সৈতে একে৷
যি সংস্কৃতি লােপ পােৱাৰ কাৰণে তেওঁলােকে আক্ষেপ কৰে, বিপুল সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ কাৰণে সেই সংস্কৃতি হ’ল কেৱল যন্ত্ৰৰ দৰে কাম কৰাৰ এক প্ৰশিক্ষণ৷
কমিউনিষ্টসকলে বুৰ্জোৱা সম্পত্তিৰ উচ্ছেদ কৰিবলৈ বিচৰা কথাটো যদি স্বাধীনতা, সংস্কৃতি, আইন আদিৰ সম্পৰ্কে বুৰ্জোৱা শ্ৰেণীৰ দষ্টিভঙ্গী লৈ বিচাৰ কৰিবলৈ যােৱা হয়, তেন্তে আমাৰ লগত তৰ্ক কৰিব নােযােৱাটোৱেই উচিত৷ অপােনাসকলৰ ধাৰণাসমূহ নিজৰ বুৰ্জোৱা উৎপাদন আৰু বুৰ্জোৱা সম্পত্তি ব্যৱস্থাৰ পৰিস্থিতিৰেই ফল মাথােন, ঠিক যেনেকৈ আপােনাসকলৰ আইন হৈছে আপােনাসকলৰ নিজৰ শ্ৰেণীৰ ইচ্ছা আন সকলােৰে ওপৰত আইন হিচাপে জাপি দিয়াটো৷ আপােনাসকলৰ এই ইচ্ছাৰ অপৰিহাৰ্য চবিত্ৰ আৰু তাৰ গতি নিৰ্ধাৰণ কৰে আপােনাসকলৰ শ্ৰেণীৰেই অৰ্থনৈতিক অৱস্থিতিয়ে৷
আপােনাসকলৰ উৎপাদন প্ৰণালী আৰু সম্পত্তি ব্যৱস্থাৰপৰা যি সামাজিক ৰূপবােৰ গঢ়ি উঠিছে, উৎপন্নৰ অগ্ৰগতিৰ লগে লগে ঐতিহাসিক তেনে সম্পৰ্কবিলাকৰ উৎপত্তি আৰু বিলােপ সাধন ঘটে; কিন্তু স্বাৰ্থপৰ ভুল বিশ্বাসৰ কাৰণে আপােনাসকলে এইবিলাকক প্ৰকৃতিৰ আৰু যুক্তিৰ চিৰন্তন আইন বুলি চলাই নিবলৈ বিচাৰে৷ আপােনাসকলৰ আগৰ শাসক গােষ্ঠীবিলাকেও এনে স্বাৰ্থপৰ ভুল ধাৰণাৰে বশৱৰ্তী আছিল আৰু আপােনাসকলেও তেওঁলােকৰ দৰেই ভাবিছে৷ প্ৰাচীন সম্পত্তিৰ ক্ষেত্ৰত যিটো কথা আপােনাসকলে স্পষ্টভাৱে দেখিবলৈ পায়, সামন্ততান্ত্ৰিক সম্পত্তি ব্যৱস্থাৰ ক্ষেত্ৰত আপােনাসকলে যিটো কথা স্বীকাৰ কৰে, নিজৰ বুৰ্জোৱা সম্পত্তিৰ বেলিকা সেই কথাটিকে স্বীকাৰ কৰাত অৱশ্যে আপােনাসকলৰ ক্ষেত্ৰত বাধা৷
পৰিয়ালৰ বিলােপ সাধন!
আনকি উগ্ৰপন্থীসকলাে কমিউনিষ্টৰ এই জঘন্য প্ৰস্তাৱত খঙত জ্বলি-পকি উঠে৷ বৰ্তমান পৰিয়ালৰ অৰ্থাৎ বুৰ্জোৱা অৱস্থাৰ তলত পৰিয়ালৰ ভিত্তি কি? মূলধনৰ ওপৰত; গাইগুটীয়া লাভৰ ওপৰত সম্পূৰ্ণ বিকাশপ্ৰাপ্ত অৱস্থাত এই পৰিয়াল সম্ভৱ কেৱল বুৰ্জোৱা শ্ৰেণীৰ ভিতৰতহে৷ আনহাতে এই ব্যৱস্থাৰ পৰিপূৰক হিচাপেই আছে শ্ৰমিকসকলৰ মাজত প্ৰকৃত পৰিয়াল বান্ধোনৰ অভাৱ আৰু প্ৰকাশ্য বেশ্যাবৃত্তি৷
এই পৰিপূৰক অৱস্থাৰ অৱসানৰ লগে লগেই বুৰ্জোৱা পৰিয়ালৰো অস্তিত্ব নােহােৱা হ’ব আৰু মূলধন বিলােপৰ লগে লগে দুয়ােটাই লােপ পাব৷
এইটোও কি আমাৰ বিৰুদ্ধে অভিযােগ যে আমি মাক-বাপেকে সন্তানক শােষণ কৰাৰ পথ বন্ধ কৰিব খুজিছোঁ? যদি সেয়ে হয় এই দোষ আমি স্বীকাৰ কৰোঁ৷
কিন্তু ঘৰুৱাভাৱে শিক্ষা লাভৰ ঠাইত আমি সামাজিক শিক্ষাৰ ব্যৱস্থা কৰিব খােজো৷ আপােনাসকলৰ মতে তেনে কৰাৰ অৰ্থ হ’ল আমি অতি পবিত্ৰ সম্পৰ্ককে ধ্বংস কৰিব খুজিছোঁ৷
আৰু আপােনাসকলৰ শিক্ষাটো! সেই শিক্ষাও জানাে সামাজিক নহয়, আৰু আপােনাসকলে যি সামাজিক অৱস্থাত শিক্ষা দিয়ে তাৰদ্বাৰা, সমাজৰ প্ৰত্যক্ষ বা পৰােক্ষ হস্তক্ষেপৰদ্বাৰা, স্কুল আদিৰদ্বাৰা জানাে তাৰ অৱস্থা নিৰ্ণয় কৰা নহয়? শিক্ষাৰ ক্ষেত্ৰত সমাজৰ হস্তক্ষেপ কমিউনিষ্টৰ নিজৰ আৱিষ্কাৰ নহয়৷ তেওঁলােকে মাথােন হস্তক্ষেপৰ চৰিত্ৰ সলনি কৰিব খােজে আৰু শিক্ষাব্যৱস্থাক শাসক শ্ৰেণীৰ প্ৰভাৱৰপৰা মুক্ত কৰিবলৈ বিচাৰে৷
আধুনিক শিল্প বিকাশৰ কৃপাত যিমানেই শ্ৰমিক শ্ৰেণীৰ মাজত পৰিয়ালৰ সকলাে সম্বন্ধ ছিগি যাবলৈ ধৰিছে, যিমানেই তেওঁলােকৰ ল’ৰা-ছােৱালী কিনা-বেচাৰ সামগ্ৰী আৰু শ্ৰমৰ আহিলাস্বৰূপ মাত্ৰ হ’বলৈ ধৰিছে, সিমানেই পৰিয়াল আৰু শিক্ষাৰ বিষয়ে, পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ পৱিত্ৰ সম্পৰ্ক বিষয়ে বুৰ্জোৱা শ্ৰেণীৰ ডাঙৰ ডাঙৰ কথাবিলাক শুনিবলৈ তিতা লগা হৈ পৰিছে৷
তোমালােকে তিৰােতাক সমূহীয়া সম্পত্তি কৰিব খােজা – সুমদায় বুৰ্জোৱা শ্ৰেণীয়ে একেমুখে আমাৰ বিৰুদ্ধে এই অভিযােগ তােলে৷
বুৰ্জোৱা শ্ৰেণীয়ে নিজৰ তিৰােতাক কেৱল উৎপাদনৰ আহিলা হিচাপেই ভাবে৷ তেওঁলােকে শুনিছে যে উৎপাদনৰ আহিলাসমূহ উমৈহতীয়াভাৱে ব্যৱহাৰ কৰা হ’ব৷ গতিকে উৎপাদনৰ সকলাে আহিলাৰ যি গতি, তেনেকৈয়ে তিৰােতাৰ ভাগ্যতাে সকলােৰে ভােগ্য হ’বলৈ বাধ্য – ইয়াৰ বাহিৰে আন সিদ্ধান্তলৈ যােৱাটো তেওঁলােকৰ পক্ষে সম্ভৱ নহয়৷
আনকি এইকণ সন্দেহো তেওঁলােকৰ মনত নহয় যে আচল লক্ষ্যটো হ’ল তিৰােতাক কেৱল উৎপাদনৰ আহিলা হিচাপে ৰখাৰ অৱস্থাটোৰহে কমিউনিষ্টসকলে ওৰ পেলাব খােজে৷ তদুপৰি, কমিউনিষ্টসকলে প্ৰকাশ্যভাৱে, চৰকাৰীভাৱে তিৰােতাক উমৈহতীয়া সম্পত্তি কৰিব খােজে বুলি বুৰ্জোৱা দলে যি পৱিত্ৰ ক্ৰোধ প্ৰকাশৰ ভাও ধৰিব খােজে, তাতােকৈ হাঁহিয়াতৰ কথা আৰু একো হ’ব নােৱাৰে৷ কমিউনিষ্টসকলে তিৰোতাক উমৈহতীয়া সম্পত্তি কৰাৰ কোনাে প্ৰয়ােজন নাই, প্ৰায় স্মৰণাতীত কালৰপৰা সেই প্ৰথা চলিয়েই আহিছে৷
সাধাৰণ বেশ্যাৰ কথাতো ক’বই নালাগে, বুৰ্জোৱা শ্ৰেণীয়ে তাৰ উপৰিও নিজৰ শ্ৰমিক শ্ৰেণীৰ তিৰােতা আৰু জীয়ৰীসকলক হাতৰ মুঠিত ৰাখে, তাতো সন্তুষ্ট নাথাকি ইজনে সিজনৰ তিৰােতাক ফুচুলাই নিয়াতহে আনন্দ পায়।
বুৰ্জোৱা বিয়াৰ অৰ্থ হ’ল তিৰোতাক আচলতে উমৈহতীয়া কৰি ৰখাৰ ব্যৱস্থা মাত্ৰ। গতিকে কমিউনিষ্টসকলৰ বিৰুদ্ধে খুব বেছি এইবুলি অভিযােগ অনা হ’ব পাৰে যে তিৰােতাক ভণ্ডামিৰে সৈতে ভণ্ডামিৰে সৈতে গােপনে উমৈহতীয়া সম্পত্তি কৰি ৰখাৰ ঠাইত কমিউনিষ্টসকলে ইয়াক প্ৰকাশ্যে আইনসঙ্গত ৰূপ দিব খােজে৷ ইয়াৰ বাহিৰেও এই কথা স্বতঃসিদ্ধ যে উৎপাদনৰ বৰ্তমান ব্যৱস্থা লােপ পােৱাৰ লগে লগেই, সেই ব্যৱস্থাৰপৰাই উদ্ভৱ হােৱা, তিৰােতাক সাধাৰণ সম্পত্তি হিচাপে ৰখাৰ ব্যৱস্থাটোৰো, অৰ্থাৎ প্ৰকাশ্য আৰু গােপন উভয় বেশ্যাবৃত্তিৰাে অৱশ্যেই অৱসান ঘটিব৷
স্বদেশ আৰু জাতিসত্তাৰ বিলােপ সাধন কৰিবলৈ বিচাৰে বুলি কমিউনিষ্টসকলৰ বিৰূদ্ধে অভিযােগ তােলা হয়৷
শ্ৰমিকসকলৰ নিজৰ কোনাে দেশ নাই৷ তেওঁলােকৰ নিজৰ যিটো বস্তু নাই তাক আমি তেওঁলােকৰপৰা কাঢ়ি নিব নােৱাৰো৷ প্ৰথমে শ্ৰমিক শ্ৰেণীয়ে ৰাজনৈতিক প্ৰাধান্য লাভ কৰিব লাগিব, জাতিক পৰিচালনা কৰা শ্ৰেণী হিচাপে প্ৰতিষ্ঠিত হ’ব লাগিব আৰু নিজকে জাতি হিচাপে গঠন কৰিব লাগিব; কথাটো বুৰ্জোৱা অৰ্থত নহয় যদিও এইপৰ্যন্ত শ্ৰমিক শ্ৰেণী নিজেই জাতীয় চৰিত্ৰৰ৷
বুৰ্জোৱা শ্ৰেণীৰ বিকাশৰ কাৰণে, বেহা-বেপাৰৰ স্বাধীনতাৰ কাৰণে, বিশ্ববজাৰ প্ৰতিষ্ঠা হােৱাৰ কাৰণে, উৎপাদন পদ্ধতি আৰু তাৰেই লগত খাপ খােৱা জীৱনধাৰণৰ প্ৰণালী একে হােৱাৰ কাৰণে জাতিসমূহৰ মাজত জাতিগত পাৰ্থক্য আৰু বিৰােধ ক্ৰমে কমি যাবলৈ ধৰিছে৷
শ্ৰমিক শ্ৰেণীৰ আধিপত্য প্ৰতিষ্ঠাৰ লগে লগে এই পাৰ্থক্য আৰু বিৰােধ আৰু দ্ৰুতভাৱে কমি যাব৷ অন্ততঃ নেতৃস্থানীয়, সুসভ্য দেশসমূহৰ মাজত হােৱা মিলিত প্ৰচেষ্টাই হ’ল শ্ৰমিক শ্ৰেণীৰ মুক্তি লাভৰ প্ৰাথমিক চৰ্তসমূহৰ অন্যতম৷
মানুহে মানুহক শােষণ কৰাৰ ব্যৱস্থা যি পৰিমাণে লােপ পাই আহিব, এটা জাতিয়ে আন এটা জাতিৰ ওপৰত চলােৱা শােষণৰো সেই অনুপাতেই ওৰ পৰি আহিব৷ একেটা জাতিৰ ভিতৰতে শ্ৰেণীসমূহৰ মাজৰ বিৰোধ যি পৰিমাণে শেষ হৈ আহিব, সেই অনুপাতেই এটা জাতিৰ লগত আনটো জাতিৰ শত্ৰুতাৰাে অৱসান ঘটি আহিব৷
ধৰ্ম, দৰ্শন আৰু সাধাৰণভাৱে তত্ত্বগত ভাবাদৰ্শৰ ফালৰপৰা কমিউনিষ্টসকলৰ বিৰুদ্ধে যিবিলাক অভিযােগ তোলা হয়, সেইবিলাক গুৰুত্ব দি বিবেচনা কৰাৰো যােগ্য নহয়৷
মানুহৰ বৈষয়িক অস্তিত্বৰ অৱস্থা, সামাজিক সম্পৰ্ক আৰু সামাজিক জীৱনত ঘটা প্ৰত্যেকটো সাল-সলনিৰ লগে লগেই মানুহৰ ধাৰণা, মতামত আৰু বিশ্বাস অৰ্থাৎ এক কথাত, মানহৰ চেতনাও সলনি হৈ গৈ থাকে৷ এই কথাটো বুজিবলৈ জানাে কিবা গভীৰ অন্তৰ্দৃষ্টিৰ প্ৰয়ােজন আছে?
চিন্তাৰ ইতিহাসে জানাে এই কথাই প্ৰমাণ নকৰে যে বৈষয়িক উৎপাদনৰ ধৰণ সলনিৰ লগে লগেই মানুহৰ বুদ্ধিবৃত্তিৰ উৎপাদনৰ প্ৰকৃতিতো একে অনুপাতেই পৰিৱৰ্তন ঘটে? প্ৰতি যুগতে শাসক শ্ৰেণীৰ নিজৰ ভাবধাৰণাই হ’ল সমাজৰ চিন্তা নিয়ন্ত্ৰণ কৰাৰ ভাবধাৰণা৷
সমাজলৈ বৈপ্লৱিক পৰিৱৰ্তন অনা ভাবধাৰণাবিলাকৰ কথা যেতিয়া কোৱা হয়, তেতিয়া এই কথাই কোৱা হয় যে পুৰণি সমাজৰ ভিতৰতেই নতুন সমাজৰ ভাবধাৰণাই গজালি মেলি উঠে আৰু জীৱনধাৰণৰ পুৰণি ব্যৱস্থাবােৰ উৱলি যােৱাৰ লগে লগেই পুৰণি ধাৰণাবিলাকো আনকি সমানে জহি-খহি যাবলৈ ধৰে৷
প্ৰাচীন জগতৰ শেষৰ ফালে খ্ৰীষ্ট ধৰ্মই প্ৰাচীন ধৰ্মসমূহক পৰাজয় কৰে৷ ওঠৰ শতিকাত যেতিয়া খ্ৰীষ্টান ভাবধাৰণাই যুক্তিবাদী ভাবধাৰণাৰ ওচৰত সেও মানিবলগা হয়, তেতিয়া সামন্ত সমাজে সেই সময়ৰ বিপ্লৱী বুৰ্জোৱা শ্ৰেণীৰ লগত জীৱন-মৰণ সংগ্ৰাম চলাবলগীয়া হৈছিল৷ ধৰ্মীয় উদাৰতা আৰু বিবেকৰ স্বাধীনতাই জ্ঞানৰ ৰাজ্যত অবাধ প্ৰতিযােগিতাৰ দিন আহি পৰাৰ কথাটোকেই মাথােন প্ৰমাণ কৰে৷
যুক্তি দিয়া হ’ব যে ঐতিহাসিক বিকাশৰ লগে লগেই ধৰ্মৰ ধাৰণা, নৈতিক ধাৰণা, দাৰ্শনিক ধাৰণা আৰু আইনৰ ধাৰণাৰ ক্ষেত্ৰতাে নিঃসন্দেহে পৰিৱৰ্তন আহি পৰে৷ কিন্তু এই পৰিৱৰ্তনবােৰ সদায় অতিক্ৰম কৰি ধৰ্ম, নৈতিকতা, দৰ্শন, ৰাষ্ট্ৰবিজ্ঞান আৰু আইন বৰ্তি আহিছে৷
‘স্বাধীনতা, ন্যায়-বিচাৰ আদিৰ দৰে সদায়ে চিৰন্তন সত্য কিছুমানাে আছে, সমাজৰ সকলাে স্তৰতে এইবিলাক বিদ্যমান৷ কিন্তু সাম্যবাদে এই চিৰন্তন সত্যবিলাক নিৰ্মূল কৰিব খােজে – নতুন ভিত্তিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে তেওঁলােকে সকলাে ধৰ্ম আৰু সকলাে নৈতিকতাৰ উচ্ছেদ সাধন কৰিব খােজে৷ গতিকে সাম্যবাদ অতীতৰ সকলাে ঐতিহাসিক অভিজ্ঞতাৰ পৰিপন্থী৷’
এই অভিযােগৰ আচল কথা কি? অতীতৰ সকলাে সমাজৰেই ইতিহাস হ’ল বিভিন্ন যুগত বিভিন্ন ৰূপ লৈ বাঢ়ি অহা শ্ৰেণী-বিৰোধৰেই ইতিহাস, সেই শ্ৰেণী-বিৰােধৰ চেহেৰা যেনেকুৱাই নহওক কিয়, এটা বিষয় কিন্তু আগৰ সকলো যুগতে একে আছিল – সমাজৰ এটা অংশক আন এটাৰদ্বাৰা শােষণ৷ সেইকাৰণে এইটো আচৰিত হ’বলগীয়া কথা নহয় যে অতীত যুগৰ সামাজিক চেতনাই বহুবিধ আৰু বহু প্ৰকাৰৰ মাজেদি নিজক প্ৰকাশ কৰা সত্ত্বেও কিছুমান উমৈহতীয়া ৰূপ বা সাধাৰণ ধ্যান-ধাৰণাৰ মাজতে ঘূৰি-পকি থাকিবলগা হয় আৰু শ্ৰেণী-বিৰোধ সম্পূৰ্ণভাৱে শেষ নােহােৱাপৰ্যন্ত এনেধৰণৰ চিন্তাবিলাকো একেবাৰে লুপ্ত হৈ নাযায়৷
চিৰাচৰিত সম্পত্তি ব্যৱস্থাৰ সম্পৰ্কৰ লগত আমূল বিচ্ছেদ ঘটোৱাই হ’ল সাম্যবাদী বিপ্লৱ৷ সেইকাৰণে কমিউনিষ্ট বিপ্লৱে চলি অহা পুৰণি ধাৰণা-চেতনাৰ ক্ষেত্ৰতাে যে আমূল বিচ্ছেদ ঘটাব তাত আচৰিত হ’বলগা একো নাই৷
এতিয়া বুৰ্জোৱা শ্ৰেণীয়ে কমিউনিষ্ট মতবাদৰ বিৰুদ্ধে অনা অভিযােগবিলাক খণ্ডন কৰাৰ চেষ্টা কৰা যাওক৷
শ্ৰমিক শ্ৰেণীক শাসক শ্ৰেণীলৈ তােলা আৰু গণতন্ত্ৰৰ সংগ্ৰামত জয়লাভ কৰাটোৱেই যে শ্ৰমিক শ্ৰেণীৰ বিপ্লৱৰ প্ৰথম স্তৰ সেই কথা আমি আগতে পাই আহিছো৷
বুৰ্জোৱা শ্ৰেণীৰপৰা সকলো পুঁজি ক্ৰমশঃ কাঢ়ি অনাৰ কাৰণে, উৎপাদনৰ সকলাে আহিলা ৰাষ্ট্ৰৰ হাতলৈ অৰ্থাৎ শাসক শ্ৰেণী হিচাপে সংগঠিত হােৱা শ্ৰমিক শ্ৰেণীৰ হাতত কেন্দ্ৰীভূত কৰাৰ কাৰণে আৰু যিমান সােনকালে সম্ভৱ সিমান কম সময়ৰ ভিতৰতে উৎপাদিকা শক্তি যােগফল বৃদ্ধিৰ কাৰণে শ্ৰমিক শ্ৰেণীয়ে নিজৰ ৰাজনৈতিক আধিপত্য কাৰ্যক্ষেত্ৰত প্ৰয়ােগ কৰিব৷
প্ৰথম অৱস্থাত অৱশ্যে সম্পত্তিৰ অধিকাৰ আৰু বুৰ্জোৱা উৎপাদন অৱস্থাৰ ওপৰত স্বেচ্ছাচাৰীভাৱে বল প্ৰয়ােগ কৰাৰ বাহিৰে সেই কাম সম্পন্ন কৰিবলৈ আন উপায় নাই৷ সেইকাৰণে, এনে ক্ষেত্ৰত লােৱা ব্যৱস্থাবিলাক অৰ্থনৈতিকভাৱে অপৰ্যাপ্ত আৰু অযৌক্তিক যেন লাগে৷ কিন্তু আন্দোলনৰ গতি আগ বঢ়াৰ লগে লগেই সেই ব্যৱস্থাবােৰে নিজ সীমা অতিক্ৰম কৰি পুৰণি সমাজব্যৱস্থাৰ ওপৰত অধিক আঘাত কৰাটো প্ৰয়ােজনীয় কৰি তােলে, আৰু উৎপাদন পদ্ধতিত পৰিপূৰ্ণ বিপ্লৱ অনাৰ কাৰণে ইয়াৰ বাহিৰে আৰু অন্য উপায় নাথাকে৷ দেশ-ভেদে এই ব্যৱস্থাবিলাকো অৱশ্যে বেলেগ বেলেগধৰণৰ হ’ব৷
তথাপিও আটাইতকৈ আগবঢ়া দেশসমূহত সাধাৰণভাৱে তলত উল্লেখ কৰাধৰণৰ ব্যৱস্থা প্ৰয়ােগ কৰিব পৰা যাব :
১৷ ভূমিৰ ওপৰত ব্যক্তিগত অধিকাৰ লােপ কৰা আৰু ভূমিৰ সমুদায় খাজনা ৰাজহুৱা স্বাৰ্থত ব্যয় কৰা৷
২৷ উচ্চ মাত্ৰাৰ ক্ৰমবৰ্ধমান হাবত আয়-কৰ৷
৩৷ উত্তৰাধিকাৰসূত্ৰে সম্পত্তি পােৱাৰ সমস্ত অধিকাৰ লােপ কৰা৷
৪৷ বিপ্লৱৰ বিৰােধিতা কৰা আৰু নিজৰ দেশ এৰি গুচি যােৱা সকলাে লােকৰ সম্পত্তি বাজেয়াপ্ত কৰা৷
৫৷ সম্পূৰ্ণ কৰ্তৃত্ব আৰু ৰাষ্ট্ৰীয় মূলধনসহ জাতীয় বেঙ্ক প্ৰতিষ্ঠাৰ যােগে দেশৰ লেনদেনৰ ব্যৱস্থা কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰৰ হাতলৈ আনিব লাগিব৷
৬৷ যােগাযােগ আৰু পৰিবহণৰ ব্যৱস্থা বাষ্ট্ৰৰ হাতত কেন্দ্ৰীভূত হ’ব লাগিব৷
৭৷ ৰাষ্ট্ৰৰ হাতত থকা কল-কাৰখানা আৰু উৎপাদনৰ আহিলাবােৰ বঢ়াব লাগিব৷ পতিত মাটি খেতিৰ উপযােগী কৰিব লাগিব, আৰু সাধাৰণ পৰিকল্পনাৰ যােগে ভূমিৰ উৎকৰ্ষ সাধন কৰিব লাগিব৷
৮৷ সকলােৰে ওপৰত কাম কৰাৰ সমানে দায়িত্ব থাকিব৷ শিল্পবাহিনী গঠন কৰিব লাগিব, বিশেষকৈ কৃষিৰ কাৰণে৷
৯৷ কৃষিৰ লগত যন্ত্ৰশিল্পৰ সংযােগ ঘটাব লাগিব৷ দেশৰ সকলাে ঠাইতে সমানভাৱে লােকবসতিৰ ব্যৱস্থা অধিক পৰিমাণে কৰি নগৰ আৰু গাঁৱৰ পাৰ্থক্য ক্ৰমে কমাই আনিব লাগিব৷
১০৷ চৰকাৰী শিক্ষানুষ্ঠানৰ যােগে সকলাে ল’ৰা-ছােৱালীৰ কাৰণে বিনা খৰচে শিক্ষাৰ ব্যৱস্থা হ’ব লাগিব৷ কল-কাৰখানাত বৰ্তমান নাবালকে যিধৰণে খাটিব লাগে সেই প্ৰথা উঠাই দিব লাগিব৷ শিক্ষাৰ লগত শিল্প উৎপাদনৰ যােগাযােগ ঘটাব লাগিব, ইত্যাদি৷
এইদৰে অগ্ৰগতি সাধিত হৈ গৈ থাকোতে, যেতিয়া শ্ৰেণী প্ৰভেদৰ অৱসান ঘটিব, সমগ্ৰ জাতিৰ বিৰাট সংগঠন-শক্তিৰ হাতত যেতিয়া সমস্ত উৎপাদন কেন্দ্ৰীভূত হ’ব, সেই সময়ত ৰাজহুৱা চৰকাৰী শক্তিৰ ৰাজনৈতিক চৰিত্ৰ আৰু নাথাকিব৷ ৰাজনৈতিক ক্ষমতা হ’ল, ঠিক কথাত ক’বলৈ হ’লে, এক শ্ৰেণীয়ে অন্য এক শ্ৰেণীক দমন কৰাৰ কাৰণে তাৰ সংগঠিত শক্তি মাত্ৰ৷ যদি বুৰ্জোৱা শ্ৰেণীৰ লগত হােৱা সংঘৰ্ষৰ ভিতৰেদি শ্ৰমিক শ্ৰেণীক ঘটনাচক্ৰই নিজকে শ্ৰেণী হিচাপে সংগঠিত কৰিবলৈ বাধ্য কৰে, যদি বিপ্লৱৰ যােগে শ্ৰমিক শ্ৰেণীয়ে নিজকে শাসক শ্ৰেণী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে আৰু তাৰ যােগে উৎপাদনৰ পুৰণি ব্যৱস্থাক বল প্ৰয়োগেৰে ভাঙি দিব পাৰে, তেন্তে সেই অৱস্থাবােৰৰ লগে লগেই শ্ৰেণী-বিৰোধ বৰ্তি থকা অৱস্থাৰ আৰু সাধাৰণভাৱে শ্ৰেণীসমূহৰো অস্তিত্ব লােপ পাব, আৰু তাৰদ্বাৰায়ে শ্ৰমিক শ্ৰেণীয়ে শ্ৰেণী হিচাপে নিজৰ আধিপত্য ঘটাব৷
ইয়াৰ সকলাে শ্ৰেণী আৰু শ্ৰেণী-বিৰােধেৰে সৈতে পুৰণি বুৰ্জোৱা সমাজৰ ঠাইত আমি তেতিয়া এনে এখন সমাজ পাম – য’ত প্ৰত্যেকৰ স্বাধীন বিকাশেই হ’ব সকলােৰে কাৰণে স্বাধীন বিকাশৰো চৰ্ত৷