কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ/জাৰ্মান বা 'নিভাঁজ' সমাজতন্ত্ৰ
ক্ষমতাৰ গাদীত থকা বুৰ্জোৱা শ্ৰেণীৰ হেঁচাত জন্ম পােৱা আৰু ক্ষমতাৰ বিৰুদ্ধে সংগ্ৰাম হিচাপেই আত্মপ্ৰকাশ কৰা ফৰাচী দেশৰ সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্য জাৰ্মানিতো চলিবলৈ ধৰে৷ সেই সময়ত জাৰ্মানিত স্বেচ্ছাচাৰী সামন্ততন্ত্ৰৰ বিৰুদ্ধে বুৰ্জোৱা শ্ৰেণীৰ সংগ্ৰামৰ আৰম্ভহে মাথােন হৈছিল৷
জাৰ্মানিৰ দাৰ্শনিকসকলে, দাৰ্শনিক হ’বলৈ বিচৰাসকলে আৰু চিন্তা কৰোতাসকলে এই সাহিত্য আগ্ৰহেৰে সৈতে আদৰি ল’লে৷ তেওঁলােকে মাথােঁ এই কথাটো পাহৰি গৈছিল যে ফ্ৰান্সৰপৰা এই সাহিত্য জাৰ্মানিলৈ অহাৰ লগে লগে ফৰাচী সামাজিক অৱস্থাটোও উঠি অহা নাছিল৷ জাৰ্মানিৰ সামাজিক অৱস্থাৰ সংস্পৰ্শলৈ আহি এই ফৰাচী সাহিত্যই তাৰ অবিলম্বে কামত লগাবলগীয়া বিষয়ৰ বাস্তৱ তাৎপৰ্য হেৰুৱাই পেলায় আৰু কেৱল মাত্ৰ সাহিত্য বিলাসত পৰিণত হয়৷ সেই কাৰণেই ওঠৰ শতিকাৰ জাৰ্মান দাৰ্শনিকসকলৰ কাৰণে প্ৰথম ফৰাচী বিপ্লৱৰ দাবীসমূহ সাধাৰণভাৱে ‘ব্যৱহাৰিক প্ৰজ্ঞা’ৰ দাবীৰ বাহিৰে আন একো নাছিল, আৰু তেওঁলােকৰ দৃষ্টিত ফ্ৰান্সৰ বিপ্লৱী বুৰ্জোৱা শ্ৰেণীৰ ইচ্ছাশক্তিৰ ঘােষণাসমূহৰ তাৎপৰ্য আছিল পৱিত্ৰ সংকল্পৰ নীতিবিধান, অপৰিহাৰ্য অভিপ্ৰায় আৰু প্ৰকৃত মানৱীয় অভিপ্ৰায়ৰ বিধান৷
নিজৰ পুৰণিকলীয়া দাৰ্শনিক বিৱেকৰ লগত নতুন ফৰাচী ভাবধাৰণাক খাপ খুৱাই লােৱাৰ চেষ্টাই আছিল সেই সময়ৰ জাৰ্মান সাহিত্যসেৱীসকলৰ একমাত্ৰ কাম, অৰ্থাৎ তেওঁলােকে নিজৰ দাৰ্শনিক দৃষ্টিভঙ্গী পৰিত্যাগ নকৰাকৈ ফৰাচী আদৰ্শক সামৰি লােৱাৰ চেষ্টা কৰিছিল৷ এটা বিদেশী ভাষাক যেনেদৰে নিজৰ হিচাপে ব্যৱহাৰ কৰা যায়, অৰ্থাৎ অনুবাদৰদ্বাৰা ফৰাচী ভাবধাৰণাক জাৰ্মানিত সামৰি লােৱাৰ কথাটোও আছিল ঠিক তেনেকুৱাই৷
প্ৰাচীন অ-খ্ৰীষ্টান জগতৰ ধৰ্মগ্ৰন্থসমূহ ৰচিত হােৱা সেই হাতেলিখা পুথিবিলাকৰ ওপৰত ভিত্তি কৰিয়েই খ্ৰীষ্টান পাদুৰিবিলাকে কেনেদৰে কেথলিক সাধুৰ তৰল জীৱনী ৰচনা কৰিছিল সেইটো ভালদৰে জনা কথা৷ ধৰ্মবিবৰ্জিত ফৰাচী সাহিত্য সম্পৰ্কে জাৰ্মান সাহিত্যসেৱীসকলে এই পদ্ধতিকে বিপৰীত ফালৰপৰা গ্ৰহণ কৰিলে৷ মূল ফৰাচী ভাবধাৰণাৰ তলত তেওঁলােকে নিজৰ অৰ্থহীন দাৰ্শনিক কথা লিখিলে। উদাহৰণস্বৰূপে, ধন-মুদ্ৰাৰ আৰ্থিক প্ৰয়ােগৰ সম্পৰ্কে ফৰাচী সমালোচনাৰ তলত তেওঁলােকে লিখিলে ‘মানৱতাৰ বিচ্ছেদ’; বুৰ্জোৱা ৰাষ্ট্ৰৰ সম্পৰ্কে ফৰাচী সমালোচনাৰ তলত তেওঁলোকে লিখিলে ‘সাধাৰণ ধৰণাৰ সিংহাসন-বিচ্যুতি’ ইত্যাদি৷
ফৰাচী ঐতিহাসিক সমালোচনাৰ পিঠিৰ ফালে এনেধৰণৰ কিছু দাৰ্শনিক খণ্ডবাক্য সাঙুৰি দি তেওঁলােকে ইয়াৰ নাম দিছিল ‘কৰ্মৰ দৰ্শন’, ‘নিভাঁজ সমাজতন্ত্ৰ’, ‘সমাজতন্ত্ৰৰ জাৰ্মান বিজ্ঞান’, ‘সমাজতন্ত্ৰৰ দাৰ্শনিক ভিত্তি’ আৰু এনে বহুতো৷
ফৰাচী সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্যক এনেদৰেই সম্পূৰ্ণভাৱে পংগু কৰি তােলা হ’ল৷ জাৰ্মান পণ্ডিতৰ হাতত পৰি যেতিয়া এই সাহিত্যই এক শ্ৰেণীৰ বিৰুদ্ধে আন এক শ্ৰেণীৰ সংগ্ৰামৰ কথা প্ৰকাশ কৰিব নােৱৰা হৈ পৰিল, তেতিয়া তেওঁলােকে এই ভাবি গৰ্ববােধ কৰিছিল যে তেওঁলােকে ‘ফৰাচী একদেশদৰ্শিতা’ক পৰাস্ত কৰিছিল, বাস্তৱ জীৱনত যি লাগে তাৰ পৰিৱৰ্তে সত্যৰ কাৰণে কি প্ৰয়ােজন তাৰ তেওঁলােকে প্ৰতিনিধিত্ব কৰিছিল, শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থ নহয়, বৰং মানৱ প্ৰকৃতিৰ স্বাৰ্থ তেওঁলােকে ৰক্ষা কৰিছিল; কিন্তু এই নিৰ্বিশেষ মানৱৰ কোনাে শ্ৰেণী নাই, বাস্তৱ অস্তিত্ব নাই আৰু দাৰ্শনিক কল্পনাৰাজ্যৰ অস্পষ্ট কুঁৱলিৰ মাজতেই মাথােন যাৰ অস্তিত্ব তাৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰিছিল৷
এই জাৰ্মান সমাজতন্ত্ৰই স্কুলীয়া ছাত্ৰৰ দৰেই অতি গম্ভীৰ আৰু পৱিত্ৰ সংকল্পেৰে কাম আৰম্ভ কৰি আৰু নিজৰ নগণ্য বিদ্যাকে ঢাক-ঢােল কোবাই এনেদৰে জাহিৰ কৰিছিল যে ইতিমধ্যে তেওঁলােকৰ সেই সৰল মদগৰ্বী পণ্ডিতালিও লাহে লাহে নােহােৱা হৈ যাবলৈ ধৰিলে৷
সামন্ত আভিজাত্য আৰু একচ্ছত্ৰী ৰাজতন্ত্ৰৰ বিৰুদ্ধে জাৰ্মান, বিশেষকৈ প্ৰাছিয়ান বুৰ্জোৱা শ্ৰেণীৰ সংগ্ৰাম অৰ্থাৎ উদাৰনৈতিক আন্দোলন ক্ৰমে বেছি তীব্ৰ হৈ উঠিল৷
এই অৱস্থাই ‘নিভাঁজ’ সমাজতন্ত্ৰক ৰাজনৈতিক আন্দোলনৰ সন্মুখত সমাজতান্ত্ৰিক দাবীবােৰ উত্থাপন কৰিবলৈ বহু দিন আশা পালি থকা সুযোগ আনি দিলে; উদাৰনীতি, প্ৰতিনিধিত্বমূলক শাসনব্যৱস্থা, বুৰ্জোৱা প্ৰতিযোগিতা, বুৰ্জোৱা সংবাদপত্ৰৰ স্বাধীনতা, বুৰ্জোৱা আইন-কানুন, বুৰ্জোৱা স্বাধীনতা আৰু সাম্যভাবৰ বিৰুদ্ধে চিৰাচৰিত অভিশাপ নিক্ষেপ কৰাৰ সুযােগ আনি দিলে; এই বুৰ্জোৱা আন্দোলনৰপৰা যে সাধাৰণ মানুহৰ একো লাভ হােৱাৰ সম্ভাৱনা নাই, বৰং সকলাে হেৰুৱাৰহে সম্ভাৱনা আছে সেই কথা প্ৰচাৰ কৰাৰ সুযােগ আহি পৰিল৷ কিন্তু ঠিক এই সময়তেই জাৰ্মান সমাজতন্ত্ৰই এই কথাটো পাহৰি গ’ল যে এই কাম ফৰাচী সমালােচনাৰ নিৰ্বোধ প্ৰতিধ্বনি মাথােন, কাৰণ ফৰাচী দেশত এই সমালােচনা যেতিয়া হৈছিল তাৰ বহু আগতেই সেই দেশত আনুষঙ্গিক অৰ্থনৈতিক অৱস্থিতিৰ ব্যৱস্থা আৰু তাৰ উপযােগী ৰাষ্ট্ৰীয় গঠনতন্ত্ৰসহ আধুনিক বুৰ্জোৱা সমাজে থিতাপি লৈছিল, আনহাতে জাৰ্মানিত আসন্ন সংগ্ৰামৰ উদ্দেশ্য আছিল ঠিক এইবিলাকৰে নতুন প্ৰতিষ্ঠা৷
পুৰােহিত, অধ্যাপক, গাঁৱৰ বৰমূৰীয়া, চৰকাৰী কৰ্মচাৰী আদি অনুচৰবিলাকেৰে সৈতে জাৰ্মান একচ্ছত্ৰী চৰকাৰবিলাকে অৱশ্যে এই সমাজতন্ত্ৰক যেন আদৰি লৈছিল; কাৰণ সিবােৰৰ পক্ষে আতঙ্কস্বৰূপ হৈ বাঢ়ি অহা বুৰ্জোৱা শ্ৰেণীক ভয় খুৱাবৰ কাৰণে যুঁজৰ সাজ পিন্ধাই থিয় কৰি থােৱা খেৰৰ জুমুঠিৰ দৰে এই সমাজতন্ত্ৰক তেওঁলােকে ব্যৱহাৰ কৰিব পাৰিছিল৷
ঠিক একে সময়তে এই একেই চৰকাৰবােৰে জাৰ্মানিৰ শ্ৰমিক শ্ৰেণীৰ আন্দোলনক লাঠি-গুলীৰ তিতা ঔষধ খুউৱাৰ পিছত এই সমাজতন্ত্ৰই অলপ মৌ চেলেকিবলৈ দিয়াৰ কাম কৰিছিল৷
এই ‘নিভাঁজ’ সমাজতন্ত্ৰই এহাতে এনেদৰে জাৰ্মান বুৰ্জোৱা শ্ৰেণীৰ বিৰুদ্ধে যুঁজ কৰা অস্ত্ৰ হিচাপে চৰকাৰবােৰৰ স্বাৰ্থ পূৰণ কৰিছিল, আনহাতে ই দেখাদেখিভাৱে প্ৰতিক্ৰিয়াশীল স্বাৰ্থ, জাৰ্মান কূপমণ্ডূকবিলাকৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব কৰিছিল৷
জাৰ্মানিৰ পেটি-বুৰ্জোৱা শ্ৰেণীটো হ’ল ষােল শতিকাৰ ৰৈ যােৱা অৱশিষ্ট৷ তেতিয়াৰেপৰাই অনবৰত বহু ৰূপত এই শ্ৰেণীয়ে আত্মপ্ৰকাশ কৰি আহিছে৷ বৰ্তমান অৱস্থাটোৰ আচল সামাজিক ভিত্তি হ’ল এই শ্ৰেণীটোৱেই৷
এই শ্ৰেণীটোক ৰক্ষা কৰাৰ অৰ্থ হ’ল জাৰ্মানিৰ বৰ্তমান অৱস্থাটোকেই টিকি থাকিবলৈ দিয়া৷ ৰাজনীতি আৰু শ্ৰমশিল্পৰ ক্ষেত্ৰত বুৰ্জোৱা শ্ৰেণী আধিপত্যই এই শ্ৰেণীক অনিবাৰ্য ধ্বংসৰ ভয়ত অস্থিৰ কৰি তুলিছে৷ ইয়াৰ কাৰণ এহাতে পুঁজিৰ কেন্দ্ৰীকৰণ, আনহাতে বিপ্লৱী শ্ৰমিক শ্ৰেণীৰ অগ্ৰগতি৷ এই ‘নিভাঁজ’ সমাজতন্ত্ৰই একেটা ফৰ্মুটিৰেই যেন দুটা চৰাই মাৰিব তেনেভাৱে সাজু হ’ল৷ মহামাৰী বিয়পি পৰাৰ দৰে ‘নিভাঁজ’ সমাজতন্ত্ৰ বিয়পি পৰিল৷
জাৰ্মান সমাজতন্ত্ৰীসকলে তেওঁলােকৰ হাড়-ছাল মাত্ৰ সম্বল থকা ‘চিৰন্তন সত্য’ক দুৰ্বল আৱেগৰ নিয়ৰৰ ঢৌপালেৰে তিয়াই, শুনিবলৈ ভাল লগা ফুলজাৰি তােলা কথাৰে কল্পনাৰ মকৰা জালৰ পােছাক পিন্ধাইছিল আৰু সেই স্বৰ্গীয় পােছাকৰ কাৰণেই সেই সময়ৰ লোকসমাজত তেওঁলোকৰ বস্তুৰ বিক্ৰী অসম্ভৱধৰণে বাঢ়ি গৈছিল৷
জাৰ্মান সমাজতন্ত্ৰই নিজৰ ফালৰপৰাই লাহে লাহে বুজি উঠিল যে তাৰ আচল কাম হৈছে কূপমণ্ডূক পেটি-বুৰ্জোৱাৰ ডাংকোপ মৰা কথাৰ প্ৰতিনিধিত্ব কৰা৷
জাৰ্মান সমাজতন্ত্ৰই ঘােষণা কৰিলে জাৰ্মান জাতিয়েই হৈছে আদৰ্শ জাতি আৰু কূপমণ্ডূক পেটি-বুৰ্জোৱা হৈছে প্ৰকৃত মানুহ৷ এই আদৰ্শ মানুহৰ প্ৰত্যেকটো জঘন্য, হীন কামকে জাৰ্মান সমাজতন্ত্ৰই তাৰ স্বভাৱৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ এক গােপন, মহান, সমাজতান্ত্ৰিক ব্যাখ্যা দিবলৈ ধৰিলে৷ আনকি কমিউনিষ্ট মতবাদৰ ‘পাশৱিক ধংসকাৰী’ প্ৰৱণতাৰ প্ৰত্যক্ষ বিৰােধিতা আৰু সকলাে শ্ৰেণী-সংগ্ৰামৰ প্ৰতিয়ে অতি তীব্ৰ আৰু নিৰপেক্ষ ঘৃণাৰ মনােভাব ঘােষণা কৰাৰ চৰম পৰ্যায়পৰ্যন্ত ইয়াক লৈ গৈছিল৷ অতি কমসংখ্যক কিতাপৰ বাহিৰে আজি জাৰ্মানিত চলি থকা সকলােবিলাক তথাকথিত সমাজতন্ত্ৰী আৰু সাম্যবাদী সাহিত্যই এনেধৰণৰে দূষিত আৰু ক্ষতিকাৰক সাহিত্যৰ পৰ্যায়ত পৰে৷***