কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/প্ৰিয়তমা
প্ৰিয়তমা।
“My love involves the love before;
My love is vaster passion now;
The mix'd with God and Nature thou,
I seem to love thee more and more.
Far of thou art, but ever nigh;
I have the still, ⸺ ⸺
I shall not lose thee tho’ ⸺
⸺⸺Alfred Lord Tonnyson.
⸺⸺আৰু কি বাজিৰ
লাহৰী বীণাত
প্ৰাণৰ অমিয়া সুৰ?
বাজিব খোজোঁতে
চিগিলে যে তাঁৰ—
আৰু কি লাগিব জোৰ?
আৰুনে প্ৰাণত
মিচিকীয়া হাঁহি
খেলিব বিজুলী সাজি?
বিজুলীয়ে স’তে
আৰুনে নাচিব
যি হিয়া গইছে ভাগি
ভগা হিয়া খনি
আৰু জোৰা খাব,
“সাহাৰা” ফুলনী হ’ব?
মৰুৰ মাজত
ফুলিব গোলাপ?
আৰু মন্দাকিনী ব’ব?
কুল্ কুল্ সুৰে
আৰু নেকি গাব
অমিয়া মধুৰ গান?
শক্তিৰূপী নেকি
শীতল নিজৰা
শান্তিৰে ভৰাব প্ৰাণ?
হায়!⸻⸺
——যি অমূল্য ধন
হেৰাল হাততে
হিতেশে আৰু কি পাব
হিতেশৰ প্ৰাণ
হিতেশৰ মন
আৰু কি আগৰ হ’ব?
আৰুনে হিতেশে
হাঁহিব মিচিকি
প্ৰাণৰ অমিয়া হাঁহি?
বাজিবনে ধীৰে
আৰু হিতেশৰ
প্ৰাণত মধুৰ বাঁহি?
নাই!⸻
নাবাজে!—নাবাজে!
আৰুতো নাবাজে!
আৰু যে নাগাব গান!
পাপৰ অৰ্দ্ধাঙ্গী
গইছে তিয়াগি
ভাঙ্গি অকালত প্ৰাণ!!
অকালে ভাগিছে
বীণা হিতেশৰ
অকালে নীৰৰ আজি!
ভগা বীণা নেকি
আৰু জোৰা খাব
আৰু কি উঠিব বাজি
নহয়!⸻
প্ৰাণৰ মইনা!
প্ৰাণৰ প্ৰতিমা!
প্ৰাণৰ অৰ্দ্ধাঙ্গী মোৰ!
যি বীণা ভাঙ্গিলা
তুমি অকালত
আৰু সি নাখায় জোৰ
ভগা বীণা খনি
ভগা হৈয়ে ৰ’ল,
গোটেই জীৱন জুৰি!—
মধুময় সুৰে
পৰে কেতিয়াবা
স্বপ্নত দিবাহি দেখা।
স্বপ্নতে এবাৰ
চাম মুখ-খনি
মোৰ প্ৰাণ-মন-হৰা।
দাৰুণ অশান্তি
জানোবা আঁতৰে
খন্তেক মনৰ পৰা॥